< ヨブ 記 15 >

1 テマン人エリパズ答へて曰く
তেতিয়া তৈমনীয়া ইলীফজে পুনৰ উত্তৰ দি ক’লে,
2 智者あに虚しき知識をもて答へんや豈東風をその腹に充さんや
জ্ঞানৱানে জানো অনৰ্থক জ্ঞানেৰে উত্তৰ দিয়ে, বা পূবৰ বায়ুৰে জানো উদৰ পূৰ কৰে?
3 あに裨なき談益なき詞をもて辨論はんや
সি জানো নিস্ফল কথাৰে যুক্তি দেখুৱায়, বা অনুপকাৰী বাক্যৰে বাদানুবাদ কৰে? তুমি হ’লে এই সকলোকে কৰিছা,
4 まことに汝は神を畏るる事を棄て その前に祷ることを止む
এনে কি, তুমি ঈশ্বৰ ভয়কো ত্যাগ কৰিছা, আৰু ঈশ্বৰৰ সাক্ষাতে ভক্তিও কম কৰিছা।
5 なんぢの罪なんぢの口を敎ふ 汝はみづから擇びて狡猾人の舌を用ふ
কিয়নো তোমাৰ মুখেই তোমাৰ অপৰাধ প্ৰকাশ কৰিছে, আৰু তুমি ধূৰ্তবোৰৰ জিভা মনোনীত কৰিছা।
6 なんぢの口みづから汝の罪を定む 我には非ず汝の唇なんぢの惡きを證す
তোমাৰ মুখেই তোমাক দোষী কৰিছে, মই কৰা নাই; তোমাৰ ওঁঠেই তোমাৰ অহিতে সাক্ষ্য দিছে।
7 汝あに最初に世に生れたる人ならんや 山よりも前に出來しならんや
মনুষ্য জাতিৰ মাজত তুমি প্ৰথমে জন্ম পোৱা নে? আৰু পৰ্ব্বতবোৰৰ পূৰ্বেই জানো তোমাৰ জন্ম হৈছিল?
8 神の御謀議を聞しならんや 智慧を獨にて藏めをらんや
তুমি ঈশ্বৰৰ সভাত মন্ত্ৰণা শুনিছিলা নে? আৰু তোমাৰ নিজৰ কাৰণে জ্ঞান ৰাখি থৈছা নে?
9 なんぢが知る所は我らも知ざらんや 汝が曉るところは我らの心にも在ざらんや
তুমি নো আমি নজনা কথা কি জানা? তুমিনো আমি নুবুজা কথা কি বুজিছা?
10 我らの中には白髮の人および老たる人ありて汝の父よりも年高し
১০আমাৰ মাজত বেছি বয়সীয়া আৰু পকা চুলিয়াও আছে; তেওঁলোক তোমাৰ পিতৃতকৈয়ো অতি বৃদ্ধ।
11 神の慰藉および夫の柔かき言詞を汝小しとするや
১১ঈশ্বৰৰ শান্তনা-বাক্যবোৰ তোমাৰ জ্ঞানত অতি ক্ষুদ্ৰ নে? আৰু তোমাৰ লগত কৰা মৃদু আলাপ ক্ষুদ্ৰ জ্ঞান কৰিছা নে?
12 なんぢ何ぞかく心狂ふや 何ぞかく目をしばたたくや
১২তুমি যে ঈশ্বৰৰ বিৰুদ্ধে জ্বলি উঠিছা, আৰু এনে কথা মুখৰ পৰা উলিয়াইছা,
13 なんぢ是のごとく神に對ひて氣をいらだて 斯る言詞をなんぢの口よりいだすは如何ぞや
১৩তোমাৰ মনক নো কিহে এনেকৈ বিপথলৈ নিয়ে? আৰু তোমাৰ চকু নো কিয় ইমানকৈ তিৰবিৰাইছে?
14 人は如何なる者ぞ 如何してか潔からん 婦の產し者は如何なる者ぞ 如何してか義からん
১৪মৰ্ত্ত্য নো কি যে, তেওঁ শুচি হ’ব পাৰে? তিৰোতাৰ পৰা জন্মা মনুষ্যই বা কি, তেওঁ যে ধাৰ্মিক হ’ব পাৰে?
