< イザヤ書 39 >

1 そのころバラダンの子バビロン王メロダクバラダン、ヒゼキヤが病をうれへて愈しことをききければ書と禮物とをおくれり
সেই সময়ত বলদানৰ পুত্ৰ মৰোদক বলদান নামেৰে বাবিলৰ ৰজাই হিষ্কিয়াৰ ওচৰলৈ এখন পত্ৰ আৰু এটি উপহাৰ পঠালে; কাৰণ তেওঁ শুনিছিল যে, হিষ্কিয়া নৰিয়া পৰি সুস্থ হৈছিল।
2 ヒゼキヤその使者のきたるによりて喜びこれに財物 金銀 香料 たふとき油ををさめたる家およびすべての軍器ををさめたる家また庫のなかなる物をことごとく見す おほよそヒゼキヤのいへの裏にあるものと全國のうちにあるものと 見せざるものは一もあらざりき
হিষ্কিয়াই এই বস্তুবোৰৰ দ্বাৰাই সন্তুষ্ট হ’ল; তেওঁ বাৰ্ত্তাবাহকক তেওঁৰ গোদামত থকা বহুমূল্য বস্তুবোৰ দেখুৱালে- ৰূপ, সোণ, মছলাবোৰ, বহুমূলীয়া তেল, আৰু তেওঁৰ অস্ত্ৰ শস্ত্রৰ গোদাম, তেওঁৰ গোদামত থকা সকলো বস্তু দেখুৱালে। হিষ্কিয়াৰ ঘৰত, বা তেওঁৰ গোটেই ৰাজ্যত তেওঁ তেওঁলোকক নেদেখুউৱা কোনো বস্তু নাছিল।
3 ここに預言者イザヤ、ヒゼキヤ王のもとに來りていひけるは この人々はなにをいひしや何處よりなんぢのもとに來りしや ヒゼキヤ曰けるは かれらはとほき國よりバビロンより我にきたれり
তাৰ পাছত ভাববাদী যিচয়াই ৰজা হিষ্কিয়াৰ ওচৰলৈ আহিলে আৰু সুধিলে, “এই মানুহবোৰে আপোনাক কি ক’লে? আৰু তেওঁলোক ক’ৰ পৰা আহিছে?” তেতিয়া হিষ্কিয়াই ক’লে, “তেওঁলোক দূৰ দেশ বাবিলৰ পৰা মোৰ ওচৰলৈ আহিছে।”
4 イザヤいふ 彼等はなんぢの家にてなにを見たりしや ヒゼキヤ答ふ かれらはわが家にあるものを皆みたり又わが庫のなかにあるものは一つをもかれらに見せざるものなかりき
যিচয়াই সুধিলে, “আপোনাৰ গৃহত তেওঁলোকে কি কি দেখিলে?” তেতিয়া হিষ্কিয়াই ক’লে, “তেওঁলোক মোৰ গৃহত থকা সকলোকে দেখিলে; মোৰ বহুমূল্য বস্তুৰ মাজৰ, মই তেওঁলোকক নেদেখুউৱা কোনো বস্তুৱেই নাই।”
5 イザヤ、ヒゼキヤにいふ なんぢ萬軍のヱホバの言をきけ
তেতিয়া যিচয়াই হিষ্কিয়াক ক’লে, বাহিনীসকলৰ যিহোৱাৰ বাক্য শুনা:
6 みよ日きたらん なんぢの家のものなんぢの列祖がけふまで蓄へたるものは皆バビロンにたづさへゆかれて遺るもの一もなかるべし 是はヱホバのみことばなり
চাওক, আপোনাৰ গৃহত যি যি আছে, আৰু আপোনাৰ পূৰ্বপুৰুষসকলে সাঁচি থৈ যোৱা যি যি বস্তু আজিলৈকে আছে, সেই সকলোকে বাবিললৈ নিবৰ দিন ওচৰ চাপিছে, সেইবোৰৰ অলপো অৱশিষ্ট নাথাকিব, ইয়াক যিহোৱাই কৈছে।
7 なんぢの身より生れいでん者もとらはれ寺人とせられてバビロン王の宮のうちにあらん
আপোনাৰ ঔৰসত যি যি পুত্রসকল জন্ম হ’ব, তেওঁলোকৰ আপুনি পিতৃ তুল্য হ’ব; তেওঁলোকে তেওঁলোকক লৈ যাব আৰু তেওঁলোক বাবিলৰ ৰাজ গৃহত নপুংসক দাস হ’ব।”
8 ヒゼキヤ、イザヤにいひけるは 汝がかたるヱホバのみことばは善し また云 わが世にあるほどは太平と眞理とあるべしと
তেতিয়া হিষ্কিয়াই যিচয়াক ক’লে, “তুমি যিহোৱাৰ যি বাক্য ক’লা, সেয়ে উত্তম।” কাৰণ তেওঁ ভাবিলে যে, “মোৰ দিনত সেই ঠাইত শান্তি আৰু স্থিৰতা হ’ব।

< イザヤ書 39 >