< サムエル記Ⅱ 8 >

1 此後ダビデ、ペリシテ人を撃てこれを服すダビデまたペリシテ人の手よりメテグアンマをとれり
ইয়াৰ পাছত দায়ূদে পলেষ্টীয়াসকলক আক্ৰমণ কৰি পৰাজয় কৰিলে৷ এইদৰে তেওঁলোকৰ হাতৰ পৰা গাথ্‌ আৰু ইয়াৰ গাওঁসমূহ অধিকাৰ কৰি ল’লে।
2 ダビデまたモアブを撃ち彼らをして地に伏しめ繩をもてかれらを度れり即ち二條の繩をもて死す者を度り一條の繩をもて生しおく者を量度るモアブ人は貢物を納てダビデの臣僕となれり
তাৰ পাছত তেওঁ মোৱাবীয়াসকলক আক্ৰমণ কৰি তেওঁলোকক মাটিত শুৱাই লেজুৰে জুখিলে৷ অৰ্থাৎ বধ কৰিবৰ অৰ্থে দুই লেজু আৰু জীয়াই ৰাখিবৰ বাবে সম্পূৰ্ণ এক লেজু জুখিলে৷ পাছত মোৱাবীয়াসকলে দায়ূদৰ দাস হ’ল আৰু তেওঁলৈ প্ৰশংসাৰে উপহাৰ আনিবলৈ ধৰিলে।
3 ダビデまたレホブの子なるゾバの王ハダデゼルがユフラテ河の邊にて其勢を新にせんとて往るを撃り
আৰু চোবাৰ ৰজা ৰহোবৰ পুত্ৰ হদদেজৰে ইউফ্রেটিচ নদীৰ ওচৰত নিজৰ অধিকাৰ পুনৰায় স্থাপন কৰিবলৈ যাওঁতে, দায়ূদে তেওঁক আক্ৰমণ কৰি পৰাজয় কৰিলে৷
4 しかしてダビデ彼より騎兵千七百人歩兵二萬人を取りまたダビデ一百の車の馬を存して其餘の車馬は皆其筋を切斷り
তেওঁৰ এক হাজাৰ ৰথ, সাত শ অশ্বাৰোহী আৰু বিশ হাজাৰ পদাতিক সৈন্যক বন্দী কৰি ল’লে৷ আৰু তেওঁ ৰথৰ আটাই ঘোঁৰাবোৰৰ পাছঠেঙৰ সিৰ কাটিলে, কিন্তু তাৰ মাজত এশ ৰথৰ বাবে ঘোঁৰা ৰাখিলে।
5 ダマスコのスリア人ゾバの王ハダデゼルを援んとて來りければダビデ、スリア人二萬二千を殺せり
পাছে দম্মেচকৰ অৰামীয়াসকলে চোবাৰ হদদেজৰ ৰজাক সহায় কৰিবলৈ আহোতে, দায়ূদে সেই অৰামীয়াসকলৰ মাজৰ বাইশ হাজাৰ লোকক বধ কৰিলে।
6 しかしてダビデ、ダマスコのスリアに代官を置きぬスリア人は貢物を納てダビデの臣僕となれりヱホバ、ダビデを凡て其往く所にて助けたまへり
তাৰ পাছত দায়ূদে দম্মেচকৰ অৰাম দেশত ৰক্ষী সৈন্যদল স্থাপন কৰিলে, তাতে অৰামীয়াসকলে দায়ূদৰ দাস হৈ প্ৰশংসাৰে উপহাৰ আনিলে। এইদৰে দায়ুদ যি যি ঠাইলৈ গৈছিল, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হ’বলৈ দিছিল।
7 ダビデ、ハダデゼルの臣僕等の持る金の楯を奪ひてこれをエルサレムに携きたる
আৰু দায়ূদে হদদেজৰৰ দাস কেইজনৰ গাত থকা সোণৰ ঢালবোৰ সোলোকাই যিৰূচালেমলৈ লৈ গ’ল।
8 ダビデ王又ハダデゼルの邑ベタとベロタより甚だ多くの銅を取り
আৰু দায়ুদ ৰজাই হদদেজৰৰ বেটহ আৰু বেৰোথয় নগৰৰ পৰা অধিক পিতল আনিলে।
9 時にハマテの王トイ、ダビデがハダデゼルの總の軍を撃破りしを聞て
পাছত দায়ূদে হদদেজৰৰ সকলো সৈন্যসামন্তক পৰাজয় কৰা কথা হমাত’ৰ ৰজা তোৱীয়ে যেতিয়া শুনিলে,
