< 箴言 知恵の泉 17 >

1 睦じうして一塊の乾けるパンあるは あらそひありて宰れる畜の盈たる家に愈る
বিবাদযুক্ত ভোজেৰে সৈতে পৰিপূৰ্ণ হোৱা ঘৰতকৈ, শান্তিৰে সৈতে শুদাই এগৰাহ খোৱাই ভাল।
2 かしこき僕は恥をきたらする子ををさめ 且その子の兄弟の中にありて產業を分ち取る
এজন জ্ঞানী দাসে লাজ দিওঁতা পুত্ৰৰ ওপৰত শাসন কৰিব, আৰু ভায়েকসকলৰ এজন যেন হৈ উত্তৰাধিকাৰ ভগাই লব।
3 銀を試むる者は坩堝 金を試むる者は鑢 人の心を試むる者はヱホバなり
ৰূপৰ কাৰণে ধাতু গলোৱা পাত্ৰ, আৰু সোণৰ কাৰণে ভাতী, কিন্তু যিহোৱাই হৃদয় শোধন কৰে।
4 惡を行ふものは虚偽のくちびるにきき 虚偽をいふ者はあしき舌に耳を傾ぶく
যি লোকে কুকৰ্ম কৰে, তেওঁ নীতিহীন কথা কোৱাসকলৰ কথা শুনে, আৰু মিছলীয়াই বেয়া বিষয়ৰ কথা কওতা জনলৈ মনোযোগ দিয়ে।
5 貧人を嘲るものはその造主をあなどるなり 人の災禍を喜ぶものは罪をまぬかれず
দৰিদ্ৰক পৰিহাস কৰা জনে তেওঁৰ স্ৰজনকৰ্ত্তাকে অপমান কৰে; আৰু যি জনে দুৰ্ভাগ্যত আনন্দ কৰে, তেওঁ দণ্ড নোপোৱাকৈ নাথাকিব।
6 孫は老人の冠弁なり 父は子の榮なり
বৃদ্ধসকলৰ নাতি নাতিনী তেওঁলোকৰ কিৰীটি স্বৰূপ; আৰু পিতৃসকল তেওঁলোকৰ নিজৰ সন্তানৰ গৌৰৱ স্বৰূপ।
7 勝れたる事をいふは愚なる人に適はず 况て虚偽をいふ口唇は君たる者に適はんや
বাকপটু ওঁঠ মুৰ্খৰ কাৰণে উপযোগী নহয়; তেন্তে তাতকৈ কিমান কম পৰিমাণে মিছলীয়া ওঁঠ ৰাজভক্ত ব্যক্তিৰ উপযোগী হয়।
8 贈物はこれを受る者の目には貴き珠のごとし その向ふところにて凡て幸福を買ふ
দিয়া জনৰ বাবে ভেঁটি যাদুৰ পাথৰৰ দৰে; যি ফালেই তেওঁ যায়, সেই ফালেই তেওঁ সফল হয়।
9 愛を追求むる者は人の過失をおほふ 人の事を言ひふるる者は朋友をあひ離れしむ
যি জনে অপৰাধ ঢাকে, তেওঁ প্ৰেমৰ চেষ্টা কৰে; কিন্তু যি কোনোৱে একে বিষয় বাৰে বাৰে কৈ থাকে, তেওঁ প্ৰণয়ৰ বন্ধুৰ বিচ্ছেদ জন্মায়।
10 一句の誡命の智人に徹るは百囘扑つことの愚なる人に徹るよりも深し
১০যি দৰে মূৰ্খৰ ওপৰত এশ কোবে কাম কৰে, সেই দৰে সুবিবেচকৰ মনলৈ অনুযোগ গভীৰ ভাবে সোমায়।
11 叛きもとる者はただ惡きことのみをもとむ 比故に彼にむかひて殘忍なる使者遣はさる
১১দুষ্ট লোকে কেৱল বিদ্ৰোহৰ চেষ্টা কৰে; সেয়ে নিষ্ঠুৰ বাৰ্ত্তাবাহকক তেওঁৰ বিপক্ষে পঠোৱা হ’ব।
12 愚なる者の愚妄をなすにあはんよりは寧ろ子をとられたる牝熊にあへ
১২নিজৰ অজ্ঞানতাত মগ্ন হোৱা অজ্ঞানী লোকৰ লগত সাক্ষাৎ হোৱাতকৈ, পোৱালি আজুৰি নিয়া ভালুকৰ লগত সাক্ষাৎ হোৱাই ভাল।
13 惡をもて善に報ゆる者は惡その家を離れじ
১৩যেতিয়া কোনো এজনে উপকাৰৰ সলনি অপকাৰ কৰে, তেতিয়া অপকাৰে তেওঁৰ ঘৰ পৰিত্যাগ নকৰে।
14 爭端の起源は堤より水をもらすに似たり この故にあらそひの起らざる先にこれを止むべし
১৪বিবাদৰ আৰম্ভণি কোনো এজনে পানী চাৰিওফালে এৰি দিয়াৰ দৰে; এই হেতুকে দন্দ্ব-কাজিয়া নোহোৱাৰ আগতেই বিবাদৰ পৰা আঁতৰি থাকা।
15 惡者を義とし義者を惡しとするこの二の者はヱホバに憎まる
১৫যি জনে দুষ্টক নিৰ্দোষী কৰে, আৰু ধাৰ্মিকক দোষী কৰে, তেওঁলোক দুয়ো সমানে যিহোৱাৰ ঘিণলগীয়া।
16 愚なる者はすでに心なし何ぞ智慧をかはんとて手にその價の金をもつや
১৬যিহেতু অজ্ঞানী লোকৰ শিক্ষা গ্রহণ কৰাৰ দক্ষতা নাই সেয়ে তেওঁ প্ৰজ্ঞা আহৰণ কৰিবলৈ কিয় ধন খৰচ কৰিব?
