< レビ記 14 >

1 ヱホバ、モーセに告て言たまはく
পাছত যিহোৱাই মোচিক ক’লে,
2 癩病人の潔めらるる日の定例は是のごとし即ちその人を祭司の許に携へゆくべし
“কুষ্ঠৰোগী লোক জন সুস্থ হোৱাৰ দিনা তেওঁৰ শুচি হোৱা নিয়ম এই; তেওঁক পুৰোহিতৰ ওচৰলৈ অনা হ’ব।
3 先祭司營より出ゆきて觀祭司もし癩病人の身にありし癩病の患處の痊たるを見ば
তেতিয়া পুৰোহিতে ছাউনিৰ বাহিৰলৈ ওলাই গৈ সেই কুষ্ঠৰোগী জনৰ কুষ্ঠৰোগ যদি সুস্থ হৈছে, তেনেহলে সেই বিষয়ে তেওঁ লক্ষ্য কৰিব।
4 祭司その潔めらるる者のために命じて生る潔き鳥二羽に香柏と紅の線と牛膝草を取きたらしめ
তেতিয়া পুৰোহিতে সেই শুচি কৰিব লগা লোকজনৰ কাৰণে দুটা জীয়া শুচি চৰাই, এডোখৰ এৰচ কাঠ, অলপ ৰঙা নোম, আৰু একোচা এচোব বন, এই সকলোকে লবলৈ আজ্ঞা দিব।
5 祭司また命じてその鳥一羽を瓦の器の内にて活水の上に殺さしめ
আৰু পুৰোহিত জনে তেওঁক মাটিৰ পাত্ৰত থোৱা নিৰ্মল পানীৰ ওপৰত সেই দুটা চৰাইৰ এটাক কাটিবলৈ আজ্ঞা কৰিব।
6 而してその生る鳥を取り香柏と紅の線と牛膝草をも取て之を夫活水の上に殺したる鳥の血の中にその生る鳥とともに濡し
তাৰ পাছত তেওঁ জীয়া চৰাইটো, এৰচ কাঠডোখৰ আৰু এচোব বন কোচা, এই সকলোকে লৈ সেই নিৰ্মল পানীৰ ওপৰত কটা চৰাইটোৰ তেজত জীয়া চৰাইটোৰে সৈতে জুবুৰিয়াই দিব।
7 癩病より潔められんとする者にこれを七回灑ぎてこれを潔き者となしその生る鳥をば野に放つべし
তেতিয়া কুষ্ঠ ৰোগৰ পৰা শুচি হ’বলগীয়া লোক জনৰ ওপৰত সাতবাৰ এই পানী ছটিয়াব, আৰু তেওঁক শুচি বুলি ঘোষণা কৰিব। তাৰ পাছত পুৰোহিত জনে জীয়া চৰাইটো মুকলি পথাৰত উৰুৱাই দিব।
8 潔めらるる者はその衣服を濯ひその毛髮をことごとく剃おとし水に身を滌ぎて潔くなり然る後に營に入きたるべし但し七日が間は自己の天幕の外に居るべし
আৰু সেই শুচি হ’বলগীয়া লোক জনে নিজ বস্ত্ৰ ধুই, চুলি দাড়ি আদি গাৰ আটাই নোম খুৰাই পানীত গা ধুব আৰু তাৰ পাছত তেওঁ শুচি হ’ব। এই বোৰ কৰাৰ পাছত তেওঁ ছাউনিত সোমাব, কিন্তু তেওঁ সাত দিন নিজ তম্বুৰ বাহিৰত থাকিব লাগিব।
9 而して第七日にその身の毛髮をことごとく剃べし即ちその頭の髮と鬚と眉とをことごとく剃りまたその衣服を濯ひ且その身を水に滌ぎて潔くなるべし
পাছত সপ্তম দিনা তেওঁ নিজ মূৰৰ চুলি, দাড়ি, চেলাউৰি আদি গোটেই গাৰ নোম খুৰাব, আৰু নিজ বস্ত্ৰ ধুই, নিজেও পানীত গা ধুব; তেতিয়া তেওঁ শুচি হ’ব।
10 第八日にいたりてその人二匹の全き羔羊の牡と當歳なる一匹の全き羔羊の牝を取りまた麥粉十分の三に油を和たる素祭と油一ログを取べし