10 トイ其子ヨラムをダビデ王につかはし安否を問ひかつ祝を宣しむ其はハダデゼル嘗てトイと戰を爲したるにダビデ、ハダデゼルとたたかひてこれを撃やぶりたればなりヨラム銀の器と金の器と銅の器を携へ來りければ
১০তেতিয়া যুদ্ধত হদদেজৰক আঘাত কৰি পৰাজয় কৰাৰ বাবে দায়ুদ ৰজাক ধন্যবাদ দিবলৈ আৰু তেওঁৰ মঙ্গল সুধিবলৈ, তেওঁৰ পুত্ৰ যোৰামক তেওঁৰ ওচৰলৈ পঠিয়াই দিলে; কিয়নো হদ্‌দেজৰৰ বিৰুদ্ধেও তোৱীৰৰ যুদ্ধ চলি আছিল। পাছে যোৰামে ৰূপৰ, সোণৰ আৰু পিতলৰ পাত্ৰ হাতত লৈ আহিল৷
11 ダビデ王其攻め伏せたる諸の國民の中より取りて納めたる金銀と共に是等をもヱホバに納めたり
১১দায়ুদ ৰজাই সেই সামগ্ৰীবোৰ যিহোৱালৈ উৎসৰ্গ কৰিলে, লগতে সকলো জাতিক পৰাজয় কৰোঁতে যিবোৰ ৰূপ আৰু সোণ আনিছিল, -
12 即ちエドムよりモアブよりアンモンの子孫よりペリシテ人よりアマレクよりえたる物およびゾバの王レホブの子ハダデゼルより得たる掠取物とともにこれを納めたり
১২সেইবোৰ অৰাম, মোৱাব, অম্মোনৰ সন্তান সকল, পলেষ্টীয়াসকল আৰু অমালেক আদি তেওঁলোকৰ পৰা লাভ কৰা আৰু তাৰ লগতে চোবাৰ ৰজা ৰহোবৰ পুত্ৰ হদদেজৰৰ পৰা লুট কৰি অনা সামগ্ৰীবোৰকো যিহোৱাৰ আগত উৎসৰ্গ কৰিলে।
13 ダビデ鹽谷にてエドム人一萬八千を撃て歸て名譽を得たり
১৩আৰু দায়ূদে লৱণ উপত্যকাত অৰামীয়াসকলৰ মাজৰ ওঠৰ হাজাৰ লোকক বধ কৰি উভটি অহা সময়ত অতিশয় নাম জ্বলা হ’ল।
14 ダビデ、エドムに代官を置り即ちエドムの全地に徧く代官を置てエドム人は皆ダビデの臣僕となれりヱホバ、ダビデを凡て其往くところにて助け給へり
১৪পাছে দায়ূদে ইদোমত নানা ৰক্ষী সৈন্যদল স্থাপন কৰিলে; ইদোমৰ সকলোফালে সৈন্যদল স্থাপন কৰাত, সকলো ইদোমীয়া লোকসকলে দায়ূদৰ দাস হ’ল। আৰু দায়ুদ যি যি ঠাইলৈ গৈছিল, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হ’বলৈ দিলে।
15 ダビデ、イスラエルの全地を治め其民に公道と正義を行ふ
১৫এইদৰে গোটেই ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰি দায়ূদে নিজৰ সকলো প্ৰজাৰ বাবে বিচাৰ আৰু ন্যায় সাধন কৰিলে।
16 ゼルヤの子ヨアブは軍の長アヒルデの子ヨシヤバテは史官
১৬চৰূয়াৰ পুত্ৰ যোৱাব আছিল প্ৰধান সেনাপতি, অহীলূদৰ পুত্ৰ যিহোচাফট্‌ আছিল ইতিহাস লিখক৷
17 アヒトブの子ザドクとアビヤタルの子アヒメレクは祭司セラヤは書記官
১৭অহীটুবৰ পুত্ৰ চাদোক আৰু অবিয়াথৰৰ পুত্ৰ অহীমেলক আছিল পুৰোহিত আৰু চৰায়া আছিল ৰাজলিখক৷
18 ヱホヤダの子ベナヤはケレテ人およびペレテ人の長ダビデの子等は大臣なりき
১৮যিহোয়াদাৰ পুত্ৰ বনায়া, কৰেথীয়া আৰু পেলেথীয়াসকলৰ অধ্যক্ষ আছিল আৰু দায়ূদৰ পুত্ৰসকল আছিল মন্ত্ৰী।

< サムエル記Ⅱ 8 >