< 出エジプト記 27 >

1 汝合歓木をもて長五キユビト濶五キユビトの壇を作るべしその壇は四角その高は三キユビトなるべし
তুমি যজ্ঞবেদীটো চিটীম কাঠেৰে সাজিবা। সেই বেদীৰ দীঘলে পাঁচ হাত, বহলে পাঁচ হাত হ’ব লাগিব। যজ্ঞবেদীৰ চাৰিও দিশ সমান হ’ব লাগিব, আৰু ওখই তিনি হাত হ’ব লাগিব।
2 その四隅の上に其の角を作りてその角を其より出しめその壇には銅を着すべし
তুমি তাৰ চাৰিও চুকে ওলাই থকা অংশ, গৰুৰ শিঙৰ আকৃতিৰে তৈয়াৰ কৰিব লাগিব। শিং কেইটা যজ্ঞবেদিৰ সৈতে একেলগে তৈয়াৰ কৰিব লাগিব; আৰু তাত পিতলৰ পতা মাৰিব লাগিব।
3 又灰を受る壷と火鏟と鉢と肉叉と火鼎を作るべし壇の器は皆銅をもて之を作るべし
তুমি যজ্ঞবেদীৰ সকলো সামগ্রী তৈয়াৰ কৰিবা: ছাঁই পেলোৱা পাত্ৰ, হেঁতা, চৰিয়া, মাংস খোঁচ যাঠি, আৰু জুই ধৰা পাত্ৰ। সেই সকলো সঁজুলি পিতলেৰে গঢ়াবা।
4 汝壇のために銅をもて金網を作りその網の上にその四隅に銅の鐶を四箇作るべし
যজ্ঞবেদীৰ বাবে পিতলৰ এটা জালি গঢ়াবা, আৰু সেই জালিৰ চাৰিওটা চুকত পিতলৰ চাৰিটা চক্র লগাবা।
5 而してその網を壇の中程の邊の下に置て之を壇の半に達せしむべし
তুমি সেই জালি, যজ্ঞবেদীৰ ভিতৰৰ স্তৰত লগাবা। সেই জালি বেদীৰ তলৰ আধা ভাগলৈকে পাব।
6 又壇のために杠を作るべし即ち合歓木をもて杠を造り銅をこれに着すべし
বেদিৰ বাবে চিটীম কাঠৰ কান্ধমাৰি সাজিবা, আৰু তাত পিতলৰ পতা মাৰিবা।
7 その杠を鐶に貫きその杠を壇の兩旁にあらしめて之を舁べし
কান্ধমাৰি কেইডাল চক্রৰ ভিতৰত সুমুউৱাই ৰাখিবা; আৰু যজ্ঞবেদি কঢ়িয়াবলৈ কান্ধমাৰিবোৰ বেদীৰ দুয়ো কাষে ৰাখিব লাগিব।
8 壇は汝板をもて之を空に造り汝が山にて示されしごとくにこれを造るべし
তুমি সেই যজ্ঞবেদী তক্তাৰে ফোঁপোলা কৰি সাজিবা। পৰ্ব্বতত তোমাক যি দৰে দেখুৱা হৈছিল, সেইদৰেই তৈয়াৰ কৰিবা।
9 汝また幕屋の庭をつくるべし南に向ひては庭のために南の方に長百キユピトの細布の幕を設けてその一方に當べし
তুমি আবাসৰ বাবে চোতাল প্রস্তুত কৰিব লাগিব। চোতালৰ দক্ষিণফালে মিহি শণ সূতাৰ এশ হাত দীঘল কাপোৰ ওলমাবা।
10 その二十の柱およびその二十の座は銅にし其柱の鈎およびその桁は銀にすべし
১০সেই কাপোৰ ওলমাবলৈ বিশটা খুঁটা; আৰু সেইবোৰৰ বাবে পিতলৰ বিশটা চুঙী; খুটাবোৰৰ হাঁকোটা আৰু মাৰি কেইডাল ৰূপৰ হ’ব লাগিব।
11 又北の方にあたりて長百キユビトの幕をその樅に設くべしその二十の柱とその柱の二十の座は銅にし柱の鈎とその桁は銀にすべし
১১সেইদৰে উত্তৰফালে এশ হাত দীঘল কাপোৰ বিশটা খুটাৰ সৈতে থাকিব। সেই খুটাবোৰত বিশটা পিতলৰ চুঙী, আৰু হাঁকোটা লগা থাকিব আৰু মাৰি কেইডাল ৰূপৰ হ’ব লাগিব।
12 庭の横すなはちその西の方には五十キユビトの幕を設くべしその柱は十その座も十
