< 列王記Ⅱ 16 >

1 レマリヤの子ペカの十七年にユダの王ヨタムの子アハズ王となれり
ইস্রায়েলত ৰমলিয়াৰ পুত্ৰ পেকহৰ সোঁতৰ বছৰ বয়সৰ সময়ত, যিহূদাত যোথমৰ পুত্ৰ আহজে ৰাজত্ব আৰম্ভ কৰিছিল।
2 アハズは王となれる時二十歳にしてエルサレムにおいて十六年世を治めたりしがその神ヱホバの善と見たまふ事をその父ダビデのごとくは行はざりき
আহজ বিশ বছৰ বয়সত ৰজা হৈছিল আৰু ষোল্ল বছৰ ধৰি তেওঁ যিৰূচালেমত ৰাজত্ব কৰিছিল; পূর্বপুৰুষ দায়ুদে যেনেকৈ তেওঁৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত ভাল কার্য কৰিছিল, ৰজা আহজে তেনে কার্য কৰা নাছিল।
3 彼はイスラエルの王等の道にあゆみまたその子に火の中を通らしめたり是はヱホバがイスラエルの子孫の前より逐はらひたまひし異邦人のおこなふところの憎むべき事にしたがへるなり
কিন্তু তাৰ পৰিবর্তে তেওঁ ইস্ৰায়েলৰ ৰজাসকলৰ পথত চলিছিল; এনেকি যিহোৱাই যি সকলোক জাতিক ইস্ৰায়েলীয়াসকলৰ পৰা দূৰ কৰিছিল, তেওঁলোকৰ ঘিণলগীয়া ৰীতিবোৰৰ দৰে তেৱোঁ নিজৰ পুত্ৰক হোমবলি উৎসর্গ কৰিছিল।
4 彼は崇邱の上丘の上一切の靑木の下に犠牲をささげ香をたけり
তেওঁ পূজাৰ ওখ ঠাইবোৰত, পাহাৰৰ ওপৰত আৰু প্ৰত্যেক সেউজীয়া ডাল-পাতৰ গছৰ তলত বলি উৎসর্গ কৰিছিল আৰু ধূপ জ্বলাইছিল।
5 この頃スリアの王レヂンおよびレマリヤの子なるイスラエルの王ペカ、エルサレムにせめのぼりてアハズを圍みけるが勝ことを得ざりき
অৰামৰ ৰজা ৰচীন আৰু ৰমলিয়াৰ পুত্ৰ ইস্ৰায়েলৰ ৰজা পেকহে যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যিৰূচালেমলৈকে আহিল আৰু ৰজা আহজৰ সৈতে নগৰখন বেৰি ধৰিলে; কিন্তু আহজক জয় কৰিব নোৱাৰিলে।
6 この時にあたりてスリアの王レヂン復エラテをスリアに歸せしめユダヤ人をエラテより逐いだせり而してスリア人エラテにきたりて其處に住み今日にいたる
সেই সময়ত অৰামৰ ৰজা ৰচীনে এলৎ নগৰৰ পৰা যিহুদী লোকসকলক খেদাই দি এলৎ নগৰ পুণৰায় অৰামৰ অধীনলৈ আনিলে। তাৰ পাছত ইদোমীয়াসকলে এলতলৈ আহি বাস কৰিবলৈ ধৰিলে আৰু আজিলৈকে তেওঁলোকে তাত নিবাস কৰি আছে।
7 是においてアハズ使者をアツスリヤの王テグラテピレセルにつかはして言しめけるは我は汝の臣僕汝の子なりスリアの王とイスラエルの王と我に攻かかりをれば請ふ上りきたりてかれらの手より我を救ひいだしたまへと
পাছত আহজে অচূৰৰ ৰজা তিগ্লৎ-পিলেচৰ ওচৰলৈ এই কথা ক’বলৈ মানুহ পঠিয়াই দিলে, “মই আপোনাৰ দাস আৰু আপোনাৰ পুত্ৰ হওঁ; অৰামৰ ৰজা আৰু ইস্ৰায়েলৰ ৰজাই মোক আক্রমণ কৰিছে। আপুনি আহি তেওঁলোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰক।”
8 アハズすなはちヱホバの家と王の家の庫とにあるところの銀と金をとりこれを禮物としてアツスリヤの王におくりしかば
আহজে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ ভঁৰালত পোৱা সোণ আৰু ৰূপ লৈ উপহাৰ হিচাবে অচূৰৰ ৰজাৰ ওচৰলৈ পঠিয়াই দিলে।
9 アツスリヤの王かれの請を容たりアツスリヤの王すなはちダマスコに攻のぼりて之をとりその民をキルに擄うつしまたレヂンを殺せり
তেতিয়া অচূৰৰ ৰজাই তেওঁৰ কথাত মান্তি হ’ল আৰু দম্মেচকৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰি তাক জয় কৰিলে। সেই ঠাইৰ লোকসকলক বন্দী কৰি কীৰলৈ লৈ গ’ল আৰু অৰামৰ ৰজা ৰচীনক বধ কৰিলে।
10 かくてアハズはアツスリヤの王テグラテピレセルに會んとてダマスコにゆきけるがダマスコにおいて一箇の祭壇を見たればアスス王その祭壇の工作にしたがひて委くこれが圖と式樣を制へて祭司ウリヤにこれをおくれり
