< ヨハネの福音書 19 >

1 ここにピラト、イエスをとりて鞭うつ。
তেতিয়া পীলাতে যীচুক চাবুকেৰে কোবাবলৈ আদেশ দিলে।
2 兵卒ども茨にて冠冕をあみ、その首にかむらせ、紫色の上衣をきせ、
তাৰ পাছত সৈন্য সকলে কাঁইটেৰে কিৰীটি সাজি যীচুৰ মূৰত দি, বেঙেনা কাপোৰ পিন্ধালে;
3 御許に進みて言ふ『ユダヤ人の王やすかれ』而して手掌にて打てり。
ইয়াৰ পাছত তেওঁৰ ওচৰলৈ আহি কবলৈ ধৰিলে, “অভিনন্দন, হে ইহুদী সকলৰ ৰজা, জয় হওক!” এইদৰে কৈ তেওঁক চৰ মাৰিবলৈ ধৰিলে।
4 ピラト再び出でて人々にいふ『視よ、この人を汝らに引 出す、これは何の罪あるをも我が見ぬことを汝らの知らん爲なり』
পীলাতে আকৌ বাহিৰলৈ গৈ মানুহবোৰক ক’লে, “চোৱা, মই এওঁত একো দোষ নাপালোঁ আৰু সেয়েহে তোমালোকে জানিবৰ কাৰণে, এওঁক তোমালোকৰ সন্মুখলৈ উলিয়াই আনিছো।”
5 ここにイエス茨の冠冕をかむり、紫色の上衣をきて出で給へば、ピラト言ふ『視よ、この人なり』
এনেতে যীচুক কাঁইটৰ কিৰীটি আৰু উজ্বল বৰণীয়া কাপোৰ পিন্ধাই বাহিৰলৈ উলিয়াই আনিলে৷ পীলাতে তেওঁলোকক ক’লে “চোৱা, এই জনেই সেই মানুহ!”
6 祭司長・下役どもイエスを見て叫びいふ『十字架につけよ、十字架につけよ』ピラト言ふ『なんぢら自らとりて十字架につけよ、我は彼に罪あるを見ず』
তেতিয়া প্ৰধান পুৰোহিত আৰু তেওঁলোকৰ বিষয়া সকলে যীচুক দেখি, আটাহ পাৰি ক’লে, “ক্রুচত দিয়ক, ক্রুচত দিয়ক”। পীলাতে তেওঁলোকক ক’লে, “তোমালোকে নিজে এওঁক নি ক্রুচত দিয়াগৈ; কিয়নো মই এওঁত একো দোষ নাপালোঁ।”
7 ユダヤ人こたふ『我らに律法あり、その律法によれば死に當るべき者なり、彼はおのれを神の子となせり』
ইহুদী সকলে পীলাতক উত্তৰ দিলে, “আমাৰ এক বিধান আছে, সেই বিধানৰ মতে তাৰ প্ৰাণদণ্ড হোৱা উচিত; কিয়নো সি নিজকে নিজে ঈশ্বৰৰ পুত্ৰ বুলি দাবী কৰে।”
8 ピラトこの言をききて増々おそれ、
তেতিয়া পীলাতে এই কথা শুনি বৰ ভয় পালে,
9 再び官邸に入りてイエスに言ふ『なんぢは何處よりぞ』イエス答をなし給はず。
তেওঁ প্ৰিটৰিয়মৰ ভিতৰলৈ সোমাই যীচুক আকৌ সুধিলে, “তুমি ক’ৰ পৰা আহিছা?” কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে৷
10 ピラト言ふ『われに語らぬか、我になんぢを赦す權威あり、また十字架につくる權威あるを知らぬか』
১০তেতিয়া পীলাতে তেওঁক ক’লে, “তুমি মোক একো কথা নোকোৱা নে? তোমাক যে এৰি দিবলৈ মোৰ ক্ষমতা আছে আৰু তোমাক ক্রুচত দিবলৈকো মোৰ ক্ষমতা আছে, ইয়াক তুমি নাজানা নেকি?”