১০অষ্টম দিনা তেওঁ দুটা নঘূণ মতা মেৰ-ছাগ পোৱালি, এজনী এবছৰীয়া নিঘূণ চেঁউৰী মেৰ-ছাগ পোৱালি, ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা আটা গুড়ি ঐফাৰ দহ ভাগৰ তিনিভাগ, আৰু এক “লোগ” তেল ল’ব।
11 潔禮をなす所の祭司その潔めらるべき人と是等の物とを集會の幕屋の門にてヱホバの前に置き
১১তাৰ পাছত শুচি কৰোঁতা পুৰোহিত জনে, সেই শুচি হ’বলগীয়া লোক জনক আৰু সেই বস্তুবোৰ লৈ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ ওচৰত যিহোৱাৰ সন্মুখত ৰাখিব।
12 而して祭司かの羔羊の牡一匹を取り一ログの油とともに之を愆祭に献げまた之をヱホバの前に搖て搖祭となすべし
১২পাছত পুৰোহিত জনে সেই মেৰ-ছাগ পোৱালি দুটাৰ এটা পোৱালি, সেই এক “লোগ” তেলেৰে সৈতে দোষাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰিব, আৰু দোলনীয় নৈবেদ্যৰ অৰ্থে সেইবোৰ যিহোৱাৰ সন্মুখত তুলি দিব।
13 この羔羊の牡は罪祭燔祭の牲を宰る處すなはち聖所にてこれを宰るべし罪祭の物の祭司に歸するごとく愆祭の物も然るなり是は至聖物たり
১৩আৰু যি ঠাইত পাপাৰ্থক বলি আৰু হোম-বলি কটা যায়, পবিত্ৰ স্থানৰ সেই ঠাইতে সেই মেৰ-ছাগৰ পোৱালিটো কাটিব লাগিব, কিয়নো সেই দোষাৰ্থক বলি পুৰোহিতৰ ভাগ, আৰু সেয়ে অতি পবিত্ৰ।
14 而して祭司その愆祭の牲の血を取りその潔めらるべき者の右の耳の端と右の手の大指と右の足の拇指に祭司これをつくべし
১৪পুৰোহিতে সেই দোষাৰ্থক বলিৰ কিছু তেজ লৈ, সেই শুচি হবলগীয়া মানুহটোৰ সোঁ কাণৰ মুৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত লগাই দিব।
15 祭司またその一ログの油をとりて之を自身の左の手の掌に傾ぎ
১৫তাৰ পাছত পুৰোহিতে সেই “লোগ” তেলৰ কিছু লৈ নিজৰ বাওঁহাতৰ তলুৱাত ঢালিব;
16 而して祭司その右の指を左の手の油にひたしその指をもて之を七回ヱホバの前に灑ぐべし
১৬আৰু সেই বাওঁ হাতৰ তলুৱাত থকা তেলত নিজ সোঁহাতৰ আঙুলি জুবুৰিয়াই, আঙুলিৰে সেই তেলৰ পৰা অলপ অলপকৈ যিহোৱাৰ সন্মুখত সাতবাৰ ছটিয়াব।
17 その手の殘餘の油は祭司その潔らるべき者の右の耳の端と右の手の大指と右の足の拇指においてその愆祭の牲の血の上に之をつくべし
১৭পুৰোহিতে নিজৰ হাতৰ তলুৱাত থকা অৱশিষ্ট তেলৰ কিছু লৈ, শুচি হ’বলগীয়া লোক জনৰ সোঁ কাণৰ মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত পুৰ্বে দিয়া দোষাৰ্থক বলিৰ তেজৰ ওপৰত লগাই দিব।
