< サムエル記Ⅰ 1 >

1 エフライムの山地のラマタイムゾビムにエルカナと名くる人ありエフライテ人にしてエロハムの子なりエロハムはエリウの子エリウはトフの子トフはツフの子なり
পৰ্বতীয়া দেশ ইফ্ৰয়িমৰ ৰামাথয়িম চোফীম অঞ্চলৰ নিবাসী ইলকানা নামেৰে এজন ব্যক্তি আছিল। তেওঁ যিৰোহমৰ পুত্র আৰু চুফ পৰিবাৰৰ আছিল। যিৰোহমৰ পিতৃ হ’ল ইলীহূ, ইলীহূৰ পিতৃ হ’ল তহূৰ, তহূৰৰ পিতৃ হ’ল চূফ। এওঁলোক ইফ্ৰয়িমৰ গোষ্ঠীৰ আছিল।
2 エルカナに二人の妻ありてひとりの名をハンナといひひとりの名をペニンナといふペニンナには子ありたれどもハンナには子あらざりき
তেওঁৰ দুজনী ভার্যা আছিল; এজনীৰ নাম হান্না আৰু আন জনীৰ নাম পিনিন্না। পিনিন্নাৰ সন্তান আছিল, কিন্তু হান্না নিঃসন্তান আছিল।
3 是人毎歳に其邑をいで上りてシロにおいて萬軍のヱホバを拝み之に祭物をささぐ其處にエリの二人の子ホフニとピネハスをりてヱホバに祭司たり
এই ব্যক্তিজনে চীলোত বাহিনী সমূহৰ যিহোৱাৰ আগত প্ৰণিপাত কৰিবলৈ আৰু বলিদান দিবলৈ প্ৰতি বছৰে নিজ নগৰৰ পৰা গৈছিল। সেই ঠাইত এলীৰ দুজন পুতেক হফনী আৰু পীনহচ যিহোৱাৰ পুৰোহিত আছিল।
4 エルカナ祭物をささぐる時其妻ペニンナと其すべての息子女子にわかちあたへしが
প্ৰতি বছৰে যেতিয়া ইলকানাই সেই দিনত বলি দিবলৈ আহে, তেতিয়া তাৰে এভাগ তেওঁ ভাৰ্যা পিনিন্নাক দিয়ে, আৰু তেওঁৰ পুতেক জীয়েক সকলকো দিয়ে।
5 ハンナには其倍をあたふ是はハンナを愛するが故なりされどヱホバ其孕みをとどめたまふ
যিহোৱাই তেওঁৰ গৰ্ভ বন্ধ কৰি ৰাখিছিল; কিন্তু তেওঁৰ স্ৱামী ইলকানাই তেওঁক প্ৰেম কৰিছিল কাৰণে হান্নাক দুভাগ দিয়ে।
6 其敵もまた痛くこれをなやましてヱホバが其はらみをとどめしを怒らせんとす
যিহোৱাই তেওঁৰ গৰ্ভ বন্ধ কৰি ৰখা বাবে, সতিনীয়েকে তেওঁৰ মনত অসন্তোষ জন্মাবলৈ নানা কথাৰে তেওঁক বিৰক্ত কৰিছিল।
7 歳々ハンナ、ヱホバの家にのぼるごとにエルカナかくなせしかばペニンナかくのごとく之をなやます是故にハンナないてものくはざりき
বছৰৰ পিছত বছৰ ধৰি হান্না যেতিয়া পৰিয়ালৰ সৈতে যিহোৱাৰ গৃহলৈ যায়, তেতিয়া তেওঁৰ সতিনীয়ে সদায় তেওঁক বিৰক্ত কৰে; এই হেতুকে তেওঁ ভোজন নকৰি কান্দি কান্দি দিন অতিবাহিত কৰিছিল।
8 其夫エルカナ之にいひけるはハンナよ何故になくや何故にものくはざるや何故に心かなしむや我は汝のためには十人の子よりもまさるにあらずや
তেতিয়া তেওঁৰ স্বামী ইলকানাই কয়, “হান্না তুমি কিয় কান্দিছা? তুমি কিয় আহাৰ গ্ৰহণ নকৰা? তোমাৰ হৃদয় দুখেৰে পৰিপূৰ্ণ কিয়? তোমাৰ দৃষ্টিত মই দহ জন পুত্ৰতকৈ উত্তম নহও নে?”
