< イザヤ書 30 >

1 ヱホバのたまはく 悖るる子輩はわざはひなるかな かれら謀略をすれども我によりてせず 盟をむすべどもわが靈にしたがはず ますます罪につみをくはへん
“হে সন্তাপ পোৱা বিদ্রোহী সন্তান” এইয়া যিহোৱাৰ ঘোষনা। তেওঁলোকে মোৰ নির্দেশ নমনাকৈ পৰিকল্পনা কৰে, আৰু আন দেশৰ সৈতে সন্ধি কৰে, কিন্তু মোৰ আত্মাৰ দ্বাৰাই তেওঁলোক পৰিচালিত নহয়, সেয়ে তেওঁলোকে পাপৰ উপৰি পাপ কৰে।
2 かれらわが口にとはずしてエジプトに下りゆきパロの力をかりておのれを强くしエジプトの蔭によらん
তেওঁলোকে মোৰ পৰামৰ্শ নোলোৱাকৈ মিচৰলৈ যাবলৈ ওলাইছে। তেওঁলোকে ফৰৌণৰ পৰা সুৰক্ষা বিছাৰিছে আৰু মিচৰৰ ছাঁত আশ্রয় লৈছে।
3 パロのちからは反てなんぢらの恥となり エジプトの蔭によるは反てなんぢらの辱かしめとなるべし
সেই বাবে ফৰৌণৰ সুৰক্ষা তোমালোকক লাজ দিওঁতা হ’ব, আৰু মিচৰৰ ছাঁত আশ্ৰয় লোৱাই তোমালোকৰ বাবে অপমান জনক হ’ব।
4 かれの君たちはゾアンにあり かれの使者たちはハネスにきたれり
যদিও তেওঁলোকৰ প্ৰধান লোকসকল চোৱনত আছে, আৰু তেওঁলোকৰ বার্তাবাহসকল হানেচলৈ আহিল।
5 かれらは皆おのれを益することあたはざる民によりて恥をいだく かの民はたすけとならず益とならず かへりて恥となり謗となれり
তথাপি তেওঁলোকক সহায় কৰিব নোৱাৰা লোকসকলৰ কাৰণে তেওঁলোক লজ্জিত হব, যি সহায় কৰা বা উপকাৰী নহয়, কিন্তু লাজ দিওঁতা আৰু দুৰ্ণামজনকহে হয়।”
6 南のかたの牲畜にかかる重負のよげん 曰く/かれらその財貨を若き驢馬のかたにおはせ その寳物を駱駝の背におはせて 牝獅 牡獅 まむし及びとびかける蛇のいづる苦しみと艱難との國をすぎて 己をえきすること能はざる民にゆかん
দক্ষিণ অঞ্চলৰ পশুবোৰ বিষয়ে কৰা ঘোষণা: মাইকী সিংহ আৰু সিংহ, কালসৰ্প আৰু জুইৰ দৰে উৰি ফুৰা সৰ্পৰ দ্বাৰা দেশত সঙ্কট আৰু ক্লেশ হৈছে, তেওঁলোকক সহায় নকৰা জনলৈ তেওঁলোকে গাধবোৰৰ পিঠিত ধন-সম্পত্তি, আৰু উটবোৰৰ কুঁজত বহুমুল্য বস্তু তুলি লৈ গৈছে।
7 そのエジプトの助はいたづらにして虛し このゆゑに我はこれを休みをるラハブとよべり
মিচৰীয়াসকলৰ সহায় অৰ্থহীন, সেই বাবে মই তেওঁলোকক ৰাহব বুলি মাতিলোঁ, যি সকলে এতিয়াও বহি আছে।
8 いま往てこれをその前にて牌にしるし書にのせ 後の世に傳へてとこしへに證とすべし
এতিয়া যোৱা, সেই কথা তেওঁলোকৰ সন্মুখত ফলিত লিখা, আৰু নুৰীয়া পুথিত তালিকাভুক্ত কৰা, ভবিষ্যতলৈ যাতে সাক্ষ্য হ’ব পাৰে সেই বাবে এই সমূহ সংৰক্ষিত কৰি ৰাখা।
9 これは悖れる民いつはりをいふ子輩ヱホバの律法をきくことをせざる子輩なり
কিয়নো এওঁলোক বিদ্ৰোহী, আৰু মিছলীয়া সন্তান, এওঁলোক যিহোৱাৰ শিক্ষা নুশুনা সন্তান।
10 かれら見るものに對ひていふ見るなかれと 默示をうる者にむかひていふ直きことを示すなかれ 滑かなることをかたれ虛僞をしめせ
