< 申命記 6 >

1 是すなはち汝らの神ヱホバが汝らに敎へよと命じたまふところの誡命と法度と律法とにして汝らがその濟りゆきて獲ところの地にて行ふべき者なり
আপোনালোকৰ ঈশ্বৰ যিহোৱাই এইবোৰ আজ্ঞা, নিয়ম আৰু ব্যৱস্থা আপোনালোকক শিকাবৰ কাৰণে মোক নির্দেশ দিলে যাতে যর্দন নদী পাৰ হৈ যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈ আছে, সেই দেশত আপোনালোকে সেইবোৰ পালন কৰি চলিব।
2 是は汝と汝の子および汝の孫をしてその生命ながらふる日の間つねに汝の神ヱホバを畏れしめて我が汝らに命ずるその諸の法度と誡命とを守らしめんため又なんぢの日を永からしめんための者なり
আপোনালোকে, আপোনালোকৰ ল’ৰা-ছোৱালী আৰু তেওঁলোকৰ বংশধৰসকলে যেন আপোনালোকৰ ঈশ্বৰ যিহোৱালৈ ভয় ৰাখি মই দিয়া সকলো নিয়ম আৰু আজ্ঞাবোৰ গোটেই জীৱন কালত পালন কৰে আৰু তাৰ ফলত আপোনালোকৰ আয়ুস যেন দীঘল হয়।
3 然ばイスラエルよ聽て謹んでこれを行へ然せば汝は福祉を獲汝の先祖の神ヱホバの汝に言たまひしごとく乳と蜜の流るる國にて汝の數おほいに増ん
সেয়ে, হে ইস্ৰায়েলীয়াসকল, মনোযোগেৰে শুনক আৰু সেইবোৰ মানি চলক। আপোনালোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ শপত অনুসাৰে গাখীৰ মধু বোৱা দেশত আপোনালোকৰ যেন মঙ্গল হয় আৰু আপোনালোক যেন বহুবংশ হয়।
4 イスラエルよ聽け我らの神ヱホバは惟一のヱホバなり
হে ইস্ৰায়েলীয়াসকল, শুনক আমাৰ ঈশ্বৰ যিহোৱা এজনেই;
5 汝心を盡し精神を盡し力を盡して汝の神ヱホバを愛すべし
আপোনালোক সকলোৱেই আপোনাৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰক।
6 今日わが汝に命ずる是らの言は汝これをその心にあらしめ
আজি মই আপোনালোকক দিয়া আজ্ঞাৰ সকলো কথা আপোনালোকৰ হৃদয়ত ৰাখিব লাগে।
7 勤て汝の子等に敎へ家に坐する時も路を歩む時も寝る時も興る時もこれを語るべし
আপোনালোকে নিজৰ সন্তান সকলক যত্নেৰে সেইবোৰ শিকাব; আপুনি ঘৰত বহোঁতে বা বাটত যাওঁতে, আৰু শোওঁতে বা উঠোতে, সেইবোৰৰ বিষয়ে কথা-বতৰা হ’ব।
8 汝またこれを汝の手に結びて號となし汝の目の間におきて誌となし
আপোনাৰ হাতত চিনস্বৰূপে সেইবোৰ বান্ধিব, আৰু সেইবোৰ আপোনাৰ দুই চকুৰ মাজত ভুষণস্বৰূপ হ’ব লাগে।
9 また汝の家の柱と汝の門に書記すべし
আপোনাৰ ঘৰৰ দুৱাৰৰ খুটাত আৰু বাহিৰৰ দুৱাৰত সেইবোৰ লিখি ৰাখিব।
10 汝の神ヱホバその汝の先祖アブラハム、イサク、ヤコブにむかひて汝に與んと誓ひたりし地に汝を入しめん時は汝をして汝が建たる者にあらざる大なる美しき邑々を得させ
১০আপোনালোকৰ পূর্ব–পুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবৰ আগত ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিবলৈ শপত কৰিছিল, সেই দেশলৈ তেওঁ আপোনালোকক লৈ যাব; সেই ঠাইত এনে ডাঙৰ আৰু সুন্দৰ নগৰবোৰ আছে, যাক আপোনালোকে সজা নাই।
11 汝が盈せるに非る諸の佳物を盈せる家を得させ汝が堀たる者にあらざる堀井を得させたまふべし汝は食ひて飽ん
১১এনে ধৰণৰ সকলো উত্তম দ্রব্যৰে ঘৰবোৰ পূর্ণ হৈ আছে, যিহক আপোনালোকে ভৰোৱা নাই; এনে নাদ আছে, যিহক আপোনালোকে খনা নাই; এনে দ্ৰাক্ষাবাৰী জিতগছবোৰ আছে, যিহক আপোনালোকে ৰোৱা নাই; তাত এই সকলো খাই তৃপ্ত হ’ব।
12 然る時は汝愼め汝をエジプトの地奴隸たる家より導き出ししヱホバを忘るる勿れ
১২কিন্তু সাৱধান হ’ব, আপোনালোকে যিহোৱাক যেন পাহৰি নাযায়, যি জনে আপোনালোকক মিচৰ দেশৰ দাসত্বৰ বন্ধনগৃহৰ পৰা বাহিৰ কৰি আনিলে।
13 汝の神ヱホバを畏れてこれに事へその名を指て誓ふことをすべし
