< 民数記 31 >

1 茲にヱホバ、モーセに告て言たまはく
পাছত যিহোৱাই মোচিক ক’লে,
2 汝イスラエルの子孫の仇をミデアン人に報ゆべし其後汝はその民に加はらん
“তুমি ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে মিদিয়নীয়াসকলৰ প্ৰতিকাৰ সাধা; তেনে কৰি উঠি তোমাৰ মৃত্যু হ’ব আৰু নিজ লোকসকলৰ মাজত তোমাক নিয়া হ’ব।”
3 モーセすなはち民に告て言けるは汝らの中より人を選みて戰爭にいづる准備をなさしめ之をしてミデアン人に攻ゆかしめてヱホバの仇をミデアン人に報ゆべし
তেতিয়া মোচিয়ে লোকসকলক ক’লে, “যিহোৱাৰ কাৰণে মিদিয়নৰ প্ৰতিকাৰ সাধিবলৈ, মিদিয়নৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰিবৰ কাৰণে তোমালোকৰ মাজৰ কিছুমান লোকক যুদ্ধলৈ সুসজ্জিত কৰা।
4 即ちイスラエルの諸の支派につきて各々の支派より千人づつを取りこれを戰爭につかはすべしと
তোমালোকে ইস্ৰায়েলৰ প্রত্যেকখন ফৈদৰ পৰা এক এক হাজাৰ লোকক যুদ্ধলৈ পঠিয়াবা।”
5 是において各々の支派より千人づつを選みイスラエルの衆軍の中より一萬二千人を得て戰爭にいづる准備をなさしむ
তেতিয়া ইস্ৰায়েলৰ প্রত্যেক গোষ্ঠী অনুসাৰে এক এক হাজাৰ লোকক যুদ্ধৰ বাবে যুগুত কৰা হ’ল। এইদৰে যুদ্ধলৈ সুসজ্জিত হোৱা বাৰ হাজাৰ জন লোকক উলিওৱা হ’ল।
6 モーセすなはち各々の支派より千人宛を戰爭に遣しまた祭司エレアザルの子ピネハスに聖器と吹鳴す喇叭を執しめて之とともに戰爭に遣せり
তাৰ পাছত মোচিয়ে, প্ৰত্যেকখন ফৈদৰ পৰা এক এক হাজাৰ লোকৰ সৈতে পুৰোহিত ইলিয়াজৰৰ পুত্ৰ পীনহচক যুদ্ধলৈ পঠিয়ালে; পবিত্ৰ স্থানৰ বস্তু, ৰণ বাদ্যৰ অৰ্থে কালি সেই পীনহচৰ হাতত আছিল।
7 彼らヱホバのモーセに命じたまへるごとくミデアン人を攻撃ち遂にその中の男子をことごとく殺せり
মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকে মিদিয়নৰ বিৰুদ্ধে যুদ্ধ কৰি তেওঁলোকৰ সকলো পুৰুষকে বধ কৰিলে।
8 その殺しし者の外にまたミデアンの王五人を殺せりそのミデアンの王等はエビ、レケム、ツル、ホル、レバといふまたベオルの子バラムをも劍にかけて殺せり
আৰু তেওঁলোকে আন আন হত লোকৰ লগত মিদিয়নৰ ৰজাসকলক, অৰ্থাৎ ইবী, ৰেকম, চূৰ, হূৰ আৰু ৰেবা, এই মিদিয়নীয়া পাঁচজন ৰজাক বধ কৰিলে; আৰু বিয়োৰৰ পুত্র বিলিয়মকো তেওঁলোকে তৰোৱালেৰে বধ কৰিলে।
9 イスラエルの子孫すなはちミデアンの婦女等とその子女を生擒りその家畜と羊の群とその貨財をことごとく奪ひ取り
ইস্ৰায়েলৰ সৈন্যসকলে মিদিয়নৰ সকলো মহিলা, তেওঁলোকৰ ল’ৰা-ছোৱালী বন্দী কৰি লৈ গ’ল, আৰু তেওঁলোকৰ গৰু, মেৰ-ছাগৰ জাক আদি সকলো সম্পত্তি লুটি লৈ গ’ল।
