< エレミヤ書 22 >

1 ヱホバかくいひたまへり汝ユダの王の室にくだり彼處にこの言をのべていへ
যিহোৱাই এইদৰে ক’লে: “তুমি যিহূদাৰ ৰাজগৃহলৈ গৈ সেই ঠাইত এই কথা ঘোষণা কৰা।
2 ダビデの位に坐するユダの王よ汝と汝の臣および此門よりいる汝の民ヱホバの言をきけ
কোৱা, ‘হে দায়ুদৰ সিংহাসনত বহোঁতা যিহূদাৰ ৰজা, তুমি, তোমাৰ মন্ত্ৰী আৰু এই দুৱাৰবোৰত সোমোৱা তোমাৰ প্ৰজা, এই আটাইয়ে যিহোৱাৰ বাক্য শুনা।”
3 ヱホバかくいふ汝ら公道と公義を行ひ物を奪はるる人をその暴虐者の手より救ひ異邦人と孤子と嫠婦をなやまし虐ぐる勿れまた此處に無辜の血を流す勿れ
যিহোৱাই এইদৰে কৈছে: “তোমালোকে ন্যায় বিচাৰ আৰু ধাৰ্মিকতা সিদ্ধ কৰা আৰু অপহাৰিত জনাক উপদ্ৰৱকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰা; বিদেশী, পিতৃহীন বা বিধৱাক অপকাৰ আৰু অত্যাচাৰ নকৰিবা নাইবা এই ঠাইত নিৰ্দ্দোষীৰ ৰক্তপাত নকৰিবা।
4 汝らもし此言を眞に行はばダビデの位に坐する王とその臣および其民は車と馬に乗てこの室の門にいることをえん
কিয়নো, তোমালোকে যদি এই কথা যত্নেৰে পালন কৰা, তেন্তে দায়ুদৰ সিংহাসনত বহোঁতা ৰজাসকলে ৰথত আৰু ঘোঁৰাত উঠি প্ৰতিজনে মন্ত্ৰী আৰু প্ৰজাৰে সৈতে এই গৃহৰ দুৱাৰবোৰেদি সোমাব!
5 然ど汝らもし此言を聽ずばわれ自己を指して誓ふ此室は荒地となるべしとヱホバいひたまふ
কিন্তু তোমালোকে যদি এইবোৰ বাক্য নুশুনা,” তেন্তে যিহোৱাই কৈছে, “মই মোৰ নামেৰে শপত খাই কৈছোঁ, তেনেহ’লে এই গৃহ উচ্ছন্ন ঠাই হব।
6 ヱホバ、ユダの王の家につきてかく曰たまふ汝は我におけることギレアデのごとくレバノンの巓のごとし然どわれかならず汝を荒野となし人の住はざる邑となさん
কিয়নো যিহোৱাই যিহূদাৰ ৰাজগৃহৰ বিষয়ে এই কথা কৈছে: ‘তুমি মোৰ বিবেচনাত গিলিয়দ আৰু লিবানোনৰ ওখ ভাগৰ দৰে হলেও, নিশ্চয়ে মই তোমাক মৰুভূমিত, আৰু নিবাসী নোহোৱা নগৰবোৰৰ দৰে কৰিম।
7 われ破壞者をまふけて汝を攻めしめん彼ら各人その武器を執り汝の美しき香柏を斫てこれを火に投いれん
আৰু মই তোমাৰ অহিতে নিজ নিজ অস্ত্ৰেৰে সৈতে বিনাশক লোকসকল যুগুত কৰিম তেওঁ লোকে তোমাৰ উত্তম উত্তম গছবোৰ কাটি জুইত পেলাই দিব।
8 多の國の人此邑をすぎ互に語てヱホバ何なれば此大なる邑にかく爲せしやといはんに
আৰু অনেক জাতিয়ে এই নগৰৰ ওচৰেদি যাওঁতে ইজনে সিজনক কব, “যিহোৱাই এই মহানগৰলৈ কিয় এনে ব্যৱহাৰ কৰিলে?”
