< サムエル記Ⅰ 18 >

1 ダビデ、サウルにかたることを終しときヨナタンの心ダビデの心にむすびつきてヨナタンおのれの命のごとくダビデを愛せり
দায়ূদে যেতিয়া চৌলৰ লগত কথা পাতি শেষ কৰিলে, তেতিয়া যোনাথনৰ প্ৰাণ দায়ূদৰ প্ৰাণৰ লগত সংযুক্ত হ’ল, আৰু যোনাথনে নিজ প্ৰাণৰ দৰে তেওঁক প্ৰেম কৰিবলৈ ধৰিলে।
2 此日サウル、ダビデをかかへて父の家にかへらしめず
চৌলে সেইদিনা তেওঁক নিজৰ কামৰ বাবে ল’লে, আৰু তেওঁক নিজ পিতৃৰ ঘৰলৈ ঘূৰি যাব নিদিলে।
3 ヨナタンおのれの命のごとくダビデを愛せしかばヨナタンとダビデ契約をむすべり
তেতিয়া যোনাথন আৰু দায়ূদে তেওঁলোকৰ মাজত বন্ধুত্বৰ প্ৰতিশ্ৰুতি কৰিলে, কাৰণ যোনাথনে তেওঁক নিজৰ প্ৰাণৰ দৰে প্ৰেম কৰিছিল।
4 ヨナタンおのれの衣たる明衣を脱てダビデにあたふ其戎衣および其刀も弓も帶もまたしかせり
যোনাথনে নিজৰ পিন্ধি থকা ৰাজবস্ত্ৰ সোলোকাই দায়ূদক দিয়াৰ লগতে অস্ত্ৰ-শস্ত্ৰ, যেনে তৰোৱাল, ধনু আৰু টঙালিও দিলে।
5 ダビデは凡てサウルが遣はすところにいでゆきて功をあらはしければサウルかれを兵隊の長となせりしかしてダビデ民の心にかなひ又サウルの僕の心にもかなふ
চৌলে দায়ূদক য’লৈকে যাবলৈ কয়, তালৈকে তেওঁ যায়, আৰু তেওঁ জয়ী হয়। চৌলে যুদ্ধাৰু সকলৰ ওপৰত তেওঁক প্ৰতিষ্ঠিত কৰিলে। এই কথাই সকলো লোকৰ দৃষ্টিত আনকি চৌলৰ দাসবোৰৰ দৃষ্টিতো আনন্দদায়ক হ’ল।
6 衆人かへりきたれる時すなはちダビデ、ペリシテ人をころして還れる時婦女イスラエルの邑々よりいできたり鼗と祝歌と磬をもちて歌ひまひつつサウル王を迎ふ
পলেষ্টীয়াসকলক পৰাজিত কৰি যেতিয়া তেওঁলোক ঘূৰি আহিল, তেতিয়া ইস্ৰায়েলৰ সকলো নগৰৰ মহিলাসকলে চৌলক ল’গ ধৰিবলৈ খঞ্জৰী আদি বাদ্যযন্ত্ৰ লৈ গীত গাই নাচি-বাগি ওলাই আহিল।
7 婦人踊躍つつ相こたへて歌ひけるはサウルは千をうち殺しダビデは萬をうちころすと
মহিলাসকলে এটাৰ পাছত আনটো গান আনন্দ কৰি গাবলৈ ধৰিলে, “চৌলে বধিলে হাজাৰ হাজাৰ লোকক, দায়ূদে বধিলে অযুত অযুত লোকক।”
8 サウル甚だ怒りこの言をよろこばずしていひけるは萬をダビデに歸し千をわれに歸す此上かれにあたふべき者は唯國のみと
তাতে চৌলৰ অতিশয় খং উঠিল, আৰু এই গানে তেওঁক অসন্তুষ্ট কৰি তুলিলে। তেওঁ ক’লে, “তেওঁলোকে দায়ূদে দহ হাজাৰক জয় কৰিলে বুলি বাখ্যা কৰিছে, কিন্তু তেওঁলোকে মোক মাত্ৰ এক হাজাৰক জয় কৰা বুলি বাখ্যা কৰিছে। ৰাজত্বৰ বাহিৰে তেওঁ কি পাবলৈ বাকী থাকিল?”
