< サムエル記Ⅰ 27 >

1 ダビデ心の中にいひけるは是のごとくば我早晩サウルの手にほろびん速にペリシテ人の地にのがるるにまさることあらず然らばサウルかさねて我をイスラエルの四方の境にたづぬることをやめて我かれの手をのがれんと
পাছত দায়ূদে মনতে ভাবিলে, ‘মই এতিয়া কোনো এদিন চৌলৰ হাতত বিনষ্ট হ’ম। পলেষ্টীয়াসকলৰ দেশলৈ পলাই যোৱাৰ বাহিৰে, মোৰ আন কোনো উপায় নাই; তালৈ গ’লে চৌলে ইস্ৰায়েলৰ সকলো অঞ্চলত মোক বিচাৰিবলৈ ক্ষান্ত হ’ব, আৰু মই তেওঁৰ হাতৰ পৰা ৰক্ষা পাম’।
2 ダビデたちておのれとともな六百人のものとともにわたりてガテの王マオクの子アキシにいたる
এই কাৰণে দায়ুদ উঠিল আৰু নিজৰ ছশ লোকক লগত লৈ মায়োকৰ পুত্ৰ গাতৰ ৰজা আখীচৰ ওচৰলৈ গ’ল।
3 ダビデと其從者ガテにてアキシとともに住ておのおの其家族とともにをるダビデはその二人の妻すなはちヱズレル人アヒノアムとカルメル人ナバルの妻なりしアビガルとともにあり
দায়ূদে গাতত আখীচৰ সৈতে বাস কৰিবলৈ ল’লে, তেওঁ আৰু তেওঁৰ লোকসকলে নিজ নিজ পৰিয়ালে সৈতে তাতে বাস কৰিলে। বিশেষকৈ দায়ুদ আৰু তেওঁৰ ভার্যা যিজ্ৰিয়েলীয়া অহীনোৱম আৰু মৃত নাবলৰ তিৰোতা কৰ্মিলীয়া অবীগল তেওঁৰ সৈতে তাতে প্ৰবাস কৰিলে।
4 ダビデのガテににげしことサウルにきこえければサウルかさねてかれをたづねざりき
পাছত চৌলে দায়ুদ পলাই যোৱাৰ খবৰ শুনিলে আৰু তেওঁক বিচাৰি নুফুৰিলে।
5 ここにダビデ、アキシにいひけるは我もし爾のまへに恩を得たるならばねがはくは郷里にある邑のうちにて一のところを我にあたへて其處にすむことを得さしめよ僕なんぞ爾とともに王城にすむべけんやと
তাৰ পাছত দায়ূদে আখীচক ক’লে, “মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেনেহলে দেশৰ নগৰবোৰৰ মাজৰ কোনো এখন নগৰত মোক থকিবলৈ ঠাই দিয়ক; কিয়নো আপোনাৰ এই দাসে আপোনাৰ লগত ৰাজধানীত কিয় বসতি কৰিব?”
6 アキシ其日チクラグをかれにあたへたり是故にヂクラグは今日にいたるまでユダの王に屬す
তাতে আখীচে সেইদিনা চিক্লগ নগৰ তেওঁক দিলে; সেয়ে আজিলৈকে চিক্লগ যিহূদাৰ ৰজাসকলৰ অধিকাৰত আছে।
7 タビデのペリシテ人の國にをりし日數は一年と四箇月なりき
দায়ূদে পলেষ্টীয়াসকলৰ দেশত সম্পূৰ্ণ এবছৰ চাৰি মাহ বাস কৰিলে।
8 ダビデ其從者と共にのぼりゲシユル人ゲゼリ人アマレク人を襲ふたり昔より是等はシユルにいたる地にすみてエジプトの地にまでおよべり
সেই সময়ত দায়ুদ আৰু তেওঁৰ লোকসকলে গৈ, গচুৰীয়া, গিৰ্জীয়া, আৰু অমালেকীয়া লোকসকলক আক্ৰমণ কৰিবলৈ গৈছিল; কিয়নো এই লোকসকলে অতীতত চূৰৰ পৰা মিচৰ দেশলৈকে বাস কৰি আছিল।
9 ダビデ其地をうちて男をも女をも生し存さず羊と牛と駱駝と衣服をとりて還りてアキシに至る
দায়ূদে সেই দেশত থকা লোকসকলক আক্ৰমণ কৰিলে আৰু তেওঁলোকৰ পুৰুষ-মহিলা কাকো জীয়াই নাৰাখিলে। তাৰ পৰা সকলো মেৰ-ছাগ, গৰু, গাধ, উট, আৰু কাপোৰ আদি লৈ আখীচৰ ওচৰলৈ উভতি আহিল।
10 アキシいひけるは爾ら今日何地を襲ひしやダビデいひけるはユダの南とヱラメルの南とケニ人の南ををかせりと
১০তাতে আখীচে ক’লে, “আজি তোমালোকে কাৰ বিৰুদ্ধে আক্রমণ কৰিছিলা?” তেতিয়া দায়ূদে উত্তৰ দি ক’লে, “যিহূদাৰ দক্ষিণ অঞ্চলৰ বিৰুদ্ধে,” বা “কেনীয়া সকলৰ দক্ষিণ অঞ্চলৰ বিৰুদ্ধে,” বা “যিৰহমেলীয়া সকলৰ দক্ষিণ অঞ্চলৰ বিৰুদ্ধে।”
11 ダビデ男も女も生存らしめずして一人をもガテにひきゆかざりき其はダビデ恐くは彼らダビデかくなせりといひて我儕の事を告んといひたればなりダビデ、ペリシテ人の地にすめるあひだは其なすところ常にかくのごとくなりき
১১কিন্তু ‘দায়ূদে আমাৰ বিৰুদ্ধে এনে কৰ্ম কৰিলে’ এইদৰে সিহঁতে ক’ব পাৰে বুলি ভাবি, দায়ূদে কোনো পুৰুষ বা মহিলাক গাতলৈ আনিবৰ বাবে জীয়াই নাৰাখিলে। তেওঁ পলেষ্টীয়াসকলৰ দেশত বাস কৰা গোটেই কালত এইদৰে ব্যৱহাৰ কৰিছিল।
12 アキシ、ダビデを信じていひけるは彼は其民イスラエルをして全くおのれを惡ましむされば永くわが僕となるべし
১২আখীচে দায়ূদক বিশ্বাস কৰিছিল আৰু কৈছিল, “তেওঁ নিজ জাতি ইস্ৰায়েলৰ আগত নিজকে অতি ঘিণলগীয়া কৰিছে, গতিকে তেওঁ সদায় মোৰ দাস হৈ থাকিব।”

< サムエル記Ⅰ 27 >