< 創世記 33 >

1 爰にヤコブ目をあげて視にエサウ四百人をひきゐて來しかば即ち子等を分ちてレアとラケルと二人の仕女とに付し
তাৰ পাছত যাকোবে দেখিলে যে, এচৌৱে চাৰিশ মানুহ লগত লৈ আগুৱাই আহি আছে। তেওঁ তেতিয়া লেয়া, ৰাহেল, আৰু দুজনী দাসীৰ মাজত সন্তান সকলক ভাগ কৰি দিলে।
2 仕女とその子等を前におきレアとその子等を次におきラケルとヨセフを後におきて
দুয়োজনী দাসী আৰু তেওঁলোকৰ সন্তান সকলক তেওঁ প্রথমতে ৰাখিলে, তাৰ পাছত ৰাখিলে লেয়া আৰু তেওঁৰ সন্তান সকলক। অৱশেষত ৰাহেল আৰু যোচেফক ৰাখিলে।
3 自彼等の前に進み七度身を地にかがめて遂に兄に近づきけるに
তেওঁ নিজে সকলোৰে আগে আগে গ’ল। ককায়েকৰ ওচৰ নোপোৱালৈকে তেওঁ মাটিত উবুৰি হৈ সাতবাৰ প্ৰণিপাত কৰিলে।
4 エサウ趨てこれを迎へ抱きてその頸をかかへて之に接吻すしかして二人ともに啼泣り
তেতিয়া এচৌৱে তেওঁৰ ওচৰলৈ দৌৰি আহি তেওঁক সাৱটি ধৰিলে; ডিঙিত ধৰি সাৱটি চুমা খালে আৰু তাৰ পাছত দুয়োৱে কান্দিবলৈ ধৰিলে।
5 エサウ目をあげて婦人と子等を見ていひけるは是等の汝とともなる者は誰なるやヤコブいひけるは神が僕に授たまひし子なりと
পাছত এচৌৱে চকু তুলি মহিলা আৰু সন্তান সকলক দেখি সুধিলে, “তোমাৰ লগত এওঁলোক কোন?” যাকোবে ক’লে “ঈশ্বৰে অনুগ্ৰহ কৰি আপোনাৰ দাসক এই সকলো সন্তান দিলে।”
6 時に仕女等その子とともに近よりて拜し
তেতিয়া দাসী দুজনীয়ে নিজৰ সন্তান সকলৰ সৈতে আগবাঢ়ি গৈ প্ৰণিপাত কৰিলে।
7 レアも亦その子とともに近よりて拜す其後にヨセフとラケルちかよりて拜す
তাৰ পাছত লেয়াই তেওঁৰ সন্তান সকলক লৈ আগবাঢ়ি আহি প্ৰণিপাত কৰিলে; শেষত যোচেফ আৰু ৰাহেলেও আগুৱাই গৈ প্ৰণিপাত কৰিলে।
8 エサウ又いひけるは我あへる此諸の群は何のためなるやヤコブいふ主の目の前に恩を獲んがためなり
এচৌৱে ক’লে, “মই যি দলবোৰক লগ পালোঁ, সেই সকলো কিহৰ বাবে?” যাকোবে ক’লে, “সেইবোৰ মোৰ মালিকৰ দৃষ্টিত অনুগ্ৰহ পাবৰ বাবে।”
9 エサウいひけるは弟よわが有ところの者は足り汝の所有は汝自ら之を有てよ
তেতিয়া এচৌৱে ক’লে, “ভাই, মোৰ যথেষ্ট আছে; তোমাৰ যি আছে, সেয়া তোমালৈকো থাকক।”
10 ヤコブいひけるは否我もし汝の目の前に恩をえたらんには請ふわが手よりこの禮物を受よ我汝の面をみるに神の面をみるがごとくなり汝また我をよろこぶ
১০যাকোবে ক’লে, “নহয় নহয়, মই মিনতি কৰি কৈছো, যদি আপোনাৰ দৃষ্টিত মই অনুগ্ৰহ পাইছোঁ, তেন্তে মোৰ হাতৰ পৰা উপহাৰ গ্ৰহণ কৰক। কিয়নো, আপুনি মোক গ্রহণ কৰিছে আৰু অৱশ্যেই মোৰ বাবে অাপোনাৰ মুখ দেখা ঈশ্বৰৰ মুখ দেখাৰ দৰে।
11 神我をめぐみたまひて我が有ところの者足りされば請ふわが汝にたてまつる禮物を受よと彼に強ければ終に受たり