১০তেওঁলোকে দৰ্শনকাৰী সকলক কয়, “দৰ্শন নাচাবা;” আৰু ভাববাদীসকলক কয়, “আমালৈ সত্যবাক্যৰ যথাৰ্থ ভাববাণী নকবা; আমাৰ আগত খুচামোদি বাক্য কোৱা মায়াযুক্ত ভাববাণী কোৱা।
11 なんぢら大道をさり逕をはなれ われらが前にイスラエルの聖者をあらしむるなかれと
১১গতিপথৰ পাৰ ঘূৰি আহাঁ, পথৰ পৰা ঘূৰি আহাঁ; ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাক আমাৰ চকুৰ আগৰ পৰা দূৰ কৰা।”
12 此によりてイスラエルの聖者かくいひ給ふ なんぢらこの言をあなどり暴虐と邪曲とをたのみて之にたよれり
১২এই হেতুকে ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাই কৈছে, “তোমালোকে এই বাক্য হেয়জ্ঞান কৰিছা, আৰু উপদ্ৰৱ আৰু বিপৰীত আচৰণত বিশ্বাস কৰি তাৰ ওপৰত নিৰ্ভয় কৰিছা;
13 斯るがゆゑにこの不義なんぢらには凸出ておちんとするたかき垣のさけたるところのごとく その破壞にはかに暫しが間にきたらんと
১৩সেয়ে যাৰ পতন অকস্মাতে মুহূৰ্ত্ততে হ’ব, ভগ্ন অংশ আৰু ওখ দেৱালৰ স্ফিত অংশ পৰিবলৈ প্রস্তুত হোৱাৰ দৰে, এই পাপ তোমালোকলৈ হ’ব।”
14 主これを破りあだかも陶工の瓶をくだきやぶるがごとくして惜みたまはず その碎のなかに爐より火をとり池より水をくむほどの一片だに見出すことなからん
১৪কুমাৰৰ পাত্ৰ ভঙাৰ দৰে তেওঁ তাক ভাঙিব; অলপো নৰখাকৈ তাক ডোখৰ ডোখৰ কৈ ভাঙিব; তাতে জুইশালৰ পৰা জুই লবলৈ, বা চৌবাচ্চা পৰা পানী তুলিবলৈ তাৰ টুকুৰাবোৰৰ মাজৰ এডোখৰো পোৱা নাযাব।
15 主ヱホバ、イスラエルの聖者かくいひたまへり なんぢら立かへりて靜かにせば救をえ 平穩にして依賴まば力をうべしと 然どなんぢらこの事をこのまざりき
১৫কিয়নো ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছিল, “মোলৈ ঘূৰি আহিলে আৰু বিশ্রাম ল’লে তোমালোকে পৰিত্ৰাণ পাবা, নিৰৱতাত আৰু বিশ্বাসত তোমালোকৰ শক্তি হ’ব, কিন্তু তোমালোকে ইচ্ছা নকৰিলা।
16 なんぢら反ていへり 否われら馬にのりて逃走らんと この故になんぢら逃走らん 又いへりわれら疾きものに乗んと この故になんぢらを追もの疾かるべし
১৬তোমালোকে ক’লা, “নহয়; কাৰণ আমি ঘোঁৰাত পলাই যাম;’ সেয়ে তোমালোকো পলাবা; আৰু আমি বগী ঘোঁৰাত উঠি যাম, সেয়ে তোমালোকক খেদি যোৱাসকলো বেগী হ’ব।
17 ひとり叱咤すれば千人にげはしり 五人しつたすればなんぢら逃走りて その遺るものは僅かに山嶺にある杆のごとく 岡のうへにある旗のごとくならん
১৭এজনৰ ভয় প্রদৰ্শনত এক হাজাৰ জন পলাই যাব, আৰু পাঁচজনৰ ভয় প্রদৰ্শনত তোমালোক পলাবা; যেতিয়ালৈকে তোমালোকৰ অৱশিষ্ট ভাগ পৰ্ব্বতৰ টিঙত থকা পতাকা দণ্ড, আৰু পৰ্ব্বতৰ ওপৰত থকা পতাকাৰ দৰে হ’ব।”
