< イザヤ書 10 >

1 不義のおきてをさだめ暴虐のことばを録すものは禍ひなるかな
অন্যায় বিধি স্থাপন কৰা সকল আৰু অসাধু আজ্ঞা লিখা সকলৰ সন্তাপ হ’ব।
2 かれらは乏きものの訴をうけず わが民のなかの貧しきものの權利をはぎ寡婦の資產をうばひ孤兒のものを掠む
তেওঁলোকে অভাৱী লোকসকলৰ ন্যায় বিচাৰ বঞ্চিত কৰে, আৰু মোৰ দৰিদ্রলোক সকলৰ স্বত্ব কাঢ়ি লয়, বিধৱা সকলক লুট কৰে, আৰু পিতৃহীন সকলক তেওঁলোকৰ লুট কৰা বস্তু যেন কৰে!
3 なんぢら懲しめらるる日きたらば何をなさんとするか 敗壞とほきより來らんとき何をなさんとするか なんぢら逃れゆきて誰にすくひを求めんとするか また何處になんぢらの榮をのこさんとするか
বিচাৰৰ দিনা দূৰৰ পৰা যেতিয়া বিনাশ আহিব তেতিয়া তোমালোকে কি কৰিবা? তোমালোক কাৰ ওচৰলৈ সহায়ৰ বাবে দৌৰি যাবা, আৰু তোমালোকৰ সম্পতি কোন ঠাইত এৰি যাবা?
4 ただ縛められたるものの下にかがみ 殺されたるもののしたに伏仆れんのみ 然はあれどヱホバのいかり止ずして尚ほその手をのばしたまふ
একোৱেই অৱশিষ্ট নাথাকিব, আৰু তোমালোক বন্দীসকলৰ মাজত কুঁচিমুচি হৈ বহি থাকিবা বা মৃতলোকৰ মাজত থাকিবা। এই সকলোৰ বাবে যিহোৱাৰ ক্ৰোধ শান্ত নহ’ব; কিন্তু তেওঁৰ হাত তেতিয়াও উদ্যত হৈ আছে।
5 咄アツスリヤ人 なんぢはわが怒の杖なり その手の笞はわが忿恚なり
অচূৰৰ লোকসকলৰ সন্তাপ হওক, মোৰ ক্ৰোধৰ দণ্ডডাল, যি দণ্ডডালেৰে মোৰ ক্রোধক মই পৰিচালনা কৰোঁ!
6 われ彼をつかはして邪曲なる國をせめ我かれに命じて我がいかれる民をせめてその所有をかすめその財寶をうばはしめ かれらを街の泥のごとくに蹂躪らしめん
মই তেওঁক এখন অহংকাৰী দেশৰ বিৰুদ্ধে, আৰু মোৰ প্রচুৰ ক্ৰোধ সহ্য কৰা লোকসকলৰ বিৰুদ্ধে পঠালোঁ। মই তেওঁক লুটদ্রব্য ল’বৰ বাবে লুট কৰিবলৈ, আৰু বাটৰ বোকাৰ দৰে গচকিবলৈ আদেশ দিলোঁ।
7 されどアツスリヤ人のこころざしは斯のごとくならず その心の念もまた斯のごとくならず そのこころは敗壞をこのみ あまたの國をほろぼし絶ん
কিন্তু তেওঁ মনস্থ কৰা অথবা তেওঁ ভবাৰ দৰে এইটো নহয়। কিন্তু তেওঁ বহুতো দেশ বিনষ্ট কৰি ত্যাগ কৰিবলৈ চিন্তা কৰে।
8 かれ云 わが諸侯はみな王にあらずや
কাৰণ তেওঁ কৈছে, “মোৰ সকলো অধিপতি ৰজা নহয় নে?
9 カルノはカルケミシの如く ハマテはアルパデの如く サマリヤはダマスコの如きにあらずや
কলনো জানো কৰ্কমীচৰ দৰে নহয় নে? হমাৎ অৰ্পদৰ দৰে নহয় নে? চমৰিয়া জানো দম্মেচকৰ দৰে নহয় নে?
