< 列王記Ⅱ 18 >

1 イスラエルの王エラの子ホセアの三年にユダの王アハズの子ヒゼキア王となれり
এলাৰ পুত্ৰ ইস্ৰায়েলৰ ৰজা হোচেয়াৰ ৰাজত্বৰ তৃতীয় বছৰত, যিহূদাৰ ৰজা আহজৰ পুত্ৰ হিষ্কিয়াই ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিছিল।
2 彼は王となれる時二十五歳にしてエルサレムにて二十九年世ををさめたりその母はザカリヤの女にして名をアビといへり
তেওঁ পঁচিশ বছৰ বয়সত ৰজা হৈছিল আৰু যিৰূচালেমত ঊনত্ৰিশ বছৰ ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল অবী। তেওঁ জখৰীয়াৰ জীয়েক আছিল।
3 ヒゼキヤはその父ダビデの凡てなせしごとくヱホバの善と見たまふ事をなし
হিষ্কিয়াই তেওঁৰ পূর্বপুৰুষ দায়ুদে কৰাৰ দৰেই যিহোৱাৰ দৃষ্টিত যি ভাল সেই সকলোকে কৰিছিল।
4 崇邱を除き偶像を毀ちアシラ像を斫たふしモーセの造りし銅の蛇を打碎けりこの時までイスラエルの子孫その蛇にむかひて香を焚たればなり人々これをネホシタン(銅物)と稱なせり
তেওঁ ওখ ঠাইৰ মঠবোৰ আতৰালে, স্তম্ভবোৰ ভাঙি পেলালে আৰু আচেৰা মুৰ্ত্তিবোৰ কাটি পেলালে। মোচিয়ে নিৰ্ম্মাণ কৰা পিতলৰ সাপটো তেওঁ ডোখৰ ডোখৰ কৈ ভাঙি পেলালে, কিয়নো সেই কালত ইস্ৰায়েলী লোকসকলে তাৰ উদ্দেশ্যে ধূপ জ্বলাইছিল। পিতলৰ সাপটোৰ নাম “নহুষ্টন” ৰখা হৈছিল।
5 ヒゼキヤはイスラエルの神ヱホバを賴り是をもて彼の後にも彼の先にもユダの諸の王等の中に彼に如ものなかりき
হিষ্কিয়াই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ওপৰত ভাৰসা কৰিছিল। তেওঁৰ আগত বা পাছত যিহূদাৰ ৰজাসকলৰ মাজত তেওঁৰ নিচিনা কোনো নাছিল।
6 即ち彼は固くヱホバに身をよせてこれに從ふことをやめずヱホバがモーセに命じたまひしその誡命を守れり
যিহোৱাৰ লগত তেওঁ লাগি আছিল আৰু তেওঁৰ পাছত চলিবলৈ এৰা নাছিল। যিহোৱাই মোচিক যি যি আজ্ঞা দিছিল, সেই সকলো তেওঁ পালন কৰিছিল।
7 ヱホバ彼とともに在したれば彼はその往ところにて凡て利達を得たり彼はアッスリヤの王に叛きてこれに事へざりき
সেয়ে যিহোৱা তেওঁৰ সঙ্গে সঙ্গে আছিল; তেওঁ য’লৈকে গৈছিল, তাতেই তেওঁ সফল হৈছিল; তেওঁ অচূৰৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু তেওঁৰ অধীনত থাকিবলৈ অস্বীকাৰ কৰিছিল।
8 彼ペリシテ人を撃敗りてガザにいたりその境に達し看守臺より城にまで及べり
তেওঁ গাজা আৰু তাৰ চাৰিসীমালৈকে, প্রহৰীসকলৰ ওখ মিনাৰৰ পৰা গড়েৰে আবৃত নগৰলৈকে বসবাস কৰা পলেষ্টীয়াসকলক আক্রমণ কৰি পৰাজয় কৰিছিল।
9 ヒゼキヤ王の四年すなはちイスラエルの王エラの子ホセアの七年にアッスリヤの王シヤルマネセル、サマリヤに攻のぼりてこれを圍みけるが
