< イザヤ書 20 >

1 アツスリヤのサルゴン王タルタンを遣してアシドドにゆかしむ 彼がアシドドを攻てとりし年にあたり
সেই বছৰত অচূৰৰ ৰজা চৰ্গোনে যেতিয়া তৰ্ত্তনক পঠালে, তেতিয়া তৰ্ত্তন অচ্‌দোদ নগৰলৈ আহিল; আৰু অচদোদৰ বিৰুদ্ধে যুদ্ধ কৰি তাক জব্দ কৰিলে।
2 この時ヱホバ、アモツの子イザヤに托てかたりたまはく 往なんぢの腰よりあらたへの衣をとき汝の足より履をぬげ ここに於てかれその如くなし赤裸跣足にて歩めり
সেই সময়ত যিহোৱাই আমোচৰ পুত্ৰ যিচয়াৰ দ্বাৰাই কথা ক’লে, “যোৱা তোমাৰ কঁকালৰ পৰা চট কাপোৰ গুচুউৱা, আৰু তোমাৰ ভৰিৰ জোতা সোলোকোৱা।” তাতে তেওঁ সেইদৰেই কৰি উদং গাৰে আৰু শুদা ভৰিৰে খোজ কাঢ়িলে।
3 ヱホバ言給く わが僕イザヤは三年の間はだかはだしにてあゆみ エジプトとエテオピアとの豫兆となり奇しき標となりたり
যিহোৱাই ক’লে, “মোৰ দাসৰ দৰে যিচয়াই মিচৰ আৰু কুচৰ বিষয়ে এক চিন আৰু অদ্ভুত লক্ষণস্বৰূপে উদং গাৰে আৰু শুদা ভৰিৰে তিনিবছৰলৈকে খোজ কাঢ়িলে,
4 斯のごとくエジプトの虜とエテオピアの俘囚とはアツスリヤの王にひきゆかれ その若きも老たるもみな赤裸跣足にて臀までもあらはしエジプトの恥をしめすべし
এই দৰে অচূৰৰ ৰজাই বন্দি কৰা মিচৰীয়া লোকসকলক লৈ যাব, আৰু কুচ দেশৰ বহিষ্কৃত লোকসকল যুবক আৰু বুঢ়া, উদং আৰু খালী ভৰি, আৰু অনাবৃত টিকাৰে, মিচৰৰ লাজৰ বাবে লৈ যাব।
5 かれらはその恃とせるエテオピアその誇とせるエジプトのゆゑをもて懼れはぢん
কুচদেশ তেওঁলোকৰ আশা আৰু মিচৰ দেশ তেওঁলোকৰ গৌৰৱ সেই কাৰণে তেওঁলোক আতঙ্কিত আৰু লজ্জিত হ’ব।
6 その日この濱邊の民いはん 視よ われらの恃とせる國われらが遁れゆきて助をもとめアツスリヤ王の手より救出されんとせし國すでに斯のごとし 我儕はいかにして脱かるるを得んやと
সেই দিনা সাগৰৰ তীৰৰ দেশ নিবাসীসকলে ক’ব, “বাস্তৱিকতে, অচূৰীয়া ৰজাৰ পৰা উদ্ধাৰ পাবৰ কাৰণে সহায়ৰ বাবে য’লৈ আমি পলাই গৈছিলোঁ, আমাৰ সেই আশাৰ এনে দশা; তেনেহ’লে আমি কেনেকৈ ৰক্ষা পাম?”

< イザヤ書 20 >