9 サウルこの日より後ダビデを目がけたり
সেই দিনৰ পৰা চৌলে দায়ূদক সন্দেহৰ চকুৰে চাবলৈ ধৰিলে।
10 次の日神より出たる惡鬼サウルにのぞみてサウル家のなかにて預言したりしかばダビデ故のごとく手をもつて琴をひけり時にサウルの手に投槍ありければ
১০তাৰ পাছদিনা ঈশ্বৰৰ পৰা অহা এটা অনিষ্টকাৰক আত্মা চৌলৰ ওপৰত স্থিতি হ’ল, আৰু তেওঁ বলীয়াৰ দৰে ঘৰৰ ভিতৰত বকিবলৈ ধৰিলে। সেয়ে দায়ূদে আন দিনা বজোৱাৰ দৰে সেইদিনাও বাদ্য বজালে। চৌলৰ হাতত যাঠি আছিল।
11 サウル我ダビデを壁に刺とほさんといひて其投槍をさしあげしがダビデ二度身をかはしてサウルをさけたり
১১চৌলে সেই যাঠি ডাল দলিয়ালে কাৰণ তেওঁ ভাবিছিল, “মই দায়ূদক বেৰত শালিম।” কিন্তু দায়ুদ চৌলৰ পৰা দুবাৰ এইদৰে ৰক্ষা পালে।
12 ヱホバ、サウルをはなれてダビデと共にいますによりてサウル彼をおそれたり
১২চৌলে দায়ূদলৈ ভয় কৰিলে, কাৰণ যিহোৱা তেওঁৰ লগত আছিল, কিন্তু চৌলৰ লগত নাছিল।
13 是故にサウル彼を遠ざけて千夫長となせりダビデすなはち民のまへに出入す
১৩সেয়ে চৌলে নিজৰ ওচৰৰ পৰা তেওঁক দূৰ কৰিলে আৰু তেওঁক সহস্ৰপতি পাতিলে। এইদৰে লোকসকলৰ আগলৈ দায়ুদ ওলাই গ’ল।
14 またダビデすべて其ゆくところにて功をあらはし且ヱホバかれとともにいませり
১৪আৰু দায়ূদে নিজৰ সকলো দিশত উন্নতি কৰিলে কাৰণ যিহোৱা তেওঁৰ লগত আছিল।
15 サウル、ダビデが大に功をあらはすをみてこれを恐れたり
১৫চৌলে যেতিয়া দেখিলে যে দায়ূদৰ উন্নতি হৈছে, তেতিয়া তেওঁ ত্ৰাসযুক্ত হ’ল।
16 しかれどもイスラエルとユダの人はみなダビデを愛せり彼が其前に出入するによりてなり
১৬কিন্তু সকলো ইস্ৰায়েল আৰু যিহূদাই দায়ূদক ভাল পালে, কাৰণ তেওঁ তেওঁলোকৰ আগলৈ ওলাই আহিল।
17 サウル、ダビデにいひけるはわれわが長女メラブを汝に妻さん汝ただわがために勇みヱホバの軍に戰ふべしと其はサウルわが手にてかれを殺さでペリシテ人の手にてころさんとおもひたればなり
১৭চৌলে দায়ূদক ক’লে, “এয়া মোৰ ডাঙৰ ছোৱালী মেৰব। তোমাৰ ভাৰ্যা হবলৈ মই তাইক দিম। তুমি কেৱল মোৰ পক্ষে সাহিয়াল হোৱা আৰু যিহোৱাৰ বাবে যুদ্ধ কৰা।” কাৰণ চৌলে চিন্তা কৰিলে, “মোৰ হাত তেওঁৰ অহিতে নহওক, কিন্তু পলেষ্টীয়াসকলৰ হাত তেওঁৰ বিৰুদ্ধে হওক।”
18 ダビデ、サウルにいひけるは我は誰ぞわが命はなんぞわが父の家はイスラエルにおいて何なる者ぞや我いかでか王の婿となるべけんと
১৮দায়ূদে চৌলক ক’লে, “মই কোন, আৰু মোৰ জীৱন কি বা ইস্ৰায়েলৰ মাজত মোৰ পিতৃ-বংশ বা কি যে, মই মহাৰাজৰ জোঁৱাই হ’ব লাগে?”
19 然るにサウルの女子メラブはダビデに嫁ぐべき時におよびてメホラ人アデリエルに妻されたり
১৯কিন্তু চৌলৰ ছোৱালী মেৰবক বিয়া দিয়াৰ সময়ত তাইক মহোলাতীয়া অদ্ৰীয়েলেৰে সৈতে বিয়া দিয়া হ’ল।
20 サウルの女ミカル、ダビデを愛す人これを王に告ければサウル其事を善しとせり
২০তাৰ পাছত চৌলৰ জীয়েক মীখলে দায়ূদক প্ৰেম কৰিলে। তেতিয়া লোকসকলে সেই কথা চৌলক জনালে আৰু তেওঁ সন্তোষ পালে।
21 サウルいひけるは我ミカルをかれにあたへて彼を謀る手段となしペリシテ人の手にてかれを殺さんといひてサウル、ダビデにいひけるは汝今日ふたたびわが婿となるべし
২১চৌলে চিন্তা কৰিলে, “মই তাইক তেওঁলৈ দিম, যাতে তাই তেওঁৰ ফান্দস্বৰূপ হয়, আৰু পলেষ্টীয়াসকলৰ হাতো যেন তেওঁৰ বিৰুদ্ধে হয়।” সেয়ে চৌলে দ্বিতীয়বাৰৰ কাৰণে দায়ূদক ক’লে, “তুমি মোৰ জোঁৱাই হবা।”
22 かくてサウル其僕に命じけるは汝ら密にダビデにかたりて言へ視よ王汝を悦び王の僕みな汝を愛すされば汝王の婿となるべしと
২২আৰু চৌলে তেওঁৰ দাসবোৰক আজ্ঞা দিলে, “গোপনে দায়ূদৰ লগত কথা পাতি এই কথা কোৱা, ‘চাওক, ৰজা আপোনাত সন্তুষ্ট হৈছে, আৰু তেওঁৰ সকলো দাসে আপোনাক ভালপায়। এই হেতুকে আপুনি ৰজাৰ জোঁৱাই হওক’।”
23 サウルの僕此言をダビデの耳に語りしかばダビデいひけるは王の婿となること汝らの目には易き事とみゆるや且われは貧しく賤しき者なりと
২৩সেয়ে চৌলৰ দাসবোৰে এইসকলো কথা দায়ূদৰ আগত ক’লে, আৰু দায়ূদে ক’লে, “ৰজাৰ জোঁৱাই হোৱা সাধাৰণ কথা বুলি তোমালোকে ভাবিছা নে মই দুখীয়া আৰু সামান্যভাৱে সন্মানীয় মানুহ?”