১০পাছত ৰজা আহজে অচূৰৰ ৰজা তিগ্লৎ-পিলেচক সাক্ষাৎ কৰিবলৈ দম্মেচকলৈ গ’ল; তেওঁ দম্মেচকত এটা যজ্ঞবেদী দেখি তাৰ নক্সা, নমুনাৰ লগতে সেইটো তৈয়াৰ কৰাৰ সম্পূর্ণ পৰিকল্পনা ঊৰিয়া পুৰোহিতৰ ওচৰলৈ পঠাই দিলে।
11 是において祭司ウリヤはアハズ王がダマスコよりおくりたる所にてらして一箇の祭壇をつくりアハズ王がダマスコより來るまでにこれを作りおけり
১১সেয়ে দম্মেচকৰ পৰা ৰজা আহজে পঠোৱা সকলো পৰিকল্পনাৰ দৰেই ঊৰিয়া পুৰোহিতে এটা যজ্ঞবেদী নির্ম্মাণ কৰিলে আৰু ৰজা আহজ দম্মেচকলৈ উলটি অহাৰ আগেয়ে, সেই কাম কৰি‍ শেষ কৰিলে।
12 茲に王ダマスコより歸りてその祭壇を見壇にちかよりてこれに上り
১২দম্মেচকৰ পৰা ঘূৰি আহি ৰজাই সেই যজ্ঞবেদী দেখিলে আৰু ওচৰলৈ গৈ তাৰ ওপৰত বলি উৎসর্গ কৰিলে।
13 壇の上に燔祭と素祭を焚き灌祭をそそぎ酬恩祭の血を灑げり
১৩তেওঁ সেই যজ্ঞবেদীৰ ওপৰত নিজৰ হোমবলি, শস্য উৎসর্গ আৰু নিজৰ পেয় উৎসর্গ ঢালিলে; নিজৰ সমজুৱা বলিৰ তেজো ছটিয়াই দিলে।
14 彼またヱホバの前なる銅の壇を家の前より移せり即ちこれをかの新しき壇とヱホバの家の間より移してかの壇の北の方に置たり
১৪তেওঁ যিহোৱাৰ সন্মুখত থকা পিতলৰ যজ্ঞবেদীটো তেওঁ মন্দিৰৰ আগৰ পৰা, অৰ্থাৎ যিহোৱাৰ গৃহ আৰু নতুন বেদীৰ মাজ ঠাইৰ পৰা আঁতৰাই আনি নতুন বেদীৰ উত্তৰ ফালে স্থাপন কৰিলে।
15 而してアハズ王祭司ウリヤに命じて言ふ朝の燔祭夕の素祭および王の燔祭とその素祭ならびに國中の民の燔祭とその素祭および灌祭はこの大なる壇の上に焚べし又この上に燔祭の牲の血と犠牲の物の血をすべて灑ぐべし彼の銅の壇の事はなほ考ふるあらん
১৫পাছত আহজ ৰজাই ঊৰিয়া পুৰোহিতক এই নির্দেশ দিলে যে, “ডাঙৰ বেদীটোৰ ওপৰত ৰাতিপুৱাৰ হোমবলি আৰু সন্ধিয়া শস্য উৎসর্গ কৰিব; তাৰ উপৰি ৰজাৰ হোমবলি আৰু শস্য উৎসর্গ, দেশৰ সকলো লোকৰ হোমবলি, তেওঁলোকৰ শস্য আৰু পেয় উৎসর্গ কৰিব; সকলো হোমবলি আৰু আন আন সকলো বলি উৎসর্গৰ তেজ আপুনি সেই যজ্ঞবেদীৰ ওপৰত ছটিয়াই দিব। কিন্তু পিতলৰ যজ্ঞবেদীটো ঈশ্বৰৰ সহায় লাভৰ অর্থে মই ব্যৱহাৰ কৰিম।”
16 祭司ウリヤすなはちアハズ王のすべて命じたるごとくに然なせり
১৬ঊৰিয়া পুৰোহিতে আহজ ৰজাৰ নির্দেশ অনুসাৰে সকলো কাম কৰিলে।
17 またアハズ王臺の邊を削りて洗盤をその上よりうつしまた海をその下なる銅の牛の上よりおろして石の座の上に置ゑ
১৭তাৰ পাছত ৰজা আহজে পাত্র থোৱা আধাৰবোৰৰ খলাপা আৰু প্রক্ষালন পাত্রবোৰ আধাৰবোৰৰ পৰা আতৰালে। তেওঁ পিতলেৰে তৈয়াৰী ষাঁড়বোৰৰ ওপৰত যি ডাঙৰ সমুদ্র পাত্রটো বহোৱা আছিল, সেইটোও তেওঁ নমাই আনিলে আৰু এটা শিলৰ ভিত্তিৰ ওপৰত বহুৱালে।
18 また家に造りたる安息日用の遊廊および王の外の入口をアツスリヤの王のためにヱホバの家の中に變じたり
১৮যিহোৱাৰ গৃহত বিশ্ৰাম দিনৰ উদ্দেশ্যে মন্দিৰত চালি দি তেওঁলোকে যি ঠাই তৈয়াৰ কৰিছিল, অচূৰৰ ৰজাৰ ভয়ত ৰজা আহজে সেই চালি খুলি পেলালে আৰু যিহোৱাৰ গৃহৰ বাহিৰৰ ফালে ৰজা সোমাবৰ কাৰণে যি বিশেষ প্রৱেশদ্বাৰ কৰা হৈছিল, তাকো বন্ধ কৰি দিলে।
19 アハズのなしたるその餘の行爲はユダの王の歴代志の書にしるさるるにあらずや
১৯ৰজা আহজৰ অন্যান্য সকলো কাৰ্যৰ বৃত্তান্ত “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
20 アハズその先祖等とともに寝りてダビデの邑にその先祖等とともに葬られその子ヒゼキヤこれにかはりて王となれり
২০পাছত ৰজা আহজ তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পদত তেওঁৰ পুত্ৰ হিষ্কিয়া ৰজা হ’ল।

< 列王記Ⅱ 16 >