< サムエル記Ⅱ 23 >

1 ダビデの最後の言は是なりヱサイの子ダビデの詔言即ち高く擧られし人ヤコブの神に膏をそそがれし者イスラエルの善き歌人の詔言
এয়ে দায়ূদৰ শেহতীয়া কথা। যিচয়ৰ পুত্ৰ দায়ুদ, উচ্চ সন্মানীয় পুৰুষ, যাকোবৰ ঈশ্বৰৰ দ্বাৰাই অভিষিক্ত এজন, এজন ইস্ৰায়েলৰ মধুৰ স্তুতি গীত গাওঁতা৷
2 ヱホバの霊わが中にありて言たまふ其諭言わが舌にあり
“মোৰ দ্বাৰাই যিহোৱাৰ আত্মাই কথা ক’লে, তেওঁৰ বাক্য মোৰ জিভাত আছিল৷
3 イスラエルの神いひたまふイスラエルの磐われに語たまふ人を正く治むる者神を畏れて治むる者は
ইস্ৰায়েলৰ ঈশ্বৰে ক’লে, ‘ইস্ৰায়েলৰ শিলাই মোক ক’লে, লোকসকলৰ ওপৰত যি জনে ন্যায়ৰূপে ৰাজত্ব কৰে, যি জনে ঈশ্বৰলৈ ভয় ৰাখি শাসন কৰে,
4 日の出の朝の光のごとく雲なき朝のごとく又雨の後の日の光明によりて地に茁いづる新草ごとし
তেওঁ সূৰ্য উদয় হোৱা কালৰ সেই প্ৰভাতৰ দীপ্তিস্বৰূপ, মেঘ নথকা প্ৰভাত সদৃশ, যেতিয়া পৃথিৱীত তৃণ গজে, বৰষুণৰ পাছত সূৰ্যৰ কিৰণৰ দ্বাৰাই।
5 わが家かく神とともにあるにあらずや神萬具備りて鞏固なる永久の契約を我になしたまへり吾が救と喜を皆いかで生ぜしめたまはざらんや
স্বৰূপেই ঈশ্বৰৰ সন্মুখত মোৰ বংশ তেনে নহয় নে? কিয়নো তেওঁ মোৰ লগত এটি চিৰস্থায়ী নিয়ম স্থাপন কৰিলে, সেয়ে সম্পূৰ্ণ শৃঙ্খলাযুক্ত আৰু সত্য? কাৰণ মোলৈ প্ৰতিজ্ঞা কৰা মোৰ সকলো পৰিত্ৰাণ আৰু মঙ্গল তেওঁ বৃদ্ধি নকৰিব নে?
6 しかれども邪なる者は荊棘のごとくにして手をもて取がたければ皆ともにすてられん
কিন্তু আটাই দুষ্ট লোক পেলাব লগা কাঁইট স্বৰূপ, কিয়নো সেইবোৰক হাতেৰে ধৰিব নোৱাৰি৷
7 之にふるる人は鐵と槍の柯とを其身に備ふべし是は火にやけて燒たゆるにいたらん
কিন্তু যি মানুহে তেওঁলোকক চুব, তেওঁ লোহা আৰু বৰছাৰ কুৰা হাতত লব লাগিব৷ পাছত তেওঁলোক থকা ঠাইতে তেওঁলোকক জুইৰে নিচেইকৈ পুৰা যাব’।”
8 是等はダビデの勇士の名なりタクモニ人ヤシヨベアムは三人衆の長なりしが一時八百人にむかひて槍を揮ひて之を殺せり
দায়ূদৰ যি সকল বীৰ আছিল, তেওঁলোকৰ নাম এই। তথমোনীয়া যোচেব-বচেবৎ সেনাপতি সকলৰ অধ্যক্ষ৷ তেওঁ একে সময়তে আঠ শ লোকক বধ কৰিলে।
9 彼の次はアホア人ドドの子エルアザルにして三勇士の中の者なり彼其處に戰はんとて集まれるペリシテ人にむかひて戰を挑みイスラエルの人々の進みのぼれる時にダビデとともに居たりしが
