< エゼキエル書 41 >

1 彼殿に我をひきゆきて柱を量るに此旁の寛六キユビト彼旁の寛六キユビト幕屋の寛なり
তেতিয়া তেওঁ মোক মন্দিৰৰ গুৰিলৈ নি, তাৰ সন্মুখৰ ওলাই থকা দুই ভাগ জুখি, এফালে ছহাত আনফালে ছহাত বহল পালে। সেয়ে তম্বুৰ বহলৰ সমান।
2 戸の寛は十キユビト戸の側柱は此旁も五キユビト彼旁も五キユビト彼量るに其長四十キユビト廣二十キユビトあり
আৰু প্ৰৱেশস্থানৰ প্ৰস্থ দহ হাত; আৰু প্ৰৱেশস্থানৰ সন্মুখৰ দুই ভাগ ইফালে পাঁচ হাত সিফালে পাঁচ হাত আছিল; আৰু তেওঁ তাৰ দৈৰ্ঘ্য জুখি চল্লিশ হাত আৰু প্ৰস্থ জুখি বিশ হাত পালে।
3 内にいりて戸の柱を量るに二キユビトあり戸は六キユビト戸の濶は七キユビト
তেতিয়া তেওঁ ভিতৰ ফালে গৈ প্ৰৱেশস্থানৰ সন্মুখৰ ওলাই থকা দুই ভাগ জুখি দুহাত দুহাত পালে আৰু প্ৰৱেশস্থান জুখি ছহাত পালে; প্ৰৱেশস্থানৰ প্ৰস্থ সাত হাত আছিল।
4 彼量るに其長二十キユビト廣二十キユビトにして殿に向ふ彼我に言けるは是至聖所なり
তেতিয়া তেওঁ তাৰ দৈৰ্ঘ্য জুখি বিশ হাত পালে আৰু “এয়ে অতি পবিত্ৰ স্থান” বুলি তেওঁ মোক ক’লে।
5 彼室の壁を量るに六キユビトあり室の周圍の連接屋の寛は四キユビトなり
তেতিয়া তেওঁ গৃহটিৰ দেৱাল জুখি ছহাত পালে আৰু চাৰিওফালে গৃহ মেৰাই থকা কিনাৰৰ কোঁঠালিবোৰৰ প্ৰত্যেক কোঁঠালিৰ প্ৰস্থ জুখি চাৰি হাত পালে।
6 連接屋は三階にして各三十の間あり室の壁周圍の連接屋の側にありて連接屋は之に連りて堅く立つ然れども室の壁に挿入て堅く立るにあらず
কিনাৰৰ কোঁঠালিবোৰ ওপৰা-ওপৰিকৈ তিনি শাৰী আছিল আৰু প্ৰত্যেক শাৰীত ত্ৰিশটা কোঁঠালি আছিল আৰু কিনাৰৰ কোঁঠালিবোৰ যেন লাগি থাকে, এই অভিপ্ৰায়ে সেইবোৰ কেউফালৰ কিনাৰৰ কোঁঠালিত গৃহৰ দেৱালত সোমাল, কিন্তু গৃহৰ দেৱালত সেইবোৰ বন্ধ নাছিল।
7 連接屋は上にいたるに隨ひて廣くなり行く即ち家の圍牆家の四周に高くのぼれば家は上廣くして下のより上のにのぼる樣は中の割合にしたがふなり
আৰু কিনাৰৰ কোঁঠালিবোৰে গৃহটি মেৰাই যিমান ওপৰলৈ গ’ল, সেইবোৰ সিমানে বহল হৈ গ’ল, কিয়নো গৃহৰ কেউফালে গৃহৰ মেৰ ক্ৰমে ওখ হৈ গৈছিল; এই হেতুকে গৃহৰ ফালে প্ৰস্থাই ওপৰলৈ ক্ৰমে বাঢ়িল; এই কাৰণে লোকে তলৰ কোঁঠালিৰ পৰা ওপৰৰ কোঁঠালিলৈ মাজৰ কোঁঠালিয়েদি উঠে।
8 我室に高き處あるを見る連接屋の基は一竿に足てその連接る處まで六キユビトなり
