< 歴代誌Ⅰ 23 >

1 ダビデ老てその日滿ければその子ソロモンをイスラエルの王となせり
যেতিয়া দায়ূদে বৃদ্ধ হৈ জীৱনৰ শেষ অৱস্থাত পালে, তেতিয়া তেওঁ তেওঁৰ পুত্ৰ চলোমনক ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে।
2 ダビデ、イスラエルの一切の牧伯および祭司とレビ人をあつめたり
তেওঁ পুৰোহিত আৰু লেবীয়া সকলৰ সৈতে ইস্ৰায়েলৰ সকলো প্রধান লোকসকলক এক গোট কৰিলে।
3 レビ人の三十歳以上なる者を數へたるにその人々の頭數は三萬八千
লেবীয়া সকলৰ ত্ৰিশ বছৰ আৰু তাৰ ওপৰৰ বয়সীয়া লোকসকলক গণনা কৰা হ’ল। তেওঁলোকৰ সংখ্যা আঠত্ৰিশ হাজাৰ আছিল।
4 その中二萬四千はヱホバの室の事幹を掌どり六千は有司および裁判人たり
তেওঁলোকৰ মাজৰ চৌবিশ হাজাৰ লোকক যিহোৱাৰ গৃহৰ কাৰ্য কৰিবলৈ নিযুক্ত কৰা হ’ল আৰু ছয় হাজাৰ লোক কৰ্মচাৰী আৰু বিচাৰকৰ্ত্তা আছিল।
5 四千は門を守る者たりまた四千はダビデが造れる讃美の樂器をとりてヱホバを頌ることをせり
চাৰি হাজাৰ দুৱৰী আছিল; আৰু চাৰি হাজাৰ লোক বাদ্যযন্ত্ৰৰ সৈতে যিহোৱাৰ প্রশংসা কৰিবৰ বাবে আছিল; এই বিষয়ে দায়ূদে কৈছিল, “এইবোৰ মই আৰাধনা বাবে সাজিছোঁ”।
6 ダビデ、レビの子孫を分ちて班列を立たり即ちゲルシヨン、コハテおよびメラリ
দায়ূদে তেওঁলোকক লেবীয়া সকলৰ লগত যোগাযোগ কৰিবলৈ বিভিন্ন দলত বিভক্ত কৰিলে: গেৰ্চোন, কহাৎ, আৰু মৰাৰী।
7 ゲルシヨン人たる者はラダンおよびシメイ
গেৰ্চোনীয়া সকলৰ বংশধৰ সকলৰ গোষ্ঠীৰ পৰা, তাত লদ্দন আৰু চিমিয়ীয়া আছিল।
8 ラダンの子等は長エヒエルにゼタムとヨエル合せて三人
তাত লদ্দনৰ তিনি জন পুত্ৰ আছিল; যিহীয়েল মূখ্য লোক আছিল, তাৰ পাছত যেথম আৰু যোৱেল আছিল।
9 シメイの子等はシロミテ、ハジエル、ハランの三人是等はラダンの宗家の長たり
চিমিয়ীৰ তিনি জন পুত্ৰ আছিল: চলোমৎ, হজীয়েল আৰু হাৰণ; এওঁলোক লদ্দনৰ গোষ্ঠীৰ মূখ্য লোক আছিল।
10 シメイの子等はヤハテ、ジナ、ヱウシ、ベリア この四人はシメイの子なり
১০চিমিয়ীৰ চাৰি জন পুত্ৰ আছিল: যহৎ, জীনা, যিয়ূচ আৰু বৰীয়া।
11 ヤハデは長 ジナはその次 ヱウシ、ベリアは子多からざるが故に之をともに數へて一の宗家となせり
১১তেওঁলোকৰ মাজত যহৎ ডাঙৰ আছিল, আৰু দ্বিতীয় জীজা, কিন্তু যিয়ূচ আৰু বৰীয়াৰ অধিক সন্তান নাছিল সেয়ে তেওঁলোক একে কামৰ বাবে একে গোষ্ঠীৰ বুলি বিবেচনা কৰা হৈছিল।