10 その住居の邑々とその村々とを盡く火にて燒り
১০তেওঁলোকে যি যি ঠাইত বাস কৰিছিল, তেওঁলোকৰ সেই সকলো নগৰ আৰু তেওঁলোকৰ আটাই ছাউনিবোৰ জ্ৱলাই দিলে।
11 かくて彼等はその奪ひし物と掠めし物を人と畜ともに取り
১১তেওঁলোকে লুট-দ্রব্য আৰু বনদীবোৰক আৰু তাৰে সৈতে সকলো পশুৰ জাকবোৰ লগত ল’লে।
12 ヱリコに對するヨルダンの邊なるモアブの平野の營にその生擒し者と掠めし物と奪ひし物とを携へきたりてモーセと祭司エレアザルとイスラエルの子孫の會衆に詣れり
১২তেওঁলোকে যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ পাৰৰ মোৱাবৰ সমথলত থকা ছাউনিলৈ, মোচি, পুৰোহিত ইলিয়াজৰ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীৰ গুৰিলৈ, সেই বন্দী কৰি নিয়া লোকবোৰ, যুদ্ধত ধৰা পশুবোৰ, আৰু লুটি লোৱা সম্পত্তিবোৰ আনিলে।
13 時にモーセと祭司エレアザルおよび會衆の牧伯等みな營の外に出て之を迎へたりしが
১৩তেতিয়া মোচি, পুৰোহিত ইলিয়াজৰ আৰু মণ্ডলীৰ আটাই অধ্যক্ষসকলে তেওঁলোকক সাক্ষাৎ কৰিবলৈ ছাউনিৰ বাহিৰলৈ ওলাই গ’ল।
14 モーセはその軍勢の領袖等すなはち戰爭より歸りきたれる千人の長等と百人の長等のなせる所を怒れり
১৪তেতিয়া যুদ্ধৰ পৰা উভটি অহা সহস্ৰপতি আৰু শতপতি, এই সেনাপতিসকলৰ ওপৰত মোচিৰ খং উঠিল।
15 モーセすなはち彼等に言けるは汝らは婦女等をことごとく生し存しや
১৫মোচিয়ে তেওঁলোকক ক’লে, “তোমালোকে মহিলাসকলক জীয়াই ৰাখিছা নেকি?
16 視よ是等の者はバラムの謀計によりイスラエルの子孫をしてペオルの事においてヱホバに罪を犯さしめ遂にヱホバの會衆の中に疫病おこるにいたらしめたり
১৬চোৱা, বিলিয়মৰ পৰামৰ্শত তেওঁলোকে পিয়োৰ দেৱতাৰ কথাত ইস্ৰায়েলৰ সন্তান সকলক যিহোৱাৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰাইছিল; সেই কাৰণেই যিহোৱাৰ মণ্ডলীত মহামাৰী হৈ আছিল।
17 然ばこの子等の中の男の子を盡く殺しまた男と寝て男しれる婦人を盡く殺せ
১৭এতিয়া এই হেতুকে, তোমালোকে শিশুবোৰৰ মাজৰ আটাই ল’ৰাবোৰক বধ কৰা, আৰু পুৰুষৰে সৈতে শয়ন কৰা সকলো মহিলাক বধ কৰা।
18 但し未だ男と寝て男しれる事あらざる女の子はこれを汝らのために生し存べし
১৮কিন্তু ছোৱালীসকলৰ মাজৰ যিবোৰে পুৰুষৰে সৈতে কেতিয়াও শয়ন কৰা নাই, তেওঁলোকক তোমালোকে নিজৰ কাৰণে ৰাখা।
19 而して汝らは七日の間營の外に居れ汝らの中凡そ人を殺せし者または殺されし者に捫りたる者は第三日と第七日にその身を潔め且その俘囚を潔むべし
