< במדבר 26 >

ויהי אחרי המגפה ויאמר יהוה אל משה ואל אלעזר בן אהרן הכהן לאמר׃ 1
এই মহামাৰীৰ পাছত যিহোৱাই মোচি আৰু হাৰোণৰ পুত্ৰ ইলিয়াজৰ পুৰোহিতক ক’লে,
שאו את ראש כל עדת בני ישראל מבן עשרים שנה ומעלה לבית אבתם כל יצא צבא בישראל׃ 2
“তোমালোকে ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীৰ মাজত নিজ নিজ পিতৃ-বংশ অনুসাৰে, ইস্ৰায়েলৰ কাৰণে ৰণলৈ যাব পৰা অৱস্থাত থকা বিশ বছৰ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া যিমান লোক আছে, তেওঁলোকক গণনা কৰা।”
וידבר משה ואלעזר הכהן אתם בערבת מואב על ירדן ירחו לאמר׃ 3
তেতিয়া মোচি আৰু ইলিয়াজৰ পুৰোহিতে যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত লোকসকলক ক’লে,
מבן עשרים שנה ומעלה כאשר צוה יהוה את משה ובני ישראל היצאים מארץ מצרים׃ 4
“মোচিক, আৰু মিচৰ দেশৰ পৰা ওলাই অহা ইস্ৰায়েলৰ সন্তান সকলক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে, বিশ বছৰ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া লোকক গণনা কৰা।”
ראובן בכור ישראל בני ראובן חנוך משפחת החנכי לפלוא משפחת הפלאי׃ 5
ৰূবেণ ইস্ৰায়েলৰ জ্যেষ্ঠ পুত্ৰ আছিল। তেওঁৰ পুত্র হনোকৰ পৰা হনোকীয়া গোষ্ঠী, পল্লুৰ পৰা পল্লূইয়া গোষ্ঠী,
לחצרן משפחת החצרוני לכרמי משפחת הכרמי׃ 6
হিষ্রোণৰ পৰা হিষ্ৰোণীয়া গোষ্ঠী, কৰ্ম্মীয়াৰ পৰা কৰ্ম্মীয়া গোষ্ঠী।
אלה משפחת הראובני ויהיו פקדיהם שלשה וארבעים אלף ושבע מאות ושלשים׃ 7
এই সকলোৱেই ৰূবেণৰ গোষ্ঠী; তেওঁলোকৰ মাজৰ গণিত লোক তিয়াল্লিশ হাজাৰ সাতশ ত্ৰিশজন আছিল।
ובני פלוא אליאב׃ 8
আৰু পল্লুৰ সন্তান ইলিয়াব আছিল; ইলিয়াবৰ সন্তান সকল নমূৱেল, দাথন, আৰু অবীয়াম আছিল।
ובני אליאב נמואל ודתן ואבירם הוא דתן ואבירם קרואי העדה אשר הצו על משה ועל אהרן בעדת קרח בהצתם על יהוה׃ 9
কোৰহৰ দলে যেতিয়া যিহোৱাৰ বিৰুদ্ধে বিবাদ কৰিছিল, তেতিয়া মোচি আৰু হাৰোণৰ অহিতে বিবাদ কৰা মণ্ডলীভূক্ত লোক সেই দাথন আৰু অবীৰামেই আছিল।
ותפתח הארץ את פיה ותבלע אתם ואת קרח במות העדה באכל האש את חמשים ומאתים איש ויהיו לנס׃ 10
১০সেই সময়ত পৃথিৱীয়ে মুখ মেলি তেওঁলোকক আৰু কোৰহকো গ্ৰাস কৰিলে, আৰু তেওঁৰ পাছত চলোঁতাসকলোৰে মৃত্যু হ’ল; সেই সময়ত অগ্নিয়ে দুশ পঞ্চাশ জনক পুৰি ভষ্ম কৰিলে, আৰু তেওঁলোকেই দৃষ্টন্তস্বৰূপ হ’ল।