9 かくてシロにて食飮せしのちハンナたちあがれり時に祭司エリ、ヱホバの宮の柱の傍にある壇に坐す
এদিন তেওঁলোকে চীলোত ভোজন-পান কৰাৰ পাছত, হান্না থিয় হ’ল। সেই সময়ত যিহোৱাৰ মন্দিৰৰ দুৱাৰৰ খুটাৰ ওচৰত এলী পুৰোহিত নিজ আসনৰ ওপৰত বহি আছিল।
10 ハンナ心にくるしみヱホバにいのりて甚く哭き
১০তেতিয়া হান্নাই মনৰ বেজাৰত ভাগি পৰি যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক্ৰন্দন কৰিলে।
11 誓をなしていひけるは萬軍のヱホバよ若し誠に婢の惱をかへりみ我を憶ひ婢を忘れずして婢に男子をあたへたまはば我これを一生のあひだヱホバにささげ剃髮刀を其首にあつまじ
১১আৰু তেওঁ সংকল্প কৰি ক’লে, “হে বাহিনী সমূহৰ যিহোৱা, আপুনি যদি আপোনাৰ এই দাসীৰ দুখলৈ দৃষ্টি কৰি সোঁৱৰণ কৰে, আৰু আপোনাৰ দাসীক নাপাহৰি এটি পুত্ৰ-সন্তান দিয়ে, তেন্তে দাসীয়ে সি জীয়াই থকালৈকে যিহোৱাৰ উদ্দেশ্যে তাক উৎসৰ্গ কৰিম; আৰু তাৰ মূৰত খুৰ লগোৱা নহ’ব।”
12 ハンナ、ヱホバのまへに長くいのりければエリ其口に目をとめたり
১২এনেদৰে হান্নাই বহু সময় ধৰি যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰি আছিল, আৰু এলীয়ে তেওঁৰ মুখলৈ লক্ষ্য কৰি আছিল।
13 ハンナ心の中にものいへば只唇うごくのみにて聲きこえず是故にエリこれを酔たる者と思ひ
১৩সেই সময়ত হান্নাই নিৰৱে হৃদয়ৰ পৰা প্ৰাৰ্থনা কৰি আছিল, তেওঁৰ কেৱল ওঁঠ দুটিহে লৰি আছিল, কিন্তু কোনো শব্দ শুনা নাছিল; সেয়েহে এলীয়ে তেওঁক মতলীয়া হৈছে বুলি ভাবিছিল৷
14 之にいひけるは何時まで酔ひをるか爾の酒をされよ
১৪এলীয়ে তেওঁক ক’লে, “তুমি কিমান সময় মতলীয়া হৈ থাকিবা? তোমাৰ পৰা দ্ৰাক্ষাৰস দূৰ কৰা।”
15 ハンナこたへていひけるは主よ然るにあらず我は氣のわづらふ婦人にして葡萄酒をも濃き酒をものまず惟わが心をヱホバのまへに明せるなり
১৫হান্নাই উত্তৰ দি তেওঁক ক’লে, “নহয় মোৰ প্ৰভু, মই এগৰাকী অভাগিনী নাৰী, মোৰ আত্মা দুখেৰে পৰিপূৰ্ণ, মই দ্ৰাক্ষাৰস বা কোনো ৰাগীয়াল দ্ৰব্য পান কৰা নাই, কিন্তু যিহোৱাৰ আগত মোৰ মনৰ কথা ব্যক্ত কৰিছোঁ।
16 婢を邪なる女となすなかれ我はわが憂と悲みの多きよりして今までかたれり
১৬আপোনাৰ এই দাসীক দুষ্ট তিৰোতা বুলি নাভাবিব; মোক নানা কথাৰে বিৰক্ত কৰাত, বেজাৰ পাই অসন্তুষ্ট মনেৰে মই যিহোৱাৰ সৈতে কথা পাতি আছিলোঁ।”
17 エリ答へていひけるは安んじて去れ願くはイスラエルの神汝の求むる願ひを許したまはんことを
১৭এলীয়ে উত্তৰ দি তেওঁক ক’লে, “তুমি শান্তিৰে যোৱা; ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আগত তুমি যি নিবেদন কৰিলা, সেয়া তেওঁ গ্ৰহণ কৰক।”
18 ハンナいひけるはねがはくは仕女の汝のまへに恩をえんことをと斯てこの婦さりて食ひ其顔ふたたび哀しげならざりき
১৮তেতিয়া তেওঁ ক’লে, “আপোনাৰ দৃষ্টিত আপোনাৰ দাসী অনুগ্ৰহপ্ৰাপ্ত হওক।” তাৰ পাছত হান্না সেই ঠাইৰ পৰা ওলাই গৈ আহাৰ গ্ৰহণ কৰিলে; আৰু তেওঁৰ মুখ কেতিয়াও বিবৰ্ণ নহ’ল।