তেতিয়া মই দেখিলোঁ, গৃহৰ চাৰিওফালে ওখ ভিত্তিমূল আছিল; কিনাৰৰ কোঁঠালিবোৰৰ ভিত্তিমূল দীঘল হাতৰ ছহাত পৰিমাণৰ সম্পূৰ্ণ এক নল।
9 連接屋にある外の壁の厚は五キユビト室の連接屋の傍の隙もまた然り
কিনাৰৰ কোঁঠালিবোৰৰ বাহিৰ ফালৰ দেৱালৰ ডাঠ পাঁচ হাত আৰু বাকী শূন্য ঠাইখিনি পাঁচ হাত আছিল।
10 室の間にあたりて家の四周に廣二十キユビトの處あり
১০কেউপিনে গৃহৰ চাৰিওফালে কোঁঠালিবোৰৰ মাজত বিশ হাত বহল এডোখৰ ঠাই আছিল।
11 連接屋の戸は皆かの隙にむかふ一の戸は北にむかひ一の戸は南にむかふ其隙たる處は四周にありて廣五キユビトなり
১১তাত কিনাৰৰ কোঁঠালিবোৰৰ দুৱাৰ বাকী শূন্য ঠাইডোখৰৰ ফাললৈ আছিল; এখন উত্তৰ ফালে আৰু আনখন দক্ষিণফালে আছিল; আৰু বাকী শূন্য ঠাইডোখৰৰ প্ৰস্থ কেউফালে পাঁচ হাত।
12 西の方にあたる離處の前の建物は廣七十キユビトその建物の周圍の壁は厚五キユビト長九十キユビト
১২আৰু পৃথক কৰা ঠাইৰ সন্মুখত পশ্চিমফালে থকা ঘৰ সত্তৰ হাত বহল; আৰু ঘৰৰ দেৱালৰ ডাঠ চাৰিওফালে পাঁচ হাত আৰু তাৰ দৈৰ্ঘ্য নব্বৈ হাত।
13 彼殿をはかるにその長百キユビトあり離處とその建物とその壁は長百キユビト
১৩তেতিয়া তেওঁ গৃহ জুখি এশ হাত দীঘল পালে আৰু পৃথক কৰা ঠাই আৰু দেৱালে সৈতে ঘৰটো জুখি এশ হাত দীঘল পালে।
14 殿の面および離處の東面は廣百キユビトなり
১৪আৰু তেওঁ পূৱফালে গৃহৰ আৰু পৃথক কৰা ঠাইৰ আগফালৰ প্ৰস্থ জুখি এশ হাত পালে।
15 彼後なる離處の前の建物の長を量れり其此旁彼旁の廊下は百キユビトありまた内殿と庭の廊を量り
১৫আৰু তেতিয়া পৃথক কৰা ঠাইৰ মুৰত, তাৰ পাছফালে থকা ঘৰটোৰ দৈৰ্ঘ্য আৰু ইফালে সিফালে থকা তাৰ ঠেক বাৰাণ্ডাবোৰৰ দৈৰ্ঘ্য জুখি তেওঁ এশ হাত পালে; আৰু তেওঁ মন্দিৰ, ভিতৰ-মন্দিৰ আৰু চোতালখনৰ বাৰাণ্ডা জুখিলে।
16 彼の三にある處の閾と閉窓と周圍の廊下を量れり閾の對面に當りて周圍に嵌板あり窓まで地を量りしが窓は皆蔽ふてあり
১৬এই তিনিওটাৰ কেউফালে দুৱাৰডলি, চিলিঙি দিয়া খিড়িকি আৰু ঠেক বাৰাণ্ডা আছিল; চোতালখনৰ বাৰাণ্ডাৰ সন্মুখত কেউফালে মজিয়াৰ পৰা খিড়িকিলৈকে তক্তা লগোৱা আছিল: খিড়িকিবোৰ ঢকা আছিল।
17 戸の上なる處内室と外の處および内外の周圍の諸の壁まで量ることをなせり
