< Ebrei 5 >

1 Perciocchè ogni sommo sacerdote, assunto d'infra gli uomini, è costituito per gli uomini, nelle cose appartenenti a Dio, acciocchè offerisca offerte e sacrificii per li peccati;
প্ৰতিজন ইহুদী মহা-পুৰোহিতক লোক সকলৰ মাজৰ পৰা মনোনীত কৰা হয়। লোক সকলৰ পক্ষ হৈ ঈশ্বৰ বিষয়ক সেৱা কার্যৰ বাবে তেওঁক নিযুক্ত কৰা হয়, যাতে তেওঁ মানুহৰ পাপৰ কাৰণে উপহাৰ আৰু বলিদান উৎসৰ্গ কৰে।
2 potendo aver convenevol compassione degli ignoranti, ed erranti; poichè egli stesso ancora è circondato d'infermità.
মানুহৰ অজ্ঞতা আৰু ভ্রান্ত অৱস্থাত মহা-পুৰোহিত জনে তেওঁলোকৰ প্রতি সহানুভুতিশীল হব পাৰে, যিহেতু তেৱোঁ আন লোক সকলৰ দৰে নিজৰ দুর্বলতাৰ দ্বাৰা বেষ্টিত।
3 E per esse [infermità] è obbligato d'offerir [sacrificii] per li peccati, così per sè stesso, come per lo popolo.
যেনেকৈ আন লোক সকলৰ পাপৰ কাৰণে তেওঁ বলি উ‌‌ৎসৰ্গ কৰে, তেনেকৈ নিজে দুর্বল হোৱা কাৰণে নিজৰ কাৰণেও তেওঁ সেই বলি উৎসর্গ কৰা আৱশ্যক।
4 E niuno si prende [da sè stesso] quell'onore; ma colui [l'ha], ch'è chiamato da Dio, come Aaronne.
মহা-পুৰোহিত হোৱা সন্মানৰ বিষয় আৰু কোনেও এই সন্মান নিজে লব নোৱাৰে। কিন্তু ঈশ্বৰে যি জনক আমন্ত্রণ কৰে তেৱেঁই সেই সন্মান পায়, যি দৰে হাৰোণক এই কার্যত আমন্ত্রণ কৰা হৈছিল।
5 Così ancora Cristo non si è glorificato sè stesso, per esser fatto sommo sacerdote; ma [colui l'ha glorificato], che gli ha detto: Tu sei il mio Figliuolo, oggi io ti ho generato.
সেইদৰে খ্ৰীষ্টেও মহা-পুৰোহিত হৈ নিজে মহিমা লবলৈ নিজকে মনোনীত নকৰিলে। কিন্তু ঈশ্বৰেই তেওঁক ক’লে, “তুমি মোৰ পুত্ৰ, আজি মই তোমাৰ পিতৃ হ’লো।”
6 Siccome ancora altrove dice: Tu [sei] sacerdote in eterno, secondo l'ordine di Melchisedec. (aiōn g165)
সেইদৰে আন এঠাইত কৈছে: “তুমি চিৰকালৰ কাৰণে মল্কিচেদকৰ ৰীতি অনুসাৰে হোৱা এজন পুৰোহিত।” (aiōn g165)
7 Il quale a' giorni della sua carne, avendo, con gran grido, e lagrime, offerte orazioni e supplicazioni, a colui che lo poteva salvar da morte; ed essendo stato esaudito per la sua pietà;
যীচু যেতিয়া এই জগতত নিজ শৰীৰত বাস কৰিছিল, যি জনে তেওঁক মৃত্যুৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰে সেই ঈশ্বৰৰ ওচৰত চকুলোৰে সৈতে অতিশয় ক্ৰন্দন কৰি অনুৰোধ আৰু প্রার্থনা কৰিছিল। ঈশ্বৰৰ প্রতি থকা ভক্তিভাৱৰ কাৰণে, ঈশ্বৰে তেওঁৰ প্রার্থনা শুনিলে।
8 benchè fosse Figliuolo, pur dalle cose che sofferse imparò l'ubbidienza.
যীচু ঈশ্বৰৰ পুত্ৰ হোৱা সত্ত্বেও দুখভোগ কৰিছিল আৰু তাৰ মাজেদিয়েই বাধ্যতা হ’বলৈ শিক্ষা পালে;
9 Ed essendo stato appieno consacrato, è stato fatto cagione di salute eterna a tutti coloro che gli ubbidiscono; (aiōnios g166)
এইভাৱে যীচুৱে মহা-পুৰোহিতৰূপে পূর্ণ সিদ্ধতা লাভ কৰিলে আৰু সেয়ে তেওঁৰ বাধ্য হোৱা সকলোৰে কাৰণে তেওঁ অনন্ত পৰিত্রাণৰ পথ হ’ল; (aiōnios g166)
10 essendo nominato da Dio sommo sacerdote, secondo l'ordine di Melchisedec.
১০আৰু মল্কিচেদকৰ ৰীতি অনুসাৰে হোৱা মহা-পুৰোহিত বুলি ঈশ্বৰৰ দ্বাৰাই অভিহিত হ’ল।
11 Del quale abbiamo a dir cose assai, e malagevoli a dichiarar con parole; perciocchè voi siete divenuti tardi d'orecchi.
১১যীচুৰ বিষয়ে আমাৰ অনেক কথা ক’বলৈ আছে; কিন্তু আপোনালোকৰ কাণ গধুৰ হোৱা বাবে সেই বিষয় বুজাবলৈ টান।
12 Poichè, là dove voi dovreste esser maestri, rispetto al tempo, avete di nuovo bisogno che vi s'insegnino quali [sieno] gli elementi del principio degli oracoli di Dio; e siete venuti a tale, che avete bisogno di latte, e non di cibo sodo.
১২ইমান দিনে আপোনালোক শিক্ষক হৈ উঠিব লাগিছিল, কিন্তু তাৰ পৰিৱর্তে এতিয়াও কোনোৱে যেন পুনৰাই আপোনালোকক ঈশ্বৰৰ বচন সমূহৰ আদিকথাৰূপ বৰ্ণমালা শিকায়, আপোনালোকৰ এনে প্ৰয়োজন হৈ পৰিছে। আপোনালোক এনেকুৱা মানুহ হ’ল যে, টান আহাৰ নহয়, গাখীৰহে আপোনালোকৰ প্ৰয়োজন হৈ আছে।
13 Perciocchè, chiunque usa il latte non ha ancora l'uso della parola della giustizia; poichè egli è un piccolo fanciullo.
১৩কিয়নো যাৰ ভোজন মাথোন গাখীৰ, তেওঁতো এতিয়াও শিশু। ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত সেই ব্যক্তিৰ কোনো অভিজ্ঞতা নাই।
14 Ma il cibo sodo è per i compiuti, i quali, per l'abitudine, hanno i sensi esercitati a discernere il bene ed il male.
১৪কিন্তু টান আহাৰ হ’লে সম্পূৰ্ণ বয়সপ্রাপ্ত সকলৰ বাবেহে অৰ্থাৎ তেওঁলোকে ঈশ্বৰৰ বাক্যৰ কঠিন শিক্ষাবোৰ বুজি অভ্যাস কৰে; তেওঁলোকে ভুল আৰু শুদ্ধ বিচাৰ কৰাত নিপুণ হৈ ভাল-বেয়া নিৰ্ণয় কৰিবলৈ শিকিছে।

< Ebrei 5 >