19 是に於て彼等朝はやくおきてヱホバの前に拝をしかへりてラマの家にいたる而してエルカナ其つまハンナとまじはるヱホバ之をかへりみたまふ
১৯পাছত তেওঁলোক পুৱাতে উঠি যিহোৱাৰ আগত প্ৰণিপাত কৰি নিজ ঘৰ ৰামালৈ উভটি গ’ল৷ পাছত ইলকানাই নিজ ভাৰ্যা হান্নাৰ সৈতে শয়ন কৰাত যিহোৱাই তেওঁৰ নিবেদনৰ উত্তৰ দিলে।
20 ハンナ孕みてのち月みちて男子をうみ我これをヱホバに求めし故なりとて其名をサムエル(ヱホバに聽る)となづく
২০পাছত হান্নাই গৰ্ভধাৰণ কৰিলে, আৰু নিৰ্দিষ্ট সময়ত এটি পুত্ৰ প্ৰসৱ কৰিলে। তেওঁ তাক চমূৱেল বুলি মাতিলে, আৰু ক’লে, “কাৰণ মই যিহোৱাৰ পৰা ইয়াক খুজিছিলোঁ৷”
21 爰に其人エルカナ及び其家族みな上りて年々の祭物及び其誓ひし物をささぐ
২১আকৌ ইলকানা আৰু তেওঁৰ আটাই পৰিয়ালে যিহোৱাৰ উদ্দেশ্যে বাৰ্ষিক বলিদান কৰিবৰ বাবে আৰু নিজৰ সংকল্প সিদ্ধ কৰিবলৈ গ’ল।
22 然どもハンナは上らず其夫にいひけるは我はこの子の乳ばなれするに及びてのち之をたづさへゆきヱホバのまへにあらはれしめ恒にかしこに居らしめん
২২কিন্তু হান্না তেওঁলোকৰ লগত নগ’ল; তেওঁ তেওঁৰ স্বামীক ক’লে, “সন্তানটিয়ে যাতে যিহোৱাৰ গৃহত সদায় থাকিব পাৰে, তাৰ বাবে মই সন্তানটিয়ে পিয়াহ এৰাৰ পাছতহে তাক লৈ মই যিহোৱাৰ গৃহলৈ যাম।”
23 其夫エルカナ之にいひけるは汝の善と思ふところを爲し此子を乳ばなすまでとどまるべし只ヱホバの其言を確實ならしめ賜んことをねがふと斯くこの婦止まりて其子に乳をのませ其ちばなれするをまちしが
২৩তেতিয়া তেওঁৰ স্বামী ইলকানাই তেওঁক ক’লে, “তুমি যি ভাল দেখা, তাকে কৰা। পিয়াহ নেৰালৈকে তুমি অপেক্ষা কৰা। যিহোৱাই নিজ বাক্য সিদ্ধ কৰক।” সেয়ে সন্তানটিয়ে পিয়াহ নেৰালৈকে হান্না ঘৰতে থাকিল৷
24 乳ばなせしとき牛三頭粉一斗酒一嚢を取り其子をたづさへてシロにあるヱホバの家にいたる其子なほ幼稚し
২৪সন্তানটিয়ে পিয়াহ এৰাৰ পাছত, তেওঁ তিনি বছৰীয়া এটা ভতৰা গৰু, এক ঐফা আটাগুৰি, আৰু এক বটল দ্ৰাক্ষাৰস লৈ চীলোত থকা যিহোৱাৰ গৃহলৈ লৈ গ’ল। সেই সময়ত সন্তানটি বয়সত সৰু আছিল।
25 是に於て牛をころしその子をエリの許に携へゆきぬ
২৫তাতে তেওঁলোকে ভতৰা গৰুটো বধ কৰিলে আৰু সন্তানটোক এলীৰ ওচৰলৈ লৈ গ’ল।
26 ハンナいひけるは主よ汝のたましひは活くわれはかつてここにてなんぢの傍にたちヱホバにいのりし婦なり
২৬হান্নাই এলীক ক’লে, “হে মোৰ প্ৰভু, আপোনাৰ উদ্দেশ্যে এই ঠাইত থিয় হৈ প্ৰাৰ্থনা কৰা মহিলা গৰাকী ময়েই।
27 われ此子のためにいのりしにヱホバわが求めしものをあたへたまへり
২৭এই সন্তানটিৰ উদ্দেশ্যে মই প্ৰাৰ্থনা কৰিছিলোঁ; আৰু যিহোৱাৰ আগত মই যি খুজিছিলোঁ, সেয়া তেওঁ মোক দিলে।
28 此故にわれまたこれをヱホバにささげん其一生のあひだ之をヱホバにささぐ斯てかしこにてヱホバををがめり
২৮সেয়ে মই যিহোৱালৈ সন্তানটিক উৎসৰ্গ কৰিলোঁ। জীৱনৰ শেষলৈকে তাক যিহোৱাৰ উদ্দেশ্যে দিয়া হ’ল।” ইলকানা আৰু তেওঁৰ পৰিয়ালে সেই ঠাইত যিহোৱাৰ প্ৰশংসা কৰিলে।

< サムエル記Ⅰ 1 >