< サムエル記Ⅰ 23 >

1 人々ダビデにつげていひけるは視よペリシテ人ケイラを攻め穀場を掠むと
তেওঁলোকে দায়ূদক ক’লে, “পলেষ্টীয়াসকলে কয়ীলাৰ বিৰুদ্ধে যুদ্ধ কৰি মৰণা মৰা শস্য লুট কৰিছে।”
2 ダビデ、ヱホバに問ていひけるは我ゆきて是のペリシテ人を撃つべきかとヱホバ、ダビデにいひたまひけるは往てペリシテ人をうちてケイラを救ヘ
সেয়ে দায়ূদে যিহোৱাৰ আগত সহায়ৰ বাবে প্ৰাৰ্থনা কৰিলে আৰু সুধিলে, “মই পলেষ্টীয়াসকলক আঘাত কৰিবলৈ যাম নে?” তাতে যিহোৱাই ক’লে, “যোৱা পলেষ্টীয়াসকলক আক্ৰমণ কৰি কয়ীলাক উদ্ধাৰ কৰা।”
3 ダビデの從者かれにいひけるは視よわれら此にユダにあるすら尚ほおそる况やケイラにゆきてペリシテ人の軍にあたるをやと
কিন্তু দায়ূদৰ লোকসকলে তেওঁক ক’লে, “চোৱা, আমি যিহূদাত ভয়েৰে আছোঁ। যদি পলেষ্টীয়া সৈন্যসকলৰ বিৰুদ্ধে কয়ীলালৈ যাওঁ, তেনেহলে ইয়াতকৈ কিমান অধিক ভয়ৰ কথা হ’ব?”
4 ダビデふたたびヱホバに問ひけるにヱホバ答ていひたまひけるは起てケイラにくだれ我ペリシテ人を汝の手にわたすべし
তেতিয়া দায়ূদে পুনৰ সহায়ৰ বাবে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে। যিহোৱাই তেওঁক উত্তৰ দিলে, “তুমি উঠি কয়ীলালৈ নামি যোৱা। কাৰণ মই পলেষ্টীয়াসকলৰ ওপৰত তোমাক জয়যুক্ত কৰিম।”
5 ダビデとその從者ケイラにゆきてペリシテ人とたたかひ彼らの家畜を奪ひとり大にかれらをうちころせりかくダビデ、ケイラの居民をすくふ
তাতে দায়ুদ আৰু তেওঁৰ লোকসকলে কয়ীলালৈ গৈ পলেষ্টীয়াসকলৰ লগত যুদ্ধ কৰিলে। তেওঁলোকৰ পশুবোৰ লৈ গ’ল, আৰু আক্ৰমণ কৰি তেওঁলোকৰ মাজত সংহাৰ কৰিলে। এইদৰে দায়ূদে কয়ীলা নিবাসীসকলক উদ্ধাৰ কৰিলে।
6 アヒメレクの子アビヤタル、ケイラにのがれてダビデにいたれる時其手にエポデを執てくだれり
অহীমেলকৰ পুত্ৰ অবিয়াথৰ যেতিয়া কয়ীলালৈ পলাই দায়ূদৰ ওচৰলৈ আহিছিল, তেতিয়া তেওঁ হাতত এখন এফোদ লৈ আহিছিল।
7 爰にダビデのケイラに至れる事サウルに聞えければサウルいふ神かれを我手にわたしたまへり其はかれ門あり關ある邑にいりたれば閉こめらるればなり
চৌলে দায়ুদ কয়ীলালৈ যোৱাৰ বাতৰি পাই ক’লে, “যিহোৱাই মোৰ হাতত তেওঁক সমৰ্পণ কৰিছে। তেওঁ আৱদ্ধ হৈ গ’ল কাৰণ নগৰত দুৱাৰবোৰ বন্ধ কৰা হ’ল।”
8 サウルすなはち民をことごとく軍によびあつめてケイラにくだりてダビデと其從者を圍んとす
দায়ুদ আৰু তেওঁৰ লোকসকলক অৱৰোধ কৰিবলৈ চৌলে যুদ্ধৰ বাবে কয়ীলালৈ নামি যাবলৈ সকলো সৈন্য সামন্তক মাতিলে।
9 ダビデはサウルのおのれを害せんと謀るを知りて祭司アビヤタルにいひけるはエポデを持ちきたれと
দায়ূদে জানিছিল যে, চৌলে তেওঁৰ অনিষ্ট কৰিবলৈ তেওঁৰ বিৰুদ্ধে অভিসন্ধি কৰিছে, দায়ূদে অবিয়াথৰ পুৰোহিতক ক’লে, “ইয়ালৈ এফোদ আনা।”
10 しかしてダビデいひけるはイスラエルの神ヱホバよ僕たしかにサウルがケイラにきたりてわがために此邑をほろぼさんと求むるを聞り
১০তাৰ পাছত দায়ূদে ক’লে, “হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, চৌলে কয়ীলালৈ আহি মোৰ কাৰণে এই নগৰখন ধংস কৰিবলৈ চেষ্টা কৰিছে, মই এইকথা শুনিলোঁ।”
