< イザヤ書 51 >

1 義をおひ求めヱホバを尋ねもとむるものよ我にきけ なんぢらが斫出されたる磐となんぢらの掘出されたる穴とをおもひ見よ
তোমালোক যি জনে ধাৰ্মিকতাত চলা, যি জনে যিহোৱাক বিচাৰা, মোৰ কথা শুনা: তোমালোকক যি শিলৰ পৰা কটা আৰু যি গাতৰ পৰা খন্দা হৈছিল, তালৈ দৃষ্টি কৰা।
2 なんぢらの父アブラハム及びなんぢらを生たるサラをおもひ見よ われ彼をその唯一人なりしときに召しこれを祝してその子孫をまし加へたり
তোমালোকৰ পূর্বপুৰুষ অব্ৰাহাম আৰু তোমালোকৰ প্ৰসৱকাৰিণী চাৰালৈ দৃষ্টি কৰা; কাৰণ তেওঁ যেতিয়া অকলশৰীয়া ব্যক্তি আছিল, তেতিয়া মই তেওঁক মাতি আশীৰ্ব্বাদ দি বহুবংশ কৰিলোঁ।
3 そはヱホバ、シオンを慰め またその凡てあれたる所をなぐさめて その荒野をエデンのごとくその沙漠をヱホバの園のごとくなしたまへり 斯てその中によろこびと歡樂とあり感謝とうたうたふ聲とありてきこゆ
হ’য় যিহোৱাই চিয়োনক শান্ত্বনা দিব, তেওঁ সকলো উচ্ছন্ন ঠাইক শান্ত্বনা দিব; তাৰ জনবসতিহীন ঠাইবোৰ এদনৰ দৰে, আৰু জর্দন নদীৰ উপত্যকাৰ কাষৰ সমতল মৰুভূমি যিহোৱাৰ উদ্যানৰ দৰে কৰিলে; তাত আনন্দ আৰু উল্লাস, ঈশ্বৰক ধন্যবাদ জ্ঞাপন, আৰু স্তুতি-গীতৰ ধ্বনি পোৱা যাব।
4 わが民よわが言にこころをとめよ わが國人よわれに耳をかたぶけよ 律法はわれより出づ われわが途をかたく定めてもろもろの民の光となさん
“হে মোৰ লোকসকল, মোলৈ মনোযোগ দিয়া, আৰু মোৰ কথা শুনা! কাৰণ মই এক বিধান প্ৰকাশ কৰিম, আৰু জাতিবোৰৰ কাৰণে পোহৰ হবলৈ মোৰ ন্যায় বিচাৰ স্থাপন কৰিম।
5 わが義はちかづきわが救はすでに出たり わが臂はもろもろの民をさばかん もろもろの島はわれを俟望み わがかひなに依賴ん
মোৰ ধাৰ্মিকতা ওচৰ হ’য়, মোৰ পৰিত্ৰাণ ওলায় যাব, আৰু মোৰ বাহুৱে জাতিবোৰৰ বিচাৰ কৰিব; উপকূলভূমিয়ে মোলৈ বাট চাব, আৰু মোৰ বাহুবলৰ কাৰণ আগ্রহেৰে বাট চাব।
6 なんぢら目をあげて天を觀また下なる地をみよ 天は烟のごとくきえ地は衣のごとくふるびその中にすむ者これとひとしく死ん されどわが救はとこしへにながらへ わが義はくだくることなし
তোমালোকে আকাশলৈ চকু তুলি চোৱা, আৰু তলত থকা পৃথিবীলৈ দৃষ্টি কৰা; কাৰণ আকাশ-মণ্ডল ধোঁৱাৰ দৰে অদৃশ্য হ’ব, পৃথিৱী কাপোৰৰ দৰে ক্ষয় হ’ব, আৰু তাৰ নিবাসীসকল মাখিৰ দৰে মৰিব। কিন্তু মোৰ পৰিত্ৰাণ অনন্তকাললৈ অবিৰাম চলি থাকিব, আৰু মোৰ ধাৰ্মিকতাই কেতিয়াও কাম কৰা বন্ধ নকৰিব।
7 義をしるものよ心のうちにわが律法をたもつ民よ われにきけ 人のそしりをおそるるなかれ人のののしりに慴くなかれ
তোমালোক যিসকলে সত্য কি জানা, মোৰ বিধান তোমালোকৰ হৃদয়ত ধৰি ৰখা লোকসকল, মোৰ কথা শুনা: মানুহৰ অপমানলৈ ভয় নকৰিবা, নাইবা তেওঁলোকৰ অপব্যৱহাৰত হতাশ নহবা।
8 そはかれら衣のごとく蠧にはまれ羊の毛のごとく蟲にはまれん されどわが義はとこしへに存らへ わがすくひ萬代におよぶべし
কাৰণ কাপোৰ খোৱা পোকে কাপোৰ খোৱাৰ দৰে তেওঁলোকক খাব, আৰু পোকে ঊল খোৱাৰ দৰে তেওঁলোকক খাব; কিন্তু মোৰ ধাৰ্মিকতা অনন্তকালৰ বাবে হব, আৰু মোৰ পৰিত্ৰাণ পুৰুষানুক্ৰমে থাকিব।”
9 さめよ醒よヱホバの臂よちからを着よ さめて古への時むかしの代にありし如くなれ ラハブをきりころし鱷をさしつらぬきたるは汝にあらずや
সজাগ হোৱা, সজাগ হোৱা, যিহোৱাৰ বাহু-বল আৰু শক্তিৰে তোমালোকে নিজকে আবৃত কৰা। প্ৰাচীন কালৰ প্রজন্মসকল, পুৰনি দিনৰ দৰে সজাগ হোৱা। সাগৰৰ ৰাক্ষসক গুৰি কৰা আৰু ৰাহাবক খোচা জন আপুনিয়ে নে?
