< 士師記 20 >

1 是に於てイスラエルの子孫ダンよりベエルシバにいたりギレアデの地にいたるまで皆出きたり其會衆一人のごとくにしてミヅパに於てヱホバの前に集り
পাছত ইস্ৰায়েলৰ সন্তানসকল একত্রিত হ’ল আৰু তেওঁলোকৰ দানৰ পৰা বেৰ-চেবা পর্যন্ত, আনকি গিলিয়দ চহৰৰ পৰাও আহিছিল। তেওঁলোকে মিস্পাত যিহোৱাৰ সন্মুখত গোট খালে।
2 衆民の長たる者すなはちイスラエルの諸の支派の長等みづから神の民の集會に出づ劍をぬくところの歩兵四十萬人ありき
লোকসকলৰ নেতা অৰ্থাৎ ইস্ৰায়েলৰ আটাই ফৈদবোৰৰ মুখ্যসকল ঈশ্বৰৰ প্ৰজাসকলৰ সেই সমাজত উপস্থিত হ’ল; তাত চাৰি লাখ তৰোৱাল ধৰা পদাতিক লোক আছিল। তেওঁলোক যুদ্ধ কৰিবলৈ সাজু হৈ আছিল।
3 ベニヤミンの子孫はイスラエルの子孫がミヅパにのぼれることを聞り斯てイスラエルの子孫此惡事の樣を語れと言ければ
ইস্ৰায়েলৰ সন্তানসকল মিস্পাত একত্রিত হোৱা কথা শুনি সকলোৱে তাত একত্রিত হ’ল। পাছত ইস্ৰায়েলৰ সন্তানসকলে সুধিলে, “কোৱাচোন এই দুষ্কৰ্ম কেনেকৈ হ’ল?”
4 彼殺されし婦の夫なるレビの人こたへていふ我わが妾とともにベニヤミンのギベアに宿らんとて往たるに
সেই হত হোৱা মহিলাজনীৰ গিৰীয়েক লেবীয়া পুৰুষ জনে উত্তৰ দি ক’লে, “মই আৰু মোৰ উপপত্নী ৰাতি থাকিবৰ কাৰণে বিন্যামীনৰ অধিকাৰত থকা গিবিয়াত সোমাইছিলোঁ।
5 ギベアの人起りたちて我をせめ夜の間に我がをる家をとりかこみて我を殺さんと企て遂にわが妾を辱しめてこれを死しめたれば
তাতেই গিবিয়াৰ পৰিয়ালবোৰে মোৰ বিৰুদ্ধে আহি ৰাতি মোক ঘৰৰ চাৰিওফালে বেৰি ধৰিলে; সিহঁতে মোক বধ কৰিবলৈ চেষ্টা কৰিছিল আৰু সিহঁতে মোৰ উপপত্নীক বলাৎকাৰ কৰাত তাই মৰিল।
6 我わが妾をとらへてこれをたちわり是をイスラエルの產業なる全地に遣れり是は彼らイスラエルにおいて淫事をなし愚なる事をなしたればなり
পাছত মই মোৰ উপপত্নীক ধৰি ডোখৰ ডোখৰ কৰি ইস্ৰায়েলৰ অধিকাৰত থকা দেশৰ সকলো ফালে পঠিয়ালোঁ; কিয়নো সিহঁতে ইস্ৰায়েলৰ মাজত কু-কৰ্ম আৰু অজ্ঞানতাৰ কাৰ্য কৰিলে।
7 汝等は皆イスラエルの子孫なり今汝らの意見と思考をのべよ
এতেকে হে ইস্ৰায়েলৰ সন্তানসকল, এতিয়া তোমালোক সকলোৱেই নিজৰ নিজৰ মতামত কি কোৱা।”
8 民みな一人のごとくに起ていひけるは我らは誰もおのれの天幕にゆかずまた誰もおのれの家におもむかじ
তাতে সকলো মানুহে একগোটহৈ ক’লে, “আমি কোনেও নিজ নিজ তম্বুলৈ নাযাওঁ, নিজ নিজ ঘৰলৈ উলটি নাযাওঁ;
