< サムエル記Ⅱ 17 >

1 時にアヒトペル、アブサロムにいひけるは請ふ我に一萬二千の人を擇み出さしめよ我起て今夜ダビデの後を追ひ
তাৰ পাছত অহীথোফলে অবচালোমক ক’লে, “মোক আপুনি বাৰ হাজাৰ লোকক বাচি ল’ব দিয়ক আৰু মই আজি ৰাতিয়েই উঠি গৈ দায়ূদৰ পিচত খেদি যাওঁ৷
2 彼が憊れて手弱なりし所を襲ふて彼をおびえしめん而して彼とともにをる民の逃ん時に我王一人を撃とり
যেতিয়া তেওঁ ক্লান্ত আৰু দুৰ্বল হোৱা যেন দেখিম, মই হঠাৎ তেওঁক আক্ৰমণ কৰি ত্ৰাসত পেলাম৷ তাতে তেওঁৰ লগৰ সকলো মানুহ পলাই যাব আৰু মই অকল ৰজাকহে বধ কৰিম৷
3 總の民を爾に歸せしむべし夫衆の歸するは爾が求むる此人に依なれば民みな平穩になるべし
এইদৰে মই সকলো লোকক আপোনাৰ ফাললৈ আনিম যি দৰে এজনী কন্যা তেওঁৰ স্ৱামীৰ ওচৰলৈ আহে৷ তাতে সকলো লোক আপোনাৰ অধীনত শান্তিৰে থাকিব।”
4 此言アブサロムの目とイスラエルの總の長老の目に的當と見えたり
তেতিয়া অহীথোফলৰ এই কথাত অবচালোম আৰু ইস্ৰায়েলৰ সকলো বৃদ্ধ লোকে সন্তোষ পালে।
5 アブサロムいひけるはアルキ人ホシヤイをも召きたれ我等彼が言ふ所をも聞んと
তেতিয়া অবচালোমে ক’লে, “এতিয়া অৰ্কীয়া হূচয়ক মাতা আৰু তেওঁ কি কয় সেই বিষয়ে আমি শুনো।”
6 ホシヤイ乃ちアブサロムに至るにアブサロムかれにかたりていひけるはアヒトペル是のごとく言り我等其言を爲べきか若し可ずば爾言ふべし
যেতিয়া হূচয় অবচালোমৰ ওচৰলৈ আহিল, তেতিয়া অবচালোমে তেওঁক অহীথোফলে কোৱা কথাষাৰ বুজাই ক’লে আৰু হূচয়ক সুধিলে বোলে, “অহীথোফলে যি কথা ক’লে আমি সেইদৰে কৰিম নে? যদি কৰিব নালাগে, তেনেহ’লে আপুনিয়েই আমাক পৰামর্শ দিয়ক।”
7 ホシヤイ、アブサロムにいひけるは此時にあたりてアヒトペルが授けし計略は善らず
তেতিয়া হূচয়ে অবচালোমক ক’লে, “অহীথোফলে এইবাৰ দিয়া দিহা ভাল নহয়।”
8 ホシヤイまたいひけるは爾の知るごとく爾の父と其從者は勇士なり且彼等は野にて其子を奪れたる熊の如く其氣激怒をれり又爾の父は戰士なれば民と共に宿らざるべし
হূচয়ে আৰু ক’লে, “আপুনি জানে যে আপোনাৰ পিতৃ আৰু তেওঁৰ লোকসকল বীৰ যোদ্ধা আৰু তেওঁলোকৰ খং পোৱালি কাঢ়ি নিয়া হাবিৰ ভালুকৰ দৰে ৷ আপোনাৰ পিতৃ এজন যুদ্ধাৰু; তেওঁ সৈন্যসকলৰ লগত আজি ৰাতি নাথাকিব৷
9 彼は今何の穴にか何の處にか匿れをる若し數人の者手始に仆なば其を聞く者は皆アブサロムに從ふ者の中に敗ありと言はん
চাওঁক, এতিয়া তেওঁ হয়তো কোনো এটা গাতত নাইবা আন কোনো ঠাইত লুকাই আছে৷ তেতিয়া এনে ঘটিব যে, আৰম্ভতে তোমাৰ লোকসকলৰ মাজত কেইজনমান লোক পতিত হ’ব আৰু তেতিয়া সেই বিষয়ে শুনা লোকসকলে ক’ব বোলে, ‘অবচালোমৰ পাছত যাওঁতা লোকসকলৰ মাজত হত্যা হৈছে।’