10 海をかわかし大なる淵の水をかわかし また海のふかきところを贖はれたる人のすぐべき路となししは汝にあらずや
১০সাগৰক, মহাজল সমূহক আপুনিয়ে শুকুউৱাই, মুক্তসকলক পাৰ হৈ যাবৰ বাবে অগাধ সাগৰক পথ কৰা জন আপুনিয়ে নহয়নে?
11 ヱホバに贖ひすくはれしもの歌うたひつつ歸りてシオンにきたり その首にとこしへの歡喜をいただきて快樂とよろこびとをえん 而してかなしみと歎息とはにげさるべし
১১যিহোৱাই মুক্তিপণ দিয়াসকল ঘুৰি আহিব, আৰু আনন্দ-গানেৰে চিয়োনলৈ আহিব; তেওঁলোকৰ মূৰ সদাকালৰ বাবে আনন্দেৰে পৰিপূৰ্ণ হ’ব; উল্লাস আৰু আনন্দ হব, দু: খ আৰু শোক দূৰ হ’ব।
12 我こそ我なんぢらを慰むれ 汝いかなる者なれば死べき人をおそれ草の如くなるべき人の子をおそるるか
১২মই, ময়েই যিজনে তোমালোকক শান্ত্বনা দিওঁ; তোমালোকে কিয় মানুহলৈ ভয় কৰা, কাৰ মৃত্যু হ’ব, মানুহৰ পুত্রৰ, কোনে তোমালোকক তৃণৰ দৰে সৃষ্টি কৰিলে?
13 いかなれば天をのべ地の基をすゑ汝をつくりたまへるヱホバを忘れしや 何なれば汝をほろぼさんとて豫備する虐ぐるものの憤れるをみて常にひねもす懼るるか 虐ぐるものの忿恚はいづこにありや
১৩যি জনাই আকাশ-মণ্ডল বিস্তাৰ কৰিলে, আৰু পৃথিবীৰ মূল স্থাপন কৰিলে, তোমালোকৰ সেই নিৰ্ম্মাণকৰ্ত্তা যিহোৱাক কিয় পাহৰিছা? কাৰণ যেতিয়া অতি ক্রোধত অত্যাচাৰীয়ে ধ্বংস কৰিবলৈ সিদ্ধান্ত লয়, তেতিয়া প্রতিদিনে তোমালোক অবিৰাম ভাবে আতঙ্কত থাকা। সেই অত্যাচাৰীবোৰৰ ক্ৰোধ ক’ত?
