< 箴言 知恵の泉 16 >

1 心に謀るところは人にあり 舌の答はヱホバより出づ
মনৰ কল্পনা মানুহৰ; কিন্তু জিভাৰ উত্তৰ যিহোৱাৰ পৰা আহে।
2 人の途はおのれの目にことごとく潔しと見ゆ 惟ヱホバ霊魂をはかりたまふ
মানুহৰ সকলো পথ নিজৰ দৃষ্টিত শুদ্ধ; কিন্তু যিহোৱাই আত্মাবোৰ পৰীক্ষা কৰে।
3 なんぢの作爲をヱホバに託せよ さらば汝の謀るところ必ず成るべし
তোমাৰ কাৰ্যৰ ভাৰ যিহোৱাত সমৰ্পণ কৰা; তাতে তোমাৰ অভিপ্ৰায় সিদ্ধ হ’ব।
4 ヱホバはすべての物をおのおのその用のために造り 惡人をも惡き日のために造りたまへり
যিহোৱাই সেই উদ্দেশ্যে সকলোকে সৃষ্টি কৰিলে; এনে কি, তেওঁ দুষ্টলোককো দুৰ্দ্দশা-দিনৰ বাবে সৃষ্টি কৰিলে।
5 すべて心たかぶる者はヱホバに惡まれ 手に手をあはするとも罪をまぬかれじ
অহংকাৰী হৃদয়ৰ প্ৰত্যেক লোকক যিহোৱাই ঘিণ কৰে; যদিও তেওঁলোকে হাতত ধৰাধৰিকৈ থাকে, তথাপিও তেওঁলোকে দণ্ড নোপোৱাকৈ নাথাকিব।
6 憐憫と眞實とによりて愆は贖はる ヱホバを畏るることによりて人惡を離る
বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য চুক্তিৰ দ্বাৰাই অপৰাধৰ প্ৰায়শ্চিত্ত হয়, আৰু যিহোৱালৈ ৰখা ভয়ৰ দ্বাৰাই মানুহ বেয়াৰ পৰা আঁতৰি আহে।
7 ヱホバもし人の途を喜ばば その人の敵をも之と和がしむべし
যেতিয়া কোনো লোকৰ আচৰণে যিহোৱাক সন্তুষ্ট কৰে, তেতিয়া তেওঁ সেই জনৰ শত্রুসকলকো তেওঁৰ লগত শান্তিত থাকিব দিয়ে।
8 義によりて得たるところの僅少なる物は不義によりて得たる多の資財にまさる
অন্যায়েৰে সৈতে অধিক আয়তকৈ ন্যায়েৰে সৈতে অলপেই ভাল।
9 人は心におのれの途を考へはかる されどその歩履を導くものはヱホバなり
মানুহে হৃদয়ত নিজৰ পথৰ বিষয়ে পৰিকল্পনা কৰে; কিন্তু যিহোৱাই তেওঁৰ ভৰিৰ খোজ নিৰূপণ কৰে।
10 王のくちびるには神のさばきあり 審判するときその口あやまる可らず
১০ৰজাৰ ওঁঠত ঈশ্বৰীয় বাক্য থাকে; বিচাৰত তেওঁৰ মুখে অন্যায়ৰ কথা নকয়।
11 公平の權衡と天秤とはヱホバのものなり 嚢にある法馬もことごとく彼の造りしものなり
১১সঠিক তুলাচনী যিহোৱাৰ পৰা আহে; আৰু মোনাত থকা সকলোবোৰ দগা তেওঁৰেই সৃষ্টি।
12 惡をおこなふことは王の憎むところなり 是その位は公義によりて堅く立ばなり
১২যেতিয়া ৰজাই বেয়া কৰ্ম কৰে, তেতিয়া কিছুমান অবজ্ঞা কৰিবলগীয়া বিষয় হয়, কাৰণ তেওঁৰ সিংহাসন সৎ কাৰ্য কৰাৰ দ্বাৰাই স্থাপন কৰা হৈছে।
13 義しき口唇は王によろこばる 彼等は正直をいふものを愛す
১৩ন্যায় কথা কোৱা ওঁঠে ৰজাক আনন্দিত কৰে; আৰু তেওঁ পোনপটীয়াকৈ কথা কোৱা লোকক ভাল পায়।
14 王の怒は死の使者のごとし 智慧ある人はこれをなだむ
১৪ৰজাৰ ক্ৰোধ মৃত্যুৰ বাৰ্ত্তাবাহক স্বৰূপ; কিন্তু জ্ঞানী লোকে তেওঁৰ ক্রোধ শান্ত কৰিবলৈ চেষ্টা কৰে।
15 王の面の光には生命あり その恩寵は春雨の雲のごとし
১৫ৰজাৰ মুখমণ্ডলৰ উজ্জলতা জীৱন স্বৰূপ, আৰু তেওঁৰ অনুগ্ৰহ বসন্ত কালৰ বৰষুণৰ মেঘৰ দৰে।
16 智慧を得るは金をうるよりも更に善らずや 聰明をうるは銀を得るよりも望まし
১৬সোণতকৈ প্রজ্ঞা লাভ কৰা কেনে উত্তম! আৰু সুবিবেচনা নিৰ্বাচন কৰা ৰূপতকৈ কেনে উত্তম।
