< イザヤ書 6 >

1 ウジヤ王のしにたる年われ高くあがれる御座にヱホバの坐し給ふを見しにその衣裾は殿にみちたり
উজ্জিয়া ৰজা মৃত্যু হোৱা বছৰত, মই প্ৰভুক উচ্চ আৰু উন্নত সিংহাসনত বহি থকা দেখিলোঁ; তেওঁৰ ৰাজবস্ত্ৰ চোলাৰ পাতলিয়ে গোটেই মন্দিৰ জুৰি লৈছিল।
2 セラピムその上にたつ おのおの六の翼あり その二をもて面をおほひ その二をもて足をおほひ 其二をもて飛翔り
তেওঁৰ ওপৰত চিৰাফসকল থিয় হৈ আছিল; তেওঁলোক প্ৰতিজনৰ ছয়খনকৈ ডেউকা আছিল; তাৰ দুখনেৰে নিজৰ মুখ, দুখনেৰে নিজৰ চৰণ ঢাকে, আৰু দুখনেৰে উৰি যায়।
3 たがひに呼いひけるは聖なるかな聖なるかな聖なるかな萬軍のヱホバ その榮光は全地にみつ
প্রতিজনে আন জনক মাতি ক’লে, “পবিত্ৰ, পবিত্ৰ, পবিত্ৰ, বাহিনীসকলৰ যিহোৱা! সমগ্র পৃথিৱী তেওঁৰ মহিমাৰে পৰিপূৰ্ণ।”
4 斯よばはる者の聲によりて閾のもとゐ搖うごき家のうちに煙みちたり
আটাহ পাৰা সকলৰ মাতত দুৱাৰ আৰু প্রবেশস্থল কঁপিবলৈ ধৰিছে, আৰু গৃহটি ধোঁৱাৰে পৰিপূৰ্ণ হৈছে।
5 このとき我いへり 禍ひなるかな我ほろびなん 我はけがれたる唇の民のなかにすみて穢たるくちびるの者なるに わが眼ばんぐんのヱホバにまします王を見まつればなりと
মই তেতিয়া কলোঁ, মোৰ সন্তাপ হওক! কিয়নো মই দণ্ডপ্রাপ্ত হৈছোঁ, কাৰণ মই অশুচি ওঠৰ মানুহ, আৰু মই অশুচি ওঁঠৰ মানুহৰ মাজত বাস কৰিছোঁ; কাৰণ মই নিজৰ চকুৰে ৰজা, যিহোৱা, বাহিনীসকলৰ যিহোৱাক দেখিছোঁ।
6 爰にかのセラピムのひとり鉗をもて壇の上よりとりたる熱炭を手にたづさへて我にとびきたり
তাৰ পাছত সেই চিৰাফসকলৰ মাজৰ এজনে যজ্ঞবেদিৰ পৰা চেপেনাৰে এটুকুৰা জ্বলি থকা আঙঠা হাতত লৈ মোৰ ওচৰলৈ উড়ি আহিল।
7 わが口に觸ていひけるは 視よこの火なんぢの唇にふれたれば旣になんぢの惡はのぞかれ なんぢの罪はきよめられたりと
তেওঁ তাৰে মোৰ মুখত স্পৰ্শ কৰি ক’লে, “চোৱা, ই তোমাৰ ওঁঠত স্পৰ্শ কৰিছে; তোমাৰ অপৰাধ গুচোৱা হ’ল, আৰু তোমাৰ পাপ প্ৰায়শ্চিত্ত হ’ল।”
8 我またヱホバの聲をきく曰く われ誰をつかはさん誰かわれらのために往べきかと そのとき我いひけるはわれ此にあり我をつかはしたまへ
মই প্ৰভুৰ মাতে কোৱা শুনিলো, “মই কাক পঠিয়াম, আমাৰ কাৰণে কোন যাব?” তেতিয়া মই ক’লো, “মই ইয়াত আছোঁ, মোক পঠাওক।”
9 ヱホバいひたまはく往てこの民にかくのごとく告よ なんぢら聞てきけよ然どさとらざるべし 見てみよ然どしらざるべしと
তেওঁ মোক ক’লে, “যোৱা আৰু সেই লোকসকলক কোৱা, ‘তোমালোক শুনা, কিন্তু বুজি নোপোৱা; চোৱা, কিন্তু উপলদ্ধি কৰিব নোৱাৰা।
10 なんぢこの民のこころを鈍くしその耳をものうくし その眼をおほへ 恐らくは彼らその眼にて見その耳にてきき その心にてさとり翻へりて醫さるることあらん
১০এই লোকসকলৰ অন্তৰ অনুভুতিহীন কৰা, তেওঁলোকৰ কাণ কলা কৰা, আৰু তেওঁলোকৰ চকু অন্ধ কৰা; সেয়ে তেওঁলোকে চকুৰে নেদেখিব, কাণেৰে নুশুনিব, আৰু অন্তৰেৰে বুজি নাপাব, আৰু তেতিয়াহে পুনৰ ঘুৰি আহিব, আৰু সুস্থ হ’ব।”
11 ここに我いひけるは 主よいつまで如此あらんか 主こたへたまはく 邑はあれすたれて住むものなく 家に人なく 邦ことごとく荒土となり
১১তেতিয়া মই সুধিলোঁ, “হে প্ৰভু, কিমান সময়?” তেওঁ উত্তৰ দিলে, যেতিয়ালৈকে নগৰবোৰ ধ্বংস হয়, এটাও প্রাণী নাবাচে, আৰু ঘৰবোৰ মানুহ নোহোৱাকৈ উচ্ছন্ন নহ’ব, আৰু দেশ জনশূন্য হোৱা জাবৰৰ দ্বৰে নহয়,
12 人々ヱホバに遠方までうつされ 廢りたるところ國中におほくならん時まで 如此あるべし
১২যিহোৱাই যেতিয়ালৈকে লোকসকলক বহু দূৰলৈ নপঠিয়াই, আৰু দেশ নিৰ্জনতাৰে পৰিত্যক্ত নহ’ব।
13 そのなかに十分の一のこる者あれども此もまた呑つくされん されど聖裔のこりてこの地の根となるべし彼のテレビントまたは橿樹がきらるることありともその根ののこるがごとし
১৩যদিও তাত দহ ভাগৰ এভাগ লোক অৱশিষ্ট থাকিব, তথাপি পুনৰায় তাক ধ্বংস কৰা হ’ব; যি দৰে এলা আৰু ওক গছ কটা হ’য়, কিন্তু তাৰ গছৰ গুৰি অৱশিষ্ট থাকে, পবিত্ৰ বীজ তাৰ গছৰ গুৰিত থাকি যায়।”

< イザヤ書 6 >