ובני קרח לא מתו׃ 11
১১কিন্তু কোৰহৰ সন্তান সকলৰ হ’লে মৃত্যু হোৱা নাছিল।
בני שמעון למשפחתם לנמואל משפחת הנמואלי לימין משפחת הימיני ליכין משפחת היכיני׃ 12
১২নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল চিমিয়োনৰ সন্তান: নমূৱেলৰ পৰা নমূৱেলীয়া গোষ্ঠী, যাখীনৰ পৰা যাখীনীয়া গোষ্ঠী, যামীনৰ পৰা যামীনীয়া গোষ্ঠী, যাখীনৰ পৰা যাখীনীয়া গোষ্ঠী,
לזרח משפחת הזרחי לשאול משפחת השאולי׃ 13
১৩জেৰহৰ পৰা জেৰহীয়া গোষ্ঠী, চৌলৰ পৰা চৌলীয়া গোষ্ঠী।
אלה משפחת השמעני שנים ועשרים אלף ומאתים׃ 14
১৪চিমিয়োনীয়া গোষ্ঠীবোৰৰ বাইশ হাজাৰ দুশজন লোক আছিল।
בני גד למשפחתם לצפון משפחת הצפוני לחגי משפחת החגי לשוני משפחת השוני׃ 15
১৫নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল গাদৰ সন্তান: চফোনৰ পৰা চফোনীয়া গোষ্ঠী, হগ্গীয়াৰ পৰা হগ্গীয়া গোষ্ঠী, চূনীৰ পৰা চূনীয়া গোষ্ঠী,
לאזני משפחת האזני לערי משפחת הערי׃ 16
১৬অজনী পৰা অজনীয়া গোষ্ঠী, এৰীৰ পৰা এৰীয়া গোষ্ঠী,
לארוד משפחת הארודי לאראלי משפחת האראלי׃ 17
১৭অৰোদৰ পৰা অৰোদীয়া গোষ্ঠী, অৰেলাৰ পৰা অৰেলীয়া গোষ্ঠী।
אלה משפחת בני גד לפקדיהם ארבעים אלף וחמש מאות׃ 18
১৮গাদৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা চল্লিশ হাজাৰ পাঁচ শ লোক আছিল।
בני יהודה ער ואונן וימת ער ואונן בארץ כנען׃ 19
১৯যিহূদাৰ পুত্র এৰ আৰু ওনন আছিল; এই দুজন লোকৰ কনান দেশতেই মৃত্যু হৈছিল।
ויהיו בני יהודה למשפחתם לשלה משפחת השלני לפרץ משפחת הפרצי לזרח משפחת הזרחי׃ 20
২০নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল যিহূদাৰ সন্তান: চেলাৰ পৰা চেলানীয়া গোষ্ঠী, পেৰচৰ পৰা পেৰচীয়া গোষ্ঠী, জেৰহৰ পৰা জেৰহীয়া গোষ্ঠী।
ויהיו בני פרץ לחצרן משפחת החצרני לחמול משפחת החמולי׃ 21
২১পেৰচৰ সন্তান এইসকল: হিষ্ৰোণৰ পৰা হিষ্ৰোণীয়া গোষ্ঠী, হামূলৰ পৰা হামূলীয়া গোষ্ঠী।
אלה משפחת יהודה לפקדיהם ששה ושבעים אלף וחמש מאות׃ 22
২২যিহূদাৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা ছয়সত্তৰ হাজাৰ পাঁচ শ লোক আছিল।
בני יששכר למשפחתם תולע משפחת התולעי לפוה משפחת הפוני׃ 23
২৩নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল ইচাখৰৰ সন্তান: তোলাৰ পৰা তোলাইয়া গোষ্ঠী, পুব্বাৰ পৰা পুনীয়া গোষ্ঠী,
