< サムエル記Ⅱ 2 >

1 此のちダビデ、ヱホバに問ていひけるは我ユダのひとつの邑にのぼるべきやヱホバかれにいひたまひけるはのぼれダビデいひけるは何處にのぼるべきやヱホバいひたまひけるはヘブロンにのぼるべしと
তাৰ পাছত দায়ূদে যিহোৱাক সুধিলে আৰু ক’লে, “মই যিহূদাৰ কোনো এখন নগৰলৈ উঠি যাম নে?” তাতে যিহোৱাই তেওঁক ক’লে, “উঠি যোৱা।” দায়ূদে সুধিলে, “মই কোন খন নগৰলৈ যাব লাগিব?” যিহোৱাই উত্তৰ দি ক’লে, “হিব্ৰোণলৈ।”
2 ダビデすなはち彼處にのぼれりその二人の妻ヱズレル人アヒノアムおよびカルメル人ナバルの妻なりしアビガルもともにのぼれり
এই হেতুকে দায়ূদে তেওঁৰ নিজ দুজনী ভাৰ্য্যা, যিজ্ৰীয়েলৰ অহীনোৱম আৰু কৰ্মিলীয়া মৃত নাবলৰ তিৰোতা অবীগলক লগত লৈ সেই ঠাইলৈ গ’ল।
3 ダビデ其おのれとともにありし從者と其家族をことごとく將のぼりければ皆ヘブロンの諸巴にすめり
দায়ূদে তেওঁৰ লগত থকা লোকসকলক লগত ল’লে আৰু তেওঁলোক প্ৰতিজনে নিজ নিজ পৰিয়ালৰ সৈতে হিব্ৰোণৰ সেই নগৰবোৰত বাস কৰিবলৈ ধৰিলে৷
4 時にユダの人々きたり彼處にてダビデに膏をそそぎてユダの家の王となせり 人々ダビデにつげてサウルを葬りしはヤベシギレアデの人なりといひければ
তেতিয়া যিহূদাৰ পৰা লোকসকল আহিল আৰু দায়ূদক যিহূদা বংশৰ ওপৰত ৰজা অভিষেক কৰিলে। তেওঁলোকে দায়ূদক ক’লে, “যাবেচ-গিলিয়দৰ লোকসকলে চৌলক মৈদাম দিলে৷”
5 ダビデ使者をヤベシギレアデの人におくりてこれにいひけるは汝らこの厚意を汝らの主サウルにあらはしてかれを葬りたればねがはくは汝らヱホバより福祉をえよ
তেতিয়া দায়ূদে যাবেচ-গিলিয়দৰ লোকসকলৰ ওচৰলৈ দূত পঠাই তেওঁলোকক এইবুলি কোৱালে, “তোমালোকে নিজ প্ৰভু চৌলক মৈদাম দি, আনুগত্য দেখুৱাই যি দয়া ব্যৱহাৰ কৰিলা, তাৰ বাবে তোমালোক যিহোৱাৰ আশীৰ্ব্বাদ-প্ৰাপ্ত থ’লো।
6 ねがはくはヱホバ恩寵と眞實を汝等にしめしたまへ汝らこの事をなしたるにより我亦汝らに此恩惠をしめすなり
এতিয়া যিহোৱাই তোমালোকলৈ আনুগত্য অংগীকাৰ আৰু বিশ্ৱস্ততাৰে ব্যৱহাৰ কৰক৷ আৰু তোমালোকে সেই কাৰ্য কৰা হেতুকে, ময়ো তোমালোকলৈ সেই দয়াৰ বাবে অনুগ্ৰহ কৰিম।
7 されば汝ら手をつよくして勇ましくなれ汝らの主サウルは死たり又ユダの家我に膏をそそぎて我をかれらの王となしたればなりと
এই হেতুকে এতিয়া তোমালোকৰ হাত সবল হওঁক আৰু সাহিয়াল হোৱা, কিয়নো তোমালোকৰ প্ৰভু চৌলৰ মৃত্যু হোৱাত, যিহূদা বংশই তেওঁলোকৰ ওপৰত মোকেই ৰজা অভিষেক কৰিলে।”
8 爰にサウルの軍の長ネルの子アブネル、サウルの子イシボセテを取りてこれをマナイムにみちびきわたり
ইয়াৰ ভিতৰতে নেৰৰ পুত্ৰ যি অবনেৰ চৌলৰ সেনাপতি আছিল, তেওঁ চৌলৰ পুত্ৰ ঈচ্‌বোচতক মহনয়িমলৈ লৈ গ’ল।