18 ヱホバこれにより俟てのち恩惠を汝等にほどこし これにより上りてのちなんぢらを憐れみたまはん ヱホバは公平の神にましませり 凡てこれを俟望むものは福ひなり
১৮তথাপিও যিহোৱাই তোমালোকক দয়া কৰিবলৈ অপেক্ষা কৰিব, সেই বাবে তেওঁ তোমালোকক অনুগ্ৰহ কৰিবলৈ উন্নত হব। কাৰণ যিহোৱা ন্যায় বিচাৰ কৰা ঈশ্বৰ, যি সকলে তেওঁলৈ অপেক্ষা কৰে, তেওঁলোক সৌভাগ্যশীল।
19 シオンにをりヱルサレムにをる民よ なんぢは再びなくことあらじ そのよばはる聲に應じて必ずなんぢに惠をほどこしたまはん 主ききたまふとき直にこたへたまふべし
১৯কিয়নো লোকসকল যিৰূচালেমৰ চিয়োনত বাস কৰিব; সেয়ে তোমালোকে আৰু নাকান্দিবা। তোমালোকৰ কাতৰোক্তিৰ শব্দ শুনি তেওঁ অৱশ্যে তোমালোকক দয়া কৰিব। শুনা মাত্ৰকেই তেওঁ তোমালোকক উত্তৰ দিব।
20 主はなんぢらになやみの糧とくるしみの水とをあたへ給はん なんぢを敎るもの再びかくれじ 汝の目はその敎るものを恒にみるべし
২০যদিও প্ৰভুৱে তোমালোকক সঙ্কটযুক্ত আহাৰ, আৰু ক্লেশযুক্ত জল দিয়ে, তথাপি তোমালোকৰ শিক্ষকসকল আৰু লুকাই নাথাকিব, কিন্তু তোমালোকে নিজৰ চকুৰে শিক্ষকসকলক দেখিবলৈ পাব।
21 なんぢ右にゆくも左にゆくもその耳に これは道なりこれを歩むべしと後邊にてかたるをきかん
২১যেতিয়া তোমালোকে সোঁফালে কি বাঁওফালে ঘুৰিবা, তেতিয়া তোমালোকৰ কাণে তোমালোকৰ পাছফালে কোৱা বাক্য শুনিবলৈ পাব, “এয়ে পথ, এই পথে চলা,”
22 又なんぢら白銀をおほひし刻める像 こがねをはりし鑄たる像をけがれとし 穢物のごとく打棄ていはん 去れと
২২তোমালোকে নিজৰ কটা-মূৰ্ত্তিত মৰা ৰূপৰ আৰু সোনৰ পতা অশুচি কৰিবা, তোমালোকে তাক অশুচি বস্তু দৰে পেলাই দি ক’বা, “ইয়াৰ পৰা দূৰ হোৱা।”
23 なんぢが地にまく種に主は雨をあたへ また地になりいづる糧をたまふ その土產こえて豐かならん その日なんぢの家畜はひろき牧場に草をはむべし
২৩তোমালোকে যেতিয়া মাটিত গুটি সিঁচিবা, তেতিয়া তেওঁ তোমালোকৰ গুটিৰ অৰ্থে বৰষুণ দিব; আৰু তেওঁ ভুমিৰ পৰা অধিকপৰিমানে আহাৰ দিব।আৰু শষ্য প্রচুৰপৰিমানে হ’ব। সেই দিনা তোমালোকৰ পশুৰ জাকবোৰে বহল পথাৰত চৰিব।
24 地をたがへす牛と驢馬とは團扇にてあふぎ箕にてとほし鹽をくはへたる飼料をくらはん
২৪মাটি চাহ কৰা ষাঁড়গৰু আৰু গাধবোৰেও, বেলচা আৰু কুলাৰে সৈতে জাৰা পুৰঠ দানা খাব
25 大なる殺戮の日やぐらのたふるる時もろもろのたかき山もろもろのそびえたる嶺に河とみづの流とあるべし
২৫মহাহত্যাৰ দিনা যেতিয়া ওখ দুৰ্গবোৰ ভাগি পৰিব তেতিয়া প্ৰত্যেক উচ্চ পাহাৰৰ ওপৰত আৰু প্ৰত্যেক ওখ পৰ্ব্বতৰ ওপৰত নৈ আৰু পানীৰ জুৰি হ’ব।
26 かくてヱホバその民のきずをつつみ そのうたれたる創痍をいやしたまふ日には月のひかりは日の光のごとく日のひかりは七倍をくはへて七の日のひかりの如くならん