11 イエス答へ給ふ『なんぢ上より賜はらずば、我に對して何の權威もなし。この故に我をなんぢに付しし者の罪は更に大なり』
১১যীচুৱে তেওঁক উত্তৰ দিলে, “ওপৰৰ পৰা ক্ষমতা নিদিয়া হ’লে, মোৰ বিৰুদ্ধে তোমাৰ একো ক্ষমতা নহ’লহেঁতেন; এই কাৰণে, যি জনে তোমাৰ হাতত মোক শোধাই দিলে; তেওঁৰেই পাপ গুৰুতৰ।”
12 ここにおいてピラト、イエスを赦さんことを力む。されどユダヤ人さけびて言ふ『なんぢ若しこの人を赦さば、カイザルの忠臣にあらず、凡そおのれを王となす者はカイザルに叛くなり』
১২এই উত্তৰ শুনি পীলাতে তেওঁক এৰি দিবলৈ উপায় বিচাৰিলে; কিন্তু ইহুদী সকলে আটাহ পাৰি ক’লে, “যদি এওঁক এৰি দিয়ে, তেনেহলে আপুনি চীজাৰৰ বন্ধু নহয়; যি কোনোৱে নিজকে নিজে ৰজা পাতে, তেওঁ চীজাৰৰ বিৰুদ্ধে কথা কয়।”
13 ピラトこれらの言をききて、イエスを外にひきゆき、敷石(ヘブル語にてガバタ)といふ處にて審判の座につく。
১৩এইবোৰ কথা শুনি, পীলাতে যীচুক পুনৰ বাহিৰলৈ অনালে, আৰু ইব্ৰী ভাষাৰে যাক গব্বথা বোলে, এনে শিলপতা নামেৰে ঠাইত সোধ-বিচাৰ কৰিবলৈ বিচাৰৰ আসনত বহিল।
14 この日は過越の準備 日にて、時は第六時ごろなりき。ピラト、ユダヤ人にいふ『視よ、なんぢらの王なり』
১৪তেতিয়া নিস্তাৰ-পৰ্বৰ আয়োজনৰ দিনৰ প্ৰায় বাৰটা বজাৰ সময় হৈছিল আৰু পীলাতে ইহুদী সকলক ক’লে, “চোৱা, এয়া তোমালোকৰ ৰজা”
15 かれら叫びていふ『除け、除け、十字架につけよ』ピラト言ふ『われ汝らの王を十字架につくべけんや』祭司長ら答ふ『カイザルの他われらに王なし』
১৫তেতিয়া তেওঁলোকে আটাহ পাৰি ক’লে, “দূৰ কৰক, দূৰ কৰক, ক্রুচত দিয়ক”। পীলাতে তেওঁলোকক ক’লে, তোমালোকৰ ৰজাক নো ক্ৰুচত দিম নে? প্ৰধান পুৰোহিত সকলে উত্তৰ দিলে, “চীজাৰৰ বাহিৰে আমাৰ আন ৰজা নাই।”
16 ここにピラト、イエスを十字架に釘くるために彼らに付せり。彼らイエスを受取りたれば、
১৬তেতিয়া পীলাতে যীচুক ক্রুচত দিবলৈ, তেওঁলোকৰ হাতত শোধাই দিলে।
17 イエス己に十字架を負ひて、髑髏(ヘブル語にてゴルゴダ)といふ處に出でゆき給ふ。
১৭তাৰ পাছত তেওঁলোকে যীচুক বাহিৰলৈ লৈ আহিল আৰু নিজৰ কাৰণে ক্ৰুচৰ ভাৰ বৈ, ইব্ৰী ভাষাৰে যাক গলগথা বোলে, এনে মূৰৰ লাউখোলা নামেৰে ঠাইলৈ লৈ গ’ল।
18 其處にて彼らイエスを十字架につく。又ほかに二人の者をともに十字架につけ、一人を右に、一人を左に、イエスを眞中に置けり。
১৮সেই ঠাইতে তেওঁলোকে যীচুক ক্রুচত দিলে৷ তেওঁৰ লগত আন দুজনক মানুহক দুইকাষে ৰাখি যীচুক মাজত ক্রুচত দিলে।