12 コハテの子等はアムラム、イヅハル、ヘブロン、ウジエルの四人
১২কহাতৰ চাৰি জন পুত্ৰ আছিল: অম্ৰম, যিচহৰ, হিব্ৰোণ, আৰু উজ্জীয়েল।
13 アムラムの子等はアロンとモーセ、アロンはその子等とともに永く區別れてその身を潔めて至聖者となりヱホバの前に香を焚き之に事へ恒にこれが名をもて祝することを爲り
১৩অম্ৰমৰ পুত্ৰ আছিল: হাৰোণ আৰু মোচি। অতি পবিত্ৰ বস্তু যিহোৱাৰ সাক্ষাতে ধূপ জ্বলাই, তেওঁৰ পৰিচৰ্যা কৰিবলৈ, আৰু তেওঁৰ নামেৰে চিৰকাল আশীৰ্ব্বাদ কৰিবৰ বাবে, হাৰোণক আৰু তেওঁৰ বংশধৰ সকলক স্থায়ীভাৱে মনোনীত কৰা হ’ল।
14 神の人モーセの子等はレビの支派の中に數へいれらる
১৪কিন্তু ঈশ্বৰৰ লোক মোচিৰ পুত্র সকলক লেবীয়া বুলি বিবেচনা কৰিছিল।
15 モーセの子等はゲルシヨンおよびエリエゼル
১৫মোচিৰ পুত্ৰ গেৰ্চোম আৰু ইলিয়েজৰ।
16 ゲルシヨンの子等は長はシブエル
১৬গেৰ্চোমৰ বংশধৰ চবূৱেল, ডাঙৰ আছিল।
17 エリエゼルの子等は長はレハビヤ、エリエゼルは此外に男子あらざりき但しレハビヤの子等は甚だ多かりき
১৭ইলিয়েজৰৰ বংশধৰ ৰহবিয়া আছিল। ইলিয়েজৰৰ আৰু পুত্ৰ নাছিল, কিন্তু ৰহবিয়াৰ বহুতো বংশধৰ আছিল।
18 イヅハルの子等は長はシロミテ
১৮যিচহৰৰ পুত্ৰ চলোমীৎ মুখ্য আছিল।
19 ヘブロンの子等は長子はヱリヤ その次はアマリヤ その三はヤハジエル その四はヱカメアム
১৯হিব্ৰোণৰ বংশধৰ যিৰিয়া ডাঙৰ আছিল, দ্বিতীয় অমৰিয়া, তৃতীয় যহজীয়েল, আৰু চতুৰ্থ যিকমিয়াম।
20 ウジエルの子等は長子はミカ 次はヱシヤ
২০উজ্জীয়েলৰ পুত্ৰ মীখা ডাঙৰ আছিল, আৰু দ্বিতীয় যিচিয়া।
21 メラリの子等はマヘリおよびムシ、マヘリの子等はエレアザルおよびキシ
২১মৰাৰীৰ পুত্ৰ মহলী আৰু মুচী আছিল। মহলীৰ পুত্ৰ ইলীয়াজ আৰু কীচ।
22 エレアザルは男子なくして死り惟女子ありし而已その女子等はキシの子たるその兄弟等これを娶れり
২২ইলীয়াজৰৰ পুত্ৰ নোহোৱাকৈয়ে মৃত্যু হয়, তেওঁৰ কেৱল কেইজনী মান জীয়েক আছিল। কীচৰ পুত্ৰসকলে তেওঁলোকক বিয়া কৰাইছিল।
23 ムシの子等はマヘリ、エデル、ヱレモテの三人
২৩মুচীৰ তিনি জন পুত্ৰ, মহলী, এদৰ, আৰু যিৰেমোৎ।
24 レビの子孫をその宗家に循ひて言ば是のごとし是皆かの頭數を數へられその名を録されてヱホバの家の役事をなせる二十歳以上の者の宗家の長なり
২৪এই লেবীয়াৰ বংশধৰ সকলে নিজৰ গোষ্ঠীৰ লগত যোগাযোগ কৰিছিল। তেওঁলোক নেতৃত্বত আছিল যাৰ নাম গণনা কৰা হৈছিল আৰু তালিকাত আছিল। যিহোৱাৰ গৃহৰ পৰিচৰ্যা কৰা গোষ্ঠীৰ লোকসকল বিশ বছৰ আৰু তাৰ ওপৰ বয়সৰ আছিল।