15 それ神はその聖者にすら信を置たまはず 諸の天もその目の前には潔からざるなり
১৫চোৱা, তেওঁ নিজৰ পবিত্ৰবিলাকতো বিশ্বাস নকৰে, এনে কি, আকাশ-মণ্ডল তেওঁৰ দৃষ্টিত নিৰ্ম্মল নহয়।
16 况んや罪を取ること水を飮がごとくする憎むべき穢れたる人をや
১৬তেনেহলে কেনেকৈ ঘৃণনীয় আৰু দুর্নীতিগ্ৰস্ত, জলৰ দৰে অপৰাধ পান কৰোঁতাই কিমান কম পৰিমানে শুচি হ’ব পাৰে।
17 我なんぢに語る所あらん 聽よ 我見たる所を述ん
১৭মই তোমাক দেখিছোঁ, মোৰ কথা শুনা; মই যি দেখিলোঁ, সেয়া প্ৰকাশ কৰিলোঁ;
18 是すなはち智者等が父祖より受て隱すところ無く傳へ來し者なり
১৮যিসকলৰ হাতত দেশ শোধাই দিয়া হৈছিল, আৰু যিসকলৰ মাজত কোনো বিদেশী ঘূৰি ফুৰা নাছিল,
19 彼らに而已この地は授けられて外國人は彼等の中に往來せしこと無りき
১৯জ্ঞানী সকলে তেওঁলোকৰ এনেকুৱা পিতৃসকলৰ পৰা শুনি, গুপুতে নাৰাখি এই কথা কয়,
20 惡き人はその生る日の間つねに悶へ苦しむ 強暴人の年は數へて定めおかる
২০দুষ্টই নিজৰ জীৱনৰ সকলো দিনত ক্লেশ পায়, অত্যাচাৰী জনে নিজৰ নিৰূপিত বছৰ কেইটা অসুখেৰে কটায়।
21 その耳には常に懼怖しき音きこえ平安の時にも滅ぼす者これに臨む
২১ভয়ৰ শব্দ তাৰ কাণত থাকে; সম্পদৰ কালতো বিনাশকে তাক আক্ৰমণ কৰে।
22 彼は幽暗を出得るとは信ぜず 目ざされて劒に付さる
২২সি কেতিয়াও নাভাবে, সি যে আন্ধাৰৰ পৰা উলটি আহিব, তৰোৱালে তালৈ বাট চাই আছে।
23 彼食物は何處にありやと言つつ尋ねありき 黑暗日の備へられて己の側にあるを知る
২৩সি আহাৰৰ নিমিত্তে ভ্ৰমন কৰি কয়, ‘ক’ত আছে?’ সি জানে যে, আন্ধৰৰ দিন তাৰ ওচৰত উপস্থিত আছে।
24 患難と苦痛とはかれを懼れしめ 戰鬪の準備をなせる王のごとくして彼に打勝ん
২৪ক্লেশ আৰু মনৰ তাপে তাক ভয় দেখুৱায়; যুদ্ধৰ কাৰণে সাজু হোৱা ৰজাৰ দৰে, সেই দুটাই তাক পৰাজয় কৰে।
25 彼は手を伸て神に敵し 傲りて全能者に悖り
২৫কাৰণ সি ঈশ্বৰৰ বিৰুদ্ধে হাত মেলিলে, আৰু সৰ্ব্বশক্তিমান জনাৰ বিৰুদ্ধে গৰ্ব্ব–আচৰণ কৰিলে।
26 頸を強くし 厚き楯の面を向て之に馳かかり
২৬এইদৰে পাপীলোক ঈশ্বৰৰ বিৰুদ্ধে অনমনীয় হয়, সি ঢালৰ ডাঠ ভাগ দেখুৱাই তেওঁৰ বিৰুদ্ধে লৰ মাৰে।
27 面に肉を滿せ 腰に脂を凝し
২৭এইটো সত্য যে, সি চৰ্বিৰে নিজৰ মুখ নোদোকা কৰিলে, আৰু নিজৰ তপিনা তৰপে তৰপে চৰ্বিযুক্ত কৰিলে;
28 荒されたる邑々に住居を設けて人の住べからざる家 石堆となるべき所に居る
২৮আৰু সি জনশূণ্য নগৰত বাস কৰিলে; য’ত কোনো মানুহে বাস নকৰে, শিলৰ দ’ম হবলগীয়া এনে ঘৰত বসতি কৰিলে।
29 是故に彼は富ず その貨物は永く保たず その所有物は地に蔓延ず
২৯সি ধনী নহব, আৰু তাৰ সম্পত্তি নাথাকিব; সিহঁতৰ শস্য ফলৰ ভৰত মাটিলৈ দোঁ নাখাব।
30 また自己は黑暗を出づるに至らず 火燄その枝葉を枯さん 而してその身は神の口の氣吹によりて亡ゆかん
৩০সি আন্ধাৰৰ পৰা সাৰিব নোৱাৰিব; অগ্নি-শিখা ই তাৰ ডালবোৰ শুকুৱাব, আৰু সি তেওঁৰ মুখৰ ফুঁতে উড়ি যাব।
31 彼は虚妄を恃みて自ら欺くべからず 其報は虚妄なるべければなり
৩১সি ভ্ৰান্ত হৈ অসাৰতাত বিশ্বাস নকৰক; কিয়নো অসাৰতাই তাৰ বেচ হ’ব।
32 彼の日の來らざる先に其事成べし 彼の枝は緑ならじ
৩২তাৰ দিন নৌ হওঁতেই সেয়ে তালৈ সিদ্ধ হ’ব, আৰু তাৰ খেজুৰৰ পাত কেঁচাই নাথাকিব।
33 彼は葡萄の樹のその熟せざる果を振落すがごとく 橄欖の樹のその花を落すがごとくなるべし
৩৩সি দ্ৰাক্ষালতাৰ নিচিনাকৈ নিজৰ আপইতা গুটি সৰাব, আৰু জিতগছৰ দৰে নিজৰ ফুল সৰাই পেলাব।
34 邪曲なる者の宗族は零落れ 賄賂の家は火に焚ん
৩৪কিয়নো অধৰ্মিবোৰৰ সমাজ বন্ধ্যা হ’ব, আৰু ভেঁটি খুৱাবোৰৰ তম্বু অগ্নিয়ে গ্রাস কৰিব।
35 彼等は惡念を孕み 虚妄を生み その胎にて詭計を調ふ
৩৫সিহঁতে অনিষ্টক গৰ্ভধাৰণ কৰি ক্লেশ প্ৰসৱ কৰে; সিহঁতৰ পেটে প্ৰতাৰণা উৎপন্ন কৰে।”

< ヨブ 記 15 >