১৯তোমালোকে সাত দিনলৈকে ছাউনিৰ বাহিৰত ছাউনি পাতি থাকা; তোমালোকৰ যিমান লোকে বধ কৰিছা বা হত হোৱা লোককো চুইছা, তোমালোকৰ সেই সকলোৱে আৰু বন্দী কৰি অনা লোকসকলক তৃতীয় আৰু সপ্তম দিনা শুচি কৰা।
20 また一切の衣服と一切の皮の器具および凡て山羊の毛にて作れる物と凡て木にて造れる物を潔むべしと
২০আৰু সকলো কাপোৰ, ছালেৰে সজা বা মেৰ-ছাগৰ নোমেৰে যুগুত কৰা বা কাঠেৰে সজা আটাই বস্তুৰ বিষয়ে তোমালোকে নিজৰ কাৰণে শুচি কৰা।”
21 祭司エレアザル戰にいでし軍人等に言けるはヱホバのモーセに命じたまへる律法の例は是のごとし
২১পাছত পুৰোহিত ইলিয়াজৰে ৰণলৈ যোৱা লোকসকলক ক’লে, “যিহোৱাই মোচিক দিয়া ব্যৱস্থাৰ এয়াও এক বিধি বোলে:
22 金銀銅鐵錫鉛など
২২কেৱল সোণ, ৰূপ, পিতল, লোহা, বগীতাম,
23 凡て火に勝る物は火の中を通すべし然せば潔くならん然ながら尚また潔淨の水をもてこれを潔むべしまた凡て火に勝ざる者は水の中を通すべし
২৩আৰু সীহ আদি যিবোৰ বস্তু জুইত নুপোৰে, সেই সকলোকে জুইৰ মাজেদি নিবা, তেতিয়া সেয়া শুচি হ’ব। তাৰ পাছত তোমালোকে তাক অশুচিতা-নাশক জলৰ দ্বাৰাই শুচি কৰিব লাগিব; কিন্তু যি যি বস্তু জুইত পোৰে, তাক প্রথমে তোমালোকে সেই পানীৰে শুচি কৰিবা।
24 汝等は第七日にその衣服を洗ひて潔くなり然る後營にいるべし
২৪আৰু সপ্তম দিনা তোমালোকে নিজ নিজ কাপোৰ ধুবা, তেতিয়া তোমালোক শুচি হ’বা; তাৰ পাছত তোমালোকে ছাউনিত সোমাব পাৰিবা।”
25 その時ヱホバ、モーセに告て言たまはく
২৫যিহোৱাই পুনৰায় মোচিক ক’লে,
26 汝と祭司エレアザルおよび會衆の族長等この取獲たる人と畜の總數をしらべ
২৬“তুমি, পুৰোহিত ইলিয়াজৰ আৰু মণ্ডলীৰ পিতৃ-বংশৰ অধ্যক্ষসকল, যুদ্ধত ধৰা মানুহ বা পশু সেই আটাই লুট-দ্রব্যৰ লেখ লোৱা;
27 その獲物を二分に分てその一を戰爭にいでて戰ひし者に予へその一を全會衆に予へよ
২৭আৰু সেইবোৰ দুভাগ কৰি, এভাগ ৰণলৈ যোৱা লোকসকল আৰু এভাগ গোটেই মণ্ডলীৰ মাজত ভাগ কৰি দিয়া;
28 而して戰ひに出し軍人をして人または牛または驢馬または羊おのおの五百ごとに一をとりてヱホバに貢として奉つらしめよ
২৮আৰু যুদ্ধলৈ যোৱা লোকসকলৰ পৰা মানুহ, গৰু, গাধ, আৰু মেৰ-ছাগ বা ছাগলীৰ পাঁচ শ পাঁচ শ প্ৰাণীৰ মাজৰ এটা এটা প্ৰাণী যিহোৱাৰ কাৰণে কৰস্ৱৰুপে লোৱা;
29 即ち彼らの一半より之をとりヱホバの擧祭として祭司エレアザルに與へよ
২৯তেওঁলোকৰ আধা ভাগৰ পৰা তাক লৈ, যিহোৱাৰ উত্তোলনীয় উপহাৰস্বৰূপে পুৰোহিত ইলিয়াজৰক দিয়া।
