< 出エジプト記 24 >

1 又モーセに言たまひけるは汝アロン、ナダブ、アビウおよびイスラエルの七十人の長老とともにヱホバの許に上りきたれ而して汝等遥にたちて拝むべし
যিহোৱাই মোচিক কলে, “তুমি, হাৰোণ, নাদব, অবীহূ, আৰু ইস্ৰায়েলৰ সত্তৰজন পৰিচাৰক মোৰ ওচৰলৈ উঠি আহাঁ; আৰু তোমালোকে দূৰৰে পৰা মোক আৰাধনা কৰা।
2 モーセ一人ヱホバに近づくべし彼等は近るべからず又民もかれとともに上るべからず
কেৱল মোচিহে মোৰ ওচৰলৈ আহিব। আন লোকসকল ওচৰলৈ আহিব নালাগে; বা লোকসকল তেওঁৰ লগত ওপৰলৈ উঠি আহিব নালাগে।”
3 モーセ來りてヱホバの諸の言およびその諸の典例を民に告しに民みな同音に應て云ふヱホバの宣ひし言は皆われらこれを爲べし
তেতিয়া মোচিয়ে গৈ, যিহোৱাৰ সকলো বাক্য আৰু শাসন প্ৰণালীৰ কথা লোকসকলক ক’লে। সকলোৱে একে লগে উত্তৰ দি ক’লে, “যিহোৱাই কোৱা সকলো কথা আমি পালন কৰিম।”
4 モーセ、ヱホバの言をことごとく書記し朝夙に興いでて山の麓に壇を築きイスラエルの十二の支派にしたがひて十二の柱を建て
তাৰ পাছত মোচিয়ে যিহোৱাৰ সকলো বাক্য লিখিলে। ৰাতিপুৱাই উঠি, মোচিয়ে পৰ্ব্বতৰ তলত এটা যজ্ঞবেদী আৰু ইস্ৰায়েলৰ বাৰ ফৈদ অনুসাৰে বাৰটা স্তম্ভ নিৰ্ম্মাণ কৰিলে।
5 而してイスラエルの子孫の中の少き人等を遣はしてヱホバに燔祭を献げしめ牛をもて酬恩祭を供へしむ
তেওঁ ইস্ৰায়েলী লোকসকলৰ মাজৰ কিছুমান যুৱকক যিহোৱাৰ উদ্দেশ্যে হোমবলি আৰু মঙ্গলাৰ্থক বলিস্বৰূপে ভতৰা গৰু উৎসৰ্গ কৰিবলৈ পঠিয়ালে।
6 モーセ時にその血の半をとりて鉢に盛れ又その血の半を壇の上に灌げり
মোচিয়ে তেজৰ আধা অংশ, কেইটামান চৰিয়াত থলে, আৰু বাকি আধা অংশ বেদীৰ ওপৰত ছটিয়াই দিলে।
7 而して契約の書をとりて民に誦きかせたるに彼ら應へて言ふヱホバの宣ふ所は皆われらこれを爲て遵ふべしと
তেওঁ নিয়ম-পুস্তকখন ল’লে লোকসকলে শুনাকৈ পাঠ কৰিলে। তেওঁলোকে ক’লে, “যিহোৱাই যি যি সকলো কৈছে, সেই সকলোকে আমি পালন কৰিম, আৰু আমি তেওঁৰ আজ্ঞাধীন হম।”
8 モーセすなはちその血をとりて民に灌ぎて言ふ是すなはちヱホバが此諸の言につきて汝と結たまへる契約の血なり
তাৰ পাছত মোচিয়ে সেই তেজ লৈ, লোকসকলৰ ওপৰত ছটিয়াই দিলে। মোচিয়ে ক’লে, “যিহোৱাই এই সকলো বাক্যৰ সৈতে আপোনালোকক দিয়া প্রতিজ্ঞাৰ যি নিয়ম স্থাপন কৰিলে, এয়ে সেই নিয়মৰ তেজ।”
9 斯てモーセ、アロン、ナダブ、アビウおよびイスラエルの七十人の長老のぼりゆきて
