< ヨシュア記 24 >

1 茲にヨシユア、イスラエルの一切の支派をシケムに集めイスラエルの長老首領裁判人官吏などを招きよせて諸共に神の前に進みいで
পাছত যিহোচূৱাই ইস্ৰায়েলৰ সকলো ফৈদক চিখিমত গোট খোৱালে আৰু তেওঁলোকৰ বৃদ্ধ লোকসকলক, অধ্যক্ষসকলক, বিচাৰকৰ্ত্তাসকলক আৰু বিষয়াসকলক মতাই আনিলে, তেতিয়া তেওঁলোকে ঈশ্ৱৰৰ সাক্ষাতে উপস্থিত হ’ল।
2 而してヨシユアすべての民に言けるはイスラヱルの神ヱホバかく言たまふ汝らの遠祖すなはちアブラハムの父たりナホルの父たりしテラのごときは在昔河の彼旁に住て皆他神に事へたりしが
যিহোচূৱাই লোক সকলক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘আগৰ কালত তোমালোকৰ পূর্ব পুৰুষ - অব্ৰাহাম আৰু নাহোৰৰ পিতৃ তেৰহ, ইউফ্ৰেটিচ নদীৰ সিপাৰে বাস কৰিছিল আৰু তেওঁলোকে অন্য দেৱতা বোৰক পূজা কৰিছিল।
3 我なんぢらの先祖アブラハムを河の彼旁より携へ出してカナンの全地を導きてすぎその子孫を増んとして之にイサクを與へたり
পাছত মই তোমালোকৰ আদি পিতৃ অব্ৰাহামক নদীৰ সিপাৰৰ পৰা আনি, কনান দেশৰ সকলো ফালে লৈ ফুৰালোঁ আৰু মই তেওঁৰ পুত্ৰ ইচহাকৰ দ্ৱাৰা তেওঁৰ বংশ বৃদ্ধি কৰিলোঁ৷
4 而してイサクにヤコブとエサウを與へエサウにセイル山を與へて獲させたりまたヤコブとその子等はエジプトに下れり
আৰু ইচহাকলৈ মই যাকোব আৰু এচৌক দিলোঁ৷ এচৌৰ অধিকাৰৰ অৰ্থে মই তেওঁক চেয়ীৰ পৰ্ব্বত দিলোঁ, কিন্তু যাকোব আৰু তেওঁৰ সন্তান সকল হ’লে মিচৰলৈ নামি গ’ল।
5 我モーセおよびアロンを遣はしまた災禍をエジプトに降せり我がその中に爲たる所の事のごとし而して後われ汝らを導びき出せり
তাৰ পাছত মই মোচি আৰু হাৰোণক পঠিয়ালোঁ আৰু মিচৰৰ লোক সকলৰ ওপৰত কৰা মোৰ কাৰ্যৰ দ্বাৰাই তেওঁলোকলৈ মহা আপদ ঘটালোঁ৷ তাৰ পাছত মই তোমালোকক উলিয়াই আনিলো।
6 我なんぢらの父をエジプト入り導き出し汝ら海に至りしにエジプト人戰車と騎兵とをもて汝らの後を追て紅海に來りけるが
মই মিচৰৰ পৰা তোমালোকৰ পূর্ব পুৰুষ সকলক উলিয়াই অানিলো আৰু তোমালোকৰ সেই পুৰুষসকল আহি সমুদ্ৰ পালে; তেতিয়া মিচৰীয়া লোক সকলে ৰথ আৰু অশ্বাৰোহী সৈন্য লৈ, চূফ সাগৰলৈকে তোমালোকৰ পূর্ব পুৰুষ সকলৰ পাছে পাছে খেদি আহিছিল।
7 汝らの父等ヱホバに呼はりければヱホバ黑暗を汝らとエジプト人との間に置き海を彼らの上に傾むけて彼らを淹へり汝らは我がエジプトにて爲たる事を目に觀たり斯て汝らは日ひさしく曠野に住をれり