11 ケイラの人々我をかれの手にわたすならんか僕のきけるごとくサウル下るならんかイスラエルの神ヱホバよ請ふ僕につげたまへとヱホバいひたまひけるは彼下るべしと
১১কয়ীলাৰ লোকসকলে তেওঁৰ হাতত মোক সমৰ্পণ কৰিব নে? তোমাৰ দাসে শুনাৰ দৰে চৌল সঁচাকৈ নামি আহিব নে? হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, বিনয় কৰোঁ, আপোনাৰ দাসক কওক।” যিহোৱাই ক’লে, “তেওঁ নামি আহিব।”
12 ダビデいひけるはケイラの人々われとわが從者をサウルの手にわたすならんかヱホバいひたまひけるは彼らわたすべし
১২তাতে দায়ূদে সুধিলে, “কয়ীলাৰ লোকসকলে মোক আৰু মোৰ লোকসকলক চৌলৰ হাতত শোধাই দিব নে?” যিহোৱাই ক’লে, “তেওঁলোকে তোমাক শোধাই দিব।”
13 是においてダビデと其六百人ばかりの從者起てケイラをいで其ゆきうる所にゆけりダビデのケイラをにげはなれしことサウルに聞えければサウルいづることを止たり
১৩তাৰ পাছত দায়ুদ আৰু তেওঁৰ লগৰ প্ৰায় ছশ লোক উঠি কয়ীলাৰ পৰা বাহিৰ ওলাই, এঠাইৰ পৰা আন ঠাইলৈ গ’ল। চৌলক কোৱা হ’ল, যে দায়ুদ কয়ীলাৰ পৰা সাৰি গ’ল, সেয়ে চৌলে তেওঁক অনুসৰণ কৰিবলৈ বাদ দিলে।
14 ダビデは曠野にをり要害の地にをりまたジフの野にある山に居るサウル恒にかれを尋ねたれども神かれを其手にわたしたまはざりき
১৪দায়ূদে মৰুপ্ৰান্তৰ দুৰ্গম ঠাই, পৰ্ব্বতীয়া অঞ্চলৰ জীফ মৰুপ্ৰান্তত বাস কৰিলে; তাতে চৌলে সদায় তেওঁক বিচাৰিলে, কাৰণ চৌল সদায় তেওঁৰ অপেক্ষাত আছিল, কিন্তু ঈশ্বৰে তেওঁৰ হাতত তেওঁক সমৰ্পণ নকৰিলে।
15 ダビデ、サウルがおのれの生命を求めんために出たるを見る時にダビデはジフの野の叢林にをりしが
১৫দায়ুদ জীফ মৰুপ্ৰান্তৰ অৰণ্যত থকা সময়ত, তেওঁ দেখিলে যে, চৌলে তেওঁৰ প্ৰাণনাশৰ চেষ্ঠাৰে ওলাই আহিছে।
16 サウルの子ヨナタンたちて叢林にいりてダビデにいたり神によりて其力を強うせしめたり
১৬চৌলৰ পুত্ৰ যোনাথনে অৰণ্যত দায়ূদৰ ওচৰলৈ গৈ ঈশ্বৰত তেওঁৰ হাত সবল কৰিলে।
17 即ちヨナタンかれにいひけるに懼るるなかれわが父サウルの手汝にとどくことあらじ汝はイスラエルの王とならん我は汝の次なるべし此事はわが父サウルもしれりと
১৭তেওঁ দায়ূদক ক’লে, “ভয় নকৰিব। কাৰণ মোৰ পিতৃ চৌলৰ হাতে আপোনাক ধৰিবলৈ নাপাব; আপুনি ইস্ৰায়েলৰ ৰজা হ’ব, আৰু মই আপোনাৰ পিছতহে হ’ম। মোৰ পিতৃ চৌলেও ইয়াক জানে।”
18 かくて彼ら二人ヱホバのまへに契約をむすびダビデは叢林にとどまりヨナタンは其家にかへれり
১৮তাৰ পাছত তেওঁলোকে দুয়ো জনে যিহোৱাৰ সন্মুখত এটি নিয়ম বান্ধিলে; দায়ুদ অৰণ্যতে থাকিলে আৰু যোনাথন ঘৰলৈ গ’ল।
19 時にジフ人ギベアにのぼりサウルの許にいたりていひけるはダビデは曠野の南にあるハキラの山の叢林の中なる要害に隱れて我らとともにをるにあらずや
১৯তাৰ পাছত জীফীয়া লোকসকলে গিবিয়াৰ চৌলৰ ওচৰলৈ আহি ক’লে, “দায়ুদ আমাৰ ওচৰত যিচীনোনৰ দক্ষিণফালে থকা হখীলা পৰ্ব্বতৰ অৰণ্যৰ দুৰ্গম ঠাইত জানো লুকাই থকা নাই?
