< Kidung Agung 5 >

1 Aku datang ke kebunku, dinda, pengantinku, kukumpulkan mur dan rempah-rempahku; kumakan sarang lebah dan maduku, kuminum susu dan air anggurku.
প্রিয়ৰ কথা: মোৰ প্রিয়া, মোৰ কইনাজনী, মই মোৰ উদ্যানত প্রৱেশ কৰিলোঁ; মই মোৰ গন্ধৰস আৰু সুগন্ধি দ্ৰব্য গোটালোঁ; মই মৌচাকেৰে সৈতে মোৰ মধু খালোঁ; মই গাখীৰেৰে সৈতে মোৰ দ্ৰাক্ষাৰস পান কৰিলোঁ। ভোজন কৰা, বন্ধু। হে বন্ধু, খোৱা; হৃদয় তৃপ্ত কৰি মোৰ ভালপোৱা পান কৰা।
2 Aku tidur, namun hatiku berjaga. Dengarlah, kekasihku mengetuk pintu.
প্রিয়াৰ কথা: মই টোপনিত আছিলোঁ, কিন্তু মোৰ হৃদয় সাৰে আছিল, তেনেতে মোৰ প্ৰিয়ই দুৱাৰত টুকুৰিয়াই ক’লে, “হে মোৰ প্রিয়তমা, মোৰ কইনাজনী, মোৰ কপৌ, অকলুষিতজনী, দুৱাৰখন খুলি দিয়া। মোৰ মূৰ নিয়ৰেৰে সিক্ত হৈ পৰিছে, ৰাতিৰ কুঁৱলীত মোৰ চুলিকোছা সেমেকি গৈছে।”
3 Bajuku sudah kulepaskan; apakah akan kupakai lagi? Kakiku sudah kubasuh, apakah akan kukotori lagi?
“মোৰ বস্ত্র মই খুলি থলোঁ, তাক মই পুনৰ পিন্ধিম নে? মোৰ ভৰি দুখন মই ধুলোঁ, তাক মই পুনৰ মলিন কৰিম নে?”
4 Berdebar-debar hatiku karena kekasihku memegang gagang pintu.
মোৰ প্ৰিয়ই দুৱাৰৰ বিন্ধাইদি হাত ভৰালে, মোৰ মন তেওঁৰ বাবে ব্যাকুল হ’ল।
5 Maka bangunlah aku hendak membuka pintu bagi kekasihku. Mur menetes dari tangan dan jari-jariku, membasahi pegangan kancing pintu.
মোৰ প্ৰিয়ক দুৱাৰ খুলি দিবলৈ মই উঠিলোঁ; মোৰ হাত দুখন গন্ধৰসেৰে ভিজি আছিল, তৰল গন্ধৰসেৰে ভিজা মোৰ আঙুলিয়েদি দুৱাৰৰ শলখাডালো ভিজি গ’ল।
6 Kubukakan pintu bagi kekasihku, tetapi ia telah berbalik dan pergi. Aku sangat merindukan suaranya; kucari dia, tapi sia-sia. Kupanggil namanya, tapi ia tak menyahut.
মোৰ প্ৰিয়ৰ কাৰণে মই দুৱাৰখন খুলি দিলোঁ; কিন্তু মোৰ প্ৰিয় নাছিল, উলটি গুচি গল; মোৰ হৃদয় ভাঙি পৰিল, মই হতাশাত ভাগি পৰিলো। মই তেওঁক বিচাৰি ফুৰিলোঁ, কিন্তু নাপালোঁ; মই তেওঁক মাতিলো, কিন্তু তেওঁ মোক উত্তৰ নিদিলে।
7 Aku ditemui para peronda kota; mereka memukul dan melukai aku, selendangku mereka ambil dengan paksa.
প্ৰহৰীবোৰে নগৰ ঘূৰি ফুৰি পহৰা দিয়াৰ সময়ত, মোক দেখা পালে; তেওঁলোকে মোক কোবালে, মোক ক্ষতবিক্ষত কৰিলে; নগৰৰ দেৱালৰ প্ৰহৰীবোৰে মোৰ গাৰ পৰা মোৰ চোলা কাঢ়ি নিলে।
