< イザヤ書 60 >

1 起よひかりを發て なんぢの光きたりヱホバの榮光なんぢのうへに照出たればなり
উঠা, দীপ্তি দিয়া; কিয়নো তোমাৰ পোহৰ আহিছে, আৰু যিহোৱাৰ গৌৰৱ তোমাৰ ওপৰত উদয় হৈছে।
2 視よくらきは地をおほひ闇はもろもろの民をおほはん されど汝の上にはヱホバ照出たまひてその榮光なんぢのうへに顯はるべし
কাৰণ চোৱা, আন্ধাৰে পৃথিৱী ঢাকিব, আৰু ঘোৰ অন্ধকাৰে লোক সমূহক ঢাকিব; কিন্তু যিহোৱা তোমাৰ ওপৰত উদয় হ’ব, আৰু তোমাৰ ওপৰত তেওঁৰ গৌৰৱ প্ৰকাশিত হ’ব।
3 もろもろの國はなんぢの光にゆき もろもろの王はてり出るなんぢが光輝にゆかん
লোক সমূহ তোমাৰ পোহৰৰ ওচৰলৈ আহিব, আৰু ৰজাসকলে তোমাৰ উদয় হোৱা দীপ্তিৰ ওচৰলৈ আহিব।
4 なんぢの目をあげて環視せ かれらは皆つどひて汝にきたり 汝の子輩はとほきより來り なんぢの女輩はいだかれて來らん
তুমি চকু ফুৰাই চাৰিওফালে চোৱা; তেওঁলোক সকলোৱে গোট খাই তোমাৰ ওচৰ চাপিছে; তোমাৰ পুত্ৰসকল দূৰৰ পৰা আহিছে আৰু তোমাৰ জীয়েকসকলক বাহুত বুকি অনা হৈছে।
5 そのときなんぢ視てよろこびの光をあらはし なんぢの心おどろきあやしみ且ひろらかになるべし そは海の富はうつりて汝につき もろもろの國の貨財はなんぢに來るべければなり
সেই কালত তুমি দেখি প্ৰফুল্লিত হ’বা, আৰু তোমাৰ হৃদয় আনন্দেৰে উপচি পৰিব, কাৰণ সমুদ্ৰৰ প্ৰচুৰ ধন তোমাক দিয়া যাব আৰু লোকসকলৰ সম্পত্তি তোমাৰ ওচৰলৈ আহিব।
6 おほくの駱駝ミデアンおよびエバのわかき駱駝なんぢの中にあまねくみち シバのもろもろの人こがね乳香をたづさへきたりてヱホバの譽をのべつたへん
উটসমূহে, মিদিয়ন আৰু ঐফাৰ ডেকা উটবোৰে তোমাক ঢাকি পেলাব; সেই আটাইবোৰ চিবাৰ পৰা আহিব; সেইবোৰে সোণ আৰু কুন্দুৰু বৈ আনিব, আৰু যিহোৱাৰ প্ৰশংসা গীত গাব।
7 ケダルのひつじの群はみな汝にあつまりきたり ネバヨテの牡羊はなんぢに事へ わが祭壇のうへにのぼりて受納られん 斯てわれわが榮光の家をかがやかすべし
কেদৰৰ আটাই মেৰ-ছাগৰ জাক তোমাৰ ওচৰত গোট খাব আৰু নবায়োতৰ মতা মেৰ-ছাগবোৰে তোমাৰ পৰিচৰ্যা কৰিব; সেইবোৰ গ্ৰহণীয় হৈ মোৰ যজ্ঞ-বেদিত উঠিব, আৰু মোৰ গৌৰৱযুক্ত গৃহ মই গৌৰৱান্বিত কৰিম।
8 雲のごとくにとび鳩のその窠にとびかへるが如くしてきたる者はたれぞ
মেঘৰ দৰে আৰু নিজৰ বাহৰ সোমোৱা বাটলৈ অহা কপৌৰ দৰে উড়ি অহা এওঁলোক কোন?
