< ヨシュア記 15 >

1 ユダの子孫の支派がその宗族にしたがひて籤にて獲たる地はエドムの境界に達し南の方ヂンの荒野にわたり南の極端に及ぶ
দক্ষিণ কনানৰ অন্তভাগত ইদোমৰ সীমালৈকে দক্ষিণফালে ছিন মৰুপ্ৰান্তলৈ নিজ নিজ বংশ অনুসাৰে যিহূদাৰ সন্তান সকলৰ ফৈদৰ সীমা নিৰূপণ কৰা হ’ল।
2 その南の境界は鹽海の極端なる南に向へる入海より起り
তেওঁলোকৰ দক্ষিণ সীমা লৱণ-সমুদ্ৰৰ শেষ অংশৰ পৰা অৰ্থাৎ দক্ষিণ ফাললৈ বাঢ়ি যোৱা উপসাগৰৰ পৰা আৰম্ভ হ’ল।
3 アクラビムの坂の南にわたりてヂンに進みカデシバルネアの南より上りてヘヅロンに沿て進みアダルに上りゆきてカルカに環り
অক্ৰব্বীম নামৰ পৰ্ব্বতৰ দক্ষিণফালে উঠি হিষ্ৰোণেদি গৈ, অদ্দৰলৈ উঠি কৰ্কালৈকে ঘূৰি গ’ল৷
4 アズモンに進みてエジプトの河にまで達しその境界海にいたりて盡く汝らの南の境界は是の如くなるべし
পাছত অচমোনলৈ গৈ, মিচৰ দেশৰ জুৰিয়েদি সাগৰত ইয়াৰ সীমা শেষ হ’ল। এয়ে তেওঁলোকৰ দক্ষিণ সীমা আছিল৷
5 その東の境界は鹽海にしてヨルダンの河口に達す北の方の境界はヨルダンの河口なる入海より起り
যৰ্দ্দনৰ মুখত থকা লবণ সমুদ্ৰটো পূব সীমা আছিল৷ উত্তৰ ফালৰ সীমা সমুদ্ৰৰ উপসাগৰৰ ভাগৰ পৰা যর্দ্দনৰ মুখলৈ আছিল৷
6 上りてベテホグラにいたりベテアラバの北をすぎ上りてルベン人ボハンの石に達し
এই সীমা বৈৎ-হগ্লালৈ উঠি গৈ বৈৎ-অৰাবাৰ উত্তৰ ফালে গ’ল৷ পাছত সেই সীমা ৰূবেণৰ সন্তান বোহনৰ শিলটোলৈকে উঠি গ’ল৷
7 またアコルの谷よりデビルに上りて北におもむき河の南にあるアドミムの坂に對するギルガルに向ひすすみてエンシメシの水に達しエンロゲルにいたりて盡く
পাছত সেই সীমা আখোৰ উপত্যকাৰ পৰা দবীৰলৈ উঠি গৈ উত্তৰ ফালে ঘূৰি গিলগলৰ দিশে; ইয়াৰ অৱস্থিতি নদীৰ দক্ষিণ পাৰত থকা অদুম্মীম পর্বতৰ বিপৰীতে আছিল৷ পাছত সেই সীমা অয়িন-চেমচৰ জুৰিৰ কাষে কাষে অয়িন-ৰোগেলত গ’ল।
8 又その境界はベニヒンノムの谷に沿てヱブス人の地すなはちヱルサレムの南の脇に上りゆきヒンノムの谷の西面に横はる山の嶺に上る是はレバイムの谷の北の極處にあり
তাৰ পাছত সেই সীমা বিন হিন্নোমৰ উপত্যকাইদি উঠি যিবুচী নগৰৰ দক্ষিণ কাষলৈ অৰ্থাৎ যিৰূচালেমলৈ গ’ল৷ পাছত সেই সীমা পশ্চিম দিশৰ বিন-হিন্নোমৰ উপত্যকাৰ সন্মুখত থকা আৰু উত্তৰ ফালে ৰফায়ীম উপত্যকাৰ অন্তভাগত থকা পৰ্ব্বতৰ টিঙলৈকে গ’ল৷
9 而してその境界この山の嶺より延てネフトアの水の泉源にいたりエフロン山の邑々にわたりその境昇延てバアラにいたる是すなはちキリアテヤリムなり
পাছত এই সীমা সেই পৰ্ব্বতৰ ওপৰৰ পৰা নেপ্তোহ জলৰ ভুমুকলৈকে বাঢ়ি গৈ ইফ্ৰোণ পৰ্ব্বতৰ নগৰবোৰত ওলাল৷ পাছত সেই সীমা বালা অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীমলৈকে ঘূৰি তাতে থিৰ হ’ল৷
