< ヨシュア記 20 >

1 茲にヱホバ、ヨシユアに告て言たまひけるは
তেতিয়া যিহোৱাই যিহোচূৱাক ক’লে,
2 汝イスラエルの子孫に告て言へ汝等モーセによりて我が汝らに語りおきし逃遁の邑を擇び定め
“তুমি ইস্ৰায়েলৰ লোকসকলক কোৱা, বোলে, ‘মই তোমালোকক মোচিৰ দ্ৱাৰাই যি কথা কৈছিলোঁ, সেই বিষয়ে আশ্ৰয় লোৱা নগৰবোৰ নিৰূপণ কৰা৷
3 誤りて知ずに人を殺せる者を其處に逃れしめよ是は汝らが仇打する者を避て逃るべき處なり
তোমালোকে ইয়াকে কৰা, যাতে কোনো এজন লোকে যদি অনিচ্ছাকৃত ভাৱে আন এজনক হত্যা কৰে, তেতিয়া তেওঁ সেই ঠাইলৈ গৈ ৰক্ষা পাব পাৰে৷ কোনো এজন লোকে যদি আন কোনো এজন হত্যা কৰা লোকৰ ৰক্তপাতৰ প্ৰতিশোধ ল’ব বিচাৰে, তেতিয়া এই নগৰবোৰেই তেওঁলোকৰ বাবে আশ্ৰয় লোৱা ঠাই হ’ব।
4 斯る者は是等の邑の一に逃れゆき邑の門の入口に立てその邑の長老等の耳にその事情を述べし然る時は彼ら之をその邑に受いれ處を與へて己の中に住しむべし
সেই জন লোকে সেই নগৰবোৰৰ মাজৰ কোনো এখন নগৰলৈ পলাই গৈ, নগৰৰ দুৱাৰ মুখত থিয় দি যেতিয়া তেওঁৰ সেই অভিযোগ সেই নগৰৰ বৃদ্ধ লোক সকলৰ আগত বুজাই ক’ব; তেতিয়া তেখেতসকলে তেওঁক নগৰলৈ লৈ গৈ তেওঁক তেখেতসকলৰ মাজত বাস কৰিবলৈ কোনো এটা ঠাই দিব৷
5 假令仇打する者追ゆくとも彼らその人を殺せる者を之が手に交すべからず其は彼知ずして人を殺せるにて素より之を惡みをりしに非ればなり
আৰু যদি কোনো এজন লোকে হত্যা হোৱা জনৰ ৰক্তপাতৰ প্ৰতিশোধ লোৱাৰ প্ৰয়াসেৰে আহে, তেতিয়া সেই নৰবধীক নগৰবোৰৰ লোকসকলে কৰ্তৃপক্ষৰ হাতত শোধাই নিদিব৷ তেওঁলোকে এইদৰে কৰা উচিত ন’হব, কিয়নো তেওঁ অনিচ্ছাকৃত ভাৱেহে নিজৰ চুবুৰীয়াক বধ কৰিলে, আগেয়ে তেওঁলৈ কোনো হিংসা ভাব নাছিল।
6 その人は會衆の前に立て審判を受るまで其時の祭司の長の死る迄その邑に住をるべし然る後その人を殺せる者己の邑に歸り往てその家にいたり己が逃いでし邑に住むべし
সেই কালৰ মহা-পুৰোহিতৰ মৃত্যু নোহোৱা পৰ্য্যন্ত আৰু সেই নৰবধীয়ে বিচাৰৰ বাবে সমাজৰ সাক্ষাতে থিয় নোহোৱালৈকে, তেওঁ সেই নগৰতে বাস কৰিব লাগিব৷ তেতিয়া তেওঁ যি নগৰৰ পৰা পলাই আহিছিল, নিজৰ সেই নগৰ আৰু নিজৰ ঘৰলৈ উলটি যাব পাৰিব’।”
7 爰にナフタリの山地なるガリラヤのケデシ、エフライムの山地なるシケムおよびユダの山地なるキリアテアルバ(すなはちヘブロン)を之がために分ち
গতিকে ইস্রায়েলীয়া সকলে গালীলৰ পৰ্বতীয়া অঞ্চলত থকা নপ্তালীৰ কেদচ, ইফ্ৰয়িম পৰ্ব্বতত থকা চিখিম আৰু যিহূদা পৰ্ব্বতত থকা কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ নিৰ্বাচন কৰি ল’লে।
8 またヨルダンの彼旁ヱリコの東の方にてはルベンの支派の中より平地なる荒野のベゼルを擇び定めガドの支派の中よりギレアデのラモテを擇び定めマナセの支派の中よりバシヤンのゴランを擇び定めたり
আৰু যৰ্দ্দনৰ সিপাৰে যিৰীহোৰ পুৱফালে ৰূবেণ ফৈদৰ ভিতৰত থকা সমথলৰ মৰুপ্ৰান্তত বেচৰ, গাদ ফৈদৰ ভিতৰত থকা গিলিয়দত ৰমোৎ আৰু মনচি ফৈদৰ ভিতৰৰ বাচানত থকা গোলন নামেৰে ঠাই সমূহ নিৰূপণ কৰিলে।
9 是すなはちイスラエルの一切の子孫および之が中に寄寓をる他國人のために設けたる邑々にして凡て人を誤まり殺せる者を此に逃れしめ其會衆の前に立ざる中に仇打の手に死るがごときことなからしめんためなり
কোনোৱে অনিচ্ছাকৃত ভাৱে নৰবধ কৰিলে, সমাজৰ সাক্ষাতে তেওঁ থিয় নহয় মানে, সেই ঠাইলৈ পলাই গৈ যেন ৰক্তপাতৰ প্ৰতিশোধ লোৱাজনৰ হাতত মৰা নপৰে, এই কাৰণে ইস্ৰায়েলৰ সন্তান সকলৰ বাবে আৰু তেওঁলোকৰ মাজত বসতি কৰা বিদেশী লোকৰ বাবেও, নিৰূপণ কৰা নগৰ এইবোৰ।

< ヨシュア記 20 >