তেওঁৰ পাছত অহোহীয়া দোদয়ৰ পুত্ৰ ইলিয়াজ; দায়ূদৰ তিনিজন ক্ষমতাশালী পুৰুষসকলৰ মাজৰ এজন৷ যিজন যুদ্ধলৈ গোট খোৱা পলেষ্টীয়াসকলক ইতিকিং কৰিছিল আৰু যি সময়ত ইস্ৰায়েল লোকসকল যুদ্ধলৈ উঠি গৈছিল, সেই সময়ত দায়ূদৰ লগত আছিল৷
10 たちてペリシテ人を撃ち終に其手疲て其手劍に固着て離れざるにいたれり此日ヱホバ大なる救拯を行ひたまふ民は彼の跡にしたがひゆきて只褫取而巳なりき
১০ইলিয়াজে উঠি হাত শ্ৰান্ত নোহোৱামানলৈকে পলেষ্টীয়াসকলক প্ৰহাৰ কৰি আছিল। যিদিনালৈকে তৰোৱালখন তেওঁৰ হাতত লাগি ৰ’ল; সেই দিনাই যিহোৱাই মহানিস্তাৰ আনিলে, আৰু লোকসকলে কেৱল লুট কৰিবলৈ ইলিয়াজৰ পাছে পাছে গ’ল।
11 彼の次はハラリ人アゲの子シヤンマなり一時ペリシテ人一隊となりて集まれり彼處に扁豆の滿たる地の處あり民ペリシテ人のまへより逃たるに
১১আৰু তেওঁৰ পাছত হৰাৰীয়া আগিৰ পুত্ৰ চম্পা আছিল। যি ঠাইত মচুৰ মাহৰ খেতি আছিল, সেই ঠাইতে পলেষ্টীয়াসকলে গোট খাই দল পাতিছিল আৰু সৈন্যসকল ফিলিষ্টীয়াসকলৰ আগৰ পৰা পলাইছিল৷
12 彼其地の中に立て禦ぎペリシテ人を殺せりしかしてヱホバ大なる救拯を行ひたまふ
১২কিন্তু চম্পা খেতিৰ মাজত থিয় হৈ তাক ৰক্ষা কৰিলে, আৰু পলেষ্টীয়াসকলক বধ কৰিলে; এইদৰে যিহোৱাই মহা-নিস্তাৰ আনিলে।
13 刈穫の時に三十人衆の首長なる三人下りてアドラムの洞穴に往てダビデに詣れり時にペリシテ人の隊レパイムの谷に陣どれり
১৩ত্রিশজন সৈন্যৰ মাজৰ তিনি জন লোক শস্য দোৱা সময়ত অদুল্লম গুহাত থকা দায়ূদৰ ওচৰলৈ গ’ল৷ তেতিয়া পলেষ্টীয়াসকলৰ দলে ৰফায়ীম উপত্যকাত ছাউনি পাতি আছিল।
14 其時ダビデは要害に居りペリシテ人の先陣はベテレヘムにあり
১৪সেই কালত দায়ুদ দৃঢ় সংৰক্ষিত এটা গুহাত আছিল, আৰু তেতিয়া পলেষ্টীয়াসকলৰ প্ৰহৰী সৈন্যদলে বৈৎলেহেমত প্ৰতিষ্ঠা কৰিছিল।
15 ダビデ慕ひていひけるは誰かベテレヘムの門にある井の水を我にのましめんかと
১৫পাছত দায়ূদে পানীৰ বাবে বৰ হাবিয়াহ কৰি ক’লে, “অহ, বৈৎলেহেমৰ দুৱাৰৰ ওচৰত থকা সেই নাদৰ পৰা পানী খাবলৈ আনি দিয়া হ’লে, মই কেনে ভাল পালোঁহেঁতেন!”
