< サムエル記Ⅰ 3 >

1 童子サムエル、エリのまへにありてヱホバにつかふ當時はヱホバの言まれにして默示あること恒ならざりき
চমূৱেলে এলীৰ তত্ত্বাৱধানত যিহোৱাৰ পৰিচৰ্যা কৰি আছিল। সেই সময়ত যিহোৱাৰ বাক্য দুৰ্ল্লভ আছিল; আৰু সঘনাই যিহোৱাৰ দৰ্শন পোৱা সম্ভৱ নাছিল।
2 偖エリ目漸くくもりて見ることをえず此時其室に寝たり
সেই সময়ত এলীৰ চকু দুৰ্ব্বল হোৱাত, তেওঁ ভালদৰে মনিব নোৱাৰিছিল; সেয়ে তেওঁ নিজৰ বিচনাত শুই থাকিছিল।
3 神の燈なほきえずサムエル神の櫃あるヱホバの宮に寝ね
ঈশ্বৰৰ নিয়ম-চন্দুক থকা যিহোৱাৰ মন্দিৰত ঈশ্বৰীয় প্ৰদীপ নুমুউৱাৰ পূৰ্বতে চমূৱেলে শুব লৈছিল৷
4 時にヱホバ、サムエルをよびたまふ彼我此にありといひて
সেই সময়তে যিহোৱাই চমূৱেলক মাতিলে; তাতে তেওঁ উত্তৰ দি ক’লে, “মই ইয়াতে আছোঁ।”
5 エリの許に趨ゆきいひけるは汝われをよぶ我ここにありエリいひけるは我よばず反りて臥よと乃ちゆきていぬ
মাত শুনাৰ লগে লগে, তেওঁ এলীৰ ওচৰলৈ দৌৰি গৈ ক’লে, “আপুনি মোক মাতিছিল, সেয়ে মই ইয়াতে আছোঁ।” তেতিয়া তেওঁ ক’লে, “মই মতা নাই; তুমি শুই থাকা গৈ;” তেতিয়া তেওঁ গৈ শুই থাকিল।
6 ヱホバまたかさねてサムエルよとよびたまへばサムエルおきてエリのもとにいたりいひけるは汝われをよぶ我ここにありエリこたへけるは我よばずわが子よ反りていねよ
পাছত যিহোৱাই পুনৰায় মাতিলে, “হে চমূৱেল;” তেতিয়া চমূৱেলে উঠি এলীৰ ওচৰলৈ গৈ ক’লে, “মই উপস্থিত আছোঁ; আপুনি মোক কিয় মাতিছিল? তেওঁ ক’লে, “বোপা, মই মাতা নাই; তুমি শুই থাকা গৈ।”
7 サムエルいまだヱホバをしらずまたヱホバのことばいまだかれにあらはれず
সেই সময়লৈকে যিহোৱাৰ মাত শুনাৰ অভিজ্ঞতা চমূৱেলৰ নাছিল, আৰু তেওঁৰ ওচৰত যিহোৱাৰ বাক্যও প্ৰকাশিত হোৱা নাছিল।
8 ヱホバ、三たびめに又サムエルをよびたまへばサムエルおきてエリの許にたりいひけるは汝われをよぶ我ここにありとエリ乃ちヱホバの童子をよびたまひしをさとる
পাছত যিহোৱাই তৃতীয়বাৰ চমূৱেলক মাতিলে। তেতিয়া তেওঁ উঠি এলীৰ ওচৰলৈ গৈ ক’লে, “মই উপস্থিত আছোঁ; কাৰণ আপুনি মোক মাতিছে।”
9 故にエリ、サムエルにいひけるはゆきて寝よ彼若し汝をよばば僕聽くヱホバ語りたまへといへとサムエルゆきて其室にいねしに
তেতিয়া যিহোৱাই যে তেওঁক মাতিছে, এই কথা এলীয়ে বুজি পালে আৰু চমূৱেলক ক’লে, “তুমি গৈ শুই থাকা; যদি তেওঁ তোমাক মাতে, তেন্তে ক’বা, ‘হে যিহোৱা, কওক, কিয়নো আপোনাৰ দাসে শুনিছে’।” তাৰ পাছত চমূৱেল গৈ নিজ ঠাইত শুই থাকিল।
10 ヱホバ來りて立ちまへの如くサムエル、サムエルとよびたまへばサムエル僕きく語りたまへといふ
১০পুনৰ যিহোৱাই আগৰ দৰে আহি থিয় হৈ তেওঁক মাতিলে, “চমূৱেল, চমূৱেল।” তেতিয়া চমূৱেলে উত্তৰ দি ক’লে, “কওক, আপোনাৰ দাসে শুনি আছে।”
11 ヱホバ、サムエルにいひ賜けるは視よ我イスラエルのうちに一の事をなさんこれをきくものは皆其耳ふたつながら鳴ん
১১তেতিয়া যিহোৱাই চমূৱেলক ক’লে, “চোৱা, মই ইস্ৰায়েলৰ মাজত এনে এক কৰ্ম কৰিম; সেই বিষয়ে যি জনে শুনিব, সেই সকলোৰে নোম শিয়ৰি উঠিব।