9 人こたへて是は彼等其神ヱホバの契約をすてて他の神を拜し之に奉へしに由なりといはん
তেতিয়া তেওঁলোকে উত্তৰ কৰিব, “কাৰণ ইয়াৰ লোকসকলে ঈশ্বৰ যিহোৱাৰ নিয়মটি ত্যাগ কৰি ইতৰ দেৱতাবোৰৰ আগত প্ৰণিপাত কৰিছিল, আৰু সেইবোৰক সেৱাপূজা কৰিছিল।”
10 死者の爲に泣くことなくまた之が爲に嗟くこと勿れ寧擄へ移されし者の爲にいたく嗟くべし彼は再び歸てその故園を見ざるべければなり
১০তোমালোকে মৃত জনৰ বাবে নাকান্দিবা, আৰু সেইজনৰ বাবে বিলাপ নকৰিবা; কিন্তু দূৰলৈ যোৱা মানুহজনৰ নিমিত্তে বৰকৈ ক্ৰন্দন কৰা, কিয়নো তেওঁ আৰু উলটি নাহিব, বা নিজৰ জন্ম দেশ আৰু নেদেখিব’”।”
11 ユダの王ヨシヤの子シヤルム即ちその父に繼で王となりて遂に此處をいでたる者につきてヱホバかくいひたまへり彼は再び此處に歸らじ
১১কাৰণ, যিহূদাৰ যোচিয়া ৰজাৰ পুতেক যি চল্লুম তেওঁৰ পিতৃ যোচিয়াৰ পদত ৰজা হৈছিল, আৰু এই ঠাইৰ পৰা গল, তেওঁৰ বিষয়ে যিহোৱাই এইদৰে কৈছে, তেওঁ এই ঠাইলৈ আৰু উলটি নাহিব;
12 彼はその移されし處に死んふたたび此地を見ざるべし
১২কিন্তু তেওঁলোকে যি ঠাইলৈ তেওঁক বন্দী কৰি নিলে, সেই ঠাইতে মৰিব, এই দেশ আৰু নেদেখিব।”
13 不義をもて其室をつくり不法をもて其樓を造り其隣人を傭て何をも與へず其價を拂はざる者は禍なるかな
১৩যি জনে অধৰ্মৰ দ্বাৰাই নিজ গৃহ, আৰু অন্যায়ৰ দ্বাৰাই নিজৰ ওপৰ-কোঁঠালি সাজে, যি জনে বেচ নিদিয়াকৈ নিজৰ ওচৰ-চুবুৰীয়াক বন্দী-কাম কৰোৱায়, আৰু তাৰ শ্ৰমৰ ফল তাক নিদিয়ে।
14 彼いふ我己の爲に廣厦と涼しき樓をつくり又己の爲に窓を造り香柏をもて之を蔽ひ赤く之を塗んと
১৪যিজনে নিজৰ বাবে এটা ডাঙৰ ঘৰ, আৰু বহল ওপৰ-কোঁঠালি সাজোঁ বুলি কয়, আৰু নিজৰ বাবে খিড়িকি দুৱাৰ কাটে, আৰু ভিতৰ ফালে ওপৰত এৰচ কাঠ লগায়, আৰু সেন্দুৰ বৰণীয়া ৰং দিয়ে, তাৰ সন্তাপ হব।”
15 汝香柏を爭ひもちふるによりて王たるを得るか汝の父は食飮せざりしや公義と公道を行ひて福を得ざりしや
১৫এৰচ কাঠৰ কথাত জিকিবলৈ চেষ্টা কৰাৰ কাৰণে জানো তুমি ৰাজত্ব কৰি থাকিবা? তোমাৰ পিতৃয়ে জানো ভোজন-পান কৰা আৰু বিচাৰ ও ন্যায় সিদ্ধ কৰা নাছিল? তাতে তেওঁৰ মঙ্গল হৈছিল।
16 彼は貧者と患艱者の訟を理して祥をえたりかく爲すは我を識ことに非ずやとヱホバいひ給ふ
১৬তেওঁ দুখী-দৰিদ্ৰৰ বিচাৰ কৰাতে তেওঁৰ মঙ্গল হৈছিল; যিহোৱাই কৈছে, মোক জনাৰ প্ৰমাণ এয়ে নাছিল নে?
17 然ど汝の目と心は惟貪をなさんとし無辜の血を流さんとし虐遇と暴逆をなさんとするのみ
১৭কিন্তু তোমাৰ চকু আৰু মন; নিজৰ লাভ বিচৰাত বাজে, আৰু নিৰ্দ্দোষীত ৰক্তপাত কৰাত, আৰু আনক উপদ্ৰৱ ও অত্যাচাৰ কৰাত বাজে আন একোতো নালাগে।
18 故にヱホバ、ユダの王のヨシヤの子ヱホヤキムにつきてかく曰たまふ衆人は哀しいかな我兄かなしいかな我姊といひて嗟かず又哀しいかな主よ哀しいかな其榮と曰て嗟かじ
১৮এই হেতুকে যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ বিষয়ে যিহোৱাই এইদৰে কৈছে: “হায় হায় মোৰ ভাই! বা হায় হায় মোৰ ভগ্নী!” এই বুলি লোকে তেওঁৰ বিষয়ে বিলাপ নকৰিব; আৰু হায় হায় মোৰ প্ৰভু, বা “হায় হায় তেওঁৰ গৌৰৱ, এনে বুলি বিলাপ নকৰিব!”