19 ピラト罪標を書きて十字架の上に掲ぐ『ユダヤ人の王、ナザレのイエス』と記したり。
১৯পীলাতে এখন জাননী লিখি ক্ৰুচত ওপৰত লগাই দিলে। তাত এই কথা লিখা আছিল, “নাচৰতীয়া যীচু, ইহুদী সকলৰ ৰজা৷”
20 イエスを十字架につけし處は都に近ければ、多くのユダヤ人この標を讀む、標はヘブル、ロマ、ギリシヤの語にて記したり。
২০এই জাননী ইব্ৰী, ৰোমীয়া আৰু গ্ৰীক ভাষাৰে লিখা আছিল; আৰু যীচুক ক্রুচত দিয়া ঠাই নগৰৰ ওচৰ হোৱাত, ইহুদী সকলৰ বহুলোকে সেই জাননী খন পঢ়িলে।
21 ここにユダヤ人の祭司長らピラトに言ふ『ユダヤ人の王と記さず、我はユダヤ人の王なりと自稱せりと記せ』
২১এই কাৰণে ইহুদী সকলৰ প্ৰধান পুৰোহিত সকলে পীলাতক ক’লে, “ইহুদী সকলৰ ৰজা” এই কথা নিলিখিব; কিন্তু ‘মই ইহুদী সকলৰ ৰজা, এই বুলি এওঁ কৈছিল’, ইয়াকে লিখক।”
22 ピラト答ふ『わが記したることは記したるままに』
২২পীলাতে উত্তৰ দিলে, “মই যি লিখিলোঁ, লিখিলোঁৱেই”।
23 兵卒どもイエスを十字架につけし後、その衣をとりて四つに分け、おのおの其の一つを得たり。また下衣を取りしが、下衣は縫目なく、上より惣て織りたる物なれば、
২৩পাছত সৈন্য সকলে যীচুক ক্রুচত দিলে, তেওঁৰ পিন্ধা কাপোৰ চাৰি ভাগ কৰি, গাইপতি এভাগ এভাগ ল’লে; আৰু তেওঁৰ চোলাও ল’লে। সেই চোলা সিয়নি নোহোৱাকৈ ওপৰৰে পৰা গোটেইটো বোৱা আছিল।
24 兵卒ども互にいふ『これを裂くな、誰がうるか鬮にすべし』これは聖書の成就せん爲なり。曰く『かれら互にわが衣をわけ、わが衣を鬮にせり』兵卒ども斯くなしたり。
২৪এই কাৰণে তেওঁলোকে পৰস্পৰে ক’লে, “এইটো চোলা আমি ফালি নেপেলাও, কিন্তু এইটো পাবৰ বাবে চিঠি খেলোৱা হওক৷” শাস্ত্ৰীয় বচন সিদ্ধ হবলৈ এনে হ’ল৷ “তেওঁলোকে নিজৰ মাজত মোৰ পিন্ধা কাপোৰ ভাগ-বাঁটি ল’লে৷. ইয়াক নাফালি কোনে পাব চিঠি খেলালে৷”
25 さてイエスの十字架の傍らには、その母と母の姉妹と、クロパの妻マリヤとマグダラのマリヤと立てり。
২৫এতেকে সৈন্য সকলে এইবোৰ কৰ্ম কৰিলে। যীচুৰ ক্ৰুচৰ ওচৰতে তেওঁৰ মাক, মাকৰ ভনীয়েক, ক্লোপাৰ তিৰোতা মৰিয়ম, আৰু মগ্দলীনী মৰিয়ম থিয় হৈ আছিল।
26 イエスその母とその愛する弟子との近く立てるを見て、母に言ひ給ふ『をんなよ、視よ、なんぢの子なり』
২৬যেতিয়া যীচুৱে তেওঁৰ মাক আৰু যি শিষ্যক তেওঁ প্ৰেম কৰিছিল, সেই শিষ্য ওচৰত থিয় হৈ থকা দেখিলে, তেতিয়া তেওঁ মাকক ক’লে, “হে নাৰী, চোৱা, তোমাৰ পুত্ৰ”!