18 而して尚その手に殘れる油は祭司これをその潔めらるべき者の首につけヱホバの前にて祭司その人のために贖罪をなすべし
১৮পুৰোহিতে নিজৰ হাতৰ তলুৱাত থকা অৱশিষ্ট তেল খিনি সেই শুচি হ’বলগীয়া লোক জনৰ মূৰত দিব, আৰু পুৰোহিতে যিহোৱাৰ সন্মুখত তেওঁক প্ৰায়চিত্ত কৰিব।
19 斯してまた祭司罪祭を献げその汚穢を潔めらるべき者のために贖罪を爲て然る後に燔祭の牲を宰るべし
১৯তাৰ পাছত পুৰোহিতে পাপাৰ্থক বলিটো উৎসৰ্গ কৰিব, আৰু সেই শুচি হ’বলগীয়া লোকজনৰ অশৌচৰ কাৰণে তেওঁক প্ৰায়চিত্ত কৰিব; তাৰ পাছত হোমবলিটো কাটিব।
20 而して祭司燔祭と素祭を壇の上に献げその人のために祭司贖罪を爲べし然せばその人は潔くならん
২০যেতিয়া পুৰোহিতে হোমবলিটো আৰু ভক্ষ্য নৈবেদ্য খিনি বেদীত উৎসৰ্গ কৰিব, তেতিয়া পুৰোহিতে সেই ব্যক্তিক প্ৰায়শ্চিত্ত কৰিব আৰু তেওঁ তেতিয়া শুচি হ’ব।
21 その人もし貧くして之にまで手の届かざる時は搖て自己の贖罪をなさしむべき愆祭のために羔羊の牡一匹をとり又素祭のために麥粉十分の一に油を和たるを取りまた油一ログを取り
২১কিন্তু যদি সেই লোক জন দৰিদ্ৰ হয়, আৰু এই সকলো বলি আনিবলৈ তেওঁৰ সমৰ্থ নাথাকে, তেতিয়া তেওঁ নিজৰ কাৰণে প্ৰায়চিত্ত কৰিবলৈ দোলনীয় নৈবেদ্যৰ অৰ্থে দোষাৰ্থক বলি স্বৰূপে এটা মতা মেৰ-ছাগ পোৱালি, ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা আটাগুড়িৰ ঐফাৰ দহভাগৰ এভাগ এক “লোগ” তেল,
22 且その手のとどくところに循ひて鳲鳩二羽かまたは雛き鴿二羽を取べし其一は罪祭のための者一は燔祭のための者なり
২২আৰু নিজৰ সমৰ্থ অনুসাৰে দুটা কপৌ বা দুটা পাৰ পোৱালি আনিব; তাৰে এটা পাপাৰ্থক বলি আৰু আনটো হোমবলি হ’ব।
23 而してその潔禮の第八日に之を祭司に携へ集會の幕屋の門にきたりてヱホバの前にいたるべし
২৩পাছত অষ্টম দিনা, তেওঁ নিজকে শুচি কৰিবৰ অৰ্থে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ যিহোৱাৰ সন্মুখত পুৰোহিতৰ ওচৰলৈ সেইবোৰ আনিব।
24 かくて祭司はその愆祭の牡羊と一ログの油を取り祭司これをヱホバの前に搖て搖祭となすべし
২৪তেতিয়া পুৰোহিতে দোষাৰ্থক বলিৰ কাৰণে সেই মেৰ-ছাগ পোৱালিটো আৰু সেই “লোগ” তেল লৈ, যিহোৱাৰ সন্মুখত দোলনীয় নৈবেদ্যৰ অৰ্থে তুলি দিব।
25 而して愆祭の羔羊を宰りて祭司その愆祭の牲の血を取りこれをその潔めらるべき者の右の耳の端と右の手の大指と右の足の拇指につけ
