< 列王記Ⅱ 1 >

1 アハブの死しのちモアブ、イスラエルにそむけり
আহাবৰ মৃত্যুৰ পাছত, মোৱাব দেশে ইস্ৰায়েলৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে।
2 アハジヤ、サマリヤにあるその樓の欄杆よりおちて病をおこせしかば使を遣さんとして之にいひけるは往てエクロンの神バアルゼブブにわがこの病の愈るや否を問べしと
অহজিয়াই চমৰিয়াত তেওঁৰ ঘৰৰ ওপৰ-কোঁঠালিৰ খিড়িকিয়েদি তললৈ পৰি আঘাত পালে। তেতিয়া তেওঁ কেইজনমান লোকক এইবুলি কৈ পঠাই দিলে যে, “তোমালোকে গৈ ইক্ৰোণৰ দেৱতা বাল-জবুবৰ ওচৰত সোধা, এই আঘাতৰ পৰা মই সুস্থ হ’ম নে নাই।”
3 時にヱホバの使テシベ人エリヤにいひけるは起てサマリヤ王の使にあひて之に言べし汝等がエクロンの神バアルゼブブに問んとてゆくはイスラエルに神なきがゆゑなるか
কিন্তু যিহোৱাৰ দূতে তিচবীয়া এলিয়াক ক’লে, “তুমি গৈ চমৰিয়াৰ ৰজাই পঠোৱা লোকসকলৰ লগত সাক্ষাত কৰি তেওঁলোকক কোৱা, ‘ইস্ৰায়েল দেশত জানো ঈশ্বৰ নাই যে, তোমালোকে ইক্ৰোণৰ বাল-জবুবৰ গুৰিত সুধিবলৈ গৈছা?
4 是によりてヱホバかくいふ汝はその登りし牀より下ることなかるべし汝かならず死んとエリヤ乃ち往り
সেয়ে যিহোৱাই কৈছে, “তুমি যি শয্যাত পৰি আছা, তাৰ পৰা তুমি পুনৰ নুঠিবা। তোমাৰ অৱেশ্যেই মৃত্যু হ’ব’।” এলিয়াই সেই লোকসকলক লগ ধৰিলে আৰু এই দৰে কৈ গুছি গ’ল।
5 使者たちアハジアに返りければアハジア彼等に何故に返りしやといふに
পাছত সেই লোকসকল ৰজাৰ ওচৰলৈ ঘূৰি অহাৰ পাছত তেওঁ তেওঁলোকক সুধিলে, “তোমালোক কিয় উভটি আহিলা?”
6 かれら之にいひけるは一箇の人上りきたりて我らに會ひわれらにいひけるは往てなんぢらを遣はせし王の所にかへり之にいふべしヱホバ斯いひたまふなんぢエクロンの神バアルゼブブに問んとて人を遣すはイスラエルに神なきがゆゑなるか然ば汝その登りし牀より下ることなかるべし汝かならず死んと
উত্তৰত তেওঁলোকে ক’লে, “এজন মানুহে আমাৰ লগত সাক্ষাত কৰি ক’লে, ‘যি জনে আপোনালোকক পঠিয়াইছে, আপোনালোক যেন সেই ৰজাৰ ওচৰলৈ উভটি গৈ তেওঁক জনায়, “যিহোৱাই কৈছে, ‘ইস্ৰায়েল দেশত জানো ঈশ্বৰ নাই, আপুনি যে ইক্ৰোণৰ দেৱতা বাল-জবুবৰ গুৰিত সুধিবৰ কাৰণে মানুহ পঠিয়াইছে? সেয়ে আপুনি যি শয্যাত পৰি আছে, তাৰ পৰা পুনৰ নুঠিব, কিন্তু অৱশ্যেই মৃত্যু হ’ব।’”
7 アハジア彼等にいひけるはそののぼりきたりて汝等に會ひ此等の言を汝らに告たる人の形状は如何なりしや
ৰজাই তেওঁলোকক সুধিলে, “যি মানুহজনে তোমালোকৰ লগত সাক্ষাত কৰি এই কথা ক’লে, তেওঁ বাৰু দেখাত কেনেকুৱা আছিল?”
