< 詩篇 113 >

1 ヱホバをほめまつれ汝等ヱホバの僕よほめまつれヱホバの名をほめまつれ
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। হে যিহোৱাৰ দাসবোৰ, প্ৰশংসা কৰা; যিহোৱাৰ নামৰ প্ৰশংসা কৰা।
2 今より永遠にいたるまでヱホバの名はほむべきかな
এতিয়াৰ পৰা অনন্ত কাললৈকে যিহোৱাৰ নাম ধন্য হওক।
3 日のいづる處より日のいる處までヱホバの名はほめらるべし
সূৰ্যৰ উদয়স্থানৰ পৰা অস্তস্থান পর্যন্ত যিহোৱাৰ নাম প্ৰশংসিত হওঁক।
4 ヱホバはもろもろの國の上にありてたかく その榮光は天よりもたかし
যিহোৱা সর্বজাতিৰ ওপৰত উন্নত; তেওঁৰ গৌৰৱ আকাশ-মণ্ডলতকৈয়ো ওখ।
5 われらの神ヱホバにたぐふべき者はたれぞや 寳座をその高處にすゑ己をひくくして天と地とをかへりみ給ふ
আমাৰ ঈশ্বৰ যিহোৱাৰ তুল্য কোন আছে? যি জনাৰ আসন আকাশৰ ওপৰত সমাহীন,
6 われらの神ヱホバにたぐふべき者はたれぞや 寳座をその高處にすゑ己をひくくして天と地とをかへりみ給ふ
যি জনাই নত হৈ আকাশ-মণ্ডল আৰু পৃথিৱীলৈ দৃষ্টিপাত কৰে;
7 まづしきものを塵よりあげ乏しきものを糞土よりあげて
তেওঁ ধুলিৰ পৰা দুখীয়াক উঠায়, সাৰৰ দ’মৰ পৰা দীনহীনক তোলে,
8 もろもろの諸侯とともにすわらせ その民のきみたちと共にすわらせたまはん
যাতে তেওঁ প্ৰধানসকলৰ লগত তেওঁলোকক বহুৱাব পাৰে, নিজৰ লোক সকলৰ প্ৰধানসকলৰ লগত বহুৱাব পাৰে।
9 又はらみなき婦に家をまもらせ おほくの子女のよろこばしき母たらしめたまふ ヱホバを讃まつれ
তেওঁ বন্ধ্যা মহিলাক সুখী মাতৃ কৰি পৰিয়াল দান কৰে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

< 詩篇 113 >