24 サウルの僕サウルにつげてダビデ是の如くかたれりといへり
২৪পাছত চৌলৰ দাস সকলে দায়ূদে কোৱা কথাখিনি তেওঁক ক’লে।
25 サウルいひけるはなんぢらかくダビデにいへ王は聘禮を望まずただペリシテ人の陽皮一百をえて王の仇をむくいんことを望むと是はサウル、ダビデをペリシテ人の手に殞沒しめんとおもへるなり
২৫তেতিয়া চৌলে ক’লে, “তোমালোকে দায়ূদক এইদৰে কোৱা, ‘ৰজাই একো যৌতুক নিবিচাৰে, কেৱল ৰজাৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিবৰ কাৰণ পলেষ্টীয়াসকলৰ এশ লিঙ্গাগ্ৰ-চৰ্ম্ম বিচাৰিছে’।” এইদৰে চৌলে দায়ূদক ফিলিষ্টীয়াসকলৰ হাতেৰে বধ কৰিবলৈ চিন্তা কৰিলে।
26 サウルの僕此言をダビデにつげしかばダビデは王の婿となることを善とせり斯て其時いまだ滿ざるあひだに
২৬যেতিয়া তেওঁৰ দাসবোৰে দায়ূদক এই কথা ক’লে, তেতিয়া দায়ুদ ৰজাৰ জোঁৱাই হ’বলৈ আনন্দিত হ’ল।
27 ダビデ起て其從者とともにゆきペリシテ人二百人をころして其陽皮をたづさへきたり之を悉く王にささげて王の婿とならんとすサウル乃はち其女ミカルをダビデに妻せたり
২৭সেই সময় উকলি যোৱাৰ পূৰ্বে, দায়ূদে লোকসকলৰ সৈতে গ’ল, আৰু পলেষ্টীয়াসকলৰ দুশ জনক বধ কৰিলে। ৰজাৰ জোঁৱাই হ’বৰ কাৰণে তেওঁ সম্পূৰ্ণ দুশ জনৰ লিঙ্গাগ্ৰ-চৰ্ম্ম আনি ৰজাক দিলে। তাতে চৌলে তেওঁৰ লগত নিজ জীয়েক মীখলক বিয়া দিলে।
28 サウル見てヱホバのダビデとともにいますを知りぬまたサウルの女ミカルはダビデを愛せり
২৮চৌলে দেখিলে আৰু বুজিলে যে, যিহোৱা দায়ূদৰ লগত আছিল আৰু তেওঁৰ ছোৱালী মীখলে তেওঁক প্ৰেম কৰিছিল।
29 サウルさらにますますダビデを恐れサウル一生のあひだダビデの敵となれり
২৯পাছত চৌলে দায়ূদলৈ অধিক বেছি ভয় কৰিবলৈ ধৰিলে। এইদৰে চৌল সদায় দায়ূদৰ শত্ৰু হৈ থাকিল।
30 爰にペリシテ人の諸伯攻きたりしがダビデかれらが攻めきたるごとにサウルの諸の臣僕よりは多の功をたてしかば其名はなはだ尊まる
৩০তাৰ পাছত পলেষ্টীয়াসকলৰ ৰাজকুমাৰসকল যুদ্ধৰ বাবে ওলাই আহিল। কিন্তু যিমানেই তেওঁলোক ওলাই আহিল, সিমানেই দায়ূদে চৌলৰ দাসবোৰতকৈও অধিকক জয় কৰিলে। সেয়ে তেওঁৰ নাম অতিশয় সন্মানীয় বুলি গণ্য হ’বলৈ ধৰিলে।

< サムエル記Ⅰ 18 >