< 民数記 2 >

1 ヱホバ、モーセとアロンに告て言たまはく
যিহোৱাই পুনৰায় মোচি আৰু হাৰোণক ক’লে,
2 イスラエルの子孫は各々その隊の纛の下に營を張てその父祖の旗號の下に居るべくまた集會の幕屋の四圍において之にむかひて營を張べし
“ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকৰ নিজ নিজ সৈন্য দলৰ পিতৃ-বংশৰ পতাকাৰ গুৰিৰ চৰিওফালে তম্বু তৰি থাকিব লাগিব। তেওঁলোকৰ তম্বু সাক্ষাৎ কৰা তম্বুলৈ মুখ কৰি থাকিব লাগিব।
3 即ち日の出る方東に於てはユダの營の纛の下につく者その軍旅にしたがひて營を張りアミナダブの子ナシヨン、ユダの子孫の牧伯となるべし
যিহূদাৰ ছাউনিৰ অধীনত থকা লোকসকলে নিজ নিজ সৈন্যদল অনুসাৰে, পূৱদিশে থকা সাক্ষাৎ কৰা তম্বুৰ ফালে অৰ্থাৎ সূৰ্য উদয় হোৱা দিশে তম্বু তৰি যিহূদাৰ পতাকাৰ চাৰিওফালে থাকিব লাগিব। অম্মীনাদবৰ পুত্ৰ নহচোন যিহূদাৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
4 その軍旅すなはちその核數られし者は七萬四千六百人
তেওঁৰ সৈন্য সমূহৰ গণিত লোক আছিল চৌসত্তৰ হাজাৰ ছশ জন।
5 その傍に營を張る者はイツサカルの支派なるべし而してツアルの子ネタニエル、イツサカルの子孫の牧伯となるべし
তেওঁলোকৰ কাষত ইচাখৰ ফৈদে তম্বু তৰি থাকিব লাগিব। চূৱাৰৰ পুত্ৰ নথনেলে ইচাখৰৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
6 その軍旅すなはちその核數られし者は五萬四千四百人
নথনেলৰ সৈন্যৰ সংখ্যা আছিল চৌৱন্ন হাজাৰ চাৰিশ।
7 またゼブルンの支派これと偕にありてヘロンの子エリアブ、ゼブルンの子孫の牧伯となるべし
ইচাখৰৰ গোষ্ঠীৰ কাষত জবূলূনৰ গোষ্ঠীয়ে ছাউনি পাতিব লাগিব। হেলোনৰ পুত্ৰ ইলীয়াব জবূলূনৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
8 その軍旅すなはちその核數られし者は五萬七千四百人
জবূলূনৰ সৈন্যৰ সংখ্যা আছিল সাতাৱন হাজাৰ চাৰিশ।
9 ユダの營の軍旅すなはち核數られし者は都合十八萬六千四百人是等の者首先に進むべし
যিহূদাৰ ছাউনিৰ গণিত লোক, নিজ নিজ সৈন্যদল অনুসাৰে, সৰ্ব্বমুঠ আছিল এক লাখ ছয়াশী হাজাৰ চাৰিশ জন। প্ৰথমে তেওঁলোকে ছাউনিৰ পৰা প্ৰস্থান কৰিব।
10 また南の方に於てはルベンの營の纛の下につく者その軍旅にしたがひて居りシデウルの子エリヅル、ルベンの子孫の牧伯となるべし
১০দক্ষিণ দিশে থকা সৈন্যদলবোৰে ৰূবেণৰ ছাউনিৰ পতাকাৰ চাৰিওফালে থাকিব। চদেয়ূৰৰ পুত্ৰ ইলীচূৰ ৰূবেণৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
11 その軍旅すなはちその核數られし者は四萬六千五百人
১১ৰূবেনৰ সৈন্যৰ সংখ্যা আছিল ছয়চল্লিশ হাজাৰ পাঁচশ।
12 その傍に營を張る者はシメオンの支派なるべし而してツリシヤダイの子シルミエル、シメオンの子孫の牧伯となるべし
