< ヨシュア記 9 >

1 茲にヨルダンの彼旁において山地平地レバノンに對へる大海の濱邊に居る諸の王すなはちヘテ人アモリ人カナン人ペリジ人ヒビ人ヱブス人たる者どもこれな聞て
যৰ্দ্দনৰ সিপাৰে থকা ৰজাসকলে, পৰ্ব্বতীয়া অঞ্চলত আৰু নিন্মভূমিত বসতি কৰা আৰু লিবানোনৰ সন্মুখলৈকে মহাসমুদ্ৰৰ গোটেই পাৰত বসতি কৰা হিত্তীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া আৰু যিবুচীয়াৰ ৰজাসকলে এই কথা শুনি,
2 心を同うし相集まりてヨシユアおよびイスラエルと戰はんとす
সকলোৱে একে লগ হৈ যিহোচূৱা আৰু ইস্ৰায়েলৰ লগত যুদ্ধ কৰিবলৈ গোট খালে।
3 然るにギベオンの民ヨシユアがヱリコとアイとに爲たりし事を聞しかば
কিন্তু যিৰীহো আৰু অয়লৈ যিহোচূৱাই কৰা কাৰ্যবোৰৰ কথা যেতিয়া গিবিয়োনীয়াসকলে শুনিলে,
4 己も詭計をめぐらして使者の状にいでたち古き袋および古び破れたるを結びとめたる酒の革嚢を驢馬に負せ
তেতিয়া তেওঁলোকে চল কৰিলে৷ তেওঁলোকে ৰজাৰ কটকীৰ বেশ ধৰি, নিজ নিজ গাধবোৰৰ ওপৰত পুৰণি থৈলা আৰু দ্ৰাক্ষাৰস ৰখা পুৰণি ফটা-চিটা আৰু গাঠি দিয়া ছালৰ মোটবোৰ বোজাই দিলে।
5 補ひたる古履を足にはき古衣を身にまとひ來れり其糧のパンは凡て乾きかつ黴てありき
আৰু ভৰিত টাপলি মৰা পুৰণি জোতা, গাত পুৰণি কাপোৰ পিন্ধিলে আৰু তেওঁলোকে বাটৰ কাৰণে লোৱা আটাই পিঠা শুকান আৰু ভেঁকুৰা লগা আছিল।
6 彼等ギルガルの陣營に來りてヨシユアの許にいたり彼とイスラエルの人々に言ふ我らは遠き國より來れり然ば今われらと契約を結べと
পাছত তেওঁলোকে গিলগলৰ ছাউনিত থকা যিহোচূৱাৰ ওচৰলৈ গৈ, তেওঁক আৰু ইস্ৰায়েলৰ লোকসকলক ক’লে, “আমি দূৰ দেশৰ পৰা আহিছোঁ; এতেকে আপোনালোকে এতিয়া আমাৰে সৈতে এটি নিয়ম স্থিৰ কৰক।”
7 イスラエルの人々ヒビ人に言けるは汝らは我等の中に住をるならんも計られねば我ら爭か汝らと契約を結ぶことを得んと
তেতিয়া ইস্ৰায়েলৰ লোকসকলে সেই হিব্বীয়াসকলক ক’লে, “হয়তো আপোনালোক আমাৰ ওচৰতে বাস কৰে৷ সেয়ে হ’লে আমি আপোনালোকৰ সৈতে কেনেকৈ নিয়ম স্থিৰ কৰিব পাৰোঁ?”
8 彼ら又ヨシユアにむかひて我らは汝の僕なりと言ければヨシユアかれらに汝らは何人にして何處より來りしやと問しに
তেওঁলোকে যিহোচূৱাক ক’লে, “আমি আপোনাৰ দাস।” তেতিয়া যিহোচূৱাই ক’লে, “আপোনালোক কোন? আৰু আপোনালোকে ক’ৰ পৰা আহিছে?”
