< 詩篇 120 >

1 われ困苦にあひてヱホバをよびしかば我にこたへたまへり
মোৰ সঙ্কটৰ কালত মই যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ; তাতে তেওঁ মোক উত্তৰ দিলে।
2 ヱホバよねがはくは虚偽のくちびる欺詐の舌よりわが霊魂をたすけいだしたまへ
“হে যিহোৱা, মিছলীয়া ওঁঠ আৰু ছলনাকাৰী জিভাৰ পৰা তুমি মোক মুক্ত কৰা।”
3 あざむきの舌よなんぢに何をあたへられ 何をくはへらるべきか
হে ছলনাকাৰী জিভা, তোমাক তেওঁ কি দিব? তোমাক অধিক শাস্তি দিবলৈ কি কৰা হ’ব?
4 ますらをの利き箭と金萑花のあつき炭となり
তেওঁ তোমাক বীৰৰ তীক্ষ্ন কাঁড়সমূহ আৰু ৰোতম গছৰ জ্বলা আঙঠাসমূহ দিব।
5 わざはひなるかな我はメセクにやどりケダルの幕屋のかたはらに住めり
হায়, কি দুর্ভাগ্য মোৰ! মই মেচেকত প্ৰবাস কৰিছোঁ; কেদৰৰ তম্বুবোৰৰ মাজত বসতি কৰিছোঁ।
6 わがたましひは平安をにくむものと偕にすめり
যি সকলে শান্তিক ঘৃণা কৰে, সেই লোকসকলৰ সৈতে মই বহুকাল বাস কৰিছোঁ।
7 われは平安をねがふ されど我ものいふときにかれら戰爭をこのむ
মই শান্তি ভাল পাওঁ; কিন্তু মই শান্তিৰ কথা ক’লে, তেওঁলোকে যুদ্ধ কৰিবলৈ বিচাৰে।

< 詩篇 120 >