25 ダビデ言けらくイスラエルの神ヱホバその民を安んじて永くヱルサレムに住たまふ
২৫কাৰণ দায়ূদে কৈছিল, “ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই, তেওঁৰ লোকসকলক বিশ্ৰাম দিলে, তেওঁ সদাকালৰ বাবে নিজৰ গৃহ যিৰূচালেমত নিৰ্ম্মাণ কৰিলে।
26 レビ人はまた重ねて幕屋およびその奉事の器具を舁ことあらずと
২৬লেবীয়াসকলে আবাস, আৰু তেওঁৰ পৰিচৰ্যাত ব্যৱহাৰ কৰা সকলো সামগ্ৰী আৰু কঢ়িয়াব লগা নহব।”
27 ダビデの最後の詞にしたがひてレビ人は二十歳以上よりして數へられたり
২৭কাৰণ দায়ূদৰ শেষ বাক্যৰ অনুসাৰে বিশ বছৰ আৰু তাতকৈ ওপৰৰ বয়সৰ লেবীয়া সকলক গণনা কৰা হ’ল।
28 彼らの職はアロンの子孫等の手に屬して神の家の役事を爲し庭と諸の室の用を爲し一切の聖物を潔むるなど凡て神の家の役事を勤むるの事なりき
২৮তেওঁলোকে যিহোৱাৰ গৃহৰ পৰিচৰ্যাৰ বাবে হাৰোণৰ বংশধৰ সকলৰ সহায়কাৰী আছিল। তেওঁলোক চোতাল কেইখন, কোঁঠালিবোৰ, সকলো পবিত্ৰ বস্তু শুচি কৰা আৰু ঈশ্বৰৰ গৃহৰ আন সকলো কামৰ তত্বাৱধান কৰিছিল।
29 また供前のパン素祭の麥粉酵いれぬ菓子鍋にて製る者燒て製る者などを掌どりまた凡て容積と長短を量度ることを掌どり
২৯তেওঁলোকে দৰ্শন-পিঠা, শষ্য উৎসৰ্গৰ বাবে মিহি আটাগুড়ি, খমিৰ নিদিয়া পিঠা, তাৱাত সেক দিয়া পিঠা, তেলত মিহলোৱা, আৰু সকলো জোখ আৰু পৰিমান চোৱাৰ তত্বাৱধানত আছিল।
30 また朝ごとに立てヱホバを頌へ讃ることを掌どれり夕もまた然り
৩০তেওঁলোকে প্ৰতি ৰাতিপুৱা আৰু গধূলি যিহোৱাৰ ধন্যবাদ আৰু প্ৰশংসাৰ বাবেও থিয় হৈছিল।
31 又安息日と朔日と節會においてヱホバに諸の燔祭を献げ其命ぜられたる所に循ひて數のごとくに斷ずこれをヱホバの前にたてまつる事を掌どれり
৩১আৰু যিহোৱাৰ উদ্দেশে প্রতিদিনে বিধানৰ মতে, লেখ অনুসাৰে বিশ্ৰাম-বাৰত, আৰু ন-জোন উৎসৱত আৰু নিৰূপিত পৰ্ব্বতত যিহোৱাৰ উদ্দেশে হোম-বলি উৎসৰ্গ কৰিছিল।
32 是のごとく彼らは集會の幕屋の職守と聖所の職守とアロンの子孫たるその兄弟等の職守とを守りてヱホバの家の役事をおこなふ可りしなり
৩২তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ আৰু পবিত্ৰ স্থানৰ দ্বয়ীত্বত আছিল, আৰু যিহোৱাৰ গৃহৰ পৰিচৰ্যা কাৰ্যত হাৰোণৰ বংশধৰ সকলকো সহায় কৰিছিল।

< 歴代誌Ⅰ 23 >