২৬যি দিনা যিহোৱাই তেওঁৰ লোকসকলৰ ভগা অঙ্গ জোৰা দিব, আৰু প্ৰহাৰত লগা ঘা সুস্থ কৰিব, সেই দিনা চন্দ্ৰৰ পোহৰ সূৰ্যৰ পোহৰৰ দৰে হ’ব, আৰু সূৰ্যৰ পোহৰ সাত গুণে অধিক হব, আৰু সাত দিনৰ পোহৰৰ দৰে হ’ব।
27 視よヱホバの名はとほき所よりきたり そのはげしき怒はもえあがる焰のごとく その唇はいきどほりにてみち その舌はやきつくす火のごとく
২৭চোৱা, যিহোৱাৰ নাম দূৰৈৰ পৰা আহিছে; তেওঁৰ ক্ৰোধাগ্নি জ্বলিছে; ওপৰলৈ উঠা তেওঁৰ ধুৱাঁৰাশি অতি ডাঠ; তেওঁৰ ওঁঠ ক্ৰোধেৰে পৰিপূৰ্ণ, আৰু তেওঁৰ জিভা গ্ৰাস কৰোঁতা অগ্নিস্বৰূপ।
28 その氣息はみなぎりて項にまでいたる流のごとし 且ほろびの篩にてもろもろの國をふるひ又まどはす韁をもろもろの民の口におきたまはん
২৮তেওঁৰ প্ৰশ্বাস-বায়ু প্লাৱিত হোৱা বন্যাৰ দৰে সেয়া ডিঙিৰ মাজ ভাগলৈকে উঠে, লোকসকলক ধ্বংসৰ চালনিৰে চালি নির্বাচন কৰিব। তেওঁৰ প্রশ্বাস-বায়ু লোকসকলৰ মুখত ভ্ৰান্তিজনক লাগাম হ’ব।
29 なんぢらは歌うたはん節會をまもる夜のごとし なんぢらは心によろこばん笛をならしヱホバの山にきたりイスラエルの磐につくときの如し
২৯পবিত্ৰ ভোজ পালন কৰা ৰাতিৰ গীতৰ দৰে তোমালোকৰ গীত হ’ব, যিহোৱাৰ পৰ্ব্বতলৈ, ইস্ৰায়েলৰ শিলালৈ বাঁহী বজাই যোৱাৰ দৰে তোমালোকৰ মনত আনন্দ হ’ব।
30 ヱホバはその稜威のこゑをきかしめ 烈しき怒をはなちて燒つくす火のほのほと暴風と大雨と雹とをもて その臂のくだることを示したまはん
৩০যিহোৱাই নিজৰ জলন্ত ক্ৰোধেৰে আৰু গ্ৰাস কৰোঁতা অগ্নিশিখাৰে, প্ৰচণ্ড বতাহ আৰু ধুমুহাৰে, আৰু শিলাবৃষ্টিৰে, তেওঁ নিজৰ মহিমান্বিত স্বৰ শুনাব, আৰু নিজৰ বাহু লৰচৰ কৰি দেখুৱাব।
31 ヱホバのこゑによりてアツスリヤ人はくじけん 主はこれを笞にてうち給ふべし
৩১কিয়নো যি অচুৰে দণ্ডৰে আঘাত কৰিছিল, এনে অচূৰ যিহোৱাৰ মাতত অচূৰ ভাগি ডোখৰ ডোখৰ হ’ব, তেওঁ তেওঁলোকক দণ্ডেৰে প্রহাৰ কৰিব।
32 ヱホバの豫じめさだめたまへる杖をアツスリヤのうへにくはへたまふごとに 鼓をならし琴をひかん 主はうごきふるふ戰闘をもてかれらとたたかひ給ふべし
৩২যিহোৱাই প্রত্যেক নিৰূপিত দণ্ড তেওঁলোকৰ ওপৰত পেলাব, তেওঁ তেওঁলোকৰ সৈতে খঞ্জৰী আৰু বীণাৰে যুদ্ধ আৰু বিবাদ কৰিব,
33 トペテは往古よりまうけられ また王のために備へられたり これを深くしこれを廣くしここに火とおほくの薪とをつみおきたり ヱホバの氣息これを硫黄のながれのごとくに燃さん
৩৩কাৰণ জলন্ত ঠাই এখন পূৰ্বৰে পৰা তৈয়াৰ কৰা আছে। বাস্তৱিকতে এইটো ৰজাৰ বাবে প্রস্তুত; আৰু ঈশ্বৰে তাক দ আৰু বহল কৰিলে। জুই আৰু অধিক খৰিৰে স্তূপ প্রস্তুত আছে। গন্ধক প্রবাহিত হোৱাৰ দৰে যিহোৱাৰ নিঃশ্বাসে ইয়াক জ্বলাব।

< イザヤ書 30 >