< イザヤ書 41 >

1 もろもろの島よわがまへに默せ もろもろの民よあらたなる力をえて近づききたれ 而して語れ われら寄集ひて諭らはん
হে দ্বীপবোৰ, মোৰ আগত নিজম দি শুনা, দেশবাসীয়ে নতুন বল পাওক; তেওঁলোকক ওচৰত আহি কথা পাতিব দিয়া, আহাঁ আমি একে লগে বিবাদৰ বিচাৰলৈ যাওহঁক।
2 たれか東より人をおこししや われは公義をもて之をわが足下に召し その前にもろもろの國を服せしめ また之にもろもろの王ををさめしめ かれらの劍をちりのごとくかれらの弓をふきさらるる藁のごとくならしむ
কোনে পূব দিশত এজনক উত্তেজিত কৰিলে? ধাৰ্মিকতা কাৰ্য কৰিবলৈ কোনে তেওঁক নিজৰ ভৰিৰ ওচৰলৈ মাতিছে? তেওঁ সেই জনৰ আগত দেশবসীক শোধাই দিছে, আৰু তেওঁক ৰজাসকলৰ পৰাভূত কৰাইছে; তেওঁ তেওঁলোকক তৰোৱালেৰে ধুলিৰ দৰে আৰু তেওঁৰ ধনুৰে উৰি যোৱা নৰাৰ দৰে কৰিছে।
3 斯て彼はこれらのものを追 その足いまだ行ざる道をやすらかに過ゆけり
তেওঁ তেওঁলোকৰ পাছে পাছে খেদি গৈছে, আৰু তেওঁ বাটত ভৰি নিদিয়াকৈ নিৰাপদে আগ বাঢ়ি গৈছে।
4 このことは誰がおこなひしや たが成しや たが太初より世々の人をよびいだししや われヱホバなり 我ははじめなり終なり
কোনে সেই কাৰ্য কৰিলে আৰু তাক সিদ্ধও কৰিলে? কোনে আৰম্ভণীৰে পৰা প্রজন্মক উৎপন্ন কৰে? প্ৰথম যি মই, আৰু শেষৰ সঙ্গী যি মই যিহোৱা, ময়েই সেই জনা।
5 もろもろの島はこれを見ておそれ地の極はをののきて寄集ひきたれり
দ্বীপবোৰে দেখি ভয় কৰিলে, পৃথিৱীৰ অন্তবোৰ কঁপিল; সিহঁত ওচৰ চাপি আহিল।
6 かれら互にその隣をたすけ その兄弟にいひけるは なんぢ雄々しかれ
প্ৰতিজনে নিজৰ ওচৰ চুবুৰীয়াক সহায় কৰিলে, আৰু প্রতিজনে ইজনে আন জনক ক’লে, ‘সাহ কৰা।’
7 木匠は鐵工をはげまし鎚をもて平らぐるものは鐵碪をうつものを勵ましていふ 接合せいとよしと また釘をもて堅うして搖くことなからしむ
সেই দৰে বাঢ়ৈয়ে সোণাৰীক, আৰু হাতুৰীৰে কাম কৰা জনক নিয়াৰিত খুন্দা জনক সাহস দিলে। ঢালাই কৰাৰ বিষয়ে ক’লে, এইটো উত্তম; আৰু সি গজাল মাৰি তাক সংলগ্ন কৰিলে যাতে সেইয়া তলত নপৰে।
8 然どわが僕イスラエルよ わが選めるヤコブわが友アブラハムの裔よ
কিন্তু হে মোৰ দাস ইস্ৰায়েল, যাকোব যাক মই মনোনীত কৰিলোঁ, মোৰ বন্ধু অব্ৰাহামৰ সন্তান,
9 われ地のはてより汝をたづさへきたり地のはしよりなんぢを召 かくて汝にいへり 汝はわが僕われ汝をえらみて棄ざりきと
যাক মই পৃথিৱীৰ অন্তৰ পৰা হাতেৰে ধৰি আনিলো, আৰু যাক মই অতি দূৰৰ পৰা মাতিলো আনিলো, যাক মই ক’লো, ‘তুমি মোৰ দাস;’ মই তোমাক মনোনীত কৰিলোঁ আৰু তোমাক ত্যাগ কৰা হোৱা নাই।
10 おそるるなかれ 我なんぢとともにあり 驚くなかれ我なんぢの神なり われなんぢを強くせん 誠になんぢを助けん 誠にわがただしき右手なんぢを支へん
১০ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।
11 視よなんぢにむかひて怒るものはみな恥をえて惶てふためかん なんぢと爭ふものは無もののごとくなりて滅亡せん
১১চোৱা, যিসকলে তোমাৰ বিৰুদ্ধে ক্রোধ কৰিছে, সেই সকলোৱে লাজ পাই বিবৰ্ণ হ’ব; যিসকলে তোমাক প্রতিবাদ কৰে, তেওঁলোক একো নোহোৱা যেন হ’ব, আৰু বিনষ্ট হ’ব;