9 彼らヨシユアに言けるは僕等は汝の神ヱホバの名の故によりて遥に遠き國より來れり其は我ら彼の聲譽および彼がエジプトにて行ひたりし一切の事を聞き
তেওঁলোকে তেওঁক ক’লে, “আপোনাৰ ঈশ্বৰ যিহোৱাৰ নাম শুনি আপোনাৰ দাসবোৰে বহুত দূৰ দেশৰ পৰা আহিছোঁ৷ কিয়নো তেওঁৰ যশস্যা আৰু মিচৰ দেশত কৰা তেওঁৰ সকলো কৰ্ম,
10 また彼がヨルダンの彼旁にをりしアモリ人の二箇の王すなはちヘシボンの王シホンおよびアシタロテにをりしバシヤンの王オグに爲たりし一切の事を聞たればなり
১০আৰু যৰ্দ্দনৰ সিপাৰে থকা ইমোৰীয়া ৰজা দুজনলৈ অৰ্থাৎ হিচবোনৰ ৰজা চীহোনলৈ আৰু অষ্টাৰোতত থকা বাচানৰ ৰজা ওগলৈ তেওঁ কৰা সকলো কাৰ্যৰ কথা আমি শুনিলোঁ।
11 是をもて我らの長老および我らの國に住をるものみなわれらに告て言り汝ら旅路の糧を手に携さへ往てかれらを迎へて彼らに言へ我らは汝らの僕なり請ふ我らと契約を結べと
১১আমাৰ বৃদ্ধ আৰু দেশ-নিবাসী সকলো লোকে আমাক ক’লে, ‘তোমালোকে হাতত বাটৰ সমল লোৱা আৰু তেওঁলোকৰে সৈতে সাক্ষাৎ কৰিবলৈ গৈ, তেওঁলোকক এই কথা কোৱাগৈ, ‘আমি আপোনালোকৰ দাস। আমাৰে সৈতে এটি নিয়ম স্থিৰ কৰক’।
12 我らの此パンは汝らの所に來らんとて出たちし日に我ら家々より其なほ温煖なるをとり備へしなるが視よ今は已に乾きて黴たり
১২আমি আপোনালোকৰ ওচৰলৈ যাত্ৰা কৰিবলৈ ওলোৱাৰ দিনাখন, বাটৰ অৰ্থে আমাৰ এই পিঠা ঘৰৰ পৰা লওঁতে তপত আছিল, কিন্তু চাওঁক, এতিয়া এইবোৰ শুকাল আৰু এইবোৰত ভেঁকুৰ ধৰিলে।
13 また酒をみたせるこれらの革嚢も新しかりしが破るるに至り我らのこの衣服も履も旅路の甚だ長きによりて古びぬと
১৩আমি যেতিয়া এই মোটবোৰত দ্ৰাক্ষাৰস ভৰাইছিলোঁ, তেতিয়া এই মোটবোৰ নতুন আছিল, কিন্তু চাওঁক, এতিয়া এইবোৰ ফাটিল৷ আমাৰ এই কাপোৰ আৰু জোতাবোৰ অতি দূৰ বাট ভ্ৰমণ কৰাৰ বাবে পুৰণি হৈ গ’ল’।”
14 然るに人々は彼らの糧を取りヱホバの口を問ことをせざりき
১৪তেতিয়া ইস্রায়েলী লোকসকলে সকলে নেতৃত্বৰ বাবে যিহোৱাৰ কি ইচ্ছা, সেই বিষয়ে নুসুধি, তেওঁলোকৰ খোৱা বস্তু কিছু ল’লে।
15 ヨシユアすなはち彼らと好を爲し彼らを生しおかんといふ契約を結び會中の長等かれらに誓ひたりしが
১৫আৰু যিহোচূৱাই তেওঁলোকৰে সৈতে সন্ধি স্থাপন কৰি তেওঁলোকে যেন জীয়াই থাকে, এনে নিয়ম কৰিলে আৰু লোক সকলৰ অধ্যক্ষ সকলে তেওঁলোকৰ আগত শপত খালে।
16 その彼らと契約を結びてより三日を經て後かれらは己に近き人にして己の中に住をる者なりと聞り
১৬এইদৰে তেওঁলোকৰে সৈতে নিয়ম স্থাপন কৰাৰ তিনিদিনৰ পাছত, তেওঁলোক যে তেওঁলোকৰ ওচৰত থকা লোক হয় আৰু তেওঁলোকৰ মাজতে বাস কৰি আছে, সেই বিষয়ে তেওঁলোকে শুনিবলৈ পালে।
17 イスラエルの子孫やがて進みて第三日に彼らの邑々に至れり其邑はギベオン、ケピラ、ベエロテおよびキリアテヤリムなり
১৭ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰি তৃতীয় দিনা তেওঁলোকৰ নগৰবোৰৰ ওচৰ পালে৷ তেওঁলোকৰ নগৰবোৰৰ নাম গিবিয়োন, কফীৰা, বেৰোৎ আৰু কিৰিয়ৎ-যিয়াৰীম আছিল।
18 然れども會中の長等イスラエルの神ヱホバを指て彼らに誓ひたりしをもてイスラエルの子孫これを攻撃ざりき是をもて會衆みな長等にむかひて呟けり
১৮ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক বধ নকৰিলে কাৰণ অধ্যক্ষসকলে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামেৰে তেওঁলোকৰ আগত শপত খাইছিল। ইস্ৰায়েলী লোকসকলে অধ্যক্ষসকলৰ অহিতে ওজৰ-আপত্তি কৰিবলৈ ধৰিলে।