10 その境界バアラより西の方セイル山に環りヤリム山(すなはちケサロン)の北の脇をへてベテシメシに下りテムナに沿て進み
১০পাছত সেই সীমা বালাৰ পৰা চেয়ীৰ পৰ্ব্বতলৈকে ঘূৰি, যিয়াৰীম পৰ্ব্বতৰ উত্তৰ ফালে অৰ্থাৎ কচালোনলৈকে গ’ল আৰু তললৈ নামি আহি বৈৎচেমচ হৈ তিম্নাৰ কাষেৰে গ’ল৷
11 エクロンの北の脇にわたり延てシツケロンに至りバアラ山に進みヤブネルに達し海にいたりて盡く
১১আৰু সেই সীমা ইক্ৰোণৰ উত্তৰ কাষত ওলাল, পাছত চিক্কৰোণলৈকে থিৰ হৈ বালা পৰ্ব্বতলৈ গৈ যচনিয়েলত ওলাল৷ সেই সীমাৰ অন্ত সমুদ্ৰত আছিল।
12 また西の境界は大海にいたりその濱をもて限とすユダの子孫がその宗族にしたがひて獲たる地の四方の境界は是のごとし
১২পশ্চিম সীমাটো মহাসাগৰ আৰু ইয়াৰ অঞ্চল আছিল। এয়ে যিহূদা ফৈদৰ সন্তান সকলৰ বংশানুক্ৰমে থকা চাৰিও ফালৰ সীমা।
13 ヨシユアそのヱホバに命ぜられしごとくヱフンネの子カレブにユダの子孫の中にてキリアテアルバすなはちヘブロンを與へてその分となさしむ
১৩পাছত যিহোচূৱালৈ কৰা যিহোৱাৰ আজ্ঞা অনুসাৰে, তেওঁ যিহূদাৰ সন্তান সকলৰ মাজত যিফুন্নিৰ পুত্ৰ কালেবক, নিজ অংশৰ অৰ্থে কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ দিলে৷ সেই অৰ্ব্ব অনাকৰ পিতৃ আছিল৷
14 アルバはアナクの父なりカレブかしこよりアナクの子三人を逐はらへり是すなはちアナクより出たるセシヤイ、アヒマンおよびタルマイなり
১৪কালেবে তাৰ পৰা অনাকৰ বংশৰ চেচয়, অহিমন আৰু তল্ময় নামেৰে অনাকৰ এই তিনিটা বংশধৰ দূৰ কৰিলে।
15 而して彼かしこよりデビルの民の所に攻上れりデビルの名は元はキリアテセペルといふ
১৫পাছত তাৰ পৰা তেওঁ দবীৰ-নিবাসীসকলৰ বিৰুদ্ধে উঠিল পূৰ্বতে দবীৰৰ নাম কিৰিয়ৎ-চেফৰ আছিল৷
16 カレブ言けらくキリアテセペルを撃てこれを取る者には我女子アクサを妻に與へんと
১৬সেই সময়ত কালেবে ক’লে, “যি জনে কিৰিয়ৎ-চেফৰ আক্ৰমণ কৰি বন্দী কৰি ল’ব, তেওঁক মই মোৰ জী অকচাক কন্যা হিচাপে দান কৰিম৷”
17 ケナズの子にしてカレブの弟なるオテニエルといふ者これを取ければカレブその女子アタサを之が妻に與へたり
১৭তাতে কালেবৰ ভায়েক, কনজৰ সন্তান অৎনীয়েলে কিৰিয়ৎ-চেফৰক বন্দী কৰে৷ তেতিয়া কালেবে নিজৰ জীয়েক অকচাক পত্নী হ’বলৈ তেওঁৰে সৈতে বিয়া দিলে।
18 アクサ適く時田野をその父に求むべきことをオテニエルに勸め遂にみづから驢馬より下れりカレブこれに何を望むやと言ければ
১৮সেই সময়ত এনে ঘটিল যে, অকচাই তাইৰ পিতৃৰ ওচৰলৈ আহি এখন পথাৰ দিবলৈ তেওঁক অনুৰোধ কৰিলে, আৰু তাই যেতিয়া গাধৰ পৰা নামি আহিল, তেতিয়া কালেবে তাইক ক’লে, “তোমাক কি লাগে?”