যিহূদাৰ ৰজা হিষ্কিয়াৰ ৰাজত্বৰ চতুৰ্থ বছৰত, অৰ্থাৎ এলাৰ পুত্ৰ ইস্রায়েলৰ ৰজা হোচেয়াৰ ৰাজত্বৰ সপ্তম বছৰত, অচূৰৰ ৰজা চল্মনেচৰে চমৰিয়াৰ বিৰুদ্ধে আহি নগৰখন অৱৰোধ কৰিলে।
10 三年の後つひに之を取りサマリヤの取れしはヒゼキヤの六年にしてイスラエルの王ホセアの九年にあたる
১০তিনি বছৰ অৱৰোধ কৰি ৰখাৰ পাছত হিষ্কিয়াৰ ৰাজত্বৰ ছয় বছৰত আৰু ইস্ৰায়েলৰ ৰজা হোচেয়াৰ ৰাজত্বৰ নৱম বছৰত অচূৰে চমৰিয়া দখল কৰি ল’লে।
11 アッスリヤの王イスラエルをアッスリヤに擄へゆきてこれをハラとゴザン河の邊とメデアの邑々におきぬ
১১অচূৰৰ ৰজাই ইস্ৰায়েলী লোকসকলক বন্দী কৰি অচূৰ দেশলৈ লৈ গ’ল আৰু হলহ, হাবোৰ নদীৰ পাৰৰ গোজন এলেকা আৰু মাদীয়াসকলৰ নগৰবোৰত তেওঁলোকক বাস কৰিবলৈ দিলে।
12 是は彼等その神ヱホバの言に遵はずその契約を破りヱホバの僕モーセが凡て命じたる事をやぶりこれを聽ことも行ふこともせざるによりてなり
১২এইসকলো ঘটিছিল, কাৰণ ইস্রায়েলীসকলে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য পালন কৰা নাছিল, বৰং যিহোৱাৰ বিধান, অৰ্থাৎ যিহোৱাৰ দাস মোচিৰ সকলো আজ্ঞা তেওঁলোকে অমান্য কৰিছিল। তেওঁলোকে তাক শুনিবলৈ বা পালন কৰিবলৈও ইচ্ছা কৰা নাছিল।
13 ヒゼキヤ王の十四年にアッスリヤの王セナケリブ攻のぼりてユダの諸の堅き邑を取ければ
১৩যিহূদাৰ ৰজা হিষ্কিয়াৰ ৰাজত্বৰ চৈধ্য বছৰত, অচূৰৰ ৰজা চনহেৰীবে যিহূদাৰ সকলো গড়েৰে আবৃত নগৰবোৰ আক্রমণ কৰি সেইবোৰ অধিকাৰ কৰি ল’লে।
14 ユダの王ヒゼキヤ人をラキシにつかはしてアッスリヤの王にいたらしめて言ふ我過てり我を離れて歸りたまへ汝が我に蒙らしむる者は我これを爲べしとアッスリヤの王すなはち銀三百タラント金三十タラントをユダの王ヒゼキヤに課したり
১৪তাতে যিহূদাৰ ৰজা হিষ্কিয়াই লাখীচত থকা অচূৰৰ ৰজাৰ ওচৰলৈ এই বুলি কৈ পঠালে, “মই অপৰাধ কৰিলোঁ; আপুনি মোৰ ৰাজত্বৰ পৰা উলটি যাওঁক; আপুনি যি বিচাৰিব মই তাক দিবলৈ প্রস্তুত আছোঁ।” তাতে অচূৰৰ ৰজাই যিহূদাৰ ৰজা হিষ্কিয়াৰ পৰা তিনিশ কিক্কৰ ৰূপ আৰু ত্ৰিশ কিক্কৰ সোণ দাবী কৰিলে।
15 是においてヒゼキヤ、ヱホバの家と王の家の庫とにあるところの銀をことごとく彼に與へたり
১৫সেয়ে, ৰজা হিষ্কিয়াই যিহোৱাৰ গৃহ আৰু ৰাজভঁৰালত যিমান ৰূপ আছিল, সকলোবোৰ তেওঁক দিলে।
16 此時ユダの王ヒゼキヤまた己が金を著たりしヱホバの宮の戸および柱を剥てこれをアッスリヤの王に與へたり
১৬তাৰ পাছত যিহূদাৰ ৰজা হিষ্কিয়াই যিহোৱাৰ মন্দিৰৰ দুৱাৰ আৰু স্তম্ভবোৰৰ পৰা সোণৰ পতাবোৰ এৰুৱাই সেইবোৰ অচূৰৰ ৰজাক দি দিলে।