সেই সময়ত যেতিয়া তোমালোকৰ পূর্ব পুৰুষ সকলে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, তেতিয়া যিহোৱাই মিচৰীয়াসকলৰ আৰু তোমালোকৰ মাজত অন্ধকাৰ স্থাপন কৰিলে৷ তেওঁ তেওঁলোকৰ ওপৰলৈ সমুদ্ৰ আনিলে আৰু তেওঁলোকক ঢাকি পেলালে৷ মই মিচৰত কৰা কাৰ্য তোমালোকে নিজ চকুৰে দেখিলা৷ তাৰ পাছত তোমালোকে বহুকাল মৰুপ্ৰান্তত বাস কৰিলা।
8 我またヨルダンの彼旁にすめるアモリ人の地に汝らを携へいれたり彼ら汝らと戰ひければ我かれらを汝らの手に付しかれらの地をなんぢらに獲しめ彼らを汝らの前より滅ぼし去り
তাৰ পাছত মই তোমালোকক যৰ্দ্দনৰ সিপাৰে থকা ইমোৰীয়া সকলৰ দেশলৈ আনিলোঁ৷ তেওঁলোকে তোমালোকৰে সৈতে যুদ্ধ কৰিলে আৰু মই তোমালোকৰ হাতত তেওঁলোকক সমৰ্পণ কৰিলোঁ৷ পাছত তোমালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিলা; এইদৰে মই তোমালোকৰ আগৰ পৰা তেওঁলোকক বিনষ্ট কৰিলোঁ।
9 時にモアブの王チツポルの子バラク起てイスラエルに敵し人を遣はしてペオルの子バラムを招きて汝らを詛はせんとしたりしが
পাছত চিপ্পোৰৰ পুত্ৰ মোৱাবৰ ৰজা বালাকে উঠি ইস্ৰায়েলক আক্ৰমণ কৰিলে আৰু তোমালোকক শাও দিবৰ কাৰণে মানুহ পঠিয়াই বিয়োৰৰ পুতেক বিলিয়মক মাতিলে।
10 我バラムに聽ことを爲ざりければ彼かへつて汝らを祝せり斯われ汝らを彼の手より拯出せり
১০কিন্তু মই বিলিয়মৰ কথাত মন দিবলৈ সন্মত নহলোঁ৷ তাতে তেওঁ তোমালোকক আশীৰ্ব্বাদহে কৰিলে; এইদৰে মই তেওঁৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিলোঁ।
11 而して汝らヨルダンを濟りてヱリコに至りしにヱリコの人々すなはちアモリ人ペリジ人カナン人ヘテ人ギルガシ人ヒビ人ヱブス人等なんぢらに敵したりしが我かれらを汝らの手に付せり
১১পাছত তোমালোকে যৰ্দ্দন পাৰ হৈ যিৰীহো পালাহি৷ যিৰিহোৰ অধ্যক্ষসকলে ইমোৰীয়া, পৰিজ্জীয়া, কনানীয়া, হিত্তীয়া, গিৰ্গাচীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলৰ সৈতে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷ মই তোমালোকক তেওঁলোকৰ ওপৰত জয়ী হ’বলৈ দিলোঁ আৰু তোমালোকৰ হাতত শোধাই দিলোঁ।
12 われ黄蜂を汝らの前に遣はして彼のアモリ人の王二人を汝らの前より逐はらへり汝らの劍または汝らの弓を用ひて斯せしに非ず
১২মই তোমালোকৰ আগে আগে কোদো পঠালোঁ; তাতে সেই কোদোৱে তোমালোকৰ আগৰ পৰা তেওঁলোকক, বিশেষকৈ ইমোৰীয়াসকলৰ দুজন ৰজাক দূৰ কৰিলে৷ তোমালোকৰ তৰোৱাল বা ধনুৰ দ্বাৰাই তেওঁলোকক দূৰ কৰা হোৱা নাছিল।