12 其日にはわれ嘗てエリの家について言しことを始より終までことごとくエリになすべし
১২মই এলী আৰু তেওঁৰ বংশৰ বিষয়ে যি যি কৈছিলোঁ, সেই সকলোকে প্ৰথমৰ পৰা শেষলৈকে সিদ্ধ কৰিম।
13 われかつてエリに其惡事のために永くその家をさばかんとしめせりそは其子の詛ふべきことをなすをしりて之をとどめざればなり
১৩কাৰণ মই তেওঁক ক’লোঁ, ‘তেওঁ যিবোৰ অপৰাধৰ কথা জানিছিল, তাৰ বাবে মই সদাকাললৈকে তেওঁৰ বংশক দণ্ড দিম, কাৰণ তেওঁৰ সন্তানসকলে নিজকে অভিশপ্ত কৰা সত্বেও তেওঁলোকক বাধা দিয়া নাই’।
14 是故に我エリのいへに誓ひてエリの家の惡は犠牲あるひは禮物をもて永くあがなふ能はずといへり
১৪সেই কাৰণে, এলীৰ বংশলৈ মই শপত খালোঁ যে, এলীৰ বংশই যি অপৰাধ কৰিলে, তাক বলিদান কি নৈবেদ্যৰ দ্বাৰাই কেতিয়াও মোচন কৰা নহ’ব।”
15 サムエル朝までいねてヱホバの家の戸を開きしが其異象をエリにしめすことをおそる
১৫তাৰ পাছত চমূৱেলে ৰাতিপুৱালৈকে শুই থাকিল, আৰু পুৱা উঠি যিহোৱাৰ গৃহৰ দুৱাৰবোৰ মেলি দিলে, কিন্তু এলীৰ আগত সেই দৰ্শনৰ কথা জনাবলৈ ভয় কৰিলে।
16 エリ、サムエルをよびていひけるはわが子サムエルよ答へけるはわれここにあり
১৬এলীয়ে চমূৱেলক মাতি ক’লে, “মোৰ বোপা চমূৱেল।” তেতিয়া চমূৱেলে ক’লে, “মই ইয়াতে আছোঁ।”
17 エリいひけるは何事を汝につげたまひしや請ふ我にかくすなかれ汝もし其汝に告げたまひしところを一にてもかくすときは神汝にかくなし又かさねてかくなしたまヘ
১৭তেতিয়া এলীয়ে সুধিলে, “যিহোৱাই তোমাক কি ক’লে? মই বিনয় কৰোঁ, তুমি মোৰ পৰা একো নুলুকুৱাবা; ঈশ্বৰে তোমাক যি কথা ক’লে, তাৰ কোনো কথা যদি মোৰ পৰা গোপনে ৰাখা, তেন্তে তেওঁ তোমাক অধিক দণ্ড দিব।”
18 サムエル其事をことごとくしめして彼に隱すことなかりきエリいひけるは是はヱホバなり其よしと見たまふことをなしたまへと
১৮তেতিয়া চমূৱেলে তেওঁৰ আগত সকলো কথা ক’লে, তেওঁৰ পৰা কোনো এটা কথাও গোপনে নাৰাখিলে। সেয়ে এলীয়ে ক’লে, “তেওঁ যিহোৱা; তেওঁৰ দৃষ্টিত যি ভাল, তাকেই কৰক।”
19 サムエルそだちぬヱホバこれとともにいましてそのことばをして一も地におちざらしめたまふ
১৯চমূৱেল ডাঙৰ হৈ অহাৰ পাছত, যিহোৱা তেওঁৰ সঙ্গী হ’ল, আৰু যিহোৱাৰ ভৱিষ্যত বাণী এটাও বিফলে যাব নিদিলে।
20 ダンよりベエルシバにいたるまでイスラエルの人みなサムエルがヱホバの預言者とさだまれるをしれり
২০তাতে চমূৱেল যে যিহোৱাৰ ভাববাদী হ’বৰ অৰ্থে বিশ্বাসৰ পাত্ৰ হৈছে, সেই বিষয়ে দানৰ পৰা বেৰ-চেবালৈকে গোটেই ইস্ৰায়েলে জানিলে।
21 ヱホバふたたびシロにてあらはれたまふヱホバ、シロにおいてヱホバの言によりてサムエルにおのれをしめしたまふなりサムエルの言あまねくイスラエル人におよぶ
২১যিহোৱাই পুনৰ তেওঁক চীলোত দৰ্শন দিলে; কিয়নো যিহোৱাই চীলোত চমূৱেলৰ আগত বাক্যৰ দ্বাৰাই নিজকে প্ৰকাশ কৰিছিল। আৰু গোটেই ইস্ৰায়েলৰ ওচৰলৈ চমূৱেলৰ বাক্য আহিছিল।

< サムエル記Ⅰ 3 >