20 今王汝のくだらんとする望のごとく下りたまへ我らはかれを王の手にわたさんと
২০সেয়ে, হে মহাৰাজ, নামি আহক; আপোনাৰ সকলো মনৰ বাঞ্ছা অনুসাৰে নামি আহক। মহাৰাজৰ হাতত তাক সমৰ্পণ কৰি দিয়াৰ দায়িত্ব আমাৰ।”
21 サウルいひけるは汝ら我をあはれめば願くは汝等ヱホバより福祉をえよ
২১চৌলে ক’লে, “তোমালোক যিহোৱাৰ আশীৰ্ব্বাদ প্ৰাপ্ত হোৱা। কাৰণ তোমালোকে মোলৈ অনুগ্ৰহ কৰিলা।
22 請ふゆきて尚ほ心を用ひ彼の踪跡ある處と誰がかれを見たるかを見きはめよ其は人我にかれが甚だ機巧く事を爲すを告たれば也
২২যোৱা, আৰু সঠিককৈ বিচাৰ কৰা; আৰু সেই ঠাইত তাক কোনে দেখিলে, তাক চাই তাৰ বুজ-বিচাৰ লোৱা, কিয়নো মানুহে মোক কয়, সি বৰ চতুৰালীৰে ফুৰে।
23 されば汝ら彼が隱るる逃躱處を皆たしかに見きはめて再び我にきたれ我汝らとともにゆかん彼もし其地にあらば我ユダの郡中をあまねく尋ねて彼を獲んと
২৩সেয়ে চোৱা, আটাই গোপন ঠাইৰ মাজৰ কোন ঠাইত সি নিজকে লুকুৱাইছে, তাৰ বুজ লৈ মোৰ আগলৈ সঠিক বাতৰি লৈ আহিবা, আৰু তাৰ পাছত মই তোমালোকৰ লগত যাম, সি যদি দেশত থাকে, তেনেহলে মই যিহূদাৰ সকলো সহস্ৰৰ মাজত তাক বিচাৰি উলিয়াম।”
24 かれらたちてサウルに先てジフにゆけりダビデと其從者は曠野の南のアラバにあるマオンの野にをる
২৪তাতে তেওঁলোক উঠি চৌলৰ আগতে জীফলৈ গ’ল। তেতিয়া দায়ুদ আৰু তেওঁৰ লোকসকলে যে যিচীমোনৰ দক্ষিণ ফালে অৰাবাত থকা মায়োন অৰণ্যত আছিল।
25 斯てサウルと其從者ゆきて彼を尋ぬ人々これをダビデに告ければダビデ巌を下てマオンの野にをるサウル之を聞てマオンの野に至てダビデを追ふ
২৫চৌল আৰু তেওঁৰ লোকসকলে তেওঁক বিচাৰিবলৈ গৈছে সেই কথা দায়ূদক কোৱা হ’ল, তাতে তেওঁ শিলাময় পৰ্বতেদি নামি আহি মায়োন অৰণ্যত থাকিবলৈ ল’লে। যেতিয়া চৌলে এই কথা শুনিলে, তেতিয়া মায়োন অৰণ্যলৈ দায়ূদৰ পাছে পাছে খেদি গ’ল।
26 サウルは山の此旁に行ダビデと其從者は山の彼旁に行ダビデは周章てサウルの前を避んとしサウルと其從者はダビデと其從者を圍んで之を取んとす
২৬চৌল পৰ্বতৰ একাষে গ’ল, দায়ুদ আৰু তেওঁৰ লোকসকলে পৰ্বতৰ আন কাষে গ’ল। দায়ূদে চৌলৰ ভয়ত তাৰ পৰা আন ঠাইলৈ যাবলৈ লৰালৰি কৰোঁতে, তেওঁক আৰু তেওঁৰ লোকসকলক ধৰিবলৈ চৌলে নিজৰ লোকসকলৰ লগত তেওঁক বেৰি ধৰিব খোঁজোতে,
27 時に使者サウルに來て言けるはペリシテ人國ををかす急ぎきたりたまへと
২৭এজন বাৰ্তাবাহক চৌলৰ ওচৰলৈ আহি ক’লে, “আপুনি বেগাই আহক; কিয়নো পলেষ্টীয়াসকলে দেশ আক্ৰমণ কৰিছে।”
28 故にサウル、ダビデを追ことを止てかへり往てペリシテ人にあたるここをもて人々その處をセラマレコテ(逃岩)となづく
২৮তেতিয়া চৌলে দায়ূদৰ পাছত খেদি যোৱাৰ পৰা ঘূৰি পলেষ্টীয়াসকলৰ বিৰুদ্ধে যাত্ৰা কৰিলে। এই কাৰণে সেই ঠাইৰ নাম চেলা-হম্মহলকোথ হ’ল।
29 ダビデ其處よりのぼりてエンゲデの要害にをる
২৯পাছত দায়ূদে তাৰ পৰা ওলাই গৈ অয়িন-গদীৰ নানা দুৰ্গম ঠাইত বাস কৰিলে।

< サムエル記Ⅰ 23 >