19 然ど長等は凡て全會衆に言ふ我らイスラエルの神ヱホバを指て彼らに誓へり然ば今彼らに觸べからず
১৯কিন্তু অধ্যক্ষসকলে লোকসকলক ক’লে, “আমি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামেৰে তেওঁলোকৰ সম্বন্ধে শপত খালোঁ; এই কাৰণে আমি এতিয়া তেওঁলোকৰ অপকাৰ কৰিব নোৱাৰোঁ।
20 我ら斯かれらに爲て彼らを生しおかん然すれば彼らに誓ひし誓によりて震怒の我らに及ぶことあらじと
২০সেইবাবে আমি তেওঁলোকৰ প্ৰতি এইদৰে কৰিম: আমাৰ প্ৰতি হ’বলগীয়া ক্ৰোধৰ পৰা আঁতৰি থাকিবলৈ আমি তেওঁলোকক জীয়াই ৰাখিম, কাৰণ আমি তেওঁলোকৰ আগত শপত খাইছিলো।”
21 長等また人衆にむかひて彼らを生しおくべしと言ければ彼らは遂に全會衆のために薪を斬り水を汲ことをする者となれり長等の彼等に言たるが如し
২১এতেকে অধ্যক্ষসকলে তেওঁলোকৰ লোকসকলক ক’লে, “তেওঁলোক জীয়াই থাকক।” তেতিয়া তেওঁলোকক অধ্যক্ষসকলে কোৱা বাক্য অনুসাৰে গিবিয়োনসকলে ইস্ৰায়েলী লোকসকলৰ বাবে খৰিকটীয়া আৰু পানী-যোগান ধৰোঁতা হ’ল।
22 ヨシユアすなはち彼らを召よせて彼らに語りて言けるは汝らは我らの中に住をりながら何とて我らは汝らに甚だ遠しと言て我らを誑かししや
২২যিহোচূৱাই তেওঁলোকক মাতি আনি ক’লে, “তোমালোকে আমাৰ মাজতে থাকিও, ‘আমি তোমালোকৰ পৰা বহু দূৰত থাকো’, এইবুলি কৈ কিয় আমাক প্ৰবঞ্চনা কৰিলা?
23 然ば汝らは詛はる汝らは永く奴隸となり皆わが神の室のために薪を斬り水を汲ことをする者となるべしと
২৩এই কাৰণে তোমালোক অভিশপ্ত থ’লো; তোমালোকে মোৰ ঈশ্বৰ যিহোৱাৰ গৃহৰ বাবে খৰিকটীয়া আৰু পানী-যোগান ধৰা বন্দী কামৰ পৰা কেতিয়াও মুক্তি নাপাবা।”
24 彼らヨシユアに應へて言けるは僕等はなんぢの神ヱホバその僕モーセに此地をことごとく汝らに與へ此地の民をことごとく汝らの前より滅ぼし去ことを命ぜしと明白に傳へ聞たれば汝らのために生命の危からんことを太く懼れて斯は爲けるなり
২৪তেতিয়া তেওঁলোকে যিহোচূৱাক উত্তৰ দি ক’লে, “কিয়নো এইদৰে তোমালোকৰ দাস সকলক কোৱা হৈছিল যে, সকলো দেশ তোমালোকক দিবলৈ আৰু দেশৰ সকলো নিবাসীসকলক তোমালোকৰ আগত ধ্বংস কৰিবলৈ তোমালোকৰ ঈশ্ৱৰ যিহোৱাই তেওঁৰ দাস মোচিক আজ্ঞা দিছিল, সেয়েহে তোমালোকৰ প্ৰতি অতিশয় ভয় কৰি আমি এই কাৰ্য কৰিলোঁ।
25 視よ我らは今汝の手の中にあり汝の我らに爲を善とし正當とする所を爲たまへと
২৫এতিয়া চাওঁক, আমি আপোনাৰ হাততে আছোঁ৷ আমাৰ প্ৰতি যি ভাল আৰু ন্যায় যেন আপোনাৰ বোধ হয়, আপুনি তাকেই কৰক।”
26 ヨシユアすなはち其ごとく彼らに爲し彼らをイスラエルの子孫の手より救ひて殺さしめざりき
২৬তাৰ পাছত যিহোচূৱাই গিবিয়নীয়সকলৰ বাবে তাকেই কৰিলে, তেওঁ ইস্ৰায়েলৰ সন্তানসকলৰ হাতৰ পৰা গিবিয়নীয়সকলক ৰক্ষা কৰিলে আৰু তেওঁলোকে সিহঁতক বধ নকৰিলে।
27 ヨシユアその日かれらをして會衆のためおよびヱホバの壇の爲に其えらびたまふ處において薪を斬り水を汲ことをする者とならしめたりしが今日まで然り
২৭আৰু যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত সমাজৰ আৰু যিহোৱাৰ যজ্ঞবেদীৰ বাবে খৰিকটীয়া আৰু পানী-যোগান ধৰোঁতা হ’বলৈ যিহোচূৱাই সেইদিনা তেওঁলোকক নিযুক্ত কৰিলে আৰু আজিলৈকে তেওঁলোক সেইদৰেই আছে।

< ヨシュア記 9 >