27 また弟子に言ひたまふ『視よ、なんぢの母なり』この時より、その弟子かれを己が家に接けたり。
২৭তেতিয়া তেওঁ সেই শিষ্যকো ক’লে, “চোৱা, সৌৱা তোমাৰ মাতৃ”! সেই সময়ৰে পৰা সেই জন শিষ্যই তেওঁক নিজৰ ঘৰলৈ লৈ গ’ল।
28 この後イエス萬の事の終りたるを知りて、――聖書の全うせられん爲に――『われ渇く』と言ひ給ふ。
২৮ইয়াৰ পাছত যীচুৱে বুজিলে যে সকলো কৰ্ম এতিয়া শেষ হ’ল; সেয়েহে শাস্ত্ৰীয় বচন সিদ্ধ হ’বৰ কাৰণে ক’লে, “মোৰ পিয়াহ লাগিছে”।
29 ここに酸き葡萄酒の滿ちたる器あり、その葡萄酒のふくみたる海綿をヒソプに著けてイエスの口に差附く。
২৯সেই ঠাইত চিৰকাৰে পূৰ হোৱা এটা পাত্ৰ আছিল; তাতে তেওঁলোকে চিৰকাৰে পূৰ হোৱা স্পঞ্জ এডোখৰ এচোব এডালত লগাই, তেওঁৰ মুখত দিলে।
30 イエスその葡萄酒をうけて後いひ給ふ『事 畢りぬ』遂に首をたれて靈をわたし給ふ。
৩০তাতে যীচুৱে সেই চিৰকা পাই ক’লে, “সিদ্ধ হ’ল”; তাৰ পাছত তেওঁ মূৰ দোৱাই আত্মা অৰ্পণ কৰিলে।
31 この日は準備 日なれば、ユダヤ人、安息 日に屍體を十字架のうへに留めおかじとて(殊にこの度の安息 日は大なる日なるにより)ピラトに、彼らの脛ををりて屍體を取除かんことを請ふ。
৩১সেইদিন আয়োজনদিন হোৱাত, বিশ্ৰামবাৰত দেহ ক্ৰুচৰ ওপৰত নাথাকে, (সেই বিশ্ৰামবাৰ দিনটো এটা বিশেষ দিন বা বৰ-দিন আছিল, কিয়নো সেইদিনা নিস্তাৰপৰ্বৰ দিনো আছিল), এই কাৰণে তেওঁলোকৰ ভৰি ভাঙি, দেহ তললৈ নমাবৰ বাবে ইহুদী সকলে পীলাতৰ ওচৰত গৈ সুধিলে।
32 ここに兵卒ども來りて、イエスとともに十字架に釘けられたる第一の者と他のものとの脛を折り、
৩২তাতে সৈন্য সকলে আহি, যীচুৰ লগত ক্ৰুচত দিয়া, প্ৰথম আৰু দ্বিতীয় জনৰো ভৰি ভাঙিলে।
33 而してイエスに來りしに、はや死に給ふを見て、その脛を折らず。
৩৩কিন্তু যেতিয়া যীচুৰ ওচৰলৈ আহিল, তেতিয়া তেওঁৰ মৃত্যু হোৱা দেখি, ভৰি নাভাঙিলে৷
34 然るに一人の兵卒、鎗にてその脅をつきたれば、直ちに血と水と流れいづ。
৩৪তথাপি সৈন্য সকলৰ এজনে বৰছাৰে খোঁচ মাৰি তেওঁৰ কোষ হানিলে; আৰু তেতিয়াই তাৰ পৰা তেজ আৰু পানী ওলাই আহিল।
35 之を見しもの證をなす、其の證は眞なり、彼はその言ふことの眞なるを知る、これ汝 等にも信ぜしめん爲なり。