10 わが手は偶像につかふる國々を得たり その彫たる像はヱルサレムおよびサマリヤのものに勝れたり
১০যি ৰাজ্যবোৰৰ কটা-প্ৰতিমাবোৰ যিৰূচালেম আৰু চমৰিয়াৰ মূৰ্ত্তিবোৰতকৈ উত্তম আছিল, সেই মূৰ্ত্তিপূজক সকলৰ ৰাজ্যবোৰ মোৰ হাতেৰে পৰাজিত কৰিলোঁ।
11 われ旣にサマリヤとその偶像とに行へるごとく亦ヱルサレムとその偶像とにおこなはざる可んやと
১১যিদৰে মই চমৰিয়া আৰু তেওঁৰ মূল্যহীন মূৰ্ত্তিবোৰক কৰিছিলোঁ, সেই একেদৰে যিৰূচালেম আৰু তেওঁৰ প্ৰতিমাবোৰকো মই নকৰিম নে?”
12 このゆゑに主いひたまふ 我シオンの山とヱルサレムとに爲んとする事をことごとく遂をはらんとき 我アツスリヤ王のおごれる心の實とその高ぶり仰ぎたる眼とを罰すべし
১২যিহোৱাই যেতিয়া চিয়োন পৰ্ব্বত আৰু যিৰূচালেমত তেওঁৰ কাৰ্য সমাপ্ত কৰিব, তেতিয়া তেওঁ ক’ব: “মই ৰজা অচুৰৰ গৰ্ব্বী অন্তৰৰ কথা আৰু অহংকাৰী দৃষ্টিক দণ্ড দিম।”
13 そは彼いへらく われ手の力と智慧とによりて之をなせり 我はかしこし 國々の境をのぞき その獲たるものをうばひ 又われは丈夫にしてかの位に坐するものを下したり
১৩কাৰণ তেওঁ কৈছে, “মোৰ শক্তি আৰু জ্ঞানেৰে মই কাৰ্য কৰিলোঁ, মোৰ সহানুভূতি আছে; আৰু মই লোকসকলৰ সীমা গুচালোঁ। মই তেওঁলোকৰ সঞ্চিত সম্পদ হৰণ কৰিলোঁ, আৰু সিংহাসনত বহাসকলক মই বীৰ পুৰুষৰ দৰে তললৈ নমালোঁ।
14 わが手もろもろの民のたからを得たりしは巣をとるが如く また天が下を取收めたりしは遺しすてたる卵をとりあつむるが如くなりき あるひは翼をうごかし あるひは口をひらき あるひは喃々する者もなかりしなりと
১৪মোৰ হাতে পক্ষীৰ বাহ জব্দ কৰা দৰে দেশবাসীৰ ধন-সম্পত্তি জব্দ কৰিম, এজনে পৰিত্যক্ত কণী গোটোৱাৰ দৰে, মই সমগ্র পৃথিৱী একত্রিত কৰিম। ডেউকা জোকাৰিবলৈ, বা মুখ মেলিবলৈ, নাইবা চিঁচিঁয়াবলৈকো কোনো নাথাকিব।”
15 斧はこれをもちゐて伐ものにむかひて己みづから誇ることをせんや 鋸は これを動かす者にむかひて己みづから高ぶることをせんや 此はあだかも笞がおのれを擧るものを動かし杖みづから木にあらざるものを擧んとするにひとし
১৫কুঠাৰখন ব্যৱহাৰ কৰা জনৰ বিৰুদ্ধে জানো নিজৰ বিষয়ে গৰ্ব্ব কৰিব? কৰতখনে জানো কাটোতা জনতকৈ নিজৰ প্রশংসা কৰিব? দণ্ডডাল ওপৰলৈ ডাঙি ধৰা সকলৰ দৰে জানো কাঠৰ দণ্ডডালে কোনো ব্যক্তিক ডাঙি ধৰিব পাৰিব।
16 このゆゑに主萬軍のヱホバは肥たるものを瘠しめ 且その榮光のしたに火のもゆるが如き火焰をおこし給はん
