< エステル 記 7 >

1 王またハマンとともに后エステルと酒宴せんとて來れり
তাৰ পাছত ৰজা আৰু হামনে ৰাণী ইষ্টেৰৰ ভোজলৈ গ’ল।
2 この第二の酒宴の日に王またエステルに言けるは后エステルよなんぢのもとめは何なるや かならず許さるべし 汝のねがひは何なるや國の半分にいたるとも成就らるべし
দ্বিতীয় দিনা তেওঁলোকে যেতিয়া দ্ৰাক্ষাৰস বাকি দি আছিল, তেতিয়া ৰজাই ইষ্টেৰক পুনৰ সুধিলে, “ৰাণী ইষ্টেৰ, তোমাৰ নিবেদন কি? তাক তোমালৈ কৰা হ’ব। তোমাৰ অনুৰোধ কি? যদি ৰাজ্যৰ আধা অংশও তোমাক লাগে তাক দিয়া হ’ব।”
3 后エステルこたへて言けるは王よ我もし王の御目の前に恩を得王もし善と見たまはばわがもとめにしたがりこわが生命をわれに賜へ またわが願にしたがひてわが民を我に賜へ
তেতিয়া ৰাণী ইষ্টেৰে উত্তৰ দি ক’লে, “মই যদি ৰজাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, আৰু যদি আপুনি ভাল দেখে, তেনেহ’লে মোৰ প্ৰাণ মোক দিয়ক। এয়েই মোৰ নিবেদন আৰু মোৰ লোক সকলৰ বাবেও মই এই অনুৰোধ কৰিছোঁ।
4 我とわが民は賣れて滅ぼされ殺され絶されんとす 我らもし奴婢に賣れたるならんには我默してはべらん 敵人は王の損害を償なふ事能はざるなり
কাৰণ মোক আৰু মোৰ স্বজাতীয় লোকসকলক ধ্বংস, বধ, আৰু বিনষ্ট কৰিবৰ বাবে বিক্রী কৰা হৈছে। আমি যদি কেৱল দাস-দাসী হ’বলৈ বেচা গলোহেঁতেন, তেনেহ’লে মই নিজমে থাকিলো হয়; আৰু ৰজাৰ শান্তি ভংগ কৰাৰ একো প্রয়োজন নহলে হয়।”
5 アハシユエロス王后エステルにこたへて言けるは之をなさんと心にたくめる者は誰また何處にをるや
তেতিয়া ৰজা অহচবেৰোচে ৰাণী ইষ্টেৰক ক’লে, “তেওঁ কোন হয়? এই কাৰ্য কৰিবলৈ সাহ কৰা জন ক’ত আছে?”
6 エステルいひけるはその敵その仇人は即ちこの惡きハマンなりと 是によりてハマンは王と后の前にありて懼れたり
ইষ্টেৰে ক’লে, “সেই দুষ্ট হামনেই বিৰুদ্ধী আৰু শত্ৰু লোক হয়।” তেতিয়া হামনে ৰজা আৰু ৰাণীৰ আগত আতঙ্কিত হ’ল।
7 王怒り酒宴の席をたちて宮殿の園に往きければハマンたちあがりて后エステルに生命を乞り 其はかれ王のおのれに禍災をなさんと決めしを見たればなり
তেতিয়া ৰজাই ক্ৰোধত দ্ৰাক্ষাৰস পান কৰাৰ পৰা উঠি গৈ ৰাজপ্রসাদৰ বাগিছাত সোমাল; কিন্তু ৰজাই যে হামনৰ বিৰুদ্ধে অমঙ্গল স্থিৰ কৰিলে সেই কথা হামনে জানিবলৈ পাই, ৰাণী ইষ্টেৰৰ পৰা নিজৰ প্ৰাণ ভিক্ষা কৰিবলৈ তাতে থাকিল।
8 王宮殿の園より歸りて酒宴の場にいたりしにエステルのをる牀榻の上にハマン俯伏ゐたれば王いひけるは彼はまた家の内にてわが前に后を辱しめんとするかと此ことば王の口より出るや人々ハマンの面をおほへり
তাৰ পাছত ৰজাই ৰাজপ্রসাদৰ বাগিছাৰ পৰা দ্ৰাক্ষাৰস পান কৰা কোঁঠালিলৈ উভটি আহিল। সেই সময়ত ইষ্টেৰে বহা আসনত হামন পৰি আছিল। ৰজাই ক’লে, “এই ব্যক্তিয়ে মোৰ গৃহত মোৰ সন্মুখত ৰাণীক বলাৎকাৰ কৰিব খুজিছে নেকি? এই কথা ৰজাৰ মুখৰ পৰা ওলোৱাৰ লগে লগে দাসসকলে হামনৰ মুখ ঢাকি ধৰিলে।
9 時に王の前にある一人の侍從ハルボナいひけるは王の爲に善き事を言たりしかのモルデカイを懸んとてハマンが作りたる五十キユビトの木ハマンの家に立をるなりと王いひけるは彼をその上に懸よ
পাছত ৰজাৰ পৰিচৰ্যা কৰা হৰ্বোনা নামেৰে এজন নপুংসকে ক’লে, “যি মৰ্দখয়ে ৰজাৰ পক্ষে হিতজনক সম্বাদ দিছিল, তেওঁৰ বাবে হামনে যুগুত কৰা পঞ্চাশ হাত দীঘল ফাঁচি কাঠডাল হামনৰ ঘৰত পোতা আছে।” ৰজাই ক’লে, “সেই কাঠৰ ওপৰতে ইয়াক ফাঁচি দিয়া হওক।”
10 人々ハマンを其モルデカイをかけんとて設けし木の上に懸たり 王の震怒つひに解く
১০তাতে মৰ্দখয়ৰ বাবে হামনে যুগুত কৰা ফাঁচি কাঠত হামনক ফাঁচি দিয়া হ’ল। তাৰ পাছতহে ৰজাৰ ক্ৰোধ শান্ত হ’ল।

< エステル 記 7 >