১২তেওঁলোকৰ কাষত চিমিয়োনৰ গোষ্ঠীয়ে তম্বু তৰি থাকিব। চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েল চিমিয়োনৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
13 その軍旅すなはちその核數られし者は五萬九千三百人
১৩চিমিয়োনৰ সৈন্যৰ সংখ্যা আছিল ঊনষাঠি হাজাৰ তিনিশ।
14 ガドの支派これに次ぎデウエルの子エリアサフ、ガドの子孫の牧伯となるべし
১৪তেওঁলোকৰ কাষত গাদৰ ফৈদ থাকিব। ৰূৱেলৰ পুত্ৰ ইলিয়াচফ গাদৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
15 その軍旅すなはちその核數られし者は四萬五千六百五十人
১৫গাদৰ সৈন্যৰ সংখ্যা আছিল পঞ্চল্লিশ হাজাৰ ছশ পঞ্চাশ।
16 ルベンの營の軍旅すなはちその核數られし者は都合十五萬一千四百五十人是等の者第二番に進むべし
১৬ৰূবেণৰ ছাউনিৰ গণিত লোক, নিজ নিজ সৈন্যদল অনুসাৰে, সৰ্ব্বমুঠ আছিল এক লাখ একাৱন্ন হাজাৰ চাৰিশ পঞ্চাশ জন। তেওঁলোকে দ্বিতীয় হৈ ছাউনিৰ পৰা প্ৰস্থান কৰিব।
17 その次に律法の幕屋レビ人の營とともに諸營の眞中にありて進むべし彼等はその營を張がごとくに各々その隊にしたがひその纛にしたがひて進むべきなり
১৭তেওঁলোকৰ সৈন্যদলৰ পাছত ছাউনিবোৰৰ মাজত লেবীয়াসকলৰ ছাউনি ৰাখি, সাক্ষাৎ কৰা তম্বু নিয়া হ’ব; প্ৰতিজনে যি দৰে তম্বু তৰে, সেই দৰে নিজ নিজ শ্ৰেণীত থাকি, নিজ নিজ পতাকাৰ কাষে কাষে প্ৰস্থান কৰিব।
18 また西の方においてはエフライムの營の纛の下につく者その軍旅にしたがひて居りアミホデの子エリシヤマ、エフライムの子孫の牧伯となるべし
১৮সাক্ষাৎ কৰা তম্বুৰ পশ্চিম দিশে, নিজ নিজ সৈন্যদল অনুসাৰে, ইফ্ৰয়িমৰ ফৈদে ছাউনি পাতি থাকিব। অম্মীহূদৰ পুত্ৰ ইলীচামা ইফ্ৰয়িমৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
19 その軍旅すなはちその核數られし者は四萬五百人
১৯ইফ্ৰয়িমৰ সৈন্যৰ সংখ্যা আছিল চল্লিশ হাজাৰ পাঁচ শ।
20 マナセの支派その傍にありてバダヅルの子ガマリエル、マナセの子孫の牧伯となるべし
২০তেওঁলোকৰ কাষত মনচিৰ ফৈদ থাকিব। পদাচূৰৰ পুত্ৰ গম্লীয়েল মনচিৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
21 その軍旅すなはちその核數られし者は三萬二千二百人
২১মনচিৰ সৈন্যৰ সংখ্যা আছিল বত্ৰিশ হাজাৰ দুশ।
22 ベニヤミンの支派これに次ぎギデオニの子アビダン、ベニヤミンの子孫の牧伯となるべし
২২তেওঁলোকৰ পাছত আহিব বিন্যামীনৰ ফৈদ। গিদিয়োনীৰ পুত্ৰ অবীদান বিন্যামীনৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
23 その軍旅すなはちその數へられし者は三萬五千四百人
২৩বিন্যামীনৰ সৈন্যৰ সংখ্যা আছিল পঁয়ত্ৰিশ হাজাৰ চাৰিশ।
24 ヱフライムの營の軍旅すなはちその核數られし者は都合十萬八千一百人是等の者第三番に進むべし