10 しからば獅子の心のごとき心ある勇猛き夫といふとも全く挫碎ん其はイスラエル皆爾の父の勇士にして彼とともにある者の勇猛き人なるをしればなり
১০সেই সময়ত যি সকল সাহিয়াল লোক, যি সকলৰ সাহস সিংহৰ নিচিনা, তেওঁলোকো পমি যাব কাৰণ আপোনাৰ পিতৃ যে এজন বীৰ পুৰুষ আৰু তেওঁৰ লগৰ লোকসকলো যে সাহিয়াল, সেই বিষয়ে সকলো ইস্ৰায়েলে জানে।
11 我は計議るイスラエルをダンよりベエルシバにいたるまで海濱の沙の多きが如くに悉く爾の處につどへ集めて爾親ら戰陣に臨むべし
১১কিন্তু মই এই পৰামৰ্শ দিওঁ যে দানৰে পৰা বেৰ-চেবালৈকে, সাগৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্যক ইস্ৰায়েলক আপোনাৰ আগত গোট খুউৱা হওঁক আৰু যেন আপুনি নিজেও যুদ্ধলৈ যাওঁক।
12 我等彼の見出さるる處にて彼を襲ひ露の地に下るがごとく彼のうへに降らんしかして彼および彼とともにあるすべての人々を一人も遺さざるべし
১২তেতিয়া যি কোনো ঠাইত তেওঁক পোৱা যাব, সেই ঠাইতে আমি তেওঁৰ গুৰিত উপস্থিত হৈ, মাটিত নিয়ৰ পৰাৰ দৰে তেওঁৰ ঢাকি ধৰিল৷ তাতে তেওঁক আৰু তেওঁৰ লগত যোৱা মানুহৰ মাজৰ কোনো এজনকো অৱশিষ্ট নাৰাখিম।
13 若し彼何かの城邑に集らばイスラエル皆繩を其城邑にかけ我等これを河に曳きたふして其處に一の小石も見えざらしむべしと
১৩যদি তেওঁ কোনো নগৰত আশ্ৰয় লয়, তেন্তে গোটেই ইস্ৰায়েলে সেই নগৰলৈ জৰী আনিব আৰু আমি সেই নগৰখন বান্ধি, জুৰিলৈকে তাক এনেধৰণে টানি লৈ যাম যে সেই ঠাইত এটি সৰু শিলো নাথাকিব৷”
14 アブサロムとイスラエルの人々皆アルキ人ホシヤイの謀計はアヒトペルの謀計よりも善しといふ其はヱホバ、アブサロムに禍を降さんとてヱホバ、アヒトペルの善き謀計を破ることを定めたまひたればなり
১৪তেতিয়া অবচালোম আৰু ইস্ৰায়েলৰ লোকসকলে ক’লে, “অহীথোফলৰ পৰামৰ্শতকৈ অৰ্কীয়া হূচয়ৰ দিহাই উত্তম।” কিয়নো অবচালোমৰ ওপৰত অমঙ্গল ঘটাবৰ কাৰণে অহীথোফলৰ উত্তম পৰামৰ্শ ব্যৰ্থ কৰিবলৈ যিহোৱাই সেই বিষয়ে থিৰ কৰিছিল।
15 爰にホシヤイ祭司ザドクとアビヤタルにいひけるはアヒトペル、アブサロムとイスラエルの長老等のために斯々に謀れりきた我は斯々に謀れり
১৫তাৰ পাছত হূচয়ে চাদোক আৰু অবিয়াথৰ এই দুজন পুৰোহিতক ক’লে, “অহীথোফলে অবচালোমক আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলক এনে-তেনে পৰামৰ্শ দিছিল কিন্তু মই হ’লে অন্য পৰামৰ্শ দিলোঁ।