16 三勇士乃ちペリシテ人の陣を衝き過てベテレヘムの門にある井の水を汲取てダビデの許に携へ來れり然どダビデ之をのむことをせずこれをヱホバのまへに灌ぎて
১৬তাতে সেই তিনিজন বীৰ পুৰুষে পলেষ্টীয়াসকলৰ সৈন্যবোৰক ভেদ কৰি গৈ, বৈৎলেহেমৰ দুৱাৰৰ ওচৰত থকা সেই নাদৰ পানী তুলি আনিলে৷ তেওঁলোকে সেই পানী দায়ূদৰ ওচৰলৈ লৈ আহিল, কিন্তু তেওঁ তাক পান কৰিবলৈ ইচ্ছা নকৰিলে৷ বৰং তাক যিহোৱাৰ উদ্দেশে ঢালি দিলে।
17 いひけるはヱホバよ我決てこれを爲じ是は生命をかけて往し人の血なりと彼これを飮ことを好まざりき三勇士は是等の事を爲り
১৭তেতিয়া তেওঁ ক’লে, “হে যিহোৱা, এনে কার্য মোৰ পৰা দূৰ হওঁক, যে ইয়াক মই পান কৰিম, এয়ে জানো আচলতে নিজ প্ৰাণ লৈ যোৱা লোকসকলৰ তেজ নহয়?” এই কাৰণে তেওঁ তাক পান কৰিবলৈ ইচ্ছা নকৰিলে। সেই বীৰ তিনিজনেই এই ক্ষমতাশালী কৰ্ম কৰিছিল।
18 ゼルヤの子ヨアブの兄弟アビシヤイは三十人衆の首たり彼三百人にむかひて槍を揮ひて殺せり彼其三十人衆の中に名を得たり
১৮আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ ভায়েক অবীচয়, এই তিনিজনৰ ওপৰত সেনাধ্যক্ষ আছিল৷ এবাৰ তেওঁ তিনি শ লোকৰ বিৰুদ্ধে নিজৰ বৰছা চলাই সিহঁতক বধ কৰিছিল৷ আৰু তিনি জনৰ মাজত প্ৰায়েই তেওঁৰ নাম হৈছিল।
19 彼は三十人衆の中の最も尊き者にして彼等の長とたれり然ども三人衆には及ばざりき
১৯তেওঁ জানো সেই তিনি জনৰ মাজত অধিক মৰ্য্যদা পোৱা লোক নহয়? এই হেতুকে তেওঁ তেওঁলোকৰ ওপৰত সেনাধ্যক্ষ হ’ল৷ তথাপিও তেওঁ এই প্ৰথম তিনি জনৰ সমানে প্ৰখ্যাত হোৱা নাছিল।
20 ヱホヤダの子カブジエルのベナヤは勇氣あり多くの功績ありし者なり彼モアブの人の獅子の如きもの二人を撃殺せり彼は亦雪の時に下りて穴の中にて獅子を撃殺せり
২০এজন কবচেলীয়া বীৰপুৰুষ, যিহোয়াদাৰ পুত্ৰ যি বনায়া, তেওঁ অনেক মহৎ কাৰ্য কৰিছিল৷ তেওঁ মোৱাবীয়া অৰীয়েলৰ দুজন পুতেকক বধ কৰিছিল৷ তাৰ বাহিৰেও হিম পৰা কালত তেওঁ গৈ গাতৰ ভিতৰত থকা এটা সিংহ মাৰিছিল।
21 彼また容貌魁偉たるエジプト人を撃殺せり其エジプト人は手に槍を持たるに彼は杖を執て下りエジプト人の手より槍を捩とりて其槍をもてこれを殺せり
২১আৰু তেওঁ এজন বৰ সুন্দৰ মিচৰীয়াক বধ কৰিছিল৷ সেই মিচৰীয়াৰ হাতত এপাত বৰছা আছিল, কিন্তু তেওঁ এডাল লাখুটি লৈ সেই মিচৰীয়াজনৰ সৈতে যুঁজিছিল৷ তেওঁ মিচৰীয়াজনৰ হাতৰ পৰা বৰছাপাত কাঢ়ি লৈ, তেওঁৰ বৰছাৰেই তেওঁক বধ কৰিলে।