8 かれら對へていひけるはそれは毛深き人にして腰に革の帶をむすび居たり彼いひけるはその人はテシベ人エリヤなりと
তেওঁলোকে উত্তৰ দিলে, “তেওঁ জন্তুৰ নোমেৰে তৈয়াৰী পোছাক পিন্ধিছিল আৰু তেওঁৰ কঁকালত আছিল চামৰাৰ কটিবন্ধন।” ৰজাই ক’লে, “তেৱেঁ হৈছে তিচবীয়া এলিয়া।”
9 是に於て王五十人の長とその五十人をエリヤの所に遣はせり彼エリヤの所に上りゆくに視よエリヤは山の嶺に坐し居たりかれエリヤにいひけるは神の人よ王いひたまふ下るべし
তাৰ পাছত ৰজাই এজন সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক এলিয়াৰ ওচৰলৈ পঠাই দিলে। এলিয়া সেই সময়ত পাহাৰৰ ওপৰত বহি আছিল। সেনাপতিজন এলিয়াৰ ওচৰলৈ উঠি গৈ ক’লে, “হে ঈশ্বৰৰ লোক, ৰজাই আপোনাক নামি আহিবলৈ কৈছে।”
10 エリヤこたへて五十人の長にいひけるはわれもし神の人たらば火天より降りて汝と汝の五十人とを燒盡すべしと火すなはち天より降りて彼とその五十人とを燒盡せり
১০এলিয়াই সেনাপতিজনক ক’লে, “মই যদি ঈশ্বৰৰ লোক হওঁ, তেন্তে আকাশৰ পৰা জুই নামি আহি যেন আপোনাক আৰু আপোনাৰ পঞ্চাশজন সৈন্যক পুৰি গ্ৰাস কৰে।” তেতিয়া আকাশৰ পৰা জুই নামি আহি সেই সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক গ্ৰাস কৰিলে।
11 アハジアまた他の五十人の長とその五十人をエリヤに遣せりかれ上りてエリヤにいひけるは神の人よ王かく言たまふ速かに下るべし
১১ৰজাই আকৌ এজন সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক এলিয়াৰ ওচৰলৈ পঠালে। সেই সেনাপতিয়েও এলিয়াক ক’লে, “হে ঈশ্বৰৰ লোক, ৰজাই আপোনাক এতিয়াই নামি আহিবলৈ কৈছে।”
12 エリヤ答て彼にいひけるはわれもし神の人たらば火天より降りて爾となんぢの五十人を燒盡すべしと神の火すなはち天より降りてかれとその五十人を燒盡せり
১২এলিয়াই উত্তৰ দি ক’লে, “মই যদি ঈশ্বৰৰ লোক হওঁ, তেন্তে আকাশৰ পৰা জুই নামি আহি যেন আপোনাক আৰু আপোনাৰ পঞ্চাশজন সৈন্যক পুৰি গ্ৰাস কৰে।” তেতিয়া পুনৰাই আকাশৰ পৰা ঈশ্বৰৰ জুই নামি আহি তেওঁক আৰু তেওঁৰ পঞ্চাশজন সৈন্যক গ্ৰাস কৰিলে।
13 かれまた第三の五十人の長とその五十人を遣せり第三の五十人の長のぼりいたりてエリヤのまへに跪きこれに願ひていひけるは神の人よ願くはわが生命となんぢの僕なるこの五十人の生命をなんぢの目に貴重き者と見なしたまへ
১৩তাৰ পাছত পুনৰ ৰজাই তৃতীয়বাৰলৈ এজন সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক পঠালে। এই তৃতীয় সেনাপতিয়ে ওপৰলৈ উঠি গৈ এলিয়াৰ সন্মুখত আঠুকাঢ়ি মিনতি কৰিলে, “হে ঈশ্বৰৰ লোক, আপোনাৰ দৃষ্টিত মোৰ আৰু আপোনাৰ এই পঞ্চাশজন দাসৰ জীৱন যেন বহুমূলীয়াৰূপে গ্রাহ্য হয়।
14 視よ火天より降りて前の五十人の長二人とその五十人を燒盡せり然どわが生命をば汝の目に貴重き者となしたまへ
১৪চাওক, আকাশৰ পৰা জুই নামি আগেয়ে অহা দুজন সেনাপতি আৰু তেওঁলোকৰ সকলো সৈন্যকে পুৰি গ্ৰাস কৰিলে; কিন্তু এইবাৰ আপোনাৰ দৃষ্টিত মোৰ প্ৰাণ বহুমূল্য হওক।”
15 時にヱホバの使エリヤに云けるはかれとともに下れかれをおそるることなかれとエリヤすなはち起てかれとともに下り王の許に至り
১৫তেতিয়া যিহোৱাৰ দূতে এলিয়াক ক’লে, “তুমি তেওঁৰ লগত নামি যোৱা, তেওঁক ভয় নকৰিবা।” তাতে এলিয়াই তেওঁৰ লগত নামি আহি ৰজাৰ ওচৰলৈ গ’ল।
16 之にいひけるはヱホバかくいひたまふ汝エクロンの神バアルゼブブに問んとて使者を遣るはイスラエルにその言を問ふべき神なきがゆゑなるか是によりて汝はその登し牀より下ることなかるべし汝かならず死んと
১৬তেওঁ ৰজাক ক’লে, “যিহোৱাই এই কথা কৈছে, ‘আপুনি ইক্ৰোণৰ দেৱতা বাল-জবুবৰ ওচৰলৈ লোক পঠাইছিল। ইস্ৰায়েল দেশত জানো সুধিবৰ বাবে ঈশ্বৰ নাই? এনে কাম কৰাৰ কাৰণে যি শয্যাত আপুনি পৰি আছে, সেই শয্যাৰ পৰা আৰু উঠিব নোৱাৰিব; কিন্তু অৱশ্যেই মৃত্যু হ’ব’।”
17 彼エリヤの言たるヱホバの言の如く死けるが彼に子なかりしかばヨラムこれに代りて王となれり是はユダの王ヨシヤパテの子ヨラムの二年にあたる
১৭যিহোৱাই এলিয়াৰ যোগেদি যিদৰে কৈছিল, সেইদৰে ৰজা অহজিয়াৰ মৃত্যু হ’ল। অহজিয়াৰ কোনো পুত্ৰ সন্তান নথকাৰ বাবে তেওঁৰ ঠাইত যোৰাম ইস্রায়েলৰ ৰজা হ’ল। যিহূদাৰ ৰজা যিহোচাফটৰ পুত্র যিহোৰামৰ ৰাজত্ব কালৰ দ্বিতীয় বছৰত যোৰাম ইস্রায়েলৰ ৰজা হৈছিল।
18 アハジヤのなしたる其餘の事業はイスラエルの王の歴代志の書に記載さるるにあらずや
১৮অহজিয়াৰ আন আন সকলো কৰ্মৰ বৃত্তান্ত ইস্ৰায়েলৰ ৰজাসকলৰ “ইতিহাস” পুস্তকখনত জানো লিখা নাই?

< 列王記Ⅱ 1 >