16 されば爾ら速に人を遣してダビデに告て今夜野の渡場に宿ることなく速に渡りゆけといへおそらくは王および倶にある民皆呑つくされん
১৬এতেকে তোমালোকে বেগাই দায়ূদৰ ওচৰলৈ মানুহ পঠিয়াই তেওঁক কোৱা যে, ‘আপুনি আজি ৰাতি আৰাবাহ’ৰ মৰুপ্ৰান্তৰ পাৰ ঘাটত নাথাকিব কিন্তু কোনো প্ৰকাৰে সেই ঠাই পাৰ হৈ যাব, নহ’লে মহাৰাজ আৰু আপোনাৰ লগৰ সকলো লোক গ্ৰাসিত হ’ব’।”
17 時にヨナタンとアヒマアズはエンロゲルに俟居たり是は城邑にいるを見られざらんとてなり爰に一人の仕女ゆきて彼等に告げければ彼らダビデ王に告んとて往く
১৭সেই সময়ত যোনাথন আৰু অহীমাচ অয়িন-ৰোগেলৰ জুৰিত বাস কৰি আছিল; তাতে এগৰাকী দাসীয়ে গৈ গৈ তেওঁলোকক বাতৰিসমূহ দিছিল৷ এইদৰে তেওঁলোকে দায়ুদ ৰজাৰ ওচৰত বাতৰি দিবলৈ যায় যাতে তেওঁলোকক নগৰত সোমোৱা কোনো লোকে দেখা নাপায়।
18 しかるに一人の少者かれらを見てアブザロムにつげたりされど彼等二人は急ぎさりてバホリムの或人の家にいたる其人の庭に井ありてかれら其處にくだりければ
১৮কিন্তু এইবাৰ এজন যুৱকে তেওঁলোকক দেখি অবচালোমৰ আগত জনালে৷ তেতিয়া যোনাথন আৰু অহীমাচ দুয়ো শীঘ্ৰে গুচি গৈ, বহূৰীমত থকা এজন মানুহৰ ঘৰত উপস্থিত হ’ল। সেই জন মানুহৰ চোতালত এটা নাদ আছিল আৰু দুয়ো সেই নাদলৈ নামি গ’ল।
19 婦蓋をとりて井の口のうへに掩け其上に擣たる麥をひろげたり故に事知れざりき
১৯তেতিয়া সেই মানুহ জনৰ পত্নীয়ে নাদৰ মুখত কাপোৰ এখন পাৰি, তাৰ ওপৰত খৰচিয়া পিঠাগুৰি মেলি দিলে; তাতে যোনাথন আৰু অহীমাচ সেই নাদত থকা বুলি কোনেও নাজানিলে।
20 時にアブサロムの僕等其婦の家に來りていひけるはアヒマアズとヨナタンは何處にをるや婦かれらに彼人々は小川を濟れりといふかれら尋ねたれども見當ざればエルサレムに歸れり
২০পাছত অবচালোমৰ দাসবোৰে সেই ঘৰৰ মহিলা গৰাকীৰ ওচৰলৈ গৈ সুধিলে, “অহীমাচ আৰু যোনাথন ক’ত আছে?” তেতিয়া সেই মহিলা গৰাকীয়ে তেওঁলোকক ক’লে, “তেওঁলোক নদীখন পাৰ হৈ গ’ল৷” তাতে সেই ঠাইত তেওঁলোক দুয়োকে বিচাৰি নাপাই যিৰূচালেমলৈ ঘূৰি আহিল।
21 彼等が去し時かの二人は井よりのぼりて往てダビデ王に告げたり即ちダビデに言けるは起て速かに水を濟れ其はアヒトベル斯爾等について謀計を爲したればなりと
২১তেওঁলোক গুচি যোৱাৰ পাছত যোনাথন আৰু অহীমাচ নাদৰ বাহিৰলৈ উঠি আহিল৷ তাৰ পাছত দুয়ো দায়ুদ ৰজাক বাতৰি দিবলৈ গ’ল৷ তেওঁলোকে তেওঁক ক’লে, “আপোনালোক উঠক আৰু বেগাই পানীখিনি পাৰ হৈ যাওঁক কিয়নো অহীথোফলে আপোনালোকৰ বিৰুদ্ধে এনে-তেনে পৰামৰ্শ দিলে।”