9 ギレアデとアシユリ人とヱズレルとエフライムとベニヤミンとイスラエルの衆の王となせり
তেওঁ ঈচবোচতক গিলিয়দৰ, অচুৰীয়াসকলৰ, যিজ্ৰিয়েলৰ, ইফ্ৰয়িমৰ, বিন্যামীনৰ আৰু গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে।
10 サウルの子イシボセテはイスラエルの王となりし時四十歳にして二年のあひだ位にありしがユダの家はダビデにしたがへり
১০চৌলৰ পুত্ৰ ঈচ্‌বোচতৰ চল্লিশ বছৰ বয়সত ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰি দুবছৰলৈ ৰাজ্য শাসন কৰিলে৷ কিন্তু যিহূদাৰ বংশ দায়ূদৰ পাছত চলোঁতা আছিল।
11 ダビデのヘブロンにありてユダの家の王たりし日數は七年と六ヶ月なりき
১১দায়ূদে হিব্ৰোণত যিহূদা-বংশৰ ওপৰত সাত বছৰ ছমাহ ৰাজত্ব কৰিলে।
12 ネルの子アブネル及びサウルの子なるイシボセテの臣僕等マハナイムを出てギベオンに至れり
১২এদিন নেৰৰ পুত্ৰ অবনেৰ আৰু চৌলৰ পুত্ৰ ঈচ্‌বোচতৰ দাসবোৰে মহনয়িমৰ পৰা গিবিয়োনলৈ গৈছিল৷
13 セルヤの子ヨアブとダビデの臣僕もいでゆけり彼らギベオンの池の傍にて出會一方は池の此畔に一方は池の彼畔に坐す
১৩এনেতে চৰূয়াৰ পুত্ৰ যোৱাব আৰু দায়ূদৰ দাসবোৰ ওলাই গিবিয়োনৰ পুখুৰীৰ ওচৰত তেওঁলোকৰ সন্মুখত উপস্থিত হ’ল৷ এদল পুখুৰীৰ ইপাৰে আন দল পুখুৰীৰ সিপাৰে বহিল।
14 アブネル、ヨアブにいひけるはいざ少者をして起て我らのまへに戯れしめんヨアブいひけるは起しめんと
১৪তেতিয়া অবনেৰে যোৱাবক ক’লে, “বিনয় কৰোঁ, ডেকাসকলে উঠি আমাৰ আগত যুদ্ধ-ক্ৰীড়া কৰক।” তেতিয়া যোৱাবে ক’লে, “তেওঁলোক উঠক।”
15 サウルの子イシボセテに屬するベニヤミンの人其數十二人及びダビデの臣僕十二人起て前み
১৫তেতিয়া সেই ডেকা লোকসকলে সংখ্যা অনুসাৰে, চৌলৰ পুত্ৰ ঈচ্‌বোচতৰ আৰু বিন্যামীনৰ পক্ষে বাৰজন আৰু দায়ূদৰ দাসবোৰৰ বাৰজন, উঠি একে লগে গোট খালে।
16 おのおの其敵手の首を執へて劍を其敵手の脅に刺し斯して彼等倶に斃れたり是故に其處はヘルカテハヅリム(利劍の地)と稱らる即ちギベオンにあり
১৬সিহঁত প্ৰতিজনে নিজৰ অহিতে যুদ্ধ কৰাজনৰ মূৰত ধৰি কাষত তৰোৱালেৰে খোচাত, সকলো একেলগে মৰা পৰিল; এই হেতুকে সেই ঠাই “হিল্কৎ-হচুৰীম” বা “তৰোৱালবোৰৰ ক্ষেত্ৰ” নামেৰে প্ৰখ্যাত হ’ল; সেয়ে গিবিয়োনত আছে।
17 此日戰甚だ烈しくしてアブネルとイスラエルの人々ダビデの臣僕のまへに敗る
১৭পাছত সেইদিনা ঘোৰ যুদ্ধ হোৱাত, অবনেৰ আৰু ইস্ৰায়েল লোকসকল দায়ূদৰ দাসবোৰৰ আগত পৰাজিত হ’ল।
18 其處にゼルヤの三人の子ヨアブ、アビシヤイ、アサヘル居たりしがアサヘルは疾足なること野にをる麆のごとくなりき
১৮সেই ঠাইত যোৱাব, অবীচয় আৰু অচাহেল নামেৰে চৰূয়াৰ এই তিনিজন পুত্ৰ আছিল৷ অচাহেল বনৰীয়া হৰিণৰ নিচিনা বেগী আছিল।
