< 箴言 知恵の泉 9 >

1 智慧はその家を建て その七の柱を砍成し
প্ৰজ্ঞাই নিজৰ গৃহ নিৰ্মাণ কৰিলে; তেওঁ শিলৰ পৰা সাতটা স্তম্ভ কাটিলে।
2 その畜を宰り その酒を混和せ その筵をそなへ
তেওঁ ৰাতিৰ আহাৰৰ বাবে নিজৰ পশু আৰু দ্রাক্ষাৰস যুগুত কৰিলে; আৰু তেওঁ নিজৰ মেজ সজালে।
3 その婢女をつかはして邑の高處に呼はりいはしむ
তেওঁ নিজৰ দাসীসকলক বাহিৰলৈ পঠাই নগৰৰ ওখ ঠাইৰ পৰা নিমন্ত্ৰণ কৰিলে।
4 拙者よここに來れと また智慧なき者にいふ
“যিসকল অশিক্ষিত, তেওঁলোক ইয়ালৈ আহক!” যিসকল জ্ঞানশূন্য তেওঁলোকক তেওঁ ক’লে,
5 汝等きたりて我が糧を食ひ わがまぜあはせたる酒をのみ
“আহাঁ, মোৰ আহাৰ ভোজন কৰা, আৰু মই মিহলাই থোৱা দ্ৰাক্ষাৰস পান কৰা।
6 拙劣をすてて生命をえ 聰明のみちを行め
শিক্ষাবিহীন পথ এৰি জীৱন ধাৰণ কৰা, সুবিবেচনাৰ পথত চলা।
7 嘲笑者をいましむる者は恥を己にえ 惡人を責むる者は疵を己にえん
যিজনে নিন্দক লোকক শিক্ষা দিয়ে, তেওঁ অপমান পায়, আৰু যিজনে দুষ্টক অনুযোগ কৰে, তেওঁ মনত আঘাত পায়।
8 嘲笑者を責むることなかれ 恐くは彼なんぢを惡まん 智慧ある者をせめよ 彼なんぢを愛せん
তুমি নিন্দক লোকক অনুযোগ নকৰিবা, কৰিলে তেওঁ তোমাক ঘিণ কৰিব; জ্ঞানী লোকক অনুযোগ কৰা, তেওঁ তোমাক প্ৰেম কৰিব।
9 智慧ある者に授けよ 彼はますます智慧をえん 義者を敎へよ 彼は知識に進まん
জ্ঞানী লোকক শিক্ষা দিয়া, তেওঁ অধিক জ্ঞানী হ’ব; ধাৰ্মিক লোকক শিক্ষা দিয়া, তেওঁ শিক্ষাত বৃদ্ধি পাব।
10 ヱホバを畏るることは智慧の根本なり 聖者を知るは聰明なり
১০যিহোৱালৈ ভয় ৰখাই প্রজ্ঞাৰ আৰম্ভণ, আৰু পবিত্ৰজনাক জনাই সুবিবেচনা।
11 我により汝の日は多くせられ 汝のいのちの年は増べし
১১কিয়নো মোৰ দ্বাৰাই তোমাৰ আয়ুস বৃদ্ধি হ’ব, আৰু তোমাৰ জীৱনৰ বছৰবোৰ বাঢ়ি যাব।
12 汝もし智慧あらば自己のために智慧あるなり 汝もし嘲らば汝ひとり之を負ん
১২তুমি যদি জ্ঞানী, তেনেহ’লে তোমাৰ বাবেই তুমি জ্ঞানী, কিন্তু যদি তুমি নিন্দক, তেনেহ’লে তুমি অকলেই তাৰ ভাৰ ব’বা।”
13 愚なる婦は嘩しく且つたなくして何事をも知らず
১৩অজ্ঞানী মহিলা কোলাহলপূৰ্ণ- তেওঁ অশিক্ষিত, আৰু তেওঁ একো নাজানে।
14 その家の門に坐し邑のたかき處にある座にすわり
১৪তেওঁ নিজৰ ঘৰৰ দুৱাৰত, আৰু নগৰৰ উচ্চ স্থানত বহে।
15 道をますぐに過る往來の人を招きていふ
১৫যিসকলে সেই পথেৰে যায়, তেওঁলোকক মাতে; সেই লোকসকল নিজ পথত গৈ থাকিলেও তেওঁ মাতে,
16 拙者よここに來れと また智慧なき人にむかひては之にいふ
১৬“যিসকলে শিক্ষা পোৱা নাই, তেওঁলোক ইয়ালৈ আহক!” যিসকল জ্ঞানশূন্য, তেওঁলোকক তেওঁ কয়,
17 竊みたる水は甘く密かに食ふ糧は美味ありと
১৭“চুৰ কৰা পানী মিঠা, আৰু গুপুতে খোৱা আহাৰ অতি সুস্বাদু।”
18 彼處にある者は死し者その客は陰府のふかき處にあることを是等の人は知らざるなり (Sheol h7585)
১৮কিন্তু মৃত্যু যে তাত আছে, আৰু তেওঁৰ অতিথি সকল যে চিয়োলৰ গভীৰ ঠাইত আছে, সেই কথা তেওঁ নাজানে। (Sheol h7585)

< 箴言 知恵の泉 9 >