17 惡を離るるは直き人の路なり おのれの道を守るは霊魂を守るなり
১৭ন্যায়পৰায়ণ লোকৰ ৰাজপথ পাপৰ পৰা আঁতৰি থাকে; যি জনে নিজৰ জীৱন সুৰক্ষিত কৰে, তেওঁ নিজৰ পথৰ তত্বাৱধান কৰে।
18 驕傲は滅亡にさきだち誇る心は傾跌にさきだつ
১৮বিনাশৰ আগত অহংকাৰ আহে, আৰু পতনৰ পূৰ্বতে মনৰ গৰ্ব্ব হয়।
19 卑き者に交りて謙だるは驕ぶる者と偕にありて贓物をわかつに愈る
১৯অহংকাৰী সকলৰ সৈতে লুটদ্ৰব্য ভাগ কৰি লোৱাতকৈ, দৰিদ্ৰ সকলৰ সৈতে নম্ৰ হোৱাই ভাল।
20 愼みて御言をおこなふ者は益をうべし ヱホバに倚賴むものは福なり
২০যিসকলে শিক্ষা লাভ কৰি অনুশীলন কৰে, তেওঁলোকে মঙ্গল বিচাৰি পায়; আৰু যি সকলে যিহোৱাত নির্ভৰ কৰে, তেওঁলোক সুখী হয়।
21 心に智慧あれば哲者と稱へらる くちびる甘ければ人の知識をます
২১যিজন হৃদয়েৰে জ্ঞানী, তেওঁক সুবিবেচক বুলি কোৱা হয়, আৰু মৃদু কথাই শিক্ষা দিয়া সক্ষমতা বৃদ্ধি কৰে।
22 明哲はこれを持つものに生命の泉となる 愚なる者をいましむる者はおのれの痴是なり
২২বিবেচক লোকৰ বাবে সুবিবেচনা জীৱনৰ ভুমুকস্বৰূপ; কিন্তু অজ্ঞানী সকলৰ শাস্তি তেওঁলোকৰ অজ্ঞানতা।
23 智慧ある者の心はおのれの口ををしへ 又おのれの口唇に知識をます
২৩জ্ঞানী লোকৰ হৃদয়ে তেওঁৰ মুখেৰে জ্ঞান প্রকাশ কৰে; আৰু তেওঁৰ ওঁঠত বিশ্বাসৰ কথা থাকে।
24 こころよき言は蜂蜜のごとくにして 霊魂に甘く骨に良薬となる
২৪সন্তোষজনক বাক্য মৌচাকৰ দৰে; সেয়ে আত্মালৈ মিঠা, আৰু হাড়বোৰলৈ আৰোগ্য স্বৰূপ।
25 人の自から見て正しとする途にして その終はつひに死にいたる途となるものあり
২৫এনে পথ আছে, যি মানুহৰ দৃষ্টিত শুদ্ধ; কিন্তু শেষতে সেয়ে মৃত্যুৰ পথ হয়।
26 勞をるものは飮食のために骨をる 是その口おのれに迫ればなり
২৬পৰিশ্ৰমী লোকৰ ক্ষুধাই তেওঁক পৰিশ্ৰম কৰায়; তেওঁৰ ক্ষুধাই তেওঁক উদগায়।
27 邪曲なる人は惡を掘る その口唇には烈しき火のごときものあり
২৭নিষ্কৰ্মা লোকে দুষ্কর্ম খান্দি উলিয়াই, আৰু তেওঁৰ কথা জলন্ত আঙঠাৰ দৰে।
28 いつはる者はあらそひを起し つけぐちする者は朋友を離れしむ
২৮উচ্ছৃঙ্খল লোকে বিবাদ সৃষ্টি কৰে; পৰচৰ্চ্চাকাৰীয়ে প্ৰণয়ৰ বন্ধুৰ বিচ্ছেদ জন্মায়।
29 強暴人はその鄰をいざなひ 之を善らざる途にみちびく
২৯অত্যাচাৰী লোকে নিজৰ চুবুৰীয়াক মিছা কথা কয়; আৰু যি পথ বেয়া, সেই পথলৈ তেওঁক লৈ যায়।
30 その目を閉て惡を謀り その口唇を蹙めて惡事を成遂ぐ
৩০যিজনে চকু টিপিয়াই, তেওঁ অসৎ বিষয়ৰ পৰিকল্পনা কৰে। যিসকলে ওঁঠ কামোৰে তেওঁলোকে পাপ কাৰ্য হ’বলৈ দিয়ে।
31 白髮は榮の冠弁なり 義しき途にてこれを見ん
৩১পকা চুলি গৌৰৱৰ মুকুট। সৎ পথত চলাৰ দ্বাৰাই ইয়াক পোৱা যায়।
32 怒を遅くする者は勇士に愈り おのれの心を治むる者は城を攻取る者に愈る
৩২ক্ৰোধত ধীৰ লোক বীৰতকৈ উত্তম; আৰু নিজৰ মনক দমন কৰা লোক নগৰ জয়কাৰীতকৈয়ো শ্ৰেষ্ঠ।
33 人は籤をひく されど事をさだむるは全くヱホバにあり
৩৩চিঠি-খেলৰ গুটি কোঁচত পৰে, কিন্তু সিদ্ধান্ত যিহোৱাৰ পৰা হয়।

< 箴言 知恵の泉 16 >