8 Berjanjilah, hai putri-putri Yerusalem, bila kamu menemukan kekasihku, kabarkanlah kepadanya, bahwa aku sakit asmara.
হে যিৰূচালেমৰ ৰমণীসকল, মই তোমালোকৰ ওচৰত নিবেদন কৰিছোঁ, তোমালোকে যদি মোৰ প্ৰিয়তমক লগ পোৱা, তেন্তে তেওঁক কবা যে, মই তেওঁৰ প্রতি প্ৰেমত দুর্বল হৈছোঁ।
9 Apakah kekasihmu melebihi kekasih-kekasih lain, hai gadis yang paling jelita? Apakah kekasihmu melebihi kekasih-kekasih lain, sehingga engkau menyuruh kami berjanji?
যিৰূচালেমৰ ৰমণীসকলৰ কথা: নাৰীসকলৰ মাজত তুমি পৰম সুন্দৰী, তোমাৰ প্রিয়তম অন্যান্য প্রেমিকতকৈ কিহত উত্তম? তোমাৰ প্রিয় আন প্রেমিকতকৈ কিয় উত্তম, যে তুমি আমাৰ পৰা এনে প্রতিশ্রুতি বিচাৰিছা?
10 Kekasihku gagah dan tampan, unggul di antara sepuluh ribu orang.
১০প্রিয়াৰ কথা: মোৰ প্ৰিয়ৰ চেহেৰা সুন্দৰ আৰু শক্তিশালী; তেওঁৰ লগত কাৰো তুলনা নহয়।
11 Kepalanya seperti emas, emas murni, rambutnya berombak dan hitam, sehitam gagak.
১১তেওঁৰ মূৰ অতি উত্তম নিৰ্ম্মল সোণৰ নিচিনা; তেওঁৰ চুলি কোচা কেঁকোৰা আৰু ঢোঁৰা কাউৰীৰ নিচিনা ক’লা।
12 Matanya bagaikan merpati pada mata air, merpati bermandi susu, duduk di tepi kolam.
১২তেওঁৰ চকুযুৰি জুৰিৰ দাঁতিত থকা এযোৰ কপৌৰ নিচিনা; তাক গাখীৰেৰে ধোৱা মুকুতাৰ দৰে খোদিত কৰা।
13 Pipinya seperti kebun rempah yang wangi, bibirnya bunga bakung yang meneteskan mur asli.
১৩তেওঁৰ গাল দুখন যেন সুগন্ধি মছলাৰ দলিচা, য’ৰ পৰা সুগন্ধি সুঘ্রাণ ওলায়। তেওঁৰ ওঁঠযুৰি যেন তৰল গন্ধৰস বাগৰি অহা লিলি ফুল।
14 Tangannya elok, bercincin emas dengan permata, tubuhnya bagaikan gading bertatah batu nilam.
১৪তেওঁৰ বাহু দুখন যেন ৰত্নখচিত সোণৰ দণ্ড; তেওঁৰ শৰীৰতো হাতী দাঁতেৰে তৈয়াৰ কৰা; নীলকান্ত মণিৰে ঢকা।
15 Kakinya seperti tiang-tiang marmer putih, dengan alas emas murni. Perawakannya segagah gunung-gunung di Libanon, dan seanggun pohon aras.
১৫তেওঁৰ ভৰি দুখন নিখুঁত সোণৰ আধাৰত বহুৱা মার্বলৰ স্তম্ভৰ নিচিনা। তেওঁ দেখিবলৈ লিবানোনৰ ওখ এৰচ গছৰ নিচিনা উত্তম।
16 Teramat manis tutur katanya, segala sesuatu padanya menarik. Begitulah kekasih dan sahabatku, hai putri-putri Yerusalem!
১৬তেওঁৰ মুখখন অতি মধুৰ; সম্পূর্ণৰূপে সুন্দৰ ব্যক্তি তেওঁ। হে যিৰূচালেমৰ ৰমণীসকল, তেৱেঁই মোৰ প্রিয়তম, মোৰ বন্ধু।

< Kidung Agung 5 >