১৭আৰু দুৱাৰৰ ওপৰ ভাগ, ভিতৰ গৃহটি, বাহিৰৰ ঠাই আৰু গোটেই দেৱাল, চাৰিওফালে ভিতৰে আৰু বাহিৰে যি যি আছিল, সেই সকলোকে জোখা হ’ল।
18 ケルビムと棕櫚と造りてあり二のケルビムの間毎に一本の棕櫚ありケルブには二の面あり
১৮কৰূব আৰু খাজুৰ গছৰ আকৃতি এইদৰে কৰা হৈছিল, যে, দুটা দুটা কৰূবৰ আকৃতিৰ মাজত এজোপা এজোপা খাজুৰ গছৰ আকৃতি আছিল; আৰু প্ৰত্যেক কৰূবৰ দুখন দুখন মুখ আছিল।
19 此旁には人の面ありて棕櫚にむかひ彼旁には獅子の面ありて棕櫚にむかふ家の周圍に凡て是のごとく造りてあり
১৯এইদৰে, এফালে খাজুৰ গছৰ আকৃতিটোৰ পোনে মানুহৰ মুখ আৰু আনফালে খাজুৰ গছৰ আকৃতিটোৰ পোনে ডেকা সিংহৰ মুখ আছিল; কেউফালে গোটেই গৃহত এইদৰে কৰা হ’ল।
20 地より戸の上までケルビムと棕櫚の設あり殿の壁も然り
২০মজিয়াৰ পৰা দুৱাৰৰ ওপৰলৈকে কৰূব আৰু খাজুৰ গছৰ আকৃতি কৰা হৈছিল; মন্দিৰৰ দেৱাল এই প্ৰকাৰ আছিল।
21 殿には四角の戸柱あり聖所の前にも同形の者あり
২১মন্দিৰৰ বিষয়ে হ’লে, দুৱাৰৰ খুটাকেইটা চাৰিসিৰীয়া কৰা আছিল; অতি পবিত্ৰ স্থানৰ আগফালৰ বিষয়ে হ’লে, তাৰ আকৃতি মন্দিৰৰ আকৃতিৰ নিচিনা।
22 壇は木にして高三キユビト長二キユビトなり是に隅木ありその臺と其周圍も木なり彼われに言けるは是はヱホバの前の壇なり
২২বেদিটো কাঠৰ, তিনিহাত ওখ আৰু দুহাত দীঘল, তাৰ চুক আৰু দীঘে পথালিয়ে গোটেই গা কাঠৰ আছিল। পাছে তেওঁ মোক ক’লে, “এই বেদিয়েই যিহোৱাৰ আগত থকা মেজ।”
23 殿と聖所とには二の戸あり
২৩মন্দিৰ আৰু অতি পবিত্ৰ স্থানৰ দুফলীয়া দুখন দুৱাৰ আছিল।
24 その戸に二の扉あり是二の開扉なり此戸に二箇彼戸に二箇の扉あり
২৪আৰু প্ৰত্যেক ফালৰ ঘূৰাব পৰা দুই দুই খলপ আছিল। এফালে দুখলপ আৰু আনফালে দুখলপ আছিল।
25 殿の戸にケルビムと棕櫚つくりてあり壁におけるがごとし外の廊の前に木の段あり
২৫দেৱালত কৰাৰ দৰে সেইবোৰত, মন্দিৰৰ দুৱাৰ কেইখনত কৰূব আৰু খাজুৰ গছৰ আকৃতি কৰা আছিল; আৰু বাহিৰত বাৰাণ্ডাৰ আগফালৰ ওপৰত ডাঠ কাঠৰ চতি আছিল।
26 廊の横壁と家の連接屋と段には此旁彼旁に閉窓と棕櫚あり
২৬বাৰাণ্ডাৰ দুই কাষে, ইফালে সিফালে চিলিঙি দিয়া খিড়িকি আৰু খাজুৰ গছৰ আকৃতি আছিল; গৃহৰ কিনাৰৰ কোঁঠালিবোৰ আৰু ডাঠ কাঠৰ চতিকেইটা এই প্ৰকাৰ আছিল।

< エゼキエル書 41 >