14 身をかがめゐる俘囚はすみやかに解れて 死ることなく穴にくだることなく その食はつくること無るべし
১৪যিজন লোক নম্র হ’ব, যিহোৱাই তেওঁক মুকলি কৰিবলৈ খৰধৰ কৰিব; তেওঁৰ মৃত্যু নহব আৰু নৰকলৈ নাযাব; অথবা তেওঁৰ আহাৰৰ অভাৱ নহব।
15 我は海をふるはせ波をなりどよめかする汝の神ヱホバなり その御名を萬軍のヱホバといふ
১৫কাৰণ মই তোমালোকৰ ঈশ্বৰ যিহোৱা, যি জনাই ঢৌবোৰে গর্জ্জন কৰিবৰ বাবে, সাগৰক আন্দোলিত কৰে, তেওঁৰেই নাম বাহিনীসকলৰ যিহোৱা।
16 我わが言をなんぢの口におきわが手のかげにて汝をおほへり かくてわれ天をうゑ地の基をすゑ シオンにむかひて汝はわが民なりといはん
১৬মই আকাশ-মণ্ডলক স্থাপন কৰিব পাৰোঁ, পৃথিবীৰ আধাৰশিলা স্হাপন কৰোঁ, আৰু চিয়োনক ক’ও ‘তোমালোকেই মোৰ লোকসকল,’ সেই বাবে মোৰ বাক্য তোমালোকৰ মুখত থলোঁ, আৰু মোৰ হাতৰ ছাঁত তোমালোকক ঢাকি ৰাখিলোঁ।”
17 ヱルサレムよさめよさめよ起よ なんぢ前にヱホバの手よりその忿恚のさかづきをうけて飮み よろめかす大杯をのみ且すひほしたり
১৭যিহোৱাৰ হাতৰ পৰা তেওঁৰ ক্ৰোধৰ পান-পাত্ৰ পান কৰা; হে যিৰূচালেম, সজাগ হোৱা, সজাগ হোৱা, ঠিয় হোৱা; তোমালোকে পান-পাত্র পান কৰিছা, ঢলংপলং কৰোঁতা পান-পাত্ৰ, আৰু তোমালোকে তাক উলিয়াইছা।
18 なんぢの生るもろもろの子のなかに汝をみちびく者なく 汝のそだてたるもろもろの子の中にてなんぢの手をたづさふる者なし
১৮তেওঁ জন্ম দিয়া সন্তান সকলৰ মাজৰ কোনো এজন নাই তেওঁক পথ দেখুৱাবলৈ; যিসকল সন্তান তেওঁ ডাঙৰ-দীঘল কৰিলে তেওঁলোকৰ মাজত কোনো এজন নাই তেওঁক হাতত ধৰি নিবলৈ।
19 この二のこと汝にのぞめり誰かなんぢのために歎んや 荒廢の饑饉ほろびの劍なんぢに及べり我いかにして汝をなぐさめんや
১৯এই দুই ঘটনা তোমোলোকলৈ ঘটিল- কোনে তোমালোকৰ বাবে বিলাপ কৰিব?- জনশুণ্য ঠাই আৰু ধ্বংস, আকাল আৰু তৰোৱাল। কোনে তোমালোকক শান্ত্বনা দিব?
20 なんぢの子らは息たえだえにして網にかかれる羚羊のごとくし街衢の口にふす ヱホバの忿恚となんぢの神のせめとはかれらに滿たり
২০জালত পৰা হৰিণৰ দৰে তোমালোকৰ সন্তান সকল অচেতন হ’ল, তেওঁলোক প্ৰত্যেক আলিৰ চুকত পৰি ৰ’ল; তেওঁলোক যিহোৱাৰ ক্ৰোধ আৰু ঈশ্বৰৰ তিৰস্কাৰেৰে পৰিপূৰ্ণ।
21 このゆゑに苦しめるもの酒にあらで酔たるものよ之をきけ
২১নিপীড়িত আৰু মতলীয়া হোৱা জন, কিন্তু দ্ৰাক্ষাৰসেৰে নহয়, এতিয়া এই কথা শুনা:
22 なんぢの主ヱホバおのが民の訟をあげつらひ給ふ なんぢの神かくいひ給ふ 我よろめかす酒杯をなんぢの手より取除き わがいきどほりの大杯をとりのぞきたり 汝ふたたびこれを飮ことあらじ
২২তোমালোকৰ ঈশ্বৰ, তোমালোকৰ প্ৰভু যিহোৱা, যিজনে তেওঁৰ লোকসকলৰ বাবে মিনতি কৰে, তেওঁ এই কথা কৈছে: “চোৱা মই ঢলংপলং কৰা পান-পাত্ৰৰ পৰা তোমালোকৰ হাত ললোঁ, এনে কি, মোৰ ক্ৰোধৰ পান-পাত্ৰৰ পৰাও ললোঁ, তোমালোকে পুনৰ তাক পান নকৰিবা।
23 我これを汝をなやますものの手にわたさん 彼らは曩になんぢの靈魂にむかひて云らく なんぢ伏せよわれら越ゆかんと 而してなんぢその背を地のごとくし衢のごとくし彼等のこえゆくに任せたり
২৩মই তোমালোকৰ উৎপীড়ক জনৰ হাতত তাক দিম; যিসকলে তোমালোকক কৈছিল, ‘উবুৰি হৈ পৰা, যাতে আমি তোমালোকৰ ওপৰেৰে যাব পাৰোঁ,’ আৰু তেওঁলোকে খোজ কাঢ়িব পৰাকৈ তোমালোকৰ পিঠি মাটিৰ দৰে আৰু বাটৰ দৰে কৰা।” আলি স্বৰূপে তোমাৰ পিঠি পাতি দিলা।

< イザヤ書 51 >