২৫পাছত তেওঁ সেই দোষাৰ্থক বলিৰ মেৰ-ছাগ পোৱালিটো কাটিব লাগিব; পুৰোহিতে সেই দোষাৰ্থক বলিৰ কিছু তেজ লৈ, শুচি হ’বলগীয়া লোকজনৰ সোঁ কাণৰ মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত লগাই দিব।
26 また祭司その油の中を己の左の手の掌に傾ぎ
২৬তাৰ পাছত পুৰোহিতে সেই তেলৰ অলপ নিজৰ বাওঁ হাতৰ তলুৱাত বাকিব,
27 而して祭司その右の指をもて左の手の油を七回ヱホバの前に灑ぎ
২৭আৰু পুৰোহিতে সোঁ আঙুলিৰে বাওঁ হাতৰ তলুৱাত থকা সেই তেল অলপ অলপকৈ সাতবাৰ যিহোৱাৰ সন্মুখত ছটিয়াব।
28 亦祭司その潔めらるべき者の右の耳と右の手の大指と右の足の拇指において愆祭の牲の血をつけし處にその手の油をつくべし
২৮আৰু পুৰোহিতে নিজৰ হাতৰ তলুৱাত থকা তেলৰ কিছু লৈ, শুচি হ’ব লগীয়া লোক জনৰ সোঁ কাণৰ মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত পুৰ্বে দিয়া সেই দোষাৰ্থক বলিৰ তেজ থকা সেই একে ঠাইবোৰৰ ওপৰত লগাই দিব।
29 またその手に殘れる油をば祭司その潔めらるべき者の首に之をつけヱホバの前にてその人のために贖罪をなすべし
২৯আৰু শুচি হ’বলগীয়া লোক জনক যিহোৱাৰ সন্মুখত প্ৰায়চিত্ত কৰিবলৈ, পুৰোহিতে নিজৰ হাতত থকা অৱশিষ্ট তেল খিনি তেওঁৰ মূৰত দিব।
30 その人はその手のおよぶところの鳲鳩または雛き鴿一羽を献ぐべし
৩০পাছত সেই লোক জনৰ সমৰ্থ অনুসাৰে অনা সেই কপৌ দুটাৰ বা পাৰ পোৱলি দুটাৰ মাজৰ এটা উৎসৰ্গ কৰিব;
31 即ちその手のおよぶところの者一を罪祭に一を燔祭に爲べし祭司はその潔めらるべき者のためにヱホバの前に贖罪をなすべし
৩১অৰ্থাৎ সেই দুটাৰ এটা পাপাৰ্থক বলি আনটো হোম-বলিস্বৰূপে আৰু সেই ভক্ষ্য নৈবেদ্যখিনিয়ে সৈতে উৎসৰ্গ কৰিব। তাৰ পাছত পুৰোহিতে শুচি হ’ব লগীয়া লোক জনক যিহোৱাৰ সন্মুখত প্ৰায়চিত্ত কৰিব।
32 癩病の患處ありし人にてその潔禮に用ふべき物に手の届ざる者は之をその條例とすべし
৩২কুষ্ঠৰোগৰ ঘা থকা যি লোক জনে নিজকে শুচি কৰা সময়ত নিয়মিত বলিদান আদি দিবলৈ অসমৰ্থ, তাৰ এই নিয়ম।”
33 ヱホバ、モーセとアロンに告て言たまはく
৩৩পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে,
34 我が汝らの產業に與ふるカナンの地に汝等の至らん時に我汝らの產業の地の或家に癩病の患處を生ぜしむること有ば
৩৪“মই যি দেশ অধিকাৰ অৰ্থে তোমালোকক দিম, সেই কনান দেশত তোমালোকে যেতিয়া সোমাবা, তোমালোকে অধিকাৰ কৰা সেই দেশৰ কোনো এটা ঘৰত যদি মই কুষ্ঠৰোগৰ দাগ উৎপন্ন কৰোঁ,
35 その家の主來り祭司に告て患處のごとき者家に現はると言べし