13 而して我なんちらが勞せしに非ざる地を汝らに與へ汝らが建たるに非ざる邑を汝らに與へたり汝らは今その中に住をる汝らは亦己が作りたるに非ざる葡萄園と橄欖園とにつきて食ふ
১৩তোমালোকে যিহৰ বাবে শ্ৰম কৰা নাই, এনে এক দেশ আৰু যিহক তোমালোকে স্থাপন কৰা নাই এনে অনেক নগৰ মই তোমালোকক দিলোঁ, তোমালোকে তাৰ মাজত বাস কৰি আছা৷ আৰু যি দ্ৰাক্ষালতা ও জিতগছৰ বাৰী তোমালোকে পতা নাই, এনে বাৰীৰ ফল তোমালোকে ভোগ কৰি আছা।
14 然ば汝らヱホバを畏れ赤心と眞實とをもて之に事へ汝らの先祖が河の彼邊およびエジプトにて事へたる神を除きてヱホバに事へよ
১৪এই হেতুকে এতিয়া তোমালোকে যিহোৱাক ভয় কৰা আৰু সৰল মনেৰে ও সত্যেৰে তেওঁৰ আৰাধনা কৰা; তোমালোকৰ পূৰ্বপুৰুষসকলে নদীৰ সিপাৰে আৰু মিচৰত পূজা কৰা দেৱতাবোৰক দূৰ কৰা আৰু যিহোৱাৰ আৰাধনা কৰা।
15 汝ら若ヱホバに事ふることを惡とせば汝らの先祖が河の彼邊にて事へし神々にもあれ又は汝らが今をる地のアモリ人の神々にもあれ汝らの事ふべき者を今日選べ但し我と我家とは共にヱホバに事へん
১৫যদি যিহোৱাৰ আৰাধনা কৰাত বেয়া লাগিছে, তেন্তে ইউফ্ৰেটিচ নদীৰ সিপাৰে থকা তোমালোকৰ ওপৰ-পিতৃসকলে পূজা কৰা দেৱতাবোৰেই হওঁক বা যিসকলৰ দেশত তোমালোকে বাস কৰিছা, সেই ইমোৰীয়াসকলৰ দেৱতাবোৰেই হওঁক, যাৰ আৰাধনা কৰিবা তাক আজিয়েই মনোনীত কৰা৷ কিন্তু মই আৰু মোৰ পৰিয়ালে হ’লে যিহোৱাৰ আৰাধনা কৰিম।”
16 民こたへて言けるはヱホバを棄て他神に事ふることは我等きはめて爲じ
১৬তেতিয়া লোকসকলে উত্তৰ দি ক’লে, “আমি আন দেৱতাবোৰক পূজা কৰিবৰ বাবে যে যিহোৱাক ত্যাগ কৰিম আমাৰ পৰা এনে কথা দূৰ হওঁক,
17 其は我らの神ヱホバみづから我等と我らの先祖とをエジプトの地奴隸の家より導き上りかつ我らの目の前にかの大なる徴を行ひ我らが往し一切の路にて我らを守りまた我らが其中間を通りし一切の民の中にて我らを守りたまひければなり
১৭কিয়নো যিজনাই আমাক আৰু আমাৰ ওপৰ পিতৃসকলক বন্দীঘৰস্বৰূপ মিচৰ দেশৰ পৰা আনিলে আৰু আমাৰ চকুৰ আগতে সেই মহৎ চিনবোৰ দেখুৱালে আৰু যি বাটেদি আমি আহিলোঁ, সেই গোটেই বাটত আৰু যি জাতিবোৰৰ মাজেদি আমি পাৰ হৈ আহিলোঁ, সেই জাতিবোৰৰ মাজতো আমাক ৰক্ষা কৰিলে, সেই জনাই আমাৰ ঈশ্বৰ যিহোৱা।
18 而してヱホバ此地に住をりしアモリ人などいふ一切の民を我らの前より逐はらひたまへり然ば我らもヱホバに事へん彼は我らの神なればなり