17 アッスリヤの王またタルタン、ラブサリスおよびラブシヤケをしてラキシより大軍をひきゐてエルサレムにむかひてヒゼキヤ王の所にいたらしめたればすなはち上りてエルサレムにきたれり彼等則ち上り來り漂布場の大路に沿るよの池塘の水道の邊にいたりて立り
১৭তথাপিও, অচূৰৰ ৰজাই লাখীচৰ পৰা তৰ্তন, ৰবচাৰীচ, আৰু ৰবচাকিক বহু সৈন্যসামন্তৰে সৈতে যিৰূচালেমলৈ হিষ্কিয়া ৰজাৰ ওচৰলৈ পঠালে। তেওঁলোকে যাত্ৰা কৰি আহি যিৰূচালেমৰ ওচৰ পাই ওখ ঠাইৰ পুখুৰীৰ পানী বৈ অহা নলাৰ ফালে আগবাঢ়ি গৈ ঘাইপথৰ ধোবাসকলৰ পথাৰৰ কাষত থিয় হ’ল।
18 而して彼等王を呼たればヒルキヤの子なる宮内卿エリアキム書記官セブナおよびアサフの子なる史官ヨア出きたりて彼等に詣りけるに
১৮তেওঁলোকে যেতিয়া ৰজা হিষ্কিয়াক মাতি পঠালে; ৰাজগৃহৰ পৰা ঘৰগিৰী হিল্কিয়াৰ পুত্ৰ ইলিয়াকীম, ৰাজ লিখক চেবনা আৰু ইতিহাস লিখক আচফৰ পুত্ৰ যোৱাই তেওঁলোকক সাক্ষাৎ কৰিবলৈ বাহিৰ ওলাই গ’ল।
19 ラブシヤケこれに言けるは汝等ヒゼキヤに言べし大王アッスリヤの王かく言たまふ此汝が賴むところの者は何ぞや
১৯ৰবচাকিয়ে তেওঁলোকক ক’লে, ৰজা হিষ্কিয়াক গৈ কওঁক যে, মহাৰাজাধিৰাজ অর্থাৎ অচূৰৰ ৰজাই কৈছে, “আপোনাৰ আস্থাভাজনৰ উৎস কি?
20 汝戰爭をなすの謀計と勇力とを言も只これ口の先の言語たるのみ誰を恃みて我に叛くことをせしや
২০আপুনি কেৱল এনে অর্থহীন কথাবোৰ কয় যে, আপোনাৰ যুদ্ধ কৰাৰ যথেষ্ট বুদ্ধি আৰু শক্তি আছে। এতিয়া আপুনি কাৰ ওপৰত ভাৰসা কৰি মোৰ অহিতে বিদ্ৰোহ কৰিছে আৰু কোনে আপোনাক সাহস দিছে?
21 視よ汝は折かかれる葦の杖なるエジプトを賴む其は人の其に倚るあればすなはちその手を刺とほすなりエジプトの王パロは凡てこれを賴む者に斯あるなり
২১চাওঁক, আপুনিতো মিচৰৰ ওপৰত, অর্থাৎ সেই থেঁতেলা খোৱা নলৰ লাখুটিত নির্ভৰ কৰিছে; কোনোৱে সেই নলৰ লাখুটিৰ ওপৰত ভৰ দিলে, সিটো ভাঙিবই, তাৰ আঁহও তেওঁৰ হাতত ফুটি সোমাব। মিচৰৰ ৰজা ফৰৌণত নির্ভৰ কৰা সকলৰ কাৰণে তেওঁ তেনেকুৱাই হয়।
22 汝等あるひは我はわれらの神ヱホバを賴むと我に言ん彼はヒゼキヤがその崇邱と祭壇とを除きたる者にあらずやまた彼はユダとエルサレムに告て汝等はエルサレムに於てこの壇の前に祷拝をなすべしと言しにあらずや
২২কিন্তু আপোনালোকে যদি মোক কয় যে, ‘আমি আমাৰ ঈশ্বৰ যিহোৱাতহে ভাৰসা কৰিছোঁ,’ তেন্তে তেওঁ জানো সেইজনা ঈশ্বৰ নহয় যি জনৰ ওখ ঠাইৰ মঠবোৰ আৰু যজ্ঞবেদীবোৰ হিষ্কিয়াই দূৰ কৰি যিহূদা আৰু যিৰূচালেমৰ লোকসকলক কৈছিল, ‘আপোনালোকে যিৰূচালেমত এই যজ্ঞবেদীৰ সন্মুখত উপাসনা কৰিব লাগে?’