৩৫তেতিয়া সেই ঘৰৰ গৰাকীয়ে আহি পুৰোহিতক জনাব। তেওঁ এই বুলি ক’ব যে, ‘মই মোৰ ঘৰত কুষ্ঠ ৰোগৰ দাগ যেন দেখিছোঁ’।
36 然る時は祭司命じて祭司のその患處を視に行く前にその家を空しむべし是は家にある物の凡て汚れざらんためなり而して後に祭司いりてその家を觀べし
৩৬তেতিয়া ঘৰৰ সকলো বস্তু যেন অশুচি নহয় এই কাৰণে, সেই দাগ চাবলৈ পুৰোহিতে ঘৰ সোমোৱাৰ পুৰ্বেই ঘৰ খালী কৰিবলৈ তেওঁলোকক আজ্ঞা কৰিব; তাৰ পাছত পুৰোহিতে ঘৰটো চাবলৈ সোমাব।
37 その患處を觀にもしその家の壁に靑くまたは赤き窪の患處ありて壁よりも卑く見えなば
৩৭তেওঁ সেই দাগৰ বিষয়ে চাব; যদি সেই দাগ ঘৰৰ দেৱালত অলপ কেঁচা বৰণীয়া বা ৰঙচীয়া চকলা-চকলী হয় আৰু দেৱালতকৈ দ যেন বোধ হয়,
38 祭司その家を出て家の門にいたり七日の間家を閉おき
৩৮আৰু যদি সঁচাকৈ সেই ঘৰত কুষ্ঠ ৰোগৰ দাগ আছে, তেতিয়া পুৰোহিতে ঘৰৰ পৰা দুৱাৰ-মুখলৈ ওলাই সাতদিন সেই ঘৰ বন্ধ কৰি ৰাখিব।
39 祭司第七日にまた來りて視るべしその患處もし家の壁に蔓延をらば
৩৯সপ্তমদিনা পুৰোহিতে পুনৰায় আহি সেই ঘৰৰ দেৱালত সেই দাগ বিয়পি যোৱা বিষয়ে চাব;
40 祭司命じてその患處ある石を取のぞきて邑の外の汚穢所にこれを棄しめ
৪০আৰু এনে যদি হয়, তেনেহলে মানুহে যেন সেই দাগ থকা শিলবোৰ উলিয়াই নগৰৰ বাহিৰত অশুচি ঠাইত পেলাই দিয়ে, পুৰোহিতে এনে আজ্ঞা কৰিব।
41 またその家の内の四周を刮らしむべしその刮りし灰沙は之を邑の外の汚穢所に傾け
৪১পাছত সেই ঘৰৰ ভিতৰৰ চাৰিওফালৰ দেৱাল তেওঁ চোঁচাই পেলোব লাগিব, আৰু চুঁচি পেলোৱাৰ কৰালবোৰ তেওঁলোকে নগৰৰ বাহিৰত সেই অশুচি ঠাইত পেলাব লাগিব।
42 他の石を取てその石の所に入かふべし而して彼他の灰沙をとりて家を塗べきなり
৪২তেওঁলোকে আন শিল লৈ সেই শিলৰ ঠাইত বহুৱাব, আৰু নতুন কৰাল লৈ পুনৰায় সেই ঘৰ লিপিব।
43 斯石を取のぞき家を刮りてこれを塗かへし後にその患處もし再びおこりて家に發しなば
৪৩এইদৰে শিল উলিওৱা আৰু ঘৰ চোঁচা আৰু লিপাৰ পাছত, যদি পুনৰায় ঘৰত সেই দাগ ওলাই,
44 祭司また來りて視べし患處もし家に蔓延たらば是家にある惡き癩病なれば其は汚るるなり
৪৪তেতিয়া পুৰোহিতে আহি চাব আৰু যদি সেই ঘৰত দাগ ব্যাপি যোৱা দেখে, তেনেহলে সেই ঘৰত সংহাৰক কুষ্ঠ আছে; আৰু সেই ঘৰখন অশুচি।
45 彼その家を毀ちその石その木およびその家の灰沙をことごとく邑の外の汚穢所に搬びいだすべし
৪৫তেতিয়া সেই ঘৰ ভাঙি পেলোৱা হ’ব। তাৰ শিল, কাঠ আৰু কৰাল আদি সকলোকে নগৰৰ বাহিৰলৈ সেই অশুচি ঠাইলৈ লৈ যাব।