১৬এই হেতুকে বাহিনীসকলৰ যিহোৱাই সর্বোত্তম যুদ্ধাৰুৰ মাজলৈ দুৰ্বলতা পঠিয়াব; আৰু তেওঁৰ মহিমা জ্বলি থকা জুইৰ দৰে প্রজ্বলিত হ’ব।
17 イスラエルの光は火のごとく その聖者はほのほの如くならん 斯て一日のうちに荊とおどろとを燒ほろぼし
১৭যিহোৱাৰ জ্যোতি ইস্ৰায়েলৰ অগ্নিস্বৰূপ হ’ব, আৰু তেওঁৰ পবিত্ৰ জনা অগ্নিশিখা হ’ব; সেই দিনতে তেওঁৰ কাঁইটীয়া বন আৰু কাঁইটীয়া বননি জ্বলাই গ্রাস কৰিব।
18 又かの林と土肥たる田圃の榮をうせしめ 靈魂をも身をもうせしめて病るものの衰へたるが如くなさん
১৮যিহোৱাই তেওঁৰ অৰণ্যৰ মহিমা আৰু ফলপ্রসু ভুমি, আত্মা আৰু শৰীৰ দুয়োকে গ্রাস কৰিব; ৰোগী মানুহৰ জীৱন অপব্যয় হোৱৰ দৰে ই পতিত হ’ব।
19 かつ林のうちに殘れる木わづかにして童子も算へうるが如くになるべし
১৯তেওঁৰ অৰণ্যৰ অৱশিষ্ট গছ ইমান তাকৰ হ’ব যে, সৰু লৰা-ছোৱালীয়েও তাক গণনা কৰিব পাৰিব।
20 その日イスラエルの遺れる者とヤコブの家ののがれたる者とは再びおのれを撃し者にたよらず誠意をもてイスラエルの聖者ヱホバにたよらん
২০সেই দিনা ইস্ৰায়েলৰ অৱশিষ্ট লোক, যাকোবৰ বংশৰ ৰক্ষা পোৱা লোকসকলে, তেওঁলোকক পৰাজিত কৰা সকলৰ ওপৰত আৰু নিৰ্ভৰ নকৰিব; কিন্তু বাস্তৱিকতে ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাত, নিৰ্ভৰ কৰিব।
21 その遺れるものヤコブの遺れるものは大能の神にかへるべし
২১যাকোবৰ অৱশিষ্ট লোকসকল পৰাক্ৰমী ঈশ্বৰলৈ ঘুৰি আহিব।
22 ああイスラエルよ なんぢの民は海の沙のごとしといへども遺りて歸りきたる者はただ僅少ならん そは敗壞すでにさだまり義にて溢るべければなり
২২কাৰণ তোমাৰ ইস্রায়েলী লোকসকল সমুদ্ৰতীৰৰ বালিৰ দৰে হ’লেও, তেওঁলোকৰ কেৱল অৱশিষ্ট সকলহে ঘুৰি আহিব। প্রচুৰ ধাৰ্মিকতা দাবী কৰাৰ দ্বাৰাই বিধানত ধ্বংস স্থিৰ কৰা হৈছে।
23 主萬軍のヱホバの定めたまへる敗壞はこれを徧く國内におこなひ給ふべし
২৩কাৰণ বাহিনীসকলৰ প্ৰভু যিহোৱাই সমগ্র পৃথিৱীত ধ্বংস আনিবলৈ সিদ্ধান্ত লৈছে।
24 このゆゑに主萬軍のヱホバいひたまはく シオンに住るわが民よアツスリヤ人エジプトの例にならひ笞をもて汝をうち杖をあげて汝をせむるとも懼るるなかれ
২৪এই হেতুকে বাহিনীসকলৰ প্ৰভু যিহোৱাই কৈছে, হে মোৰ চিয়োন-নিবাসী লোকসকল, যদিও অচুৰে তোমালোকক দণ্ডৰে প্ৰহাৰ কৰিব, আৰু মিচৰনিবাসী সকলে কৰাৰ দৰে তোমালোকৰ বিৰুদ্ধে লাখুটি দাঙিব, তথাপি অচুৰলৈ ভয় নকৰিবা।