9 我らがギベアになさんところの事は是なりすなはち鬮にしたがひて之を攻ん
কিন্তু এতিয়া আমি গিবিয়া চহৰৰ প্ৰতি কি কৰিম, তাকেই ভাবিছো, চিঠি খেলৰ দ্বাৰাই বুজি পাম যে ঈশ্বৰে তাৰ বিৰুদ্ধে কি কৰিব।
10 我らイスラエルの諸の支派の中に於て百人より十人千人より百人萬人より千人を取りて民の糧食を執せ之をしてベニヤミンのギベアにいたり彼らがイスラエルにおこなひたるその愚なる事にしたがひて事をなさしむべしと
১০আমি বিন্যামীনৰ গিবিয়ালৈ গৈ ইস্ৰায়েলৰ মাজত কৰা আটাই অজ্ঞানতাৰ কাৰ্য অনুসাৰে যেন সিহঁতক প্ৰতিফল দিব পাৰোঁ, ইয়াৰ অর্থে তেওঁলোকে খোৱা বস্তু আনিবলৈ ইস্ৰায়েলৰ ফৈদসকলৰ মাজৰ পৰা এশ লোকলৈ দহজনক আৰু হাজাৰ লোকলৈ এশ জনক আৰু দহ হাজাৰ লোকলৈ এক হাজাৰলোকক আমি লওঁ।”
11 斯イスラエルの人々皆あつまりて此邑を攻んとせしが其相結べること一人のごとくなりき
১১এইদৰে ইস্ৰায়েলৰ সৈন্যসকলে একগোট হ’ল আৰু সেই নগৰখনৰ বিপক্ষে এক উদ্দেশ্যেৰেই গোট খালে।
12 イスラエルの諸の支派遍く人をベニヤミンの支派の中に遣して言しめけるは汝らの中に此惡事のおこなはれしは何事ぞや
১২ইস্ৰায়েলৰ সকলো ফৈদে বিন্যামীন ফৈদৰ সকলো ফালে মানুহ পঠিয়াই এই কথা ক’লে, “তোমালোকৰ মাজত এয়া কি দুষ্কৰ্ম হৈ আছে।
13 然ばギベアにをるかの邪なる人々をわたせ我らこれを誅して惡をイスラエルに絶べしと然るにベニヤミンの子孫はその兄弟なるイスラエルの子孫の言を聽いれざりき
১৩এই কাৰণে তোমালোকে এই গিবিয়ানিবাসী পাষণ্ডবোৰক শোধাই দিয়া; আমি সিহঁতক বধ কৰি ইস্ৰায়েলৰ পৰা দুষ্টতা দূৰ কৰোঁ।” কিন্তু বিন্যামীনৰ সন্তানসকলে নিজ ভাই ইস্ৰায়েলৰ সন্তানসকলৰ কথা শুনিব নুখুজিলে,
14 却てベニヤミンの子孫は邑々よりギベアにあつまりて出てイスラエルの子孫と戰はんとす
১৪বৰং ইস্ৰায়েলৰ সন্তানসকলৰ লগত যুদ্ধৰ অৰ্থে ওলাই বিন্যামীনৰ সন্তানসকলে নগৰৰ পৰা আহি গিবিয়াত গোট খালে।
15 その時邑々より出たるベニヤミンの子孫を數ふるに劍をぬく所の人二萬六千あり外にまたギベアの居民ありて之をかぞふるに精兵七百人ありき
১৫বিন্যামীন বংশৰ লোকসকলে মুঠ ছাব্বিশ হাজাৰ জন সৈন্য পালে। তেওঁলোক যুদ্ধ কৰাৰ বাবে বেচ দক্ষতা থকা সৈন্যিক আছিল আৰু ইয়াৰ বাহিৰেও গিবিয়ানিবাসীৰ পৰা সাতশ নিপুণ সৈন্য পালে।
16 この諸の民の中に左手利の精兵七百人あり皆能く投石器をもて石を投るに毫末もたがふことなし