১২সেই চোতালৰ পশ্চিমফালে পঞ্চাশহাত দীঘল পৰ্দা থাকিব। তাত দহটা খুঁটা আৰু দহটা চুঙী থাকিব।
13 また東に向ひては庭の東の方の濶は五十キユビトにすべし
১৩পূবদিশে চোতালখন পঞ্চাশ হাত দীঘল হ’ব লাগিব।
14 而して此一旁に十五キユビトの幕を設くべしその柱は三その座も三
১৪প্রবেশ দুৱাৰৰ এফালে ওলমাই থোৱা পৰ্দা পোন্ধৰ হাত দীঘল হ’ব লাগিব; আৰু সেই পৰ্দাৰ বাবে তিনিটা চুঙীৰে সৈতে তিনিটা খুঁটা লাগিব।
15 又彼一旁にも十五キユビトの幕を設くべしその柱は三その座も三
১৫আনদিশে পোন্ধৰ হাত দীঘল কাপোৰ ওলমাব লাগিব। তাৰ বাবে তিনিটা চুঙী আৰু তিনিটা খুঁটা হ’ব।
16 庭の門のために靑紫紅の線および麻の撚絲をもて織なしたる二十キユビトの幔を設くべしその柱は四その座も四
১৬চোতালখনৰ দুৱাৰৰ বাবে নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা ও পকোৱা মিহি শণ সূতাৰে ফুল বছা বিশ হাত দীঘল এখন পৰ্দা তৈয়াৰ কৰিব লাগিব। সেই পৰ্দাৰ চাৰিটা খুঁটা, আৰু সেই খুটাবোৰৰ বাবে চাৰিটা চুঙী লাগিব।
17 庭の四周の柱は皆銀の桁をもて続けその鈎を銀にしその座を銅にすべし
১৭চোতালৰ সকলো খুটাবোৰত ৰূপৰ মাৰি, ৰূপৰ হাঁকোটা আৰু পিতলৰ চুঙী থাকিব লাগিব।
18 庭の樅は百キユビトその横は五十キユビト宛その高は五キユビト麻の撚絲をもてつくりなしその座を銅にすべし
১৮চোতাল দীঘলে এশ হাত, পথালিয়ে পঞ্চাশ হাত, আৰু ওখই পাঁচ হাত। চোতালৰ চাৰিওফালে ওলমি থকাকৈ পকোৱা মিহি শণ সূতাৰ পৰ্দা, আৰু চুঙীবোৰ পিতলৰ হ’ব।
19 凡て幕屋に用ふるところの諸の器具並にその釘および庭の釘は銅をもて作るべし
১৯আবাসৰ কাৰ্যত ব্যৱহাৰ হোৱা সকলো সামগ্রী, আবাস আৰু চোতালৰ কাৰণে সকলো তম্বুৰ খুটি পিতলৰ হ’ব লাগিব।
20 汝又イスラエルの子孫に命じ橄欖を搗て取たる清き油を燈火のために汝に持きたらしめて絶ず燈火をともすべし
২০সদায় প্ৰদীপ জ্বলাই পোহৰ কৰিবলৈ, খান্দি উলিওৱা জিতগছৰ গুটিৰ শুদ্ধ তেল তোমাৰ ওচৰলৈ আনিবলৈ, তুমি ইস্ৰায়েলী লোকসকলক আজ্ঞা দিবা।
21 集會の幕屋に於て律法の前なる幕の外にアロンとその子等晩より朝までヱホバの前にその燈火を整ふべし是はイスラエの子孫が世々たえず守るべき定例なり
২১সাক্ষাৎ কৰা তম্বুৰ ভিতৰত সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ আগত থকা পৰ্দাৰ বাহিৰত যিহোৱাৰ আগত গধূলিৰ পৰা ৰাতিপুৱালৈকে প্রদীপ জ্বলি থাকিবৰ বাবে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে তত্বাৱধান ল’ব লাগিব। এয়ে ইস্ৰায়েলী লোকসকলে পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি।

< 出エジプト記 27 >