9 もろもろの島はわれを俟望み タルシシのふねは首先になんぢの子輩をとほきより載きたり 並かれらの金銀をともにのせきたりてなんぢの神ヱホバの名にささげ イスラエルの聖者にささげん ヱホバなんぢを輝かせたまひたればなり
নিশ্চয়ে দ্বীপবোৰে মোলৈ অপেক্ষা কৰিব; তোমাৰ পুত্রসকলক তেওঁলোকৰ ৰূপৰ আৰু সোণৰ সৈতে দূৰৰ পৰা আনিবলৈ, ঈশ্বৰ যিহোৱাই, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাই তোমাক গৌৰৱান্বিত কৰাৰ কাৰণে, তৰ্চীচৰ জাহাজ আগ হ’ব।
10 異邦人はなんぢの石垣をきづき かれらの王等はなんぢに事へん そは我いかりて汝をうちしかどまた惠をもて汝を憐みたればなり
১০বিদেশী লোকসকলে দেৱাল পুনৰায় নিৰ্মাণ কৰিব, আৰু তেওঁলোকৰ ৰজাসকলে তোমাৰ পৰিচৰ্যা কৰিব; কিয়নো মই যেনেকৈ তোমাক ক্রোধত দণ্ড দিলোঁ, তেনেকৈ অনুগ্ৰহত তোমালৈ দয়াও কৰিলোঁ।
11 なんぢの門はつねに開きて夜も日もとざすことなし こは人もろもろの國の貨財をなんぢに携へきたり その王等をひきゐ來らんがためなり
১১লোকসকলে যেন জাতি সমূহৰ ধন-সম্পত্তি আৰু বন্দি কৰি অনাসকলৰ ৰজাসকলক তোমাৰ ভিতৰলৈ আনিব পাৰে, সেই বাবে তোমাৰ দুৱাৰবোৰ সদায় মেলা হৈ থাকিব, দিন বা ৰাতি কেতিয়াও বন্ধ কৰা নহ’ব।
12 なんぢに事へざる國と民とはほろび そのくにぐには全くあれすたるべし
১২কিয়নো যি জাতি আৰু যি ৰাজ্যই তোমাৰ বশ্যতা স্বীকাৰ নকৰিব, সেই উভয়েই সম্পূৰ্ণ বিনষ্ট হ’ব;
13 レバノンの榮はなんぢにきたり 松 杉 黄楊はみな共にきたりて我が聖所をかがやかさん われ亦わが足をおく所をたふとくすべし
১৩লিবানোনৰ গৌৰৱ তোমালৈ আহিব; দেৱদাৰু, তিধৰ, আৰু তাচুৰ গছ একেলগে, মোৰ পবিত্ৰ স্থান ভূষিত কৰিবৰ অৰ্থে আহিব; আৰু মই মোৰ চৰণ থোৱা ঠাই প্ৰতাপযুক্ত কৰিম।
14 汝を苦しめたるものの子輩はかがみて汝にきたり 汝をさげしめたる者はことごとくなんぢの足下にふし 斯て汝をヱホバの都イスラエルの聖者のシオンととなへん
১৪তেওঁলোক তোমাক প্রণিপাত কৰিবলৈ আহিব, তোমাক কষ্ট দিয়াসকলৰ সন্তানবোৰ মূৰ দোঁৱাই তোমাৰ চৰণত পৰি প্রণিপাত কৰিব, তেওঁলোকে তোমাক যিহোৱাৰ নগৰ, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ চিয়োন বুলি মাতিব।
15 なんぢ前にはすてられ憎まれてその中をすぐる者もなかりしが 今はわれ汝をとこしへの華美よよの歡喜となさん
১৫তুমি এনে পৰিত্যক্তা আৰু ঘৃণিতা থ’লো যে, কোনো পথিক তোমাৰ মাজেদি নাজায়; তাৰ সলনি মই তোমাক চিৰকাল থকা প্ৰশংসাৰ, আৰু পুৰুষানুক্ৰমে আনন্দৰ বিষয় কৰিম।