১৬ইয়াৰ উপৰিও তেওঁলোকে সাতশ প্রশিক্ষণপ্রাপ্ত সৈন্য পাইছিল। এইলোক সকল বাওঁহতীয়া আছিল; তেওঁলোকৰ প্ৰতিজনে এডাল চুলি লৈ ফিঙ্গাৰ শিল মাৰিছিল আৰু তেওঁলোকৰ লক্ষ্যভ্রষ্ট হোৱা নাছিল।
17 イスラエルの人を數ふるにベニヤミンを除きて劍をぬくところの者四十萬人ありき是みな軍人なり
১৭বিন্যামীনৰ বাহিৰে ইস্ৰায়েলৰ তৰোৱাল ধৰা লোক লেখত চাৰি লাখ হ’ল, সেই সকলো লোক যুদ্ধাৰু আছিল। তেওঁলোক প্রশিক্ষণ প্রাপ্ত আছিল।
18 爰にイスラエルの子孫起あがりてベテルにのぼり神に問て我等の中孰か最初にのぼりてベニヤミンの子孫と戰ふべきやと言ふにヱホバ、ユダ最初にと言たまふ
১৮পাছত ইস্ৰায়েলৰ সন্তানসকলে ওলাই বৈৎএললৈ গৈ ঈশ্বৰক সুধিলে, “কোন বংশৰ লোক সকলোতকৈ আগেয়ে বিন্যামীনৰ সন্তানসকলৰ সৈতে যুদ্ধ কৰিবলৈ ওলাই যাব?” তাতে যিহোৱাই ক’লে, “প্ৰথমে যিহূদাৰ বংশৰ লোকসকলে আক্রমণ কৰিব।”
19 イスラエルの子孫すなはち朝おきてギベアにむかひて陣をとりけるが
১৯পাছদিনা পুৱাতে ইস্ৰায়েলৰ সন্তানসকলে উঠি গিবিয়াৰ বিৰুদ্ধে ছাউনি পাতিলে।
20 イスラエルの人々ベニヤミンと戰はんとて出でゆきイスラエルの人々行伍をたててギベアにて彼らと戰はんとしければ
২০আৰু ইস্ৰায়েলৰ সৈন্যসকলে বিন্যামীনেৰে সৈতে যুদ্ধ কৰিবলৈ ওলাই গৈ, গিবিয়াৰ ওচৰত সিহঁতৰ বিৰুদ্ধে সৈন্যৰ চাউনি পাতিলে;
21 ベニヤミンの子孫ギベアより進みいで其日イスラエル人二萬二千を地に撃仆せり
২১তাতে বিন্যামীনৰ সৈন্যসকলে গিবিয়াৰ পৰা ওলাই আহিল আৰু সেইদিনা ইস্ৰায়েলৰ মাজৰ বাইশ হাজাৰলোকক সংহাৰ কৰিলে।
22 然るにイスラエルの民の人々みづから奮ひその初の日に行伍をたてし所にまた行伍をたてたり
২২পাছত ইস্ৰায়েলৰ সৈন্যসকল তেওঁলোকতকৈও বেছি শক্তিশালী আছিল, তেওঁলোকে প্ৰথম দিনা যি ঠাইত সৈন্যৰ বেহু পাতিছিল আকৌ সেই ঠাইতে বেহু পাতিলে।
23 而してイスラエルの子孫上りゆきてヱホバの前に夕暮まで哭きヱホバに問て言ふ我復進みよりて吾兄弟なるベニヤミンの子孫とたたかふべきやとヱホバ彼に攻のぼれと言たまへり
২৩ইস্ৰায়েলৰ সন্তানসকলে উঠি গৈ সন্ধিয়ালৈকে যিহোৱাৰ ওচৰত ক্ৰন্দন কৰিলে আৰু যিহোৱাক সুধিলে, “আমি নিজ ভাই বিন্যামীনৰ সন্তানসকলৰ লগত যুদ্ধ কৰিবলৈ পূণৰ যাম নে?” তাতে যিহোৱাই কলে, “তেওঁলোকক আক্ৰমণ কৰা!”