46 その家を閉おける日の間にこれに入る者は晩まで汚るべし
৪৬তদুপৰি সেই ঘৰ বন্ধ থকাত যদি কোনো লোকে তাৰ ভিতৰত সোমাব, তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
47 その家に臥す者はその衣服を洗ふべしその家に食する者もその衣服を洗ふべし
৪৭আৰু যিকোনো লোকে সেই ঘৰত শুব, তেওঁ নিজ বস্ত্ৰ ধুব আৰু যিকোনো লোকে সেই ঘৰত আহাৰ কৰিব, তেৱোঁ নিজ বস্ত্ৰ ধুব লাগিব।
48 然ど祭司いりて視にその患處家を塗かへし後に家に蔓延ずば是患處の痊たる者なれば祭司その家を潔き者となすべし
৪৮আৰু সেই ঘৰ লিপাৰ পাছত পুৰোহিতে সোমাই যদি সেই দাগ ব্যাপি নোযোৱা দেখে, তেন্তে পুৰোহিতে সেই ঘৰ শুচি বুলি ক’ব; কিয়নো তাৰ কুষ্ঠ ভাল হ’ল।
49 彼すなはちその家を潔むるために鳥二羽に香柏と紅の線と牛膝草を取り
৪৯পাছত তেওঁ সেই ঘৰ শুচি কৰিবৰ কাৰণে দুটা চৰাই, এডোখৰ এৰচ কাঠ, অলপ ৰঙা নোম, আৰু একোচা এচোব বন ল’ব।
50 その鳥一羽を瓦の器の内にて活る水の上に殺し
৫০মাটিৰ পাত্ৰত থোৱা নিৰ্মল পানীৰ ওপৰত তেওঁ এটা চৰাই কাটিব।
51 香柏と牛膝草と紅の線と生鳥を取てこれをその殺せし鳥の血なる活る水に浸し七回家に灑ぐべし
৫১তেওঁ সেই এৰচ কাঠডোখৰ, এচোব বনকোচা, ৰঙা নোমখিনি আৰু জীয়া চৰাইটো এই সকলোকে লৈ, সেই কটা চৰাইৰ তেজত আৰু নিৰ্মল পানীত জুবুৰিয়াই সাতবাৰ ঘৰত ছটিয়াব।
52 斯祭司鳥の血と活る水と生る鳥と香柏と牛膝草と紅の線をもて家を潔め
৫২এইদৰে তেওঁ চৰাইৰ তেজ, নিৰ্মল পানী, জীয়া চৰাই, এৰচ কাঠ, এচোব বন আৰু ৰঙা নোম, এই সকলোৰে দ্বাৰাই সেই ঘৰ শুচি কৰিব।
53 その生る鳥を邑の外の野に縦ちその家のために贖罪をなすべし然せば其は潔くならん
৫৩কিন্তু তেওঁ নগৰৰ বাহিৰত থকা মুকলি পথাৰত সেই জীয়া চৰাইটো উৰুৱাই দিব; এইদৰে তেওঁ ঘৰ প্ৰায়চিত্ত কৰিব; তাতে সেই ঘৰ শুচি হ’ব।
54 是すなはち癩病の諸患處瘡
৫৪এয়ে ছালৰ সকলো প্ৰকাৰ কুষ্ঠ ৰোগৰ চিনৰ নিয়ম যেনে ছালত খজুৱতি ধৰা চুলি দাড়ি সৰা,
55 および衣服と家屋の癩病
৫৫কাপোৰ আৰু ঘৰত হোৱা কুষ্ঠ,
56 ならびに腫と癬と光る處とに關る條例にして
৫৬ছাল উখহি উঠা, চোকোৰা বন্ধা, জিলিকা দাগ।
57 何の日潔きか何の日汚たるかを敎ふる者なり癩病の條例は是のごとし
৫৭এই সকলো কোন সময়ত শুচি আৰু কোন সময়ত অশুচি, সেই বিষয়ে জনোৱাই তাৰ অভিপ্ৰায়; এইয়ে কুষ্ঠৰোগ আৰু কুষ্ঠৰোগৰ দাগৰ নিয়ম।”

< レビ記 14 >