19 アサヘル、アブネルの後を追ひけるが行に右左にまがらずアブネルの後をしたふ
১৯পাছত অচাহেলে সোঁ কি বাওঁফালে নুঘূৰি অবনেৰৰ পাছে পাছে খেদি গ’ল।
20 アブネル後を顧みていふ汝はアサヘルなるか彼しかりと答ふ
২০তেতিয়া অবনেৰে পিছলৈ ঘূৰি চাই সুধিলে, “তুমি অচাহেল হোৱানে?” তেওঁ কলে, “মই হওঁ।”
21 アブネルかれにいひけるは汝の右か左に轉向て少者の一人を擒へて其戎服を取れと然どアサヘル、アブネルをおふことを罷て外に向ふを肯ぜず
২১তাতে অবনেৰে তেওঁক ক’লে, “তুমি সোঁহাতে বা বাওঁহাতে ঘূৰি, সৌ ডেকাসকলৰ কোনো এজনক ধৰি তেওঁ পিন্ধা গাৰ কৱচ লোৱাগৈ।” কিন্তু অচাহেলে তেওঁৰ পাছত খেদি যোৱাৰ পৰা ঘূৰিবলৈ মান্তি নহ’ল।
22 アブネルふたたびアサヘルにいふ汝我を追ことをやめて外に向へ我なんぞ汝を地に撃ち仆すべけんや然せば我いかでかわが面を汝の兄ヨアブにむくべけんと
২২গতিকে অবনেৰে অচাহেলক পুনৰায় ক’লে, “মোৰ পাছৰ পৰা ঘূৰা; মই কিয় তোমাক আঘাত কৰি মাটিত পেলাম? আৰু তাকে কৰিলে তোমাৰ ককায়েৰ যোৱাবৰ আগত মই কিদৰে মুখ দেখুৱাম?”
23 然どもかれ外にむかふことをいなむによりアブネル槍の後銛をもてかれの腹を刺しければ槍その背後にいでたりかれ其處にたふれて立時に死り斯しかばアサヘルの仆れて死るところに來る者は皆たちどまれり
২৩তথাপি অচাহেলে ঘূৰিবলৈ মান্তি নহ’ল; এইকাৰণে অবনেৰে বৰছাৰ কুৰাৰে তেওঁৰ পেটত এনেকৈ খুচিলে যে, কুৰাডাল পিঠিয়েদি বাহিৰ ওলাল৷ তেতিয়া তেওঁ সেই ঠাইতে পৰি তেতিয়াই মৰিল৷ যি ঠাইত অচাহেল পৰি মৃত্যু হৈছিল, সেই ঠাইত যিমান লোক আহিল, সেই সকলো তাতেই থিয় হৈ ৰ’ল।
24 されどヨアブとアビシヤイはアブネルの後を追きたりしがギベオンの野の道傍にギアの前にあるアンマの山にいたれる時日暮ぬ
২৪কিন্তু যোৱাব আৰু অবীচয়ে অবনেৰৰ পাছে পাছে খেদি গ’ল। পাছত বেলি মাৰ যাওঁতে, তেওঁলোকে গিবিয়োন মৰুপ্ৰান্তৰ বাটৰ ওচৰত থকা গীহৰ সন্মুখৰ অম্মা পৰ্ব্বত পালেগৈ৷
25 ベニヤミンの子孫アブネルにしたがひて集まり一隊となりてひとつの山の頂にたてり
২৫পাছত বিন্যামীনৰ সন্তান সকলে অবনেৰৰ পাছত যাবৰ বাবে গোট খাই এটা পৰ্ব্বতৰ টিঙত থিয় হৈ ৰ’ল।
26 爰にアブネル、ヨアブをよびていひけるは刀劍豈永久にほろぼさんや汝其終りには怨恨を結ぶにいたるをしらざるや汝何時まで民に其兄弟を追ふことをやめてかへることを命ぜざるや
২৬তেতিয়া অবনেৰে যোৱাবক মাতি ক’লে, “তৰোৱালে জানো সদাকাল গ্ৰাস কৰিব পাৰিব? শেষত ইয়াৰ ফল যে অতি তিক্ত হ’ব, তাক তুমি নাজানানে? এই হেতুকে তুমি নিজ ভাইসকলৰ পাছে পাছে খেদি অহাৰ পৰা ওভোটাবলৈ, নিজৰ লোকসকলক কিমান কাললৈ আজ্ঞা নিদিয়াকৈ থাকিবা?”