24 是に於てイスラエルの子孫次の日またベニヤミンの子孫の所に攻よするに
২৪এইবাৰ ইস্ৰায়েলৰ সৈন্যসকল বিন্যামীনৰ সৈন্যসকলৰ ওচৰ আহি পালে। এইদিনটো আছিল যুদ্ধৰ দ্বিতীয় দিন।
25 ベニヤミンまた次の日ギベアより進みて之にいであい再びイスラエルの子孫一萬八千人を地に撃仆せり是みな劍をぬくところの者なりき
২৫বিন্যামীনৰ সৈন্যসকলে গিবিয়াৰ পৰা ওলাই আহি দ্বিতীয় দিনা পুনৰাই ইস্ৰায়েলৰ সৈন্যসকলক আক্রমণ কৰি ওঠৰ হাজাৰ লোকক হত্যা কৰিলে; এই সকলো ইস্ৰায়েলী সৈন্যসকল প্ৰশিক্ষণ প্ৰাপ্ত আছিল।
26 斯在しかばイスラエルの子孫と民みな上りてベテルにいたりて哭き其處にてヱホバの前に坐りその日の夕暮まで食を斷ち燔祭と酬恩祭をヱホバの前に獻げ
২৬তেতিয়া ইস্ৰায়েলৰ সকলো সৈন্য আৰু আটাই লোকসকলে বৈৎএললৈ উঠি গ’ল আৰু সেই ঠাইতে যিহোৱাৰ সাক্ষাতে ক্ৰন্দন কৰি বহি থাকিল। সেই দিনা সন্ধিয়ালৈকে লঘোনে থাকিল আৰু যিহোৱাৰ সাক্ষাতে হোম আৰু শান্তিৰ বলি উৎসৰ্গ কৰিলে।
27 而してイスラエルの子孫ヱホバにとへり(その頃は神の契約の櫃彼處にありて
২৭ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাক সুধিলে, কিয়নো সেই সময়ত ইস্ৰায়েলৰ নিয়ম-চন্দুক সেই ঠাইত আছিল,
28 アロンの子エレアザルの子なるピネハス當時これに事へたり)即ち言けるは我またも出てわが兄弟なるベニヤミンの子孫とたたかふべきや或は息べきやヱホバ言たまふ上れよ明日はわれ汝の手にかれらを付すべしと
২৮আৰু সেই কালত হাৰোণৰ নাতিয়েক ইলিয়াজৰৰ পুত্ৰ পীনহচে তাৰ আগত পৰিচৰ্যা কৰি আছিল। তাতে তেওঁলোকে ক’লে “আমি নিজ ভাই বিন্যামীনৰ সন্তানসকলৰ লগত যুদ্ধ কৰিবলৈ আকৌ যাম নে, বা ক্ষান্ত হম?” তাতে যিহোৱাই ক’লে, “আক্রমণ কৰা, কিয়নো কাইলৈ মই তোমালোকৰ হাতত সিহঁতক শোধাই দিম।”
29 イスラエル是に於てギベアの周圍に伏兵を置き
২৯পাছত ইস্ৰায়েলৰ সন্তানসকলে চাৰিওফালে গোপন ঠাইত গিবিয়াৰ বিৰুদ্ধে মানুহ লুকুৱাই ৰাখিলে।
30 而してイスラエルの子孫三日目にまたベニヤミンの子孫の所に攻のぼり前のごとくにギベアにむかひて行伍をたてたれば
৩০পাছত তৃতীয় দিনা ইস্ৰায়েলৰ সৈন্যসকলে বিন্যামীনৰ সৈন্যসকলৰ বিৰুদ্ধে উঠি গৈ আগৰ দৰে গিবিয়াৰ বিৰুদ্ধে সৈন্যৰ বেহু পাতিলে।