23 然ば請ふわが主君アッスリヤの王に約をなせ汝もし人を乗しむることを得ば我馬二千匹を汝にあたへん
২৩এতিয়া সেয়ে শুনক, মই মোৰ প্ৰভু অচূৰৰ ৰজাৰ পৰা আপোনালৈ এক চুক্তি আগবঢ়াব বিচাৰো। যদি আপুনি অশ্বাৰোহী দিবলৈ সমর্থ হয়, তেন্তে মই আপোনাক দুই হাজাৰ ঘোঁৰা দিম।
24 汝いかにしてか吾主君の諸臣の中の最も微き一將だにも退くることを得ん汝なんぞエジプトを賴みて兵車と騎兵をこれに仰がんとするや
২৪যদি ইয়াকে কৰিব নোৱাৰে, তেন্তে মোৰ প্ৰভুৰ দাসবোৰৰ মাজৰ সকলোতকৈ সৰু সেনাপতি এজনকেইবা আপুনি কেনেকৈ বাধা দি ৰাখিব পাৰিব? আপুনি ৰথ ও অশ্বাৰোহীসকলৰ কাৰণে মিচৰৰ ওপৰত ভাৰসা কৰিছে!
25 また我とても今ヱホバの旨によらずして比處を滅しに上れるならんやヱホバ我に此處に攻のぼりてこれを滅せと言たり
২৫তাৰ উপৰি, মই জানো যিহোৱাৰ অবিহনেই এই ঠাইৰ অহিতে যুজঁ দিবলৈ আৰু তাক বিনষ্ট কৰিবলৈ আহিছোঁ? যিহোৱাই মোক কৈছিল, ‘তুমি সেই দেশৰ অহিতে উঠি গৈ তাক বিনষ্ট কৰা’।”
26 時にヒルキヤの子エリアキムおよびセブナとヨア、ラダシヤケにいひけるは請ふスリアの語をもて僕等に語りたまへ我儕これを識なり石垣の上にをる民の聞るところにてユダヤ語をもて我儕に言談たまふなかれ
২৬তেতিয়া হিল্কিয়াৰ পুত্ৰ ইলিয়াকীম, চেবনা আৰু যোৱাহে ৰবচাকিক ক’লে, “বিনয় কৰোঁ, আপোনাৰ দাসবোৰৰ লগত আপুনি অৰামীয়া ভাষাৰে কথা কওঁক, কাৰণ আমি তাক বুজি পাওঁ; কিন্তু গড়ৰ ওপৰত থিয় হৈ থকা লোকসকলে শুনিব পৰাকৈ আপুনি আমাৰ লগত ইব্ৰী ভাষাৰে কথা নক’ব।”
27 ラブシヤケかれらに言ふわが君唯我を汝の主と汝とにつかはして此言をのべしめたまふならんや亦石垣の上に坐する人々にも我を遣して彼等をして汝等とともに自己の便溺を食ひ且飮にいたらしめんとしたまふにあらずやと
২৭কিন্তু ৰবচাকিয়ে তেওঁলোকক ক’লে, “মোৰ প্ৰভুৱে কেৱল আপোনালোকৰ প্ৰভু আৰু আপোনালোকৰ ওচৰলৈকে এই সকলো কথা ক’বলৈ জানো মোক পঠাইছে? তেওঁ জানো গড়ৰ ওপৰত বহা সেই সকলো লোক, যিসকলে আপোনালোকৰ দৰেই বিষ্ঠা আৰু প্রস্রাৱ খাব লাগিব, তেওঁলোকৰ ওচৰলৈকো মোক পঠোৱা নাই?”
28 而してラブシヤケ起あがりユダヤ語をもて大聲に呼はり言をいだして曰けるは汝等大王アッスリヤの王の言を聽け
২৮তেতিয়া ৰবচাকিয়ে থিয় হৈ অতি উচ্চস্বৰে ইব্ৰী ভাষাৰে ক’লে, “আপোনালোকে মহাৰাজাধিৰাজ অর্থাৎ অচূৰৰ ৰজাৰ কথা শুনক;
29 王かく言たまふ汝等ヒゼキヤに欺かるるなかれ彼は汝等をわが手より救ひいだすことをえざるなり
২৯ৰজাই এইদৰে কৈছে, ‘হিষ্কিয়া ৰজাই যেন আপোনালোকক প্রতাৰণা নকৰে; কিয়নো মোৰ অধিকাৰৰ পৰা আপোনালোকক ৰক্ষা কৰিবলৈ তেওঁৰ সাধ্য নাই।
30 ヒゼキヤがヱホバかならず我らを救ひたまはん此邑はアッスリヤの王の手に陷らじと言て汝らにヱホバを賴ましめんとするとも