৩৫এই ঘটনা যি জনে দেখিলে সেই জনে আহি এই বিষয়ে সাক্ষ্য দিলে, তেওঁৰ সাক্ষ্য সত্য; আৰু তেওঁ জানে যে তেওঁ সত্য কথা কৈছে, এই কাৰণে তোমালোকেও যেন বিশ্বাস কৰা।
36 此 等のことの成りたるは『その骨くだかれず』とある聖 句の成就せん爲なり。
৩৬কিয়নো ‘তেওঁৰ এডাল হাড়ো ভঙা নহব’, ধৰ্মশাস্ত্ৰৰ এই বচন সিদ্ধ হ’বলৈহে, এই সকলো ঘটনা ঘটিল।
37 また他に『かれら己が刺したる者を見るべし』と云へる聖 句あり。
৩৭ধৰ্মশাস্ত্ৰই পুনৰ আন এঠাইত কৈছে, ‘তেওঁলোকে যি জনক বিন্ধিলে, সেই জনলৈকে দৃষ্টি কৰিব’।
38 この後、アリマタヤのヨセフとて、ユダヤ人を懼れ密にイエスの弟子たりし者、イエスの屍體を引 取らんことをピラトに請ひたれば、ピラト許せり、乃ち往きてその屍體を引取る。
৩৮ইয়াৰ পাছত অৰিমাথিয়া নগৰৰ যোচেফ নামেৰে যীচুৰ এজন শিষ্যই, যি জন ইহুদী সকলৰ ভয়ত গোপনে আছিল, সেই জনে যীচুৰ দেহ নিবৰ বাবে পীলাতৰ ওচৰত গৈ সুধিলে; তাতে পীলাতে অনুমতি দিয়াত, তেওঁ গৈ যীচুৰ দেহটো নমাই লৈ গ’ল।
39 また曾て夜 御許に來りしニコデモも、沒藥・沈香の混和物を百 斤ばかり携へて來る。
৩৯তেওঁৰ লগত নীকদীমো আহিছিল, এই জনে প্ৰথম বাৰ ৰাতি যীচুক চাবলৈ তেওঁৰ ওচৰলৈ গৈছিল, তেৱোঁ আহি গন্ধৰস মিহলি কৰা প্ৰায় চৌত্ৰিশ কিলোগ্ৰাম সুগন্ধি আনিলে।
40 ここに彼らイエスの屍體をとり、ユダヤ人の葬りの習慣にしたがひて、香料とともに布にて卷けり。
৪০এইদৰে তেওঁলোকে যীচুৰ দেহ লৈ, ইহুদী সকলৰ মৈদামত থোৱা ৰীতি অনুসৰি সেই সুগন্ধি সানি শণ সূতাৰ মিহি কাপোৰেৰে মেৰিয়াই তেওঁক মৈদামত থলে৷
41 イエスの十字架につけられ給ひし處に園あり、園の中にいまだ人を葬りしことなき新しき墓あり。
৪১আৰু যি ঠাইত যীচুক ক্রুচত দিয়া হৈছিল, সেই ঠাইতে এখন বাগিচা আছিল; সেই বাগিচাতে কেতিয়াও কোনো লোকক নোথোৱা, এনে এটা নতুন মৈদামো আছিল।
42 ユダヤ人の準備 日なれば、この墓の近きままに其處にイエスを納めたり。
৪২কাৰণ সেইদিনা ইহুদী সকলৰ আয়োজনদিন হোৱাত, সেই মৈদাম ওচৰত থকা কাৰণে, তেওঁলোকে তাতে যীচুক শুৱাই থলে।

< ヨハネの福音書 19 >