לישוב משפחת הישובי לשמרן משפחת השמרני׃ 24
২৪যাচূবৰ পৰা যাচূবীয়া গোষ্ঠী, চিম্ৰোণৰ পৰা চিম্ৰোণীয়া গোষ্ঠী।
אלה משפחת יששכר לפקדיהם ארבעה וששים אלף ושלש מאות׃ 25
২৫ইচাখৰৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা চৌষষ্ঠী হাজাৰ তিনিশ লোক আছিল।
בני זבולן למשפחתם לסרד משפחת הסרדי לאלון משפחת האלני ליחלאל משפחת היחלאלי׃ 26
২৬নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল জবূলূনৰ সন্তান: চেৰদৰ পৰা চেৰদীয়া গোষ্ঠী, এলোনৰ পৰা এলোনীয়া গোষ্ঠী, যহলেলৰ পৰা যহলেলীয়া গোষ্ঠী।
אלה משפחת הזבולני לפקדיהם ששים אלף וחמש מאות׃ 27
২৭জবূলূনৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা ষাঠী হাজাৰ পাঁচশ লোক আছিল।
בני יוסף למשפחתם מנשה ואפרים׃ 28
২৮নিজ নিজ গোষ্ঠী অনুসাৰে যোচেফৰ পুত্ৰ মনচি আৰু ইফ্ৰয়িম আছিল।
בני מנשה למכיר משפחת המכירי ומכיר הוליד את גלעד לגלעד משפחת הגלעדי׃ 29
২৯মনচিৰ সন্তান এইসকল: মাখীৰৰ পৰা মাখীৰীয়া গোষ্ঠী, সেই গিলিয়দৰ পৰা গিলিয়দীয়া গোষ্ঠী।
אלה בני גלעד איעזר משפחת האיעזרי לחלק משפחת החלקי׃ 30
৩০গিলিয়দৰ সন্তান এইসকল: ঈয়েজৰৰ পৰা ঈয়েজৰীয়া গোষ্ঠী, হেলকৰ পৰা হেলকীয়া গোষ্ঠী
ואשריאל משפחת האשראלי ושכם משפחת השכמי׃ 31
৩১অস্ৰীয়েলৰ পৰা অস্ৰীয়েলীয়া গোষ্ঠী, চেখমৰ পৰা চেখমীয়া গোষ্ঠী,
ושמידע משפחת השמידעי וחפר משפחת החפרי׃ 32
৩২চমীদাৰ পৰা চমীদাইয়া গোষ্ঠী, আৰু হেফৰৰ পৰা হেফৰীয়া গোষ্ঠী।
וצלפחד בן חפר לא היו לו בנים כי אם בנות ושם בנות צלפחד מחלה ונעה חגלה מלכה ותרצה׃ 33
৩৩সেই হেফৰৰ পুত্র চলফাদৰ কোনো পুত্ৰ সন্তান নাছিল, কেৱল জীয়েক আছিল। সেই চলফাদৰ জীয়েকসকলৰ নাম মহলা, নোৱা, হগ্লা, মিল্কা, আৰু তিৰ্চা আছিল।
אלה משפחת מנשה ופקדיהם שנים וחמשים אלף ושבע מאות׃ 34
৩৪এইসকলেই মনচিৰ গোষ্ঠী আছিল যাৰ লোকসকলৰ সংখ্যা বাৱন্ন হাজাৰ সাত শ জন লোক আছিল।
אלה בני אפרים למשפחתם לשותלח משפחת השתלחי לבכר משפחת הבכרי לתחן משפחת התחני׃ 35
৩৫নিজ নিজ গোষ্ঠী অনুসৰি এই লোকসকল ইফ্ৰয়িমৰ সন্তান: চুথেলহৰ পৰা চুথেলহীয়া গোষ্ঠী, বেখৰৰ পৰা বেখৰীয়া গোষ্ঠী, তহনৰ পৰা তহনীয়া গোষ্ঠী,
ואלה בני שותלח לערן משפחת הערני׃ 36
৩৬আৰু চুথেলহৰ সন্তান সকল এই, এৰণৰ পৰা এৰণীয়া গোষ্ঠী।
אלה משפחת בני אפרים לפקדיהם שנים ושלשים אלף וחמש מאות אלה בני יוסף למשפחתם׃ 37
