< 歴代誌Ⅰ 10 >

1 茲にペリシテ人イスラエルと戰ひけるがイスラエルの人々はペリシテ人の前より逃げギルボア山に殺されて倒れたり
পলেষ্টীয়াসকলে ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিলে। ইস্ৰায়েলৰ সকলো লোক পলেষ্টীয়াসকলৰ সন্মুখৰ পৰা পলাল, আৰু অনেক লোকৰ মৃত্যু হৈ গিলবোৱা পৰ্বতত পৰিল।
2 ペリシテ人はサウルとその子等を追撃しかしてペリシテ人サウルの子ヨナタン、アビナダブおよびマルキシユアを殺せり
পলেষ্টীয়াসকলে চৌল আৰু তেওঁৰ পুত্ৰসকলক পাছে পাছে খেদি গৈ, চৌলৰ পুত্ৰ যোনাথনক, অবীনাদবক, আৰু মল্কীচুৱাক বধ কৰিলে।
3 斯その戰闘烈しうしてサウルにおし迫り射手の者等つひにサウルに追つきければサウルは射手の者等のために惱めり
চৌলৰ বিৰুদ্ধে ঘোৰ যুদ্ধ হ’ল, আৰু ধনুৰ্দ্ধৰসকলে তেওঁক আগচি ধৰিলে। ধনুৰ্দ্ধৰসকলৰ কাৰণে তেওঁ ত্ৰাসযুক্ত হ’ল।
4 サウル是におひてその武器を執る者に言けるは汝の劍をぬき其をもて我を刺せ恐らくはこの割禮なき者等きたりて我を辱しめんと然るにその武器を執る者痛くおそれて肯はざりければサウルすなはちその劍をとりてその上に伏たり
তাৰ পাছত চৌলে তেওঁৰ অস্ত্ৰবাহকক ক’লে, “তোৰ তৰোৱাল উলিয়াই তাৰে মোক খোঁচ। নহলে, এই অচুন্নৎহঁতে আহি মোক অপব্যৱহাৰ কৰিব।” কিন্তু তেওঁৰ অস্ত্ৰবাহকে মান্তি নহ’ল, কাৰণ তেওঁ অতিশয় ভয়ত আছিল। সেয়ে চৌলে নিজৰ তৰোৱাল লৈ তাৰ ওপৰত পৰিল।
5 武器を執る者サウルの死たるを見て己もまた劍の上に伏て死り
যেতিয়া তেওঁৰ অস্ত্ৰবাহকে দেখিলে চৌলৰ মৃত্যু হ’ল; তেতিয়া তেওঁৰ অস্ত্ৰবাহকেও তেওঁৰ দৰে নিজৰ তৰোৱালৰ ওপৰত পৰি মৰিল।
6 斯サウルとその三人の子等およびその家族みな共に死り
এইদৰে চৌল, তেওঁৰ তিনি জন পুত্ৰ, আৰু তেওঁৰ পৰিয়ালৰ সকলো সদস্যসকলৰো একে-লগে মৃত্যু হ’ল।
7 谷に居るイスラエルの人々みな彼らの逃るを見またサウルとその子等の死るを見てその邑々を棄て逃ければペリシテ人來りてその中に住り
যেতিয়া ইস্ৰায়েলৰ লোক সকলে সমথল ঠাইলৈ আহি দেখিলে যে, তেওঁলোক পলাইছে আৰু চৌল আৰু তেওঁৰ পুত্ৰসকলৰ মৃত্যু হ’ল; তেতিয়া তেওঁলোকে নিজৰ নগৰবোৰ এৰি পলাল। তাৰ পাছত পলেষ্টীয়াসকলে আহি সেইবোৰ ঠাইত বাস কৰিলে।
8 明る日ペリシテ人殺されたる者を剥んとて來りサウルとその子等のギルボア山にたふれをるを見
পিছদিনা পলেষ্টীয়াসকলে বধ কৰা লোকসকলৰ সাজ সোলোকাই লবলৈ আহি, গিলবোৱা পৰ্বতত চৌল আৰু তেওঁৰ পুত্ৰসকলৰ মৃত-দেহ পৰি থকা পালে।
9 すなはちサウルを剥てその首とその鎧甲を取りペリシテの國の四方に人を遣はしてこの事をその偶像と民に告しめ
তেতিয়া তেওঁলোকে চৌলৰ সাজ সোলোকালে আৰু তেওঁৰ মূৰ লৈ, নিজৰ দেৱতাবোৰক আৰু লোকসকলক বাতৰি জনাবৰ বাবে, পলেষ্টীয়াসকলৰ দেশত সকলো ফালে বাৰ্ত্তাবাহক পঠাই দিলে।
10 しかしてかれが鎧甲をその神の室に蔵め彼が首をダゴンの宮に釘けたり
১০তেওঁলোকে চৌলৰ যুদ্ধৰ সাজ তেওঁলোকৰ দেৱতাবোৰৰ মন্দিৰত ৰাখিলে, আৰু তেওঁৰ মূৰ দাগোনৰ মন্দিৰৰ ভিতৰত আৰি থলে।
11 茲にペリシテ人がサウルになしたる事ことごとくヤベシギレアデ中に聞えければ
১১যেতিয়া যাবেচ গিলিয়দৰ সকলো লোকে পলেষ্টীয়াসকলে চৌললৈ কৰা সেই কৰ্মৰ বাতৰি পালে,
12 勇士等みな起りサウルの體とその子等の體とを奪ひ取てこれをヤベシに持きたりヤベシの橡樹の下にその骨を葬りて七日のあひだ斷食せり
১২তেতিয়া তেওঁলোকৰ সকলো যুদ্ধাৰু লোকে গৈ চৌল আৰু তেওঁৰ পুত্ৰসকলৰ মৃত-দেহবোৰ যাবেচলৈ লৈ আহিল, আৰু তেওঁলোকৰ অস্থি যাবেচত থকা ওক গছৰ তলত পুতি হ’ল, আৰু সাত দিন লঘোন দিলে।
13 斯サウルはヱホバにむかひて犯せし罪のために死たり即ち彼はヱホバの言を守らすまた憑鬼者に問ことを爲して
১৩চৌল যিহোৱাৰ অবিশ্ৱাসী হোৱাৰ বাবে এইদৰে মৃত্যু হ’ল। তেওঁ যিহোৱাৰ আজ্ঞা বোৰ পালন নকৰিলে, কিন্তু পৰামৰ্শ লবলৈ মৃতলোকৰ লগত কথা পতা লোকৰ ওচৰলৈ গৈছিল।
14 ヱホバに問ことをせざりしなり是をもてヱホバかれを殺しその國を移してヱツサイの子ダビデに與へたまへり
১৪তেওঁ যিহোৱাৰ পৰা মাৰ্গ প্ৰদৰ্শনৰ বাবে প্ৰাৰ্থনা কৰা নাছিল। সেয়ে যিহোৱাই তেওঁক মাৰিলে আৰু ৰাজ্যকো কাঢ়ি লৈ যিচয়ৰ পুত্ৰ দায়ূদক দিলে।

< 歴代誌Ⅰ 10 >