১৮সেই যিহোৱায়েই এই দেশত থকা ইমোৰীয়া আদি কৰি সকলো জাতিক আমাৰ আগৰ পৰা দূৰ কৰিলে৷ এই হেতুকে আমিও যিহোৱাৰেহে আৰাধনা কৰিম, কিয়নো তেৱেঁই আমাৰ ঈশ্বৰ।”
19 ヨシユア民に言けるは汝らはヱホバに事ふること能はざらん其は彼は聖神また妬みたまふ神にして汝らの罪愆を赦したまはざればなり
১৯কিন্তু যিহোচূৱাই লোকসকলক ক’লে, “তোমালোকে যিহোৱাৰ আৰাধনা কৰিব নোৱাৰিবা, কিয়নো তেওঁ পবিত্ৰ ঈশ্বৰ; নিজ মৰ্য্যদা ৰখাত উদ্যোগী ঈশ্বৰ; তেওঁ তোমালোকৰ অধাৰ্মিকতা আৰু পাপসমূহক ক্ষমা নকৰিব।
20 汝ら若ヱホバを棄て他神に事へなば汝らに福祉を降したまへる後にも亦ひるがへりて汝らに災禍を降して汝らを滅ぼしたまはん
২০তোমালোকে যদি যিহোৱাক ত্যাগ কৰি বিজাতীয় দেৱতাক পূজা কৰা, তেন্তে তেওঁ তোমালোকক মঙ্গল কৰাৰ পৰা ঘূৰি, তোমালোকৰ অমঙ্গলহে কৰিব আৰু তোমালোকক সংহাৰ কৰিব।”
21 民ヨシユアに言けるは否我ら必らずヱホバに事ふべしと
২১তেতিয়া লোকসকলে যিহোচূৱাক ক’লে, “নহয়, আমি যিহোৱাৰহে আৰাধনা কৰিম।”
22 ヨシユア民に向ひて汝らはヱホバを選びて之に事へんといへりなんぢら自らその證人たりと言ければ皆我らは證人なりと答ふ
২২তেতিয়া যিহোচূৱাই লোকসকলক ক’লে, “তোমালোকে আৰাধনা কৰিবৰ অৰ্থে যিহোৱাক যে মনোনীত কৰিলা, এই কথাত তোমালোকে নিজৰ বিৰুদ্ধে নিজে সাক্ষী হৈছা।” তেওঁলোকে ক’লে, “হয়, আমি সাক্ষী হৈছোঁ।”
23 ヨシユアまた言り然ば汝らの中にある異なる神を除きてイスラエルの神ヱホバに汝らの心を傾むけよ
২৩তেতিয়া তেওঁ ক’লে, “তেনেহ’লে এতিয়া তোমালোকৰ মাজত থকা বিজাতীয় দেৱতাবোৰ দূৰ কৰা আৰু নিজ নিজ হৃদয়েৰে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰি অাহাঁ।”
24 民ヨシユアに言けるは我らの神ヱホバに我らは事へ其聲に我らは聽したがふべしと
২৪লোকসকলে যিহোচূৱাক ক’লে, “আমি ঈশ্বৰ যিহোৱাৰেই আৰাধনা কৰিম আৰু তেওঁৰেই বাক্যলৈ কাণ দিম।”
25 ヨシユアすなはち其日民と契約を結びシケムにおいて法度と定規とを彼らのために設けたり
২৫এই দৰে যিহোচূৱাই সেইদিনা লোকসকলৰে সৈতে এটি নিয়ম স্থিৰ কৰিলে৷ তেওঁ চিখিমত তেওঁলোকৰ বাবে এক বিধি আৰু শাসন প্ৰণালী স্থাপন কৰিলে।
26 ヨシユアこれらの言を神の律法の書に書しるし大なる石をとり彼處にてヱホバの聖所の傍なる樫の樹の下に之を立て