19 答へて言ふ我に粧奩を與へよ汝われを南の地に遣なれば水泉をも我に與へよと乃ち上の泉と下の泉とをこれに與ふ
১৯তাই উত্তৰ দিলে, “আপুনি মোক এক বিশেষ দয়া কৰক৷ যিহেতু আপুনি মোক দক্ষিণ অঞ্চলৰ ভূমি দিলে সেইবাবে জলৰ কিছু ভূমুকো মোক দিয়ক।” তেতিয়া কালেবে ওপৰ অংশত থকা আৰু নিম্ন অংশত থকা জলৰ ভূমুকসমূহ তাইক দিলে।
20 ユダの子孫の支派がその宗族にしたがひて獲たる產業は是のごとし
২০এয়ে যিহূদা সন্তান সকলৰ নিজ নিজ ফৈদ অনুসাৰে তেওঁলোকৰ সন্তান সকলৰ বংশক উত্তৰাধিকাৰ হিচাপে দিয়া হ’ল।
21 ユダの子孫の支派が南においてエドムの境界の方に有るその遠き邑々は左のごとしカブジエル、エデル、ヤグル
২১ইদোমৰ সীমাৰ দক্ষিণ অঞ্চলৰ শেষ সীমাত থকা যিহূদা ফৈদৰ নগৰসমূহ কবচেল, এদৰ, যাগূৰ,
22 キナ、デモナ、アダダ、
২২কীনা, দীমোনা, অদাদা,
23 ケデシ、ハゾル、イテナン、
২৩কেদচ, হাচোৰ, যিৎনন,
24 ジフ、テレム、ベアロテ
২৪জীফলম, টেলন, বালোৎ৷
25 ハゾルハダツタ、ケリオテヘヅロンすなはちハゾル
২৫হাচোৰ-হদত্তা, কৰিয়োৎ হিষ্ৰোণ অৰ্থাৎ হাচোৰ,
26 アマム、シマ、モラダ
২৬অমাম, চমা, মোলাদা,
27 ハザルガダ、ヘシモン、ベテパレテ
২৭হচৰ-গদ্দা, হিচ্‌মোন বৈৎ-পেলট,
28 ハザルシユアル、ベエルシバ、ビジヨテヤ
২৮হচৰ-চূৱাল, বেৰ-চেবা, বিজিয়োথিয়া৷
29 バアラ、イヰム、エゼム
২৯বালা, ইয়ীম, এচম,
30 エルトラデ、ケシル、ホルマ
৩০ইল্টুলদ, কচীল, হৰ্মা,
31 チクラグ、マデマンナ、サンサンナ
৩১চিক্লগ, মদ্‌মন্না, চন্‌চন্না,
32 レバオテ、シルヒム、アイン、リンモン、その邑あはせて二十九ならびに之に屬る村々なり
৩২লবায়োৎ, চিল্‌হীম, ঐন আৰু ৰিম্মোন৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি, এইবোৰ সৰ্ব্বমুঠ উনত্ৰিশখন নগৰ৷
33 平野にてはエシタオル、ゾラ、アシナ
৩৩পশ্চিম ফালৰ নিম্ন ভুমিত থকা নগৰ বোৰ আছিল ইষ্টায়োল, চৰা, অচ্‌না,
34 ザノア、エンガンニム、タップア、エナム
৩৪জানোহ, অয়িন-গন্নীম, তপ্পুহ, ঐনম,
35 ヤルムテ、アドラム、シヨコ、アゼカ
৩৫যৰ্মূত, অদুল্লম, চোকো, অজেকা,
36 シヤアライム、アデタイム、ゲデラ、ゲデロタイム合せて十四邑ならびに之に屬る村々なり
৩৬চাৰয়িম, অদীথয়িম আৰু গদেৰা৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এইবোৰ সকলো নগৰৰ সংখ্যা আছিল চৌধ্যখন৷
37 ゼナン、ハダシヤ、ミグダルガデ
৩৭চনান, হদাচা, মিগ্দল-গাদ,
38 デラン、ミヅバ、ヨクテル
৩৮দিলিয়ন, মিস্পি, যক্তেল,
39 ラキシ、ボヅカテ、エグロン
৩৯লাখীচ, বস্কৎ, ইগ্লোন৷
40 カボン、ラマム、キリテシ
৪০কব্বোন, লহমম, কিৎলীচ,
41 ゲデロテ、ベテダゴン、ナアマ、マツケダ合せて十六邑ならびに之に屬る村々なり
৪১গদেৰোৎ, বৈৎ-দাগোন, নয়মা আৰু মক্কেদা৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা আছিল ষোল্লখন৷
42 またリブナ、エテル、アシヤン
৪২লিব্‌না, এথৰ, আচন,
43 イフタ、アシナ、ネジブ
৪৩যিপ্তহ, অস্না, নচীব,