৩৭ইফ্ৰয়িমৰ সন্তান সকলৰ এই গোষ্ঠীবোৰৰ বত্ৰিশ হাজাৰ পাঁচ শ লোক আছিল। নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকলেই যোচেফৰ সন্তান।
בני בנימן למשפחתם לבלע משפחת הבלעי לאשבל משפחת האשבלי לאחירם משפחת האחירמי׃ 38
৩৮নিজ নিজ গোষ্ঠী অনুসাৰে বিন্যামীনৰ সন্তান এই লোকসকল: বেলাৰ পৰা বেলাইয়া গোষ্ঠী, অচবেলৰ পৰা অচবেলীয়া গোষ্ঠী, অহীৰামৰ পৰা অহীৰামীয়া গোষ্ঠী,
לשפופם משפחת השופמי לחופם משפחת החופמי׃ 39
৩৯চুফুফমৰ পৰা চুফমীয়া গোষ্ঠী, হূফমৰ পৰা হূফমীয়া গোষ্ঠী।
ויהיו בני בלע ארד ונעמן משפחת הארדי לנעמן משפחת הנעמי׃ 40
৪০আৰু বেলাৰ সন্তান অৰ্দ আৰু নামন আছিল; অৰ্দৰ পৰা অৰ্দীয়া গোষ্ঠী আৰু নামনৰ পৰা নামনীয়া গোষ্ঠী।
אלה בני בנימן למשפחתם ופקדיהם חמשה וארבעים אלף ושש מאות׃ 41
৪১নিজ নিজ গোষ্ঠী অনুসাৰে এওঁলোকেই বিন্যামীনৰ সন্তান; তেওঁলোকৰ সংখ্যা পঞ্চল্লিশ হাজাৰ ছশ জন লোক আছিল।
אלה בני דן למשפחתם לשוחם משפחת השוחמי אלה משפחת דן למשפחתם׃ 42
৪২নিজ নিজ গোষ্ঠী অনুসাৰে দানৰ সন্তান এই লোকসকল: চূহমৰ পৰা চুহমীয়া গোষ্ঠী। নিজ নিজ গোষ্ঠী অনুসাৰে এওঁলোকেই দানৰ গোষ্ঠী।
כל משפחת השוחמי לפקדיהם ארבעה וששים אלף וארבע מאות׃ 43
৪৩চুহমীয়াৰ আটাই গোষ্ঠীৰ সংখ্যা চৌষষ্ঠী হাজাৰ চাৰিশ জন লোক আছিল।
בני אשר למשפחתם לימנה משפחת הימנה לישוי משפחת הישוי לבריעה משפחת הבריעי׃ 44
৪৪নিজ নিজ গোষ্ঠী অনুসাৰে আচেৰৰ সন্তান এই লোকসকল: যিম্নাৰ পৰা যিম্নীয়া গোষ্ঠী, যিচবিৰ পৰা যিচবিয়া গোষ্ঠী, বৰীয়াৰ পৰা বৰীয়াইয়া গোষ্ঠী।
לבני בריעה לחבר משפחת החברי למלכיאל משפחת המלכיאלי׃ 45
৪৫বৰীয়াৰ সন্তান এই লোকসকল: হেবৰৰ পৰা হেবৰীয়া গোষ্ঠী, মল্কীয়েলৰ পৰা মল্কীয়েলীয়া গোষ্ঠী।
ושם בת אשר שרח׃ 46
৪৬আচেৰৰ জীয়েকৰ নাম চেৰহ আছিল।
אלה משפחת בני אשר לפקדיהם שלשה וחמשים אלף וארבע מאות׃ 47
৪৭আচেৰৰ এই গোষ্ঠীবোৰৰ সন্তান সকলৰ সংখ্যা ত্ৰেপন্ন হাজাৰ চাৰিশ জন লোক আছিল।
בני נפתלי למשפחתם ליחצאל משפחת היחצאלי לגוני משפחת הגוני׃ 48
৪৮নিজ নিজ গোষ্ঠী অনুসাৰে নপ্তালীৰ সন্তান এই লোকসকল: যহচিয়েলৰ পৰা যহচিয়েলীয়া গোষ্ঠী, গূণীৰ পৰা গূণীয়া গোষ্ঠী,
ליצר משפחת היצרי לשלם משפחת השלמי׃ 49
৪৯যেচৰৰ পৰা যেচৰীয়া গোষ্ঠী, চিল্লেমৰ পৰা চিল্লেমীয়া গোষ্ঠী।