তাৰ পাছত মোচি, হাৰোণ, নাদব, অবীহূ, আৰু ইস্ৰায়েলৰ মাজৰ সত্তৰ জন পৰিচাৰক পৰ্ব্বতৰ ওপৰলৈ উঠি গ’ল।
10 イスラエルの神を見るにその足の下には透明れる靑玉をもて作れるごとき物ありて耀ける天空にさも似たり
১০তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰৰ দৰ্শন পালে। নীলা আকাশৰ দৰে স্বচ্ছ নীলকান্ত বাখৰেৰে তৈয়াৰী বাটত তেওঁ থিয় হৈ আছিল।
11 神はイスラエルの此頭人等にその手をかけたまはざりき彼等は神を見又食飮をなせり
১১ঈশ্বৰে ক্রোধেৰে ইস্ৰায়েলী মুখ্যলোক সকলৰ ওপৰত হাত নিদিলে। তেওঁলোকে ঈশ্বৰৰ দৰ্শন পালে আৰু তেওঁলোকে ভোজন পান কৰিলে।
12 茲にヱホバ、モーセに言たまひけるは山に上りて我に來り其處にをれ我わが彼等を敎へんために書しるせる法律と誡命を載るところの石の板を汝に與へん
১২যিহোৱাই মোচিক কলে, “তুমি পৰ্ব্বতলৈ মোৰ ওচৰলৈ উঠি আহাঁ, আৰু তাতে থাকা। মই লিখা ব্যৱস্থা আৰু আজ্ঞাৰ শিলৰ ফলি মই তোমাক দিম; যাতে সেইবোৰ তুমি তেওঁলোকক শিকাব পাৰা।”
13 モーセその從者ヨシユアとともに起あがりモーセのぼりて神の山に至る
১৩তেতিয়া মোচিয়ে আৰু তেওঁৰ পৰিচাৰক যিহোচূৱাক লগত লৈ ঈশ্বৰৰ পৰ্ব্বতলৈ উঠি গ’ল।
14 時に彼長老等に言けるは我等の汝等に歸るまで汝等は此に待ちをれ視よアロンとホル汝等とともに在り凡て事ある者は彼等にいたるべし
১৪মোচিয়ে পৰিচাৰক সকলক ক’লে, “আমি আপোনালোকৰ ওচৰলৈ উভটি নহালৈকে, আপোনালোক ইয়াতে থাকক। হাৰোণ আৰু হূৰ আপোনালোকৰ লগত আছে। কোনো জনৰ যদি কিবা বিবাদ থাকে, তেওঁক তেওঁলোকৰ ওচৰলৈ যাব দিব।”
15 而してモーセ山にのぼりしが雲山を蔽ひをる
১৫সেই বুলি কৈ, মোচি পৰ্ব্বতলৈ উঠি গ’ল, আৰু মেঘে পৰ্ব্বত ঢাকি ধৰিলে।
16 すなはちヱホバの榮光シナイ山の上に駐りて雲山を蔽ふこと六日なりしが七日にいたりてヱホバ雲の中よりモーセを呼たまふ
১৬সেই চীনয় পৰ্ব্বতৰ ওপৰত যিহোৱাৰ প্ৰতাপ স্থাপিত আছিল, আৰু ছয় দিনলৈকে মেঘে পৰ্ব্বত ঢাকি ৰাখিছিল। সপ্তম দিনত তেওঁ মেঘৰ মাজৰ পৰা মোচিক মাতিলে।
17 ヱホバの榮光山の嶺に燃る火のごとくにイスラエルの子孫の目に見えたり
১৭ইস্ৰায়েলী লোকসকলৰ দৃষ্টিত, যিহোৱাৰ প্ৰতাপ পৰ্ব্বতৰ ওপৰত গ্ৰাসকাৰী অগ্নিৰ দৰে প্ৰকাশিত হ’ল।
18 モーセ雲の中に入り山に登りモーセ四十日四十夜山に居る
১৮মোচি মেঘৰ মাজত সোমাই পৰ্ব্বতলৈ উঠি গ’ল। মোচি সেই পৰ্ব্বততে চল্লিশ দিন আৰু চল্লিশ ৰাতি থাকিল।

< 出エジプト記 24 >