16 なんぢ亦もろもろの國の乳をすひ王たちの乳房をすひ 而して我ヱホバなんぢの救主なんぢの贖主ヤコブの全能者なるを知るべし
১৬আৰু তুমি জাতি সমূহৰ দুগ্ধ পান কৰিবা, আৰু ৰজাসকলৰ স্তন চুহিবা; তাতে মই যিহোৱা যে তোমাৰ ত্ৰাণকৰ্ত্তা, তোমাৰ মুক্তিদাতা, যাকোবৰ পৰাক্ৰমী জনা, ইয়াক তুমি জানিবা।
17 われ黄金をたづさへきたりて赤銅にかへ 白銀をたづさへきたりて鐵にかへ 赤銅を木にかへ鐵を石にかへ なんぢの施政者をおだやかにし なんぢを役するものを義うせん
১৭মই পিতলৰ সলনি সোণ, লোহাৰ সলনি ৰূপ, কাঠৰ সলনি পিতল, আৰু শিলবোৰৰ সলনি লোহা আনিম; আৰু মই শান্তিক তোমালোকৰ অধ্যক্ষসকলৰ দৰে, আৰু ন্যায়বিচাৰক শাসনকৰ্ত্তাৰ দৰে নিযুক্তি কৰিম।
18 強暴のこと再びなんぢの地にきこえず 殘害と敗壞とはふたたびなんぢの境にきこえず 汝その石垣をすくひととなへ その門を譽ととなへん
১৮তোমাৰ দেশত অত্যাচাৰৰ আৰু তোমাৰ সীমাৰ ভিতৰত বিনষ্ট হোৱাৰ বা ধ্বংসৰ কথা আৰু শুনা নাযাব; কিন্তু তুমি তোমাৰ দেৱালৰ নাম পৰিত্ৰাণ, আৰু তোমাৰ দুৱাৰৰ নাম প্ৰশংসা ৰাখিবা।
19 晝は日ふたたびなんぢの光とならず 月もまた輝きてなんぢを照さず ヱホバ永遠になんぢの光となり なんぢの神はなんぢの榮となり給はん
১৯দিনত সূৰ্য তোমাৰ দীপ্তি আৰু নহ’ব, আৰু পোহৰৰ অৰ্থে চন্দ্ৰই তোমাক জোনাক নিদিব; কিন্তু যিহোৱায়েই তোমাৰ অনন্তকলীয়া জ্যোতি, আৰু তোমাৰ ঈশ্বৰেই তোমাৰ ভূষণস্বৰূপ হ’ব।
20 なんぢの日はふたたび落ず なんぢの月はかくることなかるべし そはヱホバ永遠になんぢの光となり 汝のかなしみの日畢るべければなり
২০তোমাৰ সূৰ্য আৰু অস্ত নাযাব, তোমাৰ চন্দ্ৰও আৰু মাৰ নাযাব, কিয়নো যিহোৱা তোমাৰ অনন্তকলীয়া জ্যোতি হ’ব, আৰু তোমাৰ শোকৰ দিন সমাপ্ত হ’ব।
21 汝の民はことごとく義者となりてとこしへに地を嗣ん かれはわが植たる樹株わが手の工わが榮光をあらはす者となるべし
২১মই গৌৰৱান্বিত হ’বলৈ মই ৰোৱা গছৰ পোখা আৰু মোৰ হাতে কৰা কৰ্মস্বৰূপ যি তোমাৰ লোক সকলোৱেই ধাৰ্মিক হ’ব; তেওঁলোকে অনন্ত কাললৈকে দেশ অধিকাৰ কৰিব।
22 その小きものは千となり その弱きものは強國となるべし われヱホバその時いたらば速かにこの事をなさん
২২যি সৰু সি হাজাৰ হৈ উঠিব; সৰু জাতি বৃহৎ হ’ব; মই যিহোৱাই উচিত সময়ত ইয়াক সাম্ফল কৰিবলৈ বেগী হম।

< イザヤ書 60 >