৩০হিষ্কিয়াই যেন এই কথা কৈ যিহোৱাৰ ওপৰত আপোনালোকক ভাৰসা নিদিয়ে যে, “যিহোৱাই আমাক অৱশ্যেই উদ্ধাৰ কৰিব; অচূৰৰ ৰজাৰ হাতত এই নগৰ কেতিয়াও শোধাই নিদিব।”
31 汝等ヒゼキヤの言を聽なかれアッスリヤの王かく言たまふ汝等約をなして我に降れ而して各人おのれの葡萄の樹の果を食ひ各人おのれの無花果樹の果をくらひ各人おのれの井水を飮めよ
৩১আপোনালোকে হিষ্কিয়াৰ কথা নুশুনিব। কিয়নো অচূৰৰ ৰজাই এইদৰে কৈছে, ‘আপোনালোকে মোৰে সৈতে সন্ধি কৰক আৰু বাহিৰ হৈ মোৰ ওচৰলৈ আহঁক; তাতে আপোনালোক সকলোৱে নিজৰ নিজৰ দ্ৰাক্ষালতা আৰু ডিমৰু গছৰ পৰা ফল খাব পাৰিব আৰু নিজৰ কুৱাঁৰ পানীও খাব পাৰিব।
32 我來りて汝等を一の國に携ゆかん其は汝儕の國のごとき國穀と酒のある地パンと葡萄園のある地油の出る橄欖と蜜とのある地なり汝等は生ることを得ん死ることあらじヒゼキヤ、ヱホバ我儕を救ひたまはんと言て汝らを勸るともこれを聽なかれ
৩২মই উলটি আহি আপোনালোকক আপোনালোকৰ নিজৰ দেশৰ দৰে শস্য আৰু নতুন দ্রাক্ষাৰসৰ দেশ, অন্ন আৰু দ্ৰাক্ষাবাৰীবোৰৰ দেশ, জিতগছ আৰু মধু থকা এখন দেশলৈ লৈ যাম; তাত আপোনালোকৰ মৃত্যু নহ’ব, কিন্তু জীয়াই থাকিব।’ হিষ্কিয়াই যেতিয়া আপোনালোকক এই কথা কৈ ফুচুলাব বিচাৰে যে, ‘যিহোৱাই আপোনালোকক উদ্ধাৰ কৰিব,’ তেতিয়া আপোনালোকে তেওঁৰ কথা নুশুনিব।
33 國々の神の中執かその國をアッスリヤの王の手より救ひたりしや
৩৩আন আন জাতিৰ দেৱতাবোৰে জানো অচূৰৰ ৰজাৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিছে?
34 ハマテおよびアルパデの神々は何處にあるセパルワイム、ヘナおよびアワの神々は何處にあるやサマリヤをわが手より救ひ出せし神々あるや
৩৪হমাত আৰু অৰ্পদৰ দেৱতাবোৰ ক’ত আছে? চফৰ্বয়িম, হেনা আৰু ইব্বাৰ দেৱতাবোৰ ক’ত আছে? তেওঁলোকে জানো মোৰ হাতৰ পৰা চমৰিয়াক উদ্ধাৰ কৰিলে?
35 國々の神の中にその國をわが手より救ひいだせし者ありしや然ばヱホバいかでかエルサレムをわが手より救ひいだすことを得んと
৩৫সেই দেশবোৰৰ সকলো দেৱতাৰ মাজত এনে কোনো দেৱতা আছে যেয়ে মোৰ অধিকাৰৰ পৰা নিজৰ দেশ উদ্ধাৰ কৰিলে; যিহোৱাইনো মোৰ শক্তিৰ পৰা যিৰূচালেমক কেনেকৈ উদ্ধাৰ কৰিব পাৰিব?”
36 然ども民は默して一言もこれに應へざりき其は王命じてこれに應ふるなかれと言おきたればなり
৩৬কিন্তু লোকসকল মনে মনে থাকিল; তেওঁলোকে তেওঁক এটি কথাৰো উত্তৰ নিদিলে; কিয়নো ৰজাই এনে আজ্ঞা দিছিল, “আপোনালোকে তেওঁক উত্তৰ নিদিব।”
37 かくてヒルキヤの子なる宮内卿エリアキム書記官セブナおよびアサの子なる史官ヨアその衣をさきてヒゼキヤの許にいたりラブシヤケの言をこれに告たり
৩৭তাৰ পাছত ৰাজগৃহৰ ঘৰগিৰী হিল্কিয়াৰ পুত্ৰ ইলিয়াকীম, ৰাজলিখক চেবনা আৰু ইতিহাস-লিখক আচফৰ পুত্ৰ যোৱাহে নিজৰ কাপোৰ ফালি হিষ্কিয়াৰ ওচৰলৈ গ’ল আৰু ৰবচাকিৰ কথা জনালে।

< 列王記Ⅱ 18 >