30 またイスラエルの子孫の一半よりはその獲たる人または牛または驢馬または羊または種々の獣畜五十ごとに一を取りヱホバの幕屋の職守を守るところのレビ人にこれを與へよと
৩০আৰু ইস্ৰায়েলৰ সন্তান সকলৰ আধা ভাগৰ পৰা মানুহ, গৰু, গাধ আৰু মেৰ-ছাগৰ জাক আদি আটাই প্ৰাণীৰেই পঞ্চাশটা পঞ্চাশটাৰ মাজৰ পৰা এটা লৈ যিহোৱাৰ আবাসৰ ৰখীয়া লেবীয়াসকলক দিয়া।”
31 モーセと祭司エレアザルすなはちヱホバのモーセに命じたまへるごとく爲り
৩১তেতিয়া মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে মোচি আৰু পুৰোহিত ইলিয়াজৰে সেই কাৰ্য কৰিলে।
32 その掠取物すなはち軍人等が奪ひ獲たる物の殘餘は羊六十七萬五千
৩২ৰণুৱাসকলে লুটি অনা সম্পত্তিৰ বাহিৰে ধৰি অনা প্ৰাণীৰ সংখ্যা এইদৰে: ছয় লাখ পঁয়সত্তৰ হাজাৰ মেৰ-ছাগ
33 牛七萬二千
৩৩বাসত্তৰ হাজাৰ ষাঁড়-গৰু,
34 驢馬六萬一千
৩৪এষষ্ঠী হাজাৰ গাধ,
35 人三萬二千是みな未だ男と寝て男しれる事あらざる女なり
৩৫আৰু কেতিয়াও পুৰুষে সৈতে শয়ন নকৰা ছোৱালীৰ সংখ্যা সৰ্ব্বমুঠ বত্ৰিশ হাজাৰ আছিল।
36 その一半すなはち戰爭にいでし者の分は羊三十三萬七千五百
৩৬যুদ্ধলৈ যোৱা সৈন্যসকলৰ আধা ভাগ প্ৰাণীৰ সংখ্যা তিনি লাখ সাতত্ৰিশ হাজাৰ পাঁচ শ মেৰ-ছাগ;
37 ヱホバに貢として奉つれる羊は六百七十五
৩৭সেই মেৰ-ছাগবোৰৰ পৰা লোৱা যিহোৱাৰ কৰ ছশ পঁয়সত্তৰটা।
38 牛三萬六千その中よりヱホバに貢とせし者は七十二
৩৮ষাঁড়-গৰু ছয়ত্ৰিশ হাজাৰ; সেইবোৰৰ মাজৰ পৰা লোৱা যিহোৱাৰ কৰ বাসত্তৰটা।
39 驢馬三萬五百その中よりヱホバに貢とせし者は六十一
৩৯গাধবোৰৰ সংখ্যা ত্ৰিশ হাজাৰ পাঁচশ আছিল আৰু সেইবোৰৰ মাজৰ পৰা লোৱা যিহোৱাৰ কৰ এষষ্ঠীটা।
40 人一萬六千その中よりヱホバに貢とせし者は三十二人
৪০মানুহৰ সংখ্যা ষোল্ল হাজাৰ গৰাকী মহিলা আৰু তেওঁলোকৰ পৰা লোৱা যিহোৱাৰ কৰ বত্ৰিশটা।
41 モーセその貢すなはちヱホバの擧祭なる者を祭司エレアザルに與へたりヱホバのモーセに命じたまへる如し
৪১তাৰ পাছত মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে, সেই কৰ তেওঁ যিহোৱাৰ উত্তোলনীয় উপহাৰ স্বৰূপে পুৰোহিত ইলিয়াজৰক দিলে।
42 モーセが戰爭に出しものより分ちとりてイスラエルの子孫に予へし一半
৪২আৰু যুদ্ধলৈ যোৱা লোকসকলৰ ভাগৰ পৰা যি আধা ভাগ মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে ৰাখিলে-
43 すなはち會衆に屬する一半は羊三十三萬七千五百
৪৩মণ্ডলীৰ সেই আধা ভাগৰ সংখ্যা তিনি লাখ সাতত্ৰিশ হাজাৰ পাঁচশ মেৰ-ছাগ,