12 なんぢ尋ぬるとも汝とたたかふ人々にあはざるべし 汝といくさする者はなきものの如くなりて虚しくなるべし
১২যিসকলে তোমাৰ বিৰোধ কৰে, তেওঁলোকক তুমি বিচাৰি নাপাবা; যিসকলে তোমাৰ লগত যুদ্ধ কৰে, তেওঁলোক শূন্য আৰু একো নোহোৱা যেন হ’ব।
13 そは我ヱホバなんぢの神はなんぢの右手をとりて汝にいふ 懼るるなかれ我なんぢを助けんと
১৩কিয়নো তোমাৰ ঈশ্বৰ যিহোৱা যি মই, ময়েই তোমাৰ সোঁ হাতত ধৰোঁ, আৰু কওঁ, ‘ভয় নকৰিবা; ময়েই তোমাক সহায় কৰিম।’
14 またヱホバ宣給ふ なんぢ虫にひとしきヤコブよイスラエルの人よ おそるるなかれ我なんぢをたすけん汝をあがなふものはイスラエルの聖者なり
১৪হে পোক যাকোব, হে ইস্ৰায়েল লোকসকল, ভয় নকৰিবা; যিহোৱাই কৈছে “ময়েই তোমাক সহায় কৰিম” আৰু ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাই তোমাৰ মুক্তিদাতা।
15 視よわれ汝をおほくの鋭歯ある新しき打麥の器となさん なんぢ山をうちて細微にし岡を粃糠のごとくにすべし
১৫চোৱা, মই তোমাক এক নতুন চোকা দাঁত থকা মৰণা মৰা যন্ত্ৰস্বৰূপ কৰিম; তুমি পৰ্ব্বতবোৰ মৰণা মাৰি গুড়ি কৰিবা, আৰু পাহাৰবোৰক তুহঁৰ দৰে কৰিবা।
16 なんぢ簸げば風これを巻さり 狂風これを吹ちらさん 汝はヱホバによりて喜びイスラエルの聖者によりて誇らん
১৬তুমি সেইবোৰক জাৰিবা, আৰু বতাহে সেইবোৰক উড়ুৱাই নিব, আৰু বা’মৰলী বতাহে সেইবোৰক সিঁচৰিত কৰিব; কিন্তু তুমি যিহোৱাত উল্লাস কৰিবা, তুমি ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাত গৌৰৱ কৰিবা।
17 貧しきものと乏しきものと水を求めて水なくその舌かわきて衰ふるとき われヱホバ聽てこたへん 我イスラエルの神かれらを棄ざるなり
১৭দুখী আৰু অভাৱীসকলে পানী বিচাৰে কিন্তু তাত পানী নাই, আৰু তেওঁলোকৰ জিভা পিয়াহতে শুকাই যায়; মই যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনাৰ শুনিম, মই ইস্ৰায়েলৰ ঈশ্বৰ তেওঁলোকক ত্যাগ নকৰিম।
18 われ河をかぶろの山にひらき泉を谷のなかにいだし また荒野を池となし乾ける地を水の源と變ん
১৮মই এঢলীয়া স্থানৰ পৰা তললৈ যোৱাকৈ নদীবোৰ, আৰু উপত্যকাৰ মাজত ভুমুকবোৰ উলিয়াম; মই মৰুভূমিক এক জলাশয় কৰিম, আৰু খৰাং মাটিক ভুমুকেৰে পৰিপূৰ্ণ কৰিম।
19 我あれのに香柏 合歎樹 もちの樹 および油の樹をうゑ沙漠に松 杉 及び黄楊をともに置ん
১৯মই অৰণ্যত বনৰীয়া এৰচ, বাবল, মেন্দি আৰু জলফাই গছ ৰুম; আৰু মৰুভূমিত দেৱদাৰু, তিধৰ, তাচুৰ গছ একেলগে ৰুই থম।
20 かくて彼等これを見てヱホバの手の作たまふところイスラエルの聖者の造り給ふ所なるをしり且こころをとめ且ともどもにさとらん
২০যিহোৱাই নিজ হাতে যে, এই কাৰ্য কৰিলে, আৰু ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাই যে তাক সৃষ্টি কৰিলে, ইয়াক লোকসকলে যেন দেখিব আৰু বিবেচনা কৰি একে সময়তে বুজিব পাৰে, এনে অভিপ্ৰায়েৰে মই সেই কাৰ্য কৰিম।
