< 創世記 10 >

1 ノアの子セム、ハム、ヤペテの傳は是なり洪水の後彼等に子等生れたり
নোহৰ পুত্ৰ চেম, হাম আৰু যেফতৰ বংশৰ বিৱৰণ এই: জলপ্লাৱনৰ পাছত তেওঁলোকৰ বহুতো সন্তান জন্ম হ’ল।
2 ヤペテの子はゴメル、マゴグ、マデア、ヤワン、トバル、メセク、テラスなり
যেফতৰ সন্তানসকলৰ নাম গোমৰ, মাগোগ, মাদয়, যাবন, তুবল, মেচেক আৰু তীৰচ।
3 ゴメルの子はアシケナズ、リパテ、トガルマなり
গোমৰৰ সন্তান সকল হ’ল অস্কিনজ, ৰীফৎ, আৰু তোগৰ্মা।
4 ヤワンの子はエリシヤ、タルシシ、キツテムおよびドダニムなり
যাবনৰ সন্তান সকল হ’ল ইলীচা, তৰ্চীচ, কিত্তীম আৰু দোদানীম।
5 是等より諸國の洲島の民は派分れ出て各其方言と其宗族と其邦國とに循ひて其地に住り
যাবনৰ বংশৰ লোকসকলে সাগৰৰ কাষৰীয় অঞ্চল আৰু দ্বীপবোৰত বসবাস কৰিলে। তেওঁলোকৰ বংশধৰসকল বিভক্ত হৈ বিভিন্ন জাতি হ’ল আৰু প্রত্যেক জাতিৰ নিজস্ব ভাষা, গোষ্ঠী আৰু অঞ্চল হ’ল।
6 ハムの子はクシ、ミツライム、フテおよびカナンなり
হামৰ সন্তান সকলৰ নাম কুচ, মিচৰ, পূট, আৰু কনান।
7 クシの子はセバ、ハビラ、サブタ、ラアマ、サブテカなりラアマの子はシバおよびデダンなり
কুচৰ সন্তান সকল হ’ল চবা, হবীলা, চব্তা, ৰয়মা, আৰু চব্তকা; ৰয়মাৰ সন্তান সকল হ’ল চিবা আৰু দদান।
8 クシ、ニムロデを生り彼始めて世の權力ある者となれり
কুচৰ পুত্ৰৰ নাম নিম্ৰোদ; এই নিম্রোদ পৃথিবীত এজন মহা-পৰাক্ৰমী পুৰুষ হৈ উঠিছিল।
9 彼はヱホバの前にありて權力ある獵夫なりき是故にヱホバの前にある夫權力ある獵夫ニムロデの如しといふ諺あり
যিহোৱাৰ সন্মুখত তেওঁ আছিল এজন পৰাক্ৰমী চিকাৰী। সেইবাবে তেওঁৰ তুলনা দি এই লোক-প্রবাদ আছে, “নিম্রোদৰ নিচিনা, যিহোৱাৰ সন্মুখতো এজন পৰাক্রমী চিকাৰী।”
10 彼の國の起初はシナルの地のバベル、エレク、アツカデ、及びカルネなりき
১০নিম্রোদৰ ৰাজত্বৰ প্রথম ঠাইবোৰ আছিল চিনাৰ দেশৰ বাবিল, এৰক, অক্কদ, আৰু কলনি।
11 其地より彼アッスリヤに出でニネベ、レホポテイリ、カラ
১১তেওঁ সেই ঠাইৰ পৰা অচুৰ দেশলৈকে গ’ল; তেওঁ নীনবি, ৰহোবোৎ-ঈৰ, কেলহ,
12 およびニネベとカラの間なるレセンを建たり是は大なる城邑なり
১২আৰু ৰেচন, এইবোৰ নগৰ নির্ম্মাণ কৰিলে। নীনবি আৰু কেলহৰ মাজত অৱস্থিত ৰেচন এখন মহানগৰ আছিল।
13 ミツライム、ルデ族アナミ族レハビ族ナフト族
১৩লুদীয়া, অনামীয়া, লহাবীয়া, নপ্তুহীয়া,
14 バテロス族カスル族およびカフトリ族を生りカスル族よりペリシテ族出たり
১৪পথ্ৰোচীয়া, কচলুহীয়া আৰু কপ্তোৰীয়াসকল মিচৰৰ বংশৰ লোক আছিল। পলেষ্টীয়াসকল এই কচলুহীয়াসকলৰ পৰা আহিছিল।
15 カナン其冢子シドンおよびヘテ
১৫কনান, চীদোন আৰু হেতৰ পিতৃ আছিল। চীদোন আছিল কনানৰ প্রথম সন্তান।