44 牛三萬六千
৪৪ছয়ত্ৰিশ হাজাৰ ষাঁড়-গৰু,
45 驢馬三萬五百
৪৫ত্ৰিশ হাজাৰ পাঁচশটা গাধ
46 人一萬六千
৪৬আৰু কেতিয়াও পুৰুষৰ সৈতে শয়ন নকৰা ষোল্ল হাজাৰ মহিলা আছিল।
47 すなはちイスラエルの子孫のその一半よりモーセ人と畜ともに各箇五十ごとに一を取りヱホバの幕屋の職守をまもるレビ人に之を與へたりヱホバのモーセに命じたまへるごとし
৪৭ইস্ৰায়েলৰ সন্তান সকলৰ পৰা সেই আধা ভাগৰ পৰা মানুহ আৰু পশুৰ পঞ্চাশটা পঞ্চাশটাৰ মাজৰ এটা এটা লৈ মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁ যিহোৱাৰ আবাসৰ ৰখীয়া লেবীয়াসকলক দিলে।
48 時に其軍勢の帥士たりし者等すなはち千人の長百人の長等モーセにきたり
৪৮তাৰ পাছত সহস্ৰপতি আৰু শতপতি, সৈন্য সমূহৰ হাজাৰ হাজাৰৰ ওপৰত সেই সেনাপতিসকল মোচিৰ ওচৰলৈ আহিল।
49 モーセに言けるは僕等我らの手に屬する軍人を數へたるにわれらの中一人も缺たる者なし
৪৯তেওঁলোকে তেওঁক কলে, “আপোনাৰ এই দাসবোৰে নিজৰ নিজৰ অধীনে থকা সৈন্যবোৰৰ লেখ ল’লে আৰু আমাৰ মাজৰ এজনো হেৰোৱা নাই।
50 是をもて我ら各人その獲たる金の飾品すなはち鏈子釧指鐶耳環頸玉等をヱホバに携へきたりて禮物となし之をもて我らの生命のためにヱホバの前に贖罪をなさんとすと
৫০এই হেতুকে আমি প্ৰতিজনে যি সোণৰ অলঙ্কাৰ, অৰ্থাৎ নেপুৰ, খাৰু, আঙঠি, কুণ্ডল, হাৰ, এইবোৰ যি পাইছোঁ, তাক আমি যিহোৱাৰ আগলৈ, নিজৰ নিজৰ প্ৰাণ প্ৰায়শ্চিত্ত কৰিবলৈ যিহোৱাৰ উপহাৰ স্বৰুপে আনিলোঁ।”
51 モーセと祭司エレアザルすなはち彼らよりその金を受たり是みな製り成る飾品なりき
৫১তেতিয়া মোচি আৰু পুৰোহিত ইলিয়াজৰে তেওঁলোকৰ পৰা সেই সোণ, অৰ্থাৎ শিল্পকাৰে বনোৱা সেই সকলো অলঙ্কাৰবোৰ ল’লে।
52 千人の長と百人の長たちがヱホバに献げて擧祭となせしその金は都合一萬六千七百五十シケル
৫২সহস্ৰপতি আৰু শতপতিসকলে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা উত্তোলনীয় উপহাৰৰ সেই সোণ ষোল্ল হাজাৰ সাতশ পঞ্চাশ চেকল আছিল;
53 軍人は各箇その掠取物をもて自分の有となせり
৫৩কিয়নো সৈন্যসকলৰ প্ৰতিজনে নিজৰ কাৰণে লুটদ্ৰব্য আনিছিল।
54 モーセと祭司エレアザルは千人の長と百人の長等よりその金を受て集會の幕屋に携へいりヱホバの前におきてイスラエルの子孫の記念とならしむ
৫৪পাছত মোচি আৰু পুৰোহিত ইলিয়াজৰে সহস্ৰপতি আৰু শতপতি, এই সেনাপতিসকলৰ পৰা সেই সোণ লৈ, যিহোৱাৰ আগত ইস্ৰায়েলৰ সন্তান সকলৰ স্মৰণাৰ্থক চিন হ’বলৈ, তাক সাক্ষাৎ কৰা তম্বুত ৰাখিলে।

< 民数記 31 >