< Salmi 90 >

1 Signore, tu sei stato per noi un rifugio di generazione in generazione. Preghiera. Di Mosè, uomo di Dio.
হে প্ৰভু, পুৰুষে পুৰুষে তুমিয়েই আমাৰ বাসস্থান হৈ আহিছা।
2 Prima che nascessero i monti e la terra e il mondo fossero generati, da sempre e per sempre tu sei, Dio.
পৰ্ব্বতবোৰ উৎপন্ন হোৱাৰ আগেয়ে, পৃথিৱী আৰু জগত সৃষ্টিৰ আগতে, অনাদি কালৰ পৰা অনন্ত কাল পর্যন্ত তুমিয়েই ঈশ্বৰ।
3 Tu fai ritornare l'uomo in polvere e dici: «Ritornate, figli dell'uomo».
তুমি মানুহক ধূলিলৈ উভটাই লৈ যোৱা; তুমি কোৱা, “হে মনুষ্য সন্তান সকল উভটি যোৱা”।
4 Ai tuoi occhi, mille anni sono come il giorno di ieri che è passato, come un turno di veglia nella notte.
তোমাৰ দৃষ্টিত হাজাৰ বছৰ যেন পাৰ হোৱা যোৱাকালিৰ নিচিনা; যেন ৰাতিৰ এক প্ৰহৰ মাত্র।
5 Li annienti: li sommergi nel sonno; sono come l'erba che germoglia al mattino:
তুমি মানুহক ধলৰ দৰে উটুৱাই লৈ যোৱা, তেওঁলোক এটা সপোনৰ নিচিনা; যেন ৰাতিপুৱা নতুনকৈ ঠন ধৰি উঠা ঘাঁহৰ দৰে;
6 al mattino fiorisce, germoglia, alla sera è falciata e dissecca.
ৰাতি পুৱালেই সেয়ে গজি বাঢ়িবলৈ ধৰে; গধূলি বেলা সেয়ে শুকাই শেষ হৈ যায়।
7 Perché siamo distrutti dalla tua ira, siamo atterritti dal tuo furore.
তোমাৰ ক্ৰোধে আমাক গ্রাস কৰে, তোমাৰ কোপত আমি ব্যাকুল হওঁ।
8 Davanti a te poni le nostre colpe, i nostri peccati occulti alla luce del tuo volto.
তুমি আমাৰ অপৰাধবোৰ তোমাৰ সন্মুখত থৈছা; তোমাৰ উপস্থিতিৰ পোহৰত আমাৰ গুপুত পাপবোৰ প্রকাশ পায়।
9 Tutti i nostri giorni svaniscono per la tua ira, finiamo i nostri anni come un soffio.
তোমাৰ ভীষণ ক্ৰোধত আমাৰ দিনবোৰ হ্ৰাস হৈ যায়; নিশ্বাসৰ দৰেই আমাৰ আয়ুসৰ বছৰবোৰ শেষ হৈ যায়।
10 Gli anni della nostra vita sono settanta, ottanta per i più robusti, ma quasi tutti sono fatica, dolore; passano presto e noi ci dileguiamo.
১০আমাৰ আয়ুস মাত্র সত্তৰ বছৰ, হয়তো শক্তি থাকিলে, আশী বছৰো হ’ব পাৰে; তথাপিতো আমি শক্তি থকা বছৰবোৰত মাথোন দুখ আৰু ক্লেশ থাকে; বছৰবোৰ বেগাই ঢুকাই যায় আৰু আমিও পলকতে উড়ি যাওঁ।
11 Chi conosce l'impeto della tua ira, tuo sdegno, con il timore a te dovuto?
১১তোমাৰ ক্ৰোধৰ পৰাক্ৰম কোনে জানে? তোমাৰ ক্রোধ, তোমাৰ প্রাপ্য ভয়-ভক্তিৰ দৰেই মহান?
12 Insegnaci a contare i nostri giorni e giungeremo alla sapienza del cuore.
১২সেয়ে আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ তুমি আমাক শিকোৱা; যাতে আমি প্রজ্ঞাৰ চিত্ত লাভ কৰিব পাৰোঁ।
13 Volgiti, Signore; fino a quando? Muoviti a pietà dei tuoi servi.
১৩হে যিহোৱা, আৰু কিমান কাল? তুমি ঘূৰি আহাঁ! তোমাৰ দাসবোৰৰ প্রতি সদয় হোৱা।
14 Saziaci al mattino con la tua grazia: esulteremo e gioiremo per tutti i nostri giorni.
১৪পুৱাতে তোমাৰ গভীৰ প্রেমেৰে আমাক তৃপ্ত কৰা, যেন আয়ুস থাকেমানে গোটেই জীৱনত আমি আনন্দ আৰু উল্লাস কৰিব পাৰোঁ।
15 Rendici la gioia per i giorni di afflizione, per gli anni in cui abbiamo visto la sventura.
১৫যিমান দিন ধৰি তুমি আমাক দুখ দিলা আৰু, যিমান বছৰ আমি কষ্ট দেখিলোঁ, সেই অনুসাৰেই তুমি আমাক আনন্দিত কৰা।
16 Si manifesti ai tuoi servi la tua opera e la tua gloria ai loro figli.
১৬তোমাৰ দাসবোৰৰ আগত তোমাৰ কৰ্ম, আৰু তেওঁলোকৰ সন্তান সকলৰ ওপৰত তোমাৰ গৌৰৱ প্ৰকাশিত হওক।
17 Sia su di noi la bontà del Signore, nostro Dio: rafforza per noi l'opera delle nostre mani, l'opera delle nostre mani rafforza.
১৭আমাৰ ঈশ্বৰ যিহোৱাৰ দয়া আমাৰ ওপৰত থাকক; তুমি আমাৰ হাতৰ সকলো কার্য সফল কৰা; হয়, আমাৰ হাতৰ সকলো কামত তুমি সফলতা দান কৰা।

< Salmi 90 >