১৩আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক ভয় কৰিব, কেৱল তেওঁৰেই আৰাধনা কৰিব, আৰু তেওঁৰ নামেৰেই শপত খাব।
14 汝ら他の神々すなはち汝の四周なる民の神々に從ふべからず
১৪আপোনালোকে, আপোনালোকৰ চাৰিওফালে থকা জাতিবোৰৰ দেৱতাবোৰৰ পাছত নচলিব;
15 汝らの中にいます汝の神ヱホバは嫉妬神なれば恐くは汝の神ヱホバ汝にむかひて怒を發し汝を地の面より滅し去たまはん
১৫কিয়নো, আপোনালোকৰ মাজত থকা আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজৰ মৰ্য্যদা ৰখাত উদ্যোগী; আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ক্ৰোধ আপোনালোকৰ বিৰুদ্ধে জ্বলি উঠিব, তাতে তেওঁ পৃথিবীৰ পৰা আপোনালোকক উচ্ছন্ন কৰিব।
16 汝マツサにおいて試みしごとく汝の神ヱホバを試むるなかれ
১৬আপোনালোকে মচ্ছাত যেনেকৈ নিজ ঈশ্বৰ যিহোৱাক পৰীক্ষা কৰিছিল, তেনেকৈ তেওঁক পৰীক্ষা নকৰিব।
17 汝らの神ヱホバの汝らに命じたまへる誡命と律法と法度とを汝ら謹みて守るべし
১৭আপোনালোকে নিজ ঈশ্বৰ যিহোৱাই আদেশ কৰা আজ্ঞা, শাসন-প্রণালী আৰু নিয়মবোৰ অৱশ্যেই যত্নেৰে পালন কৰিব লাগিব।
18 汝ヱホバの義と視善と視たまふ事を行ふべし然せば汝福祉を獲かつヱホバの汝の先祖に誓ひたまひしかの美地に入てこれを產業となすことを得ん
১৮ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি যি ন্যায় আৰু সজ কাম আপোনালোকে তাকে কৰিব, তেহে আপোনালোকৰ মঙ্গল হ’ব আৰু যিহোৱাই যি দেশ দিম বুলি আপোনালোকৰ পূর্ব-পুৰুষসকলক শপত কৰিছিল, আপোনালোকে সেই উত্তম দেশ অধিকাৰ কৰিব;
19 ヱホバまたその言たまひし如く汝の敵をことごとく汝の前より逐はらひたまはん
১৯যিহোৱাৰ বাক্য অনুসাৰে আপোনালোকৰ আগৰ পৰা আপোনালোকৰ সকলো শত্রুক আপোনালোকে দূৰ কৰিব পাৰিব।
20 後の日に至りて汝の子なんぢに問てこの汝らの神ヱホバが汝らに命じたまひし誡命と法度と律法とは何のためなるやと言ば
২০ভৱিষ্যতে যেতিয়া আপোনালোকৰ সন্তানে সুধিব, যে, “আমাৰ ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা, বিধি আৰু শাসন-প্ৰণালীবোৰৰ অৰ্থ কি?”
21 汝その子に告て言べし我らは昔エジプトにありてパロの奴隸たりしがヱホバ強き手をもて我らをエジプトより導き出したまへり
২১তেতিয়া আপোনালোকে নিজ সন্তানক ক’ব, “আমি মিচৰ দেশত ফৰৌণৰ দাস আছিলোঁ; পাছত ঈশ্বৰ যিহোৱাই ক্ষমতাশালী হাতেৰে মিচৰৰ পৰা আমাক উলিয়াই আনিলে।
22 即ちヱホバわれらの目の前において大なる畏るべき徴と奇蹟をエジプトとパロとその全家とに示したまひ
২২ঈশ্বৰ যিহোৱাই আমাৰ চকুৰ সন্মুখতে মিচৰলৈ, ফৰৌণ আৰু তেওঁৰ বংশলৈ, মহৎ আৰু ভয়ঙ্কৰ ক্লেশযুক্ত চিন আৰু অদ্ভুত লক্ষণ দেখুৱালে।
23 我らを其處より導き出して其曾て我等の先祖に誓ひし地に我らを入せて之を我らに與へたまへり
২৩সেই ঠাইৰ পৰা তেওঁ আমাক বাহিৰ কৰি আনিলে যাতে যি দেশ দিম বুলি তেওঁ আমাৰ পূর্ব-পুৰুষসকলৰ আগত শপত কৰিছিল, সেই দেশলৈ আনি তাক আমাক দিব পাৰে।
24 而してヱホバ我らにこの諸の法度を守れと命じたまふ是われらをして我らの神ヱホバを畏れて常に幸ならしめんため又ヱホバ今日のごとく我らを守りて生命を保たしめんとてなりき
২৪আজিৰ দৰে সদায় আমাৰ মঙ্গল হবলৈ আৰু আমাক জীয়াই ৰাখিবলৈ যিহোৱাই আমাক এই সকলো নিয়ম পালন কৰিবলৈ আৰু তেওঁক ভয় কৰি চলিবলৈ আজ্ঞা দিছে।
25 我らもしその命ぜられたるごとく此一切の誡命を我らの神ヱホバの前に謹んで守らば是われらの義となるべしと
২৫আমি যদি নিজ ঈশ্বৰ যিহোৱাই আদেশ কৰা আজ্ঞাৰ দৰে তেওঁলৈ ভয় ৰাখি এই সকলো পালন কৰি সেই মতে কাৰ্য কৰোঁ, তেন্তে সেয়ে হ’ব আমাৰ ধাৰ্মিকতা।”

< 申命記 6 >