22 ダビデ起て己とともにある凡ての民とともにヨルダンを濟れり曙には一人もヨルダンを濟らざる者はなかりき
২২তেতিয়া দায়ুদ আৰু তেওঁৰ লগৰ সকলোৱে উঠি যৰ্দ্দন পাৰ হ’ল৷ ৰাতিপুৱালৈ যৰ্দ্দন পাৰ নোহোৱাকৈ তেওঁলোকৰ এজনো অৱশিষ্ট নাথাকিল।
23 アヒトベルは其謀計の行れざるを見て其驢馬に鞍おき起て其邑に往て其家にいたり家の人に遺言して自ら縊れ死て其父の墓に葬らる
২৩পাছত যেতিয়া অহীথোফলে নিজৰ পৰামৰ্শৰ দৰে কাম নোহোৱা দেখিলে তেতিয়া তেওঁ নিজৰ গাধ সজাই তাত উঠি গুছি গ’ল। তেওঁ নিজ নগৰত থকা নিজ ঘৰলৈ গৈ, নিজৰ ঘৰৰ বিষয়ে দিহা দি, নিজে নিজৰ ডিঙিত ফাঁচ লগালে৷ তাতে তেওঁৰ এনেদৰে মৃত্যু হয় আৰু নিজ পিতৃৰ মৈদামতে তেওঁক মৈদাম দিয়া হ’ল।
24 爰にダビデ、マナハイムに至る又アブサロムは己とともにあるイスラエルの凡の人々とともにヨルダンを濟れり
২৪তাৰ পাছত দায়ূদে মহনয়িমত আহিল৷ অবচালোমে হ’লে সকলো ইস্ৰায়েল লোকৰ সৈতে যৰ্দ্দন পাৰ হ’ল।
25 アブサロム、アマサをヨアブの代りに軍の長と爲りアマサは夫のナハシの女にてヨアブの母ゼルヤの妹なるアビガルに通じたるイシマエル人名はヱテルといふ人の子なり
২৫তেতিয়া অবচালোমে যোৱাবৰ সলনি অমাচাক প্ৰধান সেনাপতি পাতিলে। অমাচা ইস্ৰায়েলীয়া যিথ্ৰা নামেৰে এজন মানুহৰ পুত্ৰ আছিল৷ সেই মানুহ জনে যোৱাবৰ মাক চৰূয়াৰ ভনীয়েক নাহচৰ জীয়েক অবীগলত গমণ কৰিছিল।
26 かくてイスラエルとアブサロムはギレアデの地に陣どれり
২৬তাৰ পাছত ইস্ৰায়েল আৰু অবচালোমে গিলিয়দ দেশত ছাউনি পাতিলে।
27 ダビデ、マハナイムにいたれる時アンモンの子孫の中なるラバのナハシの子シヨビとロデバルのアンミエルの子マキルおよびロゲリムのギレアデ人バルジライ
২৭যি সময়ত দায়ূদে মহনয়িমত আহিছিল, অম্মোনৰ সন্তানসকলৰ ৰব্বাত থকা নাহচৰ পুত্ৰ চোবীয়ে, লো-দবৰাত থকা অম্মীয়েলৰ পুত্ৰ মাখীৰে আৰু ৰোগেলীমত থকা গিলিয়দীয়া বৰ্জ্জিলয়ে দায়ূদৰ আৰু তেওঁৰ লগৰ লোকসকলৰ কাৰণে
28 臥床と鍋釜と陶器と小麥と大麥と粉と烘麥と豆と小豆の烘たる者と
২৮শয্যা, চৰিয়া, মাটিৰ পাত্ৰ, ঘেঁহু, যৱ, আটাগুৰি, ভজা শস্য, লেচেৰা মাহ, মচুৰ মাহ, ভজামাহ,
29 蜜と牛酪と羊と犢をダビデおよび倶にある民の食ふために持來れり其は彼等民は野にて饑憊れ渇くならんと謂たればなり
২৯মৌ, মাখন, মেৰৰ জাক আৰু গৰু গাখীৰৰ পনিৰ আনিলে৷ এই লোকসকলে কৈছিল যে, “লোকসকলে মৰুপ্ৰান্তত ক্ষুধাতুৰ, শ্ৰান্ত, আৰু তৃষ্ণাতুৰ হৈছে।”

< サムエル記Ⅱ 17 >