31 ベニヤミンの子孫民に出あひしが遂に邑より誘出されたり彼等始は民を撃ち大路にて前のごとくイスラエルの人三十人許を殺せりその大路は一筋はベテルにいたり一筋は野のギベアに至る
৩১তেতিয়া বিন্যামীনৰ সন্তানসকলে গিবিয়াৰ পৰা ওলাই আহি ইস্রায়েলীসকলৰ বিৰুদ্ধে যুজ কৰিবলৈ আহিল আৰু তেওঁলোকক ওচৰৰ পৰা দূৰলৈ লৈ যোৱা হ’ল। আৰু তেওঁলোকে আগৰ দৰে লোকসকলৰ মাজত প্ৰহাৰ কৰি বৈৎএললৈ যোৱা আৰু পথাৰৰ মাজেদি গিবিয়ালৈ যোৱা এই দুই ৰাজ বাটত ইস্ৰায়েলৰ মাজৰ ত্ৰিশজন মান লোকক বধ কৰিলে।
32 ベニヤミンの子孫すなはち言ふ彼らは初のごとく我らに撃破らると然るにイスラエルの人は云ふ我等逃て彼らを邑より大路に誘き出さんと
৩২তেতিয়া বিন্যামীনৰ সন্তানসকলে ক’লে, “তেওঁলোক পৰাজিতহৈ যিমান সোনকালে পাৰে তাৰ পৰা পলাই গ’ল।” কিন্তু ইস্ৰায়েলৰ সৈন্যসকলে ক’লে, “আহাঁ আমি দৌৰি গৈ তেওঁলোকক নগৰৰ পৰা ধৰি ৰাজবাটলৈ লৈ আহোঁ।”
33 イスラエルの人々みなその所を起て去りバアルタマルに行伍をたてたり而して伏兵その處より即ちギベアの野原より起れり
৩৩এই কাৰণে ইস্ৰায়েলৰ সৈন্যসকলে নিজ নিজ ঠাইৰ পৰা ওলাই গৈ বালতামৰত সৈন্যৰ বেহু পাতিলে; আৰু ইয়াৰ ভিতৰতে ইস্ৰায়েলৰ লুকাই থকা সৈন্যসকলে গোপণ ঠাইৰ পৰা দৌৰি ওলাই আহি মাৰেই গিবিয়া আক্রমণ কৰিলে।
34 イスラエルの全軍の中より選拔たる兵一萬來りてギベアを襲ひ其戰鬪はげしかりしがベニヤミン人は葘害の己にのぞむを知ざりき
৩৪তেওঁলোক গিবিয়ালৈ ওলাই আহিল আৰু গোটেই ইস্ৰায়েলৰ মাজত মনোনীত হোৱা দহ হাজাৰ লোকৰ ঘোৰ যুদ্ধ হ’ল; কিন্তু বিন্যামীনৰ লোকসকলে নাজানিলে যে, শেষত দুর্যোগ ঘটি তেওঁলোকৰ কি হ’ব।
35 ヱホバ、イスラエルのまへにベニヤミンを撃敗りたまひしかばイスラエルの子孫その日ベニヤミン人二萬五千一百人を殺せり是みな劍をぬくところの者なり
৩৫যিদিনা যিহোৱাই ইস্ৰায়েলৰ সৈন্যসকলক ব্যৱহাৰ কৰি বিন্যামীনৰ সৈন্যসকলক পৰাজিত কৰিলে, সেইদিনা ইস্ৰায়েলৰ সন্তানসকলে বিন্যামীনৰ পঁচিশ হাজাৰ সৈন্যক বধ কৰিলে। এই লোকসকল তৰোৱাল ধৰাত পাকৈত প্রশিক্ষণ প্রাপ্ত সৈনিক আছিল।
