< 伝道者の書 10 >

1 死し蝿は和香者の膏を臭くしこれを腐らす 少許の愚癡は智慧と尊榮よりも重し
যেনেকৈ মৰা মাখিয়ে সুগন্ধি তেলৰ দ্রব্য দুৰ্গন্ধময় কৰি তোলে, তেনেকৈ অলপ অজ্ঞানতাৰ কার্যই প্রজ্ঞা আৰু সন্মানক মছি পেলায়।
2 智者の心はその右に愚者の心はその左に行くなり
জ্ঞানৱানৰ হৃদয় ভাল পথৰ ফালে ঘূৰে; কিন্তু অজ্ঞানীৰ হৃদয় ভুল পথলৈ ঘূৰে।
3 愚者は出て途を行にあたりてその心たらず自己の愚なることを一切の人に告ぐ
বাটত খোজকঢ়াৰ সময়তো এজন অজ্ঞানীৰ বুদ্ধিৰ অভাৱ দেখা যায় আৰু সকলোৰে আগত তেওঁৰ অজ্ঞানতা প্ৰকাশ কৰে।
4 君長たる者汝にむかひて腹たつとも汝の本處を離るる勿れ温順は大なる愆を生ぜしめざるなり
অধিপতি যদি তোমাৰ ওপৰত ক্রুদ্ধ হয়, তথাপিও তুমি তোমাৰ পদ ত্যাগ নকৰিবা; কিয়নো শান্তভাৱে থাকিলে ডাঙৰ ডাঙৰ অন্যায়কো শান্ত কৰিব পাৰি।
5 我日の下に一の患事あるを見たり是は君長たる者よりいづる過誤に似たり
অধিপতিৰ পৰা উৎপন্ন হোৱা এক প্রকাৰ ভ্ৰান্তি আৰু এক দুষ্টতাৰ বিষয় মই সূৰ্যৰ তলত দেখিলোঁ।
6 すなはち愚なる者高き位に置かれ貴き者卑き處に坐る
অজ্ঞানীসকলক উচ্চ পদবোৰত নিযুক্ত কৰা হয় আৰু সফল লোক নিম্ন পদত নিযুক্ত হয়।
7 我また僕たる者が馬に乗り王侯たる者が僕のごとく地の上に歩むを觀たり
মই দাসক ঘোঁৰাত উঠি যোৱা, আৰু অধিপতিক দাসৰ দৰে মাটিত খোজ কাঢ়ি যোৱা দেখিছোঁ।
8 坑を掘る者はみづから之におちいり石垣を毀つ者は蛇に咬れん
যি মানুহে গাত খান্দে, তেওঁ তাৰ ভিতৰত পৰিব পাৰে; যি মানুহে শিলৰ দেৱাল ভাঙে তেওঁক সাপে খুঁটিব পাৰে।
9 石を打くだく者はそれがために傷を受け木を割る者はそれがために危難に遭ん
যি মানুহে শিলবোৰ কাটে, তেওঁ তাৰ দ্বাৰাই আঘাত পাব পাৰে। যি মানুহে কাঠ ডোখৰ ডোখৰ কৰে, তেওঁ তাৰ দ্বাৰাই বিপদত পৰিব পাৰে।
10 鐵の鈍くなれるあらんにその刃を磨ざれば力を多く之にもちひざるを得ず 智慧は功を成に益あるなり
১০কুঠাৰ যদি ভোঁতা হয় আৰু তাক ধাৰ দিয়া নহয়, তেন্তে তাক ব্যৱহাৰ কৰিবলৈ অধিক বল লাগে; কিন্তু সফলতাৰ কাৰণে জ্ঞানৰ ব্যৱহাৰ উপযোগী।
11 蛇もし呪術を聽ずして咬ば呪術師は用なし
১১মন্ত্ৰৰে মুগ্ধ কৰাৰ আগেয়েই যদি সাপে খুটে, তেন্তে মন্ত্ৰ গাওঁতাজনৰ কোনো লাভ নাই।
12 智者の口の言語は恩徳あり 愚者の唇はその身を呑ほろぼす
১২জ্ঞানৱান লোকৰ মুখৰ কথাই খ্যাতি আনে; কিন্তু অজ্ঞানীৰ ওঁঠে নিজকে ধ্বংস কৰে।
13 愚者の口の言は始は愚なり またその言は終は狂妄にして惡し
১৩অজ্ঞানীৰ কথাৰ আৰম্ভণিতেই নির্বুদ্ধিতা থাকে আৰু তেওঁৰ কথাৰ শেষত দুষ্ট বিচাৰবুদ্ধিহীনতা থাকে।
14 愚者は言詞を衆くす 人は後に有ん事を知ず 誰かその身の後にあらんところの事を述るを得ん
১৪অজ্ঞানী লোকে অনেক কথা কয়; কিন্তু কি হব, তাক কোনেও নাজানে; ভৱিষ্যত কালত কি ঘটিব, সেই কথা মানুহক কোনে জনাব পাৰে?
15 愚者の勞苦はその身を疲らす彼は邑にいることをも知ざるなり
১৫অজ্ঞানী লোকৰ পৰিশ্ৰমেই তেওঁলোকক ক্লান্ত কৰে, নগৰলৈ যোৱা বাটকো তেওঁ নাজানে।
16 その王は童子にしてその侯伯は朝に食をなす國よ 汝は禍なるかな
১৬দেশৰ ৰজা যেতিয়া অল্পবয়সীয়া হ’য়, সেই দেশ অস্থিৰ হয়; মন্ত্ৰীসকলে ৰাতিপুৱাতেই ভোজ খায়।
17 その王は貴族の子またその侯伯は酔樂むためならず力を補ふために適宜き時に食をなす國よ 汝は福なるかな
১৭কিন্তু দেশৰ ৰজা যেতিয়া ভদ্ৰ বংশজাতৰ পুত্র হয়, সেই দেশত আনন্দ হয়; মন্ত্ৰীসকলে মতলীয়া হবলৈ নহয়, কিন্তু শক্তি বৃদ্ধিৰ কাৰণে উচিত সময়ত ভোজন পান কৰে।
18 懶惰ところよりして屋背は落ち 手を垂をるところよりして家屋は漏る
১৮এলেহুৱা লোকৰ ঘৰৰ চাল ধ্বংস হয়; সোৰোপা হাতৰ কাৰণে ঘৰত পানী পৰে।
19 食事をもて笑ひ喜ぶの物となし酒をもて快樂を取れり 銀子は何事にも應ずるなり
১৯আমোদৰ কাৰণেই ভোজ-মেল পতা হয়; দ্ৰাক্ষাৰসে জীৱনলৈ আনন্দ আনে আৰু অর্থই অনেক অভাৱ পূর্ণ কৰে।
20 汝心の中にても王たる者を詛ふなかれ また寝室にても富者を詛なかれ 天空の鳥その聲を傳へ羽翼ある者その事を布べければなり
২০ৰজাক শাও নিদিবা, এনেকি মনে মনেও নিদিবা; তোমাৰ শোৱা কোঁঠালিত ধনীক শাও নিদিবা; কিয়নো আকাশৰ এটি সৰু চৰায়ে তোমাৰ সেই কথা শুনি বৈ নিব পাৰে নাইবা কিছুমান ডেউকাযুক্ত জীৱই উৰি গৈ সকলোকে সেই কথা কৈ দিব পাৰে।

< 伝道者の書 10 >