27 ヨアブいひけるは神は活く若し汝が言出さざりしならば民はおのおの其兄弟を追はずして今晨のうちにさりゆきしならんと
২৭তেতিয়া যোৱাবে ক’লে, “যিহোৱাৰ জীৱনৰ শপত, তুমি কথা নোকোৱা হ’লে, ৰাতিপুৱাই লোকসকলে নিশ্চয়ে গুচি গ’লহেঁতেন আৰু প্ৰতিজনে নিজ নিজ ভাইৰ পাছত খেদি নগ’লহেঁতেন!”
28 かくてヨアブ喇叭を吹きければ民皆たちどまりて再イスラエルの後を追はずまたかさねて戰はざりき
২৮তেতিয়া যোৱাবে শিঙা বজোৱাত, সকলো মানুহ ৰ’ল আৰু ইস্ৰায়েলৰ পাছত কোনেও খেদি নগ’ল আৰু যুদ্ধও নকৰিলে।
29 アブネルと其從者終夜アラバを經ゆきてヨルダンを濟りビテロンを通りてマハナイムに至れり
২৯তাৰ পাছত অবনেৰ আৰু তেওঁৰ লোকসকলে অৰাবায়েদি গোটেই ৰাতি যাত্ৰা কৰিলে। তেওঁলোকে যৰ্দ্দন পাৰ হৈ পাছদিনা ৰাতিপুৱা যাত্ৰা কৰি মহনয়িম গৈ পালে।
30 ヨアブ、アブネルを追ことをやめて歸り民をことごとく集めたるにダビデの臣僕十九人とアサヘル缺てをらざりき
৩০তেতিয়া যোৱাবে অবনেৰৰ পাছত খেদি যোৱাৰ পৰা উভতি আহিল আৰু আটাই লোকক তেওঁ গোট খুৱালে; কিন্তু দায়ূদৰ ঊন্নৈশজন সৈন্য আৰু অচাহেলকক নাপালে।
31 されどダビデの臣僕はベニヤミンとアブネルの從者三百六十人を撃ち殺せり
৩১কিন্তু দায়ূদৰ দাসবোৰে বিন্যামীন আৰু অবনেৰৰ লোকসকলক এনেকৈ আঘাত কৰিলে যে, তেওঁলোকৰ তিনিশ ষাঠিজন লোক মৰিল।
32 人々アサヘルを取りあげてベテレヘムにある其父の墓に葬るヨアブと其從者は終夜ゆきて黎明にヘブロンにいたれり
৩২তেতিয়া লোকসকলে অচাহেলক তুলি কৰিলে যে, বৈৎলেহেমত থকা তেওঁৰ পিতৃৰ মৈদামতে মৈদাম দিলে৷ যোৱাব আৰু তেওঁৰ লোকসকল ওৰে ৰাতি যাত্ৰা কৰি ৰাতিপুৱা হিব্ৰোণ পালেগৈ।

< サムエル記Ⅱ 2 >