36 ベニヤミンの子孫すなはち己の撃敗らるるを見たり偖イスラエルの人々そのギベアにむかひて設たる所の伏兵を恃てベニヤミン人を避て退きけるが
৩৬এইবাৰ বিন্যামীনে দেখা পালে যে, তেওঁৰ সৈন্যসকল পৰাজিত হ’ল আৰু ইস্ৰায়েলৰ লোকসকলো বিন্যামীনৰ পৰা পিছুৱাই গৈছিল; তেওঁলোক পিছুৱাই যোৱাৰ কাৰণ আছিল, তেওঁলোকে হঠাৎ গিবিয়াৰ বিৰুদ্ধে আক্রমণ কৰাৰ কৌশল। এইদৰে গিবিয়াৰ ওচৰৰ এটুকুৰা ঠাইত তেওঁলোক লুকাই থাকিল।
37 伏兵急ぎてギベアに突いり伏兵進みて刃をもて邑を盡く撃り
৩৭পাছত সেই লুকাই থকা লোকসকলে গিবিয়া নগৰত জপিয়াই পৰিল আৰু গিবিয়া আক্ৰমণ কৰি তৰোৱালৰ ধাৰেৰে প্রত্যেককে সংহাৰ কৰিলে।
38 イスラエルの人々とその伏兵との間に定めたる合圖は邑より大なる黑烟をあげんとの事なりき
৩৮সেই লুকাই থকা সৈন্যসকলে ইস্ৰায়েলী লোকসকলৰ সৈতে এটা সংকেত বা চিন স্থিৰ কৰিছিল যে, যেতিয়া নগৰৰ পৰা মেঘ-স্তম্ভৰ দৰে বৰকৈ ধোঁৱা উৎপন্ন হ’ব, তেতিয়া সেই সংকেত চাই আটাইয়ে নগৰৰ বাহিৰলৈ ওলাই আহিব।
39 イスラエルの人々戰陣より引き退ぞくベニヤミン初が程はイスラエルの人々を撃ちて三千人許を殺し乃ち言ふ彼等はまことに最初の戰のごとく我等に撃やぶらると
৩৯এতেকে ইস্ৰায়েলৰ সৈন্যসকলে ঘূৰি যুদ্ধ কৰিবলৈ ধৰিলে, বিন্যামীনে তেওঁলোকৰ মাজত প্ৰহাৰ কৰি প্ৰায় ত্ৰিশজন মানুহক বধ কৰিলে; কিয়নো সিহঁতে কৈছিল, “প্ৰথম যুদ্ধৰ নিচিনাকৈ ইহঁত আমাৰ আগত নিশ্চয়কৈ পৰাজিত হ’ব।”
40 然るに火焔烟の柱なして邑より上りはじめしかばベニヤミン人後を見かへりしに邑は皆烟となりて空にのぼる
৪০কিন্তু যেতিয়া নগৰৰ পৰা স্তম্ভৰ আকৃতিৰে ধোঁৱা উঠিবলৈ ধৰিলে, তেতিয়া বিন্যামীন ফৈদৰ লোকসকলে পাছলৈ চাই দেখিলে যে, গোটেই নগৰ ধোঁৱাময় হৈ আকাশলৈ উঠি গৈছে।
41 時にイスラエルの人々ふりかへりしかばベニヤミンの人々葘害のおのれに迫るを見て狼狽へ
৪১তেতিয়া ইস্ৰায়েলৰ সৈন্যসকলেও তেওঁলোকৰ ফালে মুখ ঘূৰালে, ইয়াকে দেখি বিন্যামীনৰ লোকসকল অতিশয় আতংকিত হ’ল, তেওঁলোকে দেখিলে যে তেওঁলোকলৈ দুর্যোগ নামি আহিছে।
42 イスラエルの人々の前より身をめぐらして野の途におもむきけるが戰鬪これに追せまりて遂にその邑々よりいでたる者どもその中に戰死す