22 ヱホヤダの子ベナヤ是等の事を爲し三十勇士の中に名を得たり
২২যিহোয়াদাৰ পুত্ৰ বনায়াই এই বীৰত্বপূৰ্ণ কাৰ্যবোৰ কৰিলে আৰু তেওঁ সেই তিনি জন বীৰৰ লগে লগে তেওঁৰো নাম হ’ল।
23 彼は三十人衆の中に尊かりしかども三人衆には及ばざりきダビデかれを參議の中に列しむ
২৩তেওঁ ত্ৰিশ জনকৈ অধিক মৰ্য্যদা পোৱা হ’ল যদিও তেওঁ প্ৰথম তিনি জনৰ সমান হোৱা নাছিল। তথাপিও দায়ূদে তেওঁক নিজৰ গা-ৰক্ষীয়া সৈন্যদলৰ ওপৰত অধ্যক্ষ পাতিলে।
24 三十人衆の中にはヨアブの兄弟アサヘル、ベテレヘムのドドの子エルハナン
২৪যোৱাবৰ ভায়েক অচাহেল ত্ৰিশ জনৰ মাজৰ এজন আছিল; বৈৎলেহেমীয়া দোদৰ পুত্ৰ ইলহানন,
25 ハロデ人シヤンマ、ハロデ人エリカ
২৫হৰোদীয়া চম্মা, হৰাদীয়া ইলীকা,
26 パルデ人ヘレヅ、テコア人イツケシの子イラ
২৬পলটীয়া হেলচ, তাকোইয়া ইক্কেচৰ পুত্ৰ ঈৰা,
27 アネトテ人アビエゼル、ホシヤ人メブンナイ
২৭অনাথোতীয়া অবীয়েজৰ, হূচাতীয়া মবুন্নয়,
28 アホア人ザルモン、ネトバ人マハライ
২৮অহোহীয়া চলমোন, নটোফাতীয়া মহৰয়;
29 ネトパ人バアナの子ヘレブ、ベニヤミンの子孫のギベアより出たるリバイの子イツタイ
২৯নটোফাতীয়া বানাৰ পুত্ৰ হেলেব, বিন্যামীনৰ সন্তান সকলৰ গিবিয়া-নিবাসী ৰীবয়ৰ পুত্ৰ ইত্তয়,
30 ヒラトン人ベナヤ、ガアシの谷のヒダイ
৩০পিৰাথোনীয়া বনায়া, গাচ উপত্যকা-নিবাসী হিদ্দয়৷
31 アルパテ人アビアルボン、バホリム人アズマウテ
৩১অৰ্বাতীয়া অবীঅলবোন, বৰ্হূমীয়া অজমাবৎ,
32 シヤルボニ人エリヤバ、キゾニ人ヤセン
৩২চালবোনীয়া ইলিয়হবা, বনে-যাচনেৰ পুত্ৰসকল যোনাথন;
33 ハラリ人シヤンマの子ヨナタン、アラリ人シヤラルの子アヒアム
৩৩হৰাৰীয়া চম্মা, অৰাৰীয়া চাৰৰৰ পুত্ৰ অহীয়াম,
34 ウルの子エリパレテ、マアカ人へペル、ギロ人アヒトペルの子エリアム
৩৪মাখাথীয়া অহচবয়ৰ পুত্ৰ ইলীফেলট, গিলোনীয়া অহীথোফলৰ পুত্ৰ ইলীয়াম,
35 カルメル人ヘヅライ、アルバ人パアライ
৩৫কৰ্মিলীয়া হিষো, অৰ্বীয়া পাৰয়,
36 ゾバのナタンの子イガル、ガド人バニ
৩৬চোবা নিবাসী নাথনৰ পুত্ৰ ঈগাল, গাদীয়া গোষ্ঠীৰ বানী,
37 アンモニ人ゼレク、ゼルヤの子ヨアブの武器を執る者ベエロデ人ナハライ
৩৭অম্মোনীয়া চেলক, আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ অস্ত্ৰবাহন বেৰোতীয়া নহৰয়,
38 ヱテリ人イラ、ヱテリ人ガレブ
৩৮যিত্ৰীয়া ঈৰা, যিত্ৰীয়া গাৰেব,
39 ヘテ人ウリヤあり都三十七人
৩৯আৰু হিত্তীয়া ঊৰিয়া; সৰ্ব্বমুঠ সাতত্ৰিশ জন।

< サムエル記Ⅱ 23 >