19 彼は驢馬を埋るがごとく埋られん即ち曳れてヱルサレムの門の外に投棄らるべし
১৯লোকে তেওঁক টানি নি যিৰূচালেমৰ দুৱাৰৰ বাহিৰে দূৰত পেলাই দি গাধ পোতাৰ দৰে পুতিব।
20 汝レバノンに登りて呼ばはりバシヤンに汝の聲を揚げアバリムより呼はれ其は汝の愛する者悉く滅されたればなり
২০তুমি লিবানোনত উঠি চিঞৰা; আৰু বাচানত বৰকৈ মাতা, আৰু অবাৰীমৰ পৰা চিঞৰা, কিয়নো তোমাক প্ৰেম কৰোঁতা আটাইবিলাক বিনষ্ট হল।
21 汝の平康なる時我汝に語しかども汝は我にきかじといへり汝いとけなき時よりわが聲を聽ずこれ汝の故習なり
২১তোমাৰ মঙ্গলৰ সময়ত মই তোমাক কৈছিলোঁ; কিন্তু তুমি, “মই নুশুনো” বুলি ক’লা। তুমি যে মোৰ বাক্য পালন নকৰা, এয়ে লৰা কালৰে পৰা তোমাৰ দস্তুৰ।
22 汝の牧者はみな風に呑つくされ汝の愛する者はとらへ移されん其時汝はおのれの諸の惡のために痛く恥べし
২২বতাহে তোমাৰ মেৰ-ছাগ ৰখীয়াবোৰক চলাই নিব, তোমাক প্ৰেম কৰা সকলোৱে বন্দী-অৱস্থালৈ যাব। তেতিয়া অৱশ্যে তুমি তোমাৰ দুষ্টতাৰ বাবে লাজ পাবা আৰু বিবৰ্ণ হবা।
23 汝レバノンにすみ巢を香柏につくる者よ汝の劬勞子を產む婦の痛苦のごとくにきたらんとき汝の哀慘はいかにぞや
২৩এৰচ কাঠৰ মাজত নিজৰ বাহ সজা হে লিবানোন-বাসিনী, তেতিয়া যাতনাই, প্ৰসৱকাৰিণীৰ বেদনাৰ দৰে বেদনাই তোমাক আক্ৰমণ কৰিব, তেতিয়া তুমি কিমান বেছিকৈ কৃপাৰ যোগ্য হবা।”
24 ヱホバいひたまふ我は活くユダの王ヱホヤキムの子ヱコニヤは我右の手の指環なれども我これを拔ん
২৪যিহোৱাই কৈছে, “মোৰ জীৱনৰ শপত”, “যিহূদাৰ ৰজা যিহোয়াকীমৰ পুত্ৰ কনিয়া মোৰ সোঁ হাতত থকা মোহৰৰ দৰে হলেও, মই তোমাক তাৰ পৰা খহাই পেলাম।
25 われ汝の生命を索る者の手および汝が其面を畏るる者の手すなはちバビロンの王ネブカデネザルの手とカルデヤ人の手に汝を付さん
২৫আৰু মই তোমাক তোমাৰ প্ৰাণ বিচৰাবোৰৰ হাতত, আৰু তুমি ভয় কৰাবোৰৰ হাতত, এনে কি, বাবিলৰ ৰজা নবূখদনেচৰৰ আৰু কলদীয়াসকলৰ হাতত শোধাই দিম।
26 われ汝と汝を生し母を汝等がうまれざりし他の地に逐やらん汝ら彼處に死べし
২৬তোমাক আৰু তোমাক জন্মোৱা মাতৃক, তোমালোক নজনা আন দেশত পেলাই দিম। সেই ঠাইতে তোমালোক মৰিবা।
27 彼らの靈魂のいたく歸らんことを願ふところの地に彼らは歸ることをえず
২৭তেওঁলোকৰ মনে যি দেশলৈ আহিবলৈ হাবিয়াহ কৰে, সেই দেশলৈ তেওঁলোক উলটি নাহিব।
28 この人ヱコニヤは賤しむべき壞れたる器ならんや好ましからざる器具ならんや如何なれば彼と其子孫は逐出されてその識ざる地に投やらるるや
২৮এই পুৰুষ কনিয়া ঘৃনিত ভগ্ন পাত্ৰ নে? ইয়াক আৰু ইয়াৰ বংশক কিয় বাহিৰলৈ পেলোৱা হৈছে? তেওঁলোকে নজনা দেশত এওঁলোকক কিয় পেলোৱা হৈছে?
29 地よ地よ地よヱホバの言をきけ
২৯হে পৃথিৱী, হে পৃথিৱী, হে পৃথিৱী! যিহোৱাৰ বাক্য শুনা। যিহোৱাই এইদৰে কৈছে, “তোমালোকে এই মানুহ সন্তানহীন বুলি, ইয়াৰ দিনত উন্নতি কৰিব নোৱাৰা মানুহ বুলি লিখা।
30 ヱホバかくいひたまふこの人を子なくして其生命の中に榮えざる人と錄せそはその子孫のうちに榮えてダビデの位に坐しユダを治る人かさねてなかるべければなり
৩০কিয়নো ইয়াৰ বংশৰ কোনো মানুহ দায়ুদৰ সিংহাসনত বহিবলৈ, আৰু যিহূদাত শাসন কৰিবলৈ, কৃতকাৰ্য্য নহব।”

< エレミヤ書 22 >