২৬তেতিয়া যিহোচূৱাই সেই সকলো কথা ঈশ্বৰৰ বিধান-পুস্তকখনিত লিখি হ’ল আৰু এটা ডাঙৰ শিল লৈ, যিহোৱাৰ ধৰ্মধামৰ ওচৰত থকা এৰা গছৰ তলত স্থাপন কৰিলে।
27 而してヨシユア一切の民に言けるは視よ此石われらの證となるべし是はヱホバの我らに語りたまひし言をことごとく聞たればなり然ば汝らが己の神を棄ること無らんために此石なんぢらの證となるべしと
২৭পাছত যিহোচূৱাই লোকসকলক ক’লে, “চোৱা, এই শিলে আমাৰ অহিতে সাক্ষী হ’ব৷ কিয়নো আমাৰ আগত যিহোৱাই কোৱা সকলো কথা ই শুনিলে৷ এই হেতুকে তোমালোকে তোমালোকৰ ঈশ্বৰক আসৈ নকৰিবৰ বাবে এইয়ে তোমালোকৰ অহিতে সাক্ষী হ’ব।”
28 かくてヨシユア民を各々その產業に歸しさらしめたりき
২৮তাৰ পাছত যিহোচূৱাই লোকসকলক নিজ নিজ উত্তৰাধিকাৰলৈ বিদায় দিলে।
29 是らの事の後ヱホバの僕ヌンの子ヨシユア百十歳にして死り
২৯এই সকলো ঘটনাৰ পাছত, যিহোৱাৰ দাস নুনৰ পুত্ৰ যিহোচূৱাৰ এশ দহ বছৰত মৃত্যু হ’ল।
30 人衆これをその產業の地の内にてテムナテセラに葬むれりテムナテセラはエフライムの山地にてガアシ山の北にあり
৩০তেতিয়া লোকসকলে গাচ পৰ্ব্বতৰ উত্তৰফালে, ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত থকা তিম্নৎ-চেৰহত তেওঁৰ নিজৰ উত্তৰাধিকাৰৰ সীমাৰ ভিতৰত তেওঁক মৈদাম দিলে।
31 イスラエルはヨシユアの世にある日の間またヱホバがイスラエルのために行ひたまひし諸の事を識ゐてヨシユアの後に生存れる長老等の世にある日の間つねにヱホバに事へたり
৩১যিহোচূৱাৰ আয়ুসৰ সকলো কালত আৰু যি বৃদ্ধ লোকসকল যিহোচূৱাৰ মৃত্যুৰ পাছত জীয়াই আছিল আৰু ইস্ৰায়েলৰ বাবে যিহোৱাই কৰা সকলো কৰ্ম জানিছিল, তেওঁলোক জীয়াই থকালৈকে ইস্ৰায়েলে যিহোৱাৰ আৰাধনা কৰি আছিল।
32 イスラエルの子孫のエジプトより携さへ上りしヨセフの骨を昔ヤコブが銀百枚をもてシケムの父ハモルの子等より買たりしシケムの中なる一の地に葬れり是はヨセフの子孫の產業となりぬ
৩২ইস্ৰায়েলৰ সন্তান সকলে মিচৰ দেশৰ পৰা অনা যোচেফৰ অস্থিবোৰ চিখিমত এডোখৰ মাটিত মৈদাম দিলে, যি মাটি যাকোবে চিখিমৰ বাপেক হমোৰৰ পুতেকহঁতৰ পৰা এশ ৰূপ দি কিনি লৈছিল; আৰু সেয়ে যোচেফৰ সন্তান সকলৰ উত্তৰাধিকাৰ হ’ল।
33 アロンの子エレアザルもまた死り人衆これを其子ピネハスがエフライムの山地にて受たりし岡に葬れり
৩৩তাৰ পাছত হাৰোণৰ পুত্ৰ ইলিয়াজৰৰো মৃত্যু হ’ল৷ তাত লোকসকলে ইফ্ৰয়িমৰ পৰ্ব্বতীয়া অঞ্চলত তেওঁৰ পুত্ৰ পীনহচক দিয়া গিবিয়াত তেওঁক মৈদাম দিলে।

< ヨシュア記 24 >