21 ヱホバ言給く なんぢらの道理をとり出せ ヤコブの王いひたまはく 汝等のかたき證をもちきたれ
২১যিহোৱাই কৈছে, “তোমালোকৰ গোচৰ উপস্থিত কৰা,” যাকোবৰ ৰজাই কৈছে, “তোমালোকৰ মুৰ্ত্তিৰ বাবে দৃঢ় প্ৰমাণ আনা।”
22 これを持來りてわれらに後ならんとする事をしめせ そのいやさきに成るべきことを示せ われら心をとめてその終をしらん 或はきたらんとする事をわれらに聞すべし
২২তেওঁলোকক তেওঁলোকৰ প্রমাণ আমালৈ আনিবলৈ দিয়া হওক, আৰু আগলৈ কি ঘটিব, তাক আমাৰ আগত প্ৰকাশ কৰিবলৈ দিয়া হওক; সেয়ে আমি এই সকলো ভালদৰে বুজিব পাৰিম। আগেয়ে কৰা ভবিষ্যতবাণী আমাক কোৱা হওক, সেয়ে আমি তেওঁলোকৰ ওপৰত প্রতিফলিত কৰিম আৰু তেওঁলোকে কিদৰে সিদ্ধ কৰিব তাক জানিম।
23 なんぢら後ならんとすることをしめせ我儕なんぢらが神なることを知らん なんぢら或はさいはひし或はわざはひせよ 我儕ともに見ておどろかん
২৩তোমালোক যে ঈশ্বৰ, ইয়াক আমি জানিবলৈ ভবিষ্যতে কি ঘটিব, তাক প্ৰকাশ কৰা; আমি যাতে শঙ্কিত আৰু বিস্ময় মানি দেখিবৰ বাবে তোমালোকে মঙ্গল বা অমঙ্গল কৰা।
24 視よなんぢらは無もののごとし なんぢらの事はむなし なんぢらを撰ぶものは憎むべきものなり
২৪চোৱা, তোমালোকৰ মুৰ্ত্তিবোৰ একো নহয়, আৰু তোমালোকৰ কাৰ্যও একো নহয়; তোমালোকক মনোনীত কৰা জন ঘৃণনীয়।
25 われ一人を起して北よりきたらせ我が名をよぶものを東よりきたらしむ 彼きたりもろもろの長をふみて泥のごとくにし陶工のつちくれを踐がごとくにせん
২৫মই উত্তৰ দিশত এজনক উৎপন্ন কৰিলোঁ, আৰু তেওঁ আহিছে; মোৰ নাম লোৱা জনক সূৰ্য উদয় হোৱা ফালে মই মাতিলোঁ; বোকা গচকাৰ দৰে, আৰু কুমাৰে মাটি খচাৰ দৰে, তেওঁ শাসনকৰ্ত্তাসকলক গচকিব।
26 たれか初よりこれらの事をわれらに告てしらしめたりや たれか上古よりわれらに告てこは是なりといはしめたりや 一人だに告るものなし一人だに聞するものなし 一人だになんぢらの言をきくものなし
২৬কোনে ইয়াক আদিৰে পৰা প্ৰকাশ কৰিলে? আৰু কোনে আগতে কৰিলে? সেই কথা জানিবৰ বাবে, যাতে আমি ক’ব পাৰোঁ “তেওঁ সত্য” বাস্তৱিকতে তেওঁলোকৰ কোনোৱে এই আজ্ঞা দিয়া নাছিল, তুমি কোৱা কথা কোনো শুনা নাছিল।
27 われ豫じめシオンにいはん なんぢ視よ かれらを見よと われ又よきおとづれを告るものをヱルサレムに予へん
২৭মই প্ৰথমে চিয়োনক কৈছিলোঁ, “ইয়াত এওঁলোকক চোৱা,” মই এজন প্ৰচাৰক যিৰূচালেমলৈ পঠালোঁ।
28 われ見るに一人だになし かれらのなかに謀略をまうくるもの一人だになし 我かれらに問どこたふるもの一人だになし
২৮যেতিয়া মই চালোঁ, তাত কোনো এজনো নাই; ভাল পৰামৰ্শ দিব পৰা কোনো এজনো তেওঁলোকৰ মাজত নাই, মই সুধিলে উত্তৰত এটা শব্দ ক’ব পৰা কোন আছে।
29 かれらの爲はみな徒然にして無もののごとし その偶像は風なりまた空しきなり
২৯চোৱা, তেওঁলোকৰ সকলোৱে অসাৰ, আৰু তেওঁলোকৰ কাৰ্যও অসাৰ; তেওঁলোকৰ সাঁচত ঢলা মুৰ্ত্তিবোৰ ভাপ আৰু শূন্য মাথোন।

< イザヤ書 41 >