25 ただ頃刻にして忿恚はやまん 我がいかりは彼等をほろぼして息ん
২৫তেওঁলোকক ভয় নকৰিবা, কাৰণ ক্ষন্তেক সময়ৰ পাছতেই তোমালোকৰ বিৰুদ্ধে থকা মোৰ ক্রোধৰ অন্ত পৰিব, আৰু মোৰ ক্ৰোধ তেওঁৰ বিনাশলৈ গতি কৰিব।
26 萬軍のヱホバむかしミデアン人をオレブの巖のあたりにて撃たまひしごとくに禍害をおこして之をせめ 又その杖を海のうへに伸しエジプトの例にしたがひてこれを擧たまはん
২৬ওৰেবৰ শিলত যেতিয়া মিদিয়নক পৰাজিত কৰিব, তেতিয়া বাহিনী সকলৰ যিহোৱাই তেওঁলোকৰ বিৰুদ্ধে চাবুক ব্যৱহাৰ কৰিব। তেওঁ সাগৰৰ ওপৰত তেওঁৰ লাখুটি দাঙিব, আৰু তেওঁ মিচৰত দঙাৰ দৰে তাক দাঙিব।
27 その日かれの重荷はなんぢの肩より下 かれの軛はなんぢの頸よりはなれ その軛はあぶらの故をもて壞れん
২৭সেই দিনা তোমালোকৰ কান্ধৰ পৰা তেওঁৰ বোজা আৰু তোমাৰ ডিঙিৰ পৰা তেওঁৰ যুৱলি তোলা হ’ব, আৰু তোমালোকৰ ডিঙি অধিক শকত হোৱাৰ কাৰণে যুৱলি ধ্বংস হ’ব।
28 かれアイにきたりミグロンを過ミクマシにてその輜重をとどめ
২৮শত্রুবোৰ অয়ৎলৈ আহিল, আৰু মিগ্ৰোণৰ মাজেদি আহিল; তেওঁ মিকমচত তেওঁ বিধান সংৰক্ষিত কৰিলে।
29 渡口をすぎてゲバに宿る ここに於てラマはをののきサウルギべア人は逃れはしれり
২৯তেওঁলোকে ঠেক পথ অতিক্রম কৰিলে, আৰু গেবাত অস্থায়ীভাৱে থাকিলে। ৰামা কঁপিছে, চৌলৰ গিবিয়া পলাইছে।
30 ガリムの女よなんぢ聲をあげて叫べ ライシよ耳をかたぶけて聽け アナトテよなんぢも聲をあげよ
৩০হেগল্লীম জীয়াৰী, তুমি জোৰকৈ চিঞৰা! হে লয়িচা, মনোযোগ দিয়া! হে দুর্ভগীয়া অনাথোত!
31 マデメナはさすらひゲビムの民はのがれ走れり
৩১মদমেনা পলৰীয়া; গেবিম নিবাসীসকল নিৰাপত্তাৰ কাৰণে দৌৰা।
32 この日かれノブに立とどまり シオンのむすめの山ヱルサレムの岡にむかひて手をふりたり
৩২এই বিশেষ দিনত তেওঁ নোবত ৰ’ব; চিয়োন জীয়াৰীৰ পৰ্ব্বতত, যিৰূচালেমৰ পাহাৰত হাতৰ মুঠি জোকাৰিব।
33 主ばんぐんのヱホバは雄々しくたけびてその枝を斷たまはん 丈高きものは伐おとされ聳えたる者はひくくせらるべし
৩৩চোৱা বাহিনী সকলৰ যিহোৱা প্ৰভুৱে ভয়ানক মৰ মৰ শব্দেৰে ডাল কাটি পেলাব; ওখ গছবোৰ কাটি পেলোৱা হ’ব, আৰু সূউচ্চবোৰক তল কৰা হ’ব।
34 また銕をもて茂りあふ林をきり給はん レバノンは能力あるものに倒さるべし
৩৪যিহোৱাই কুঠাৰেৰে ঘন অৰণ্য কাটি পেলাব, আৰু তেওঁৰ মহত্বত লিবানোন পতিত হ’ব।

< イザヤ書 10 >