২৪ইফ্ৰয়িমৰ ছাউনিৰ গণিত লোক, নিজ নিজ সৈন্যদল অনুসাৰে, সৰ্ব্বমুঠ আছিল এক লাখ আঠ হাজাৰ এশ জন। তেওঁলোকে তৃতীয় হৈ প্ৰস্থান কৰিব।
25 また北の方に於てはダンの營の纛の下につく者その軍旅に循ひて居りアミシヤダイの子アヒエゼル、ダンの子孫の牧伯となるべし
২৫সাক্ষাৎ কৰা তম্বুৰ উত্তৰ দিশে দানৰ সৈন্যদলে তেওঁলোকৰ পতাকাৰ চাৰিওফালে ছাউনি পাতিব। অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰ দানৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
26 その軍旅すなはちその核數られし者は六萬二千七百人
২৬দানৰ সৈন্যৰ সংখ্যা আছিল বাষষ্ঠি হাজাৰ সাতশ।
27 その傍に營を張る者はアセルの支派なるべし而してオクランの子パギエル、アセルの子孫の牧伯となるべし
২৭তেওঁলোকৰ কাষতে আচেৰৰ ফৈদে তম্বু তৰি থাকিব। আক্ৰণৰ পুত্ৰ পগীয়েল আচেৰৰ সন্তান সকলৰ অধ্যক্ষ হ’ব;
28 その軍旅すなはちその核數られし者は四萬一千五百人
২৮আচেৰৰ সৈন্যৰ সংখ্যা আছিল একচল্লিশ হাজাৰ পাঁচ শ।
29 ナフタリの支派これに次ぎエナンの子アヒラ、ナフタリの子孫の牧伯となるべし
২৯তেওঁলোকৰ পাছত আহিব নপ্তালীৰ গোষ্ঠী। ঐননৰ পুত্ৰ অহীৰা নপ্তালীৰ সন্তান সকলৰ অধ্যক্ষ হ’ব;
30 その軍旅すなはちその核數られし者は五萬三千四百人
৩০নপ্তালীৰ সৈন্যৰ সংখ্যা আছিল তেপন্ন হাজাৰ চাৰিশ।
31 ダンの營の核數られし者は都合十五萬七千六百人是等の者その旗號にしたがひて最後に進むべし
৩১দানৰ ছাউনিৰ গণিত লোক সৰ্ব্বমুঠ আছিল একলাখ সাতাৱন হাজাৰ ছশ জন। তেওঁলোকে ছাউনিৰ পৰা নিজ নিজ পতাকা লৈ, শেষত প্ৰস্থান কৰিব।”
32 イスラエルの子孫のその父祖の家にしたがひて核數られし者は是のごとし諸營の軍旅すなはちその核數られし者は都合六十萬三千五百五十人なりき
৩২ইস্ৰায়েলৰ সন্তান সকলৰ পিতৃ-বংশৰ সৰ্ব্বমুঠ ছয় লাখ তিনি হাজাৰ পাঁচশ পঞ্চাশ জন সৈন্যদল অনুসাৰে ছাউনিবোৰৰ গণিত লোক আছিল।
33 但しレビ人はイスラエルの子孫とともに計へらるること無りきすなはちヱホバのモーセに命じたまへる如し
৩৩কিন্তু যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে, লেবীয়াসকলক ইস্ৰায়েলৰ সন্তান সকলৰ মাজত গণনা কৰা নহ’ল।
34 是においてイスラエルの子孫ヱホバの凡てモーセに命じたまひしごとくに行ひ各々その宗族に依りその父祖の家に依りその隊の纛にしたがひて營を張りまた進むことを爲せり
৩৪যিহোৱাই মোচিৰ দ্ৱাৰা দিয়া আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে সেই সকলো কাৰ্য কৰিলে। তেওঁলোকে নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে নিজ নিজ পতাকাৰ তলত তম্বু তৰিলে আৰু সেই দৰেই প্ৰস্থান কৰিলে।

< 民数記 2 >