17 朋友はいづれの時にも愛す 兄弟は危難の時のために生る
১৭বন্ধু সকলো সময়তে প্রিয় হয়; আৰু ভায়েকৰ দুৰ্দ্দশাৰ দিনৰ বাবে জন্ম হয়।
18 智慧なき人は手を拍てその友の前にて保證をなす
১৮জ্ঞানশূন্য লোকে প্রতিজ্ঞাত আৱদ্ধ হয়; আৰু চুবুৰীয়াৰ ধাৰৰ দ্বায়ীত্ব লয়।
19 爭端をこのむ者は罪を好み その門を高くする者は敗壞を求む
১৯যিজনে বিবাদ ভাল পায়, তেওঁ পাপ ভাল পায়; যি কোনোৱে নিজৰ প্রবেশ দুৱাৰ ওখ কৰে, তেওঁ বিনাশৰ চেষ্টা কৰে।
20 邪曲なる心ある者はさいはひを得ず その舌をみだりにする者はわざはひに陷る
২০কুটিল মনৰ লোকে কোনো বিষয়তে মঙ্গল বিচাৰি নাপায়; যিজনে মিছা কথা কয়, তেওঁ বিপদত পৰে।
21 愚なる者を產むものは自己の憂を生じ 愚なる者の父は喜樂を得ず
২১যিজনে অজ্ঞানীক জন্ম দিয়ে, তেওঁ নিজলৈ খেদ আনে; আৰু অজ্ঞানীৰ পিতৃয়ে আনন্দ কৰিব নোৱাৰে।
22 心のたのしみは良薬なり 霊魂のうれひは骨を枯す
২২আনন্দিত হৃদয় ভাল ঔষধ হয়; কিন্তু ভগ্ন হৃদয়ে হাড়বোৰ শুকুৱায়।
23 惡者は人の懐より賄賂をうけて審判の道をまぐ
২৩ন্যায়ৰ পথ বিপথগামী কৰিবলৈ দুষ্টলোকে গুপুতে দিয়া ভেঁটি গ্ৰহণ কৰে।
24 智慧は哲者の面のまへにあり されど愚なる者は目を地の極にそそぐ
২৪যিজনৰ সুবিবেচনা থাকে, তেওঁ প্রজ্ঞাৰ সন্মুখত থাকে; কিন্তু অজ্ঞানী লোকৰ চকু পৃথিবীৰ অন্তত থাকে।
25 愚なる子は其父の憂となり 亦これを生る母の煩勞となる
২৫অজ্ঞানী পুত্ৰই তেওঁৰ পিতৃক বেজাৰ দিয়ে, আৰু তেওঁক জন্ম দিয়া মহিলাৰ কাৰণে তেওঁ দুখ দায়ক।
26 義者を罰するは善らず 貴き者をその義きがために扑は善らず
২৬ন্যায় কৰা জনক শাস্তি দিয়া অনুচিত; আৰু সাধুলোকক তেওঁৰ সৰলতাৰ বাবে প্ৰহাৰ কৰা ভাল নহয়।
27 言を寡くする者は知識あり 心の靜なる者は哲人なり
২৭জ্ঞানী লোকে ক’ম কথা কয়; আৰু ধীৰ মনৰ লোক বিবেচক।
28 愚なる者も默するときは智慧ある者と思はれ その口唇を閉るときは哲者とおもはるべし
২৮এনেকি অজ্ঞানী লোকে নিমাতে থাকিলে জ্ঞানী বুলি ভবা যায়; তেওঁ যেতিয়া মুখ বন্ধ কৰি ৰাখে, তেতিয়া তেওঁ বুধিয়ক বুলি গণিত হয়।

< 箴言 知恵の泉 17 >