44 ケイラ、アクジブ、マレシア合せて九邑ならびに之に屬ける村々なり
৪৪কয়ীলা, অকজীব আৰু মাৰেচা৷ গাওঁবোৰ গণনা নকৰি মুঠে ন খন নগৰ আছিল।
45 エクロンならびにその郷里および村々なり
৪৫ইক্ৰোণ, তাৰ উপনগৰ আৰু গাওঁ;
46 エクロンより海まで凡てアシドドの邊にある處々ならびに之につける村々なり
৪৬ইক্ৰোণৰ পৰা সমুদ্ৰলৈকে অচ্‌দোদৰ ওচৰত থকা সকলো উপনগৰ আৰু সেইবোৰৰ গাওঁ।
47 アシドドならびにその郷里および村々 ガザならびにその郷里および村々 エジプトの河および大海の濱にいたるまでの處々なり
৪৭অচ্‌দোদ, তাৰ উপনগৰ আৰু গাওঁ; গাজা, তাৰ উপনগৰ আৰু গাওঁ। মিচৰ জুৰি আৰু মহা-সমুদ্ৰ আৰু তাৰ সীমালৈকে৷
48 山地にてはシヤミル、ヤツテル、シヨコ
৪৮পৰ্ব্বতীয়া অঞ্চলৰ নগৰ চামীৰ, যত্তীৰ, চোকো,
49 ダンナ、キリアテサンナすなはちデビル
৪৯দন্না, কিৰিয়ৎ-চন্না,
50 アナブ、エシテモ、アニム
৫০অনাব, ইষ্টিমোৱা, আনীম,
51 ゴセン、ホロン、ギロ、合せて十一邑ならびに之に屬る村々なり
৫১গোচন, হোলোন আৰু গিলো৷ গাওঁবোৰ গণনা নকৰি এই বোৰ সকলো মুঠে এঘাৰ খন নগৰ৷
52 アラブ、ドマ、エシヤン
৫২অৰাব, দুমা, ইচিয়ন,
53 ヤニム、ベテタツプア、アペカ
৫৩যানীম, বৈৎ-তপ্পূহ, অফেকা,
54 ホムタ、キリアテアルバすなはちヘブロン、デオルあはせて九邑ならびに之につける村々なり
৫৪হুম্‌টা, কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ আৰু চীয়োৰ৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰ বোৰৰ সংখ্যা মুঠে ন খন৷
55 マオン、カルメル、ジフ、ユダ
৫৫মায়োন, কৰ্মিল, জীফ, যুত্তা,
56 ヱズレル、ヨグテアム、ザノア
৫৬যিজ্ৰিয়েল, যক্‌দিয়াম, জানোহ,
57 カイン、ギベア、テムナあはぜて十邑ならびに之に屬る村々なり
৫৭কয়িন, গিবিয়া আৰু তিম্না৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা হৈছে দহখন৷
58 ハルホル、ベテズル、ゲドル
৫৮হল্‌হূল, বৈৎ-চুৰ, গদোৰ,
59 マアラテ、ベテアノテ、エルテコンあはせて六邑ならびに之に屬る村々なり
৫৯মাৰৎ, বৈৎ-অনোৎ আৰু ইল্টকোন৷ গাওঁবোৰৰ গণনা নকৰি ইয়াৰ মুঠে ছখন নগৰ৷
60 キリアテバアルすなはちキリアテヤリムおよびラバあはせて二邑ならびに之につける村々なり
৬০কিৰিয়ৎ-বাল অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীম আৰু ৰব্বা৷ গাওঁবোৰ গণনা নকৰি ইয়াৰ মুঠ দুখন নগৰ৷
61 荒野にてはベテアラバ、ミデン、セカカ
৬১মৰুপ্ৰান্তত বৈৎ-অৰাবা, মিদ্দিন, চকাকা,
62 ニブシヤン鹽邑エングデあはせて六邑ならびに之につける村々なり
৬২নিব্‌চন, লবণ নগৰ আৰু অয়িন-গদী৷ গাওঁবোৰ গণনা নকৰি ইয়াৰ নগৰৰ মুঠ সংখ্যা হ’ল ছখন৷
63 ヱルサレムの民ヱブス人はユダの子孫これを逐はらふことを得ざりき是をもてヱブス人は今日までユダの子孫とともにエルサレムに住ぬ
৬৩কিন্তু যিবুচীয়াসকল যিৰূচালেমৰ নিবাসী আছিল; এওঁলোকক যিহূদা ফৈদে দূৰলৈ আতৰ কৰি খেদি দিব নোৱাৰিলে। এই যিবুচীয়াসকলে আজিলৈকে যিহূদা ফৈদৰ সৈতে যিৰূচালেমত বাস কৰি আছে।

< ヨシュア記 15 >