১১বিনয় কৰোঁ, আপোনালৈ অনা মোৰ উপহাৰ গ্ৰহণ কৰক; কিয়নো ঈশ্বৰে মোক প্রচুৰ দয়া কৰিছে আৰু মোৰ যথেষ্ট আছে।” যাকোবে এইদৰে কাবৌকাকুতি কৰাত এচৌৱে তাক গ্রহণ কৰিলে।
12 エサウいひけるは我等いでたちてゆかん我汝にさきだつべし
১২পাছত এচৌৱে ক’লে, “আহাঁ, আমি আমাৰ পথত যাওঁহঁক। মই তোমাৰ আগে আগে যাম।”
13 ヤコブ彼にいひけるは主のしりたまふごとく子等は幼弱し又子を持る羊と牛と我にしたがふ若一日これを驅すごさば群みな死ん
১৩যাকোবে তেওঁক ক’লে, “মোৰ মালিকেতো জানেই যে, এই ল’ৰা-ছোৱালীবোৰৰ বয়স বেচি নহয় আৰু মোৰ লগত থকা মেৰ-ছাগ গৰুৰ জাকবোৰৰ পিয়াহ খোৱা পোৱালিও আছে। যদি ততাতৈয়া কৰি সিহঁতক এটা দিনো লৈ যোৱা হয়, তেন্তে আটাইবোৰেই মৰি যাব।
14 請ふわが主僕にさきだちて進みたまへ我はわが前にゆくところの家畜と子女に足にまかせて徐に導きすすみセイルにてわが主に詣らん
১৪তাতোকৈ বৰং মোৰ মালিকে তেওঁৰ এই দাসৰ আগেয়ে যাওঁক; মই চেয়ীৰত মোৰ প্ৰভুৰ ওচৰলৈ গৈ নাপাওঁমানে, মোৰ আগত থকা পশুধন আৰু ল’ৰা-ছোৱালীবোৰে যাব পৰাকৈ মই অধিক ধীৰে ধীৰে যাব লাগিব।”
15 エサウいひけるは然ば我わがひきゐる人數人を汝の所にのこさんヤコブいひけるは何ぞ此を須んや我をして主の目の前に恩を得せしめよ
১৫এচৌৱে ক’লে, “তেন্তে মোৰ লগৰ কিছুমান মানুহ তোমাৰ লগত থৈ যাওঁ।” কিন্তু যাকোবে ক’লে, “তাৰ কি প্রয়োজন? মোৰ মালিকৰ পৰা মই যি দয়া পাইছো, সেয়ে মোলৈ যথেষ্ট।”
16 是に於てエサウは此日その途にしたがひてセイルに還りぬ
১৬পাছত এচৌৱে সেই দিনাই চেয়ীৰৰ ফাললৈ নিজ বাটেদি উভটি গ’ল;
17 斯てヤコブ、スコテに進みて己のために家を建て又家畜のために廬を作れり是によりて其處の名をスコテ(廬)といふ
১৭যাকোবে যাত্রা কৰি চুক্কোতলৈ গ’ল। তেওঁ নিজৰ কাৰণে তাত এটা ঘৰ সাজিলে আৰু তেওঁৰ পশুবোৰৰ কাৰণে আশ্রয়ৰ চালিঘৰ সাজিলে; এই নিমিত্তে সেই ঠাইৰ নাম চুক্কোৎ [চালিঘৰ] হ’ল।
18 ヤコブ、パダンアラムより來りて恙なくカナンの地にあるシケムの邑に至り邑の前にその天幕を張り
১৮পদ্দন-অৰামৰ পৰা যাকোবে কুশলে আহি কনান দেশৰ চিখিম নগৰ পালে। তাত তেওঁ নগৰৰ ওচৰত নিজৰ তম্বু তৰিলে।
19 遂にその天幕をはりしところの野をシケムの父ハモルの子等の手により金百枚にて購とり
১৯পাছত তেওঁ নিজৰ তম্বু তৰা মাতি ডোখৰ চিখিমৰ বাপেক হমোৰৰ সন্তান সকলৰ পৰা কিনি ললে।
20 彼處に壇をきづきて之をエル、エロヘ、イスラエル(イスラエルの神なる神)となづけたり
২০সেই ঠাইত তেওঁ এটা যজ্ঞবেদি স্থাপন কৰি তাৰ নাম এল-এলোহে ইস্ৰায়েল ৰাখিলে।

< 創世記 33 >