৪২সেয়ে তেওঁলোকে ইস্ৰায়েলৰ সৈন্যসকলৰ সন্মুখেৰে নগৈ অৰণ্যৰ বাটেদি যাবৰ বাবে পিঠি দি উভতি গ’ল; কিন্তু তেওঁলোকক যুদ্ধই পাছ নেৰিলে। তেওঁলোকক নগৰৰ পৰা ওলাই অহা ইস্রায়েলৰ সৈন্যসকলে বাটৰ মাজতে বধ কৰিলে।
43 イスラエルの人すなはちベニヤミン人をとりまきて之を追うち容易くこれを踏たふして東の方ギベアの對面にまでおよべり
৪৩তেওঁলোকে বিন্যামীনীয়াহঁতক চাৰিওফালে বেৰি ধৰি নোহালৈ খেদি নিলে, তেওঁলোকক জিৰণি লবলৈ নিদি গিবিয়াৰ পূব ফালে থকা সূৰ্য উদয়ৰ দিশত তেওঁলোকক বধ কৰিলে।
44 ベニヤミンの仆るる者一萬八千人是みな勇士なり
৪৪তাতে বিন্যামীনীয়াহঁতৰ ওঠৰ হাজাৰ সাহসী ও শক্তিশালী সৈন্য নিহত হ’ল।
45 茲に彼等身をめぐらして野の方ににげリンモンの磐にいたれりイスラエルの人大路にて彼等五千人を伐とり尚もこれを追うちてギドムにいたりその二千人を殺せり
৪৫পাছত অৱশিষ্ট লোকসকল অৰণ্যৰ ফালে ৰিম্মোনৰ শিললৈ পলাবলৈ ধৰাত, সিহঁতৰ অৱশিষ্ট লোকৰ মাজত আন পাঁচ হাজাৰ লোকক তেওঁলোকে ৰাজ আলিত বধ কৰিলে; আৰু সিহঁতৰ পাছে পাছে গিদোমলৈকে খেদি গৈ, সিহঁতৰ পুনৰ দুই হাজাৰ লোকক বধ কৰিলে।
46 是をもて其日ベニヤミンの仆れし者は劍をぬくところの人あはせて二萬五千なりき是みな勇士なり
৪৬এইদৰে সেইদিনা বিন্যামীনীয়হঁতৰ মাজৰ সৰ্ব্বমুঠ তৰোৱাললৈ যুদ্ধ কৰা পঁচিশ হাজাৰ সৈন্য নিহত হ’ল, তেওঁলোক সকলোৱেই যুদ্ধত বীৰ পুৰুষ আছিল।
47 但六百人の者身をめぐらして野の方にのがれリンモンの磐にいたりて四月があひだリンモンの磐にをる
৪৭কিন্তু ছশ লোকে ঘূৰি অৰণ্যৰ ৰিম্মোন শিললৈ পলাই গ’ল আৰু সেই ৰিম্মোন শিলত চাৰি মাহ থাকিল।
48 是に於てイスラエルの人々また身をかへしてベニヤミンの子孫をせめ刃をもて邑の人より畜にいたるまで凡て目にあたる者を撃ち亦その至るところの邑々に火をかけたり
৪৮ইস্ৰায়েলৰ সৈন্যসকল বিন্যামীনৰ লোকসকলৰ ওচৰলৈ পুনৰায় ঘূৰি আহি নগৰত থকা আটাই মানুহ আৰু পশু আদি যি যি পালে, সেই সকলোকে তৰোৱালৰ ধাৰেৰে আঘাত কৰিলে; আৰু যিমান নগৰ পোৱা গ’ল, সেই সকলোকে জুই দি পুৰি ভষ্ম কৰিলে।

< 士師記 20 >