16 エブス族アモリ族ギルガシ族
১৬যিবুচীয়া ইমোৰীয়া, গিৰ্গাচীয়া,
17 ヒビ族アルキ族セニ族
১৭হিব্বীয়া, অৰ্কীয়া, চীনীয়া,
18 アルワデ族ゼマリ族ハマテ族を生り後に至りてカナン人の宗族蔓延りぬ
১৮অৰ্বদীয়া, চমৰীয়া, আৰু হমাতীয়াসকলো কনানৰ বংশৰ লোক আছিল। পাছত কনানীয়া গোষ্ঠীবোৰ বিস্তাৰিত হৈ পৰিল।
19 カナン人の境はシドンよりゲラルを經てガザに至りソドム、ゴモラ、アデマ、ゼボイムに沿てレシヤにまで及べり
১৯কনানীয়াসকলৰ সীমা চীদোনপৰা গৰাৰৰ ফালে গাজা পর্যন্ত আৰু চদোম, ঘমোৰা, অদ্মা, আৰু চবোয়ীমলৈ যোৱাৰ ফালে লেচা পর্যন্ত আছিল।
20 是等はハムの子孫にして其宗族と其方言と其土地と其邦國に隨ひて居りぬ
২০নিজৰ নিজৰ ফৈদ, ভাষা, দেশ আৰু জাতি হিচাবে এইসকল লোকেই আছিল হামৰ বংশৰ লোক।
21 セムはヱベルの全の子孫の先祖にしてヤペテの兄なり彼にも子女生れたり
২১যেফতৰ ডাঙৰ ককায়েক চেমৰো সন্তান-সন্ততি হ’ল। চেম এবৰৰ বংশধৰসকলৰ আদি পুৰুষ আছিল।
22 セムの子はエラム、アシユル、アルパクサデルデ、アラムなり
২২চেমৰ পুত্রসকল থ’ল এলম, অচুৰ, অৰ্ফকচদৰ, লুদ আৰু অৰাম।
23 アラムの子はウヅ、ホル、ゲテル、マシなり
২৩অৰামৰ পুত্রসকল উচ, হুল, গেথৰ, আৰু মচ।
24 アルパクサデ、シラを生みシラ、エベルを生り
২৪অৰ্ফকচদৰ সন্তানৰ নাম চেলহ আৰু চেলহৰ সন্তানৰ নাম এবৰ।
25 エベルに二人の子生れたり一人の名をペレグ(分れ)といふ其は彼の代に邦國分れたればなり其弟の名をヨクタンと曰ふ
২৫এবৰৰ দুজন পুত্ৰ আছিল। তেওঁলোকৰ এজনৰ নাম পেলগ, কিয়নো তেওঁৰ দিনতে পৃথিৱী বিভক্ত হৈছিল। পেলগৰ ভায়েকৰ নাম আছিল যক্তন।
26 ヨクタン、アルモダデ、シヤレフ、ハザルマウテ、ヱラ
২৬যক্তনৰ পুত্ৰসকলৰ নাম অলমোদদ, চেলফ, হচমাবৎ, যেৰহ,
27 ハドラム、ウザル、デクラ
২৭হদোৰাম, উজল, দিক্লা,
28 オバル、アビマエル、シバ
২৮ওবল, অবীমায়েল, চিবা,
29 オフル、ハビラおよびヨバブを生り是等は皆ヨクタンの子なり
২৯ওফীৰ, হবীলা আৰু যোবব; এইলোক সকলোৱেই যক্তনৰ সন্তান।
30 彼等の居住所はメシヤよりして東方の山セバルにまで至れり
৩০মেচাৰ পৰা পূব দিশৰ ছফাৰ পৰ্ব্বতলৈকে যোৱা অঞ্চলত তেওঁলোকে বসবাস কৰিছিল।
31 是等はセムの子孫にして其宗族と其方言と其土地と其邦國とに隨ひて居りぬ
৩১নিজৰ নিজৰ ফৈদ, ভাষা, দেশ আৰু জাতি হিচাবে এইসকল লোকেই আছিল চেমৰ বংশৰ লোক।
32 是等はノアの子の宗族にして其血統と其邦國に隨ひて居りぬ洪水の後是等より地の邦國の民は派分れ出たり
৩২এয়াই হ’ল বংশানুক্রমে আৰু জাতি অনুসাৰে নোহৰ পুত্রসকলৰ গোষ্ঠী। জলপ্লাৱনৰ পাছত এওঁলোকৰ বংশৰ লোকসকলেই পৃথক পৃথক জাতি হ’ল আৰু গোটেই পৃথিৱীতে সিচঁৰিত হ’ল।

< 創世記 10 >