אלה משפחת נפתלי למשפחתם ופקדיהם חמשה וארבעים אלף וארבע מאות׃ 50
৫০নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল নপ্তালীৰ গোষ্ঠী; তেওঁলোকৰ গণিত লোক পঞ্চল্লিশ হাজাৰ চাৰিশ জন আছিল।
אלה פקודי בני ישראל שש מאות אלף ואלף שבע מאות ושלשים׃ 51
৫১ইস্ৰায়েলৰ সন্তান সকলৰ মাজত গণনা কৰা লোকসকলৰ সংখ্যা ছয় লাখ এক হাজাৰ সাতশ ত্ৰিশ জন আছিল।
וידבר יהוה אל משה לאמר׃ 52
৫২পাছত যিহোৱাই মোচিক ক’লে,
לאלה תחלק הארץ בנחלה במספר שמות׃ 53
৫৩“নামৰ সংখ্যা অনুসাৰে উত্তৰাধিকাৰৰ অৰ্থে এই লোকসকলৰ মাজত দেশ ভাগ কৰা হ’ব।
לרב תרבה נחלתו ולמעט תמעיט נחלתו איש לפי פקדיו יתן נחלתו׃ 54
৫৪অধিককে থকা লোকসকলৰ গোষ্ঠীক অধিককৈ উত্তৰাধিকাৰ দিবা, আৰু কমকৈ থকা লোকসকলৰ গোষ্ঠীক কমকৈ দিবা; প্রতিজন পৰিয়ালৰ যিমান গণিত লোক, তাক সেই হিচাপে তাৰ উত্তৰাধীকাৰ দিবা।
אך בגורל יחלק את הארץ לשמות מטות אבתם ינחלו׃ 55
৫৫কিন্তু চিঠি খেলৰ দ্ৱাৰাই দেশ ভাগ কৰা হ’ব; নিজ নিজ পিতৃ বংশৰ নাম অনুসাৰে তেওঁলোকে উত্তৰাধীকাৰ পাব।
על פי הגורל תחלק נחלתו בין רב למעט׃ 56
৫৬লোক অধিক বা কমে হওঁক, চিঠি খেলৰ দ্বাৰাইহে তেওঁলোকৰ উত্তৰাধীকাৰ তেওঁলোকৰ মাজত ভাগ বাঁটি দিয়া হ’ব।”
ואלה פקודי הלוי למשפחתם לגרשון משפחת הגרשני לקהת משפחת הקהתי למררי משפחת המררי׃ 57
৫৭নিজ নিজ গোষ্ঠী অনুসাৰে লেবী ফৈদৰ মাজত গণিত লোক এই সকল: গেৰ্চোনৰ পৰা গেৰ্চোনীয়া গোষ্ঠী, কহাতৰ পৰা কহাতীয়া গোষ্ঠী, মৰাৰীৰ পৰা মৰাৰীয়া গোষ্ঠী।
אלה משפחת לוי משפחת הלבני משפחת החברני משפחת המחלי משפחת המושי משפחת הקרחי וקהת הולד את עמרם׃ 58
৫৮লেবীয়া গোষ্ঠী এই লোকসকল: লিবনীয়া গোষ্ঠী, হিব্ৰোণীয়া গোষ্ঠী মহলীয়া গোষ্ঠী, মুচীয়া গোষ্ঠী আৰু কোৰহীয়া গোষ্ঠী।
ושם אשת עמרם יוכבד בת לוי אשר ילדה אתה ללוי במצרים ותלד לעמרם את אהרן ואת משה ואת מרים אחתם׃ 59
৫৯অম্ৰমৰ সন্তান কহাত আছিল; অম্ৰমৰ ভাৰ্য্যাৰ নাম যোকেবদ; তেওঁ লেবীৰ জীয়েক; তেওঁৰ মাকে তেওঁক লেবীসকললৈ মিচৰ দেশত জন্মালে; তেওঁ অম্ৰমলৈ হাৰোণ, মোচি আৰু তেওঁলোকৰ বায়েক মিৰিয়মক জন্মালে।
ויולד לאהרן את נדב ואת אביהוא את אלעזר ואת איתמר׃ 60
৬০হাৰোণলৈ নাদব, অবীহূ, ইলিয়াজৰ আৰু ঈথামৰ জন্মিল।
וימת נדב ואביהוא בהקריבם אש זרה לפני יהוה׃ 61
৬১কিন্তু নাদব আৰু অবীহূয়ে যিহোৱাৰ সাক্ষাতে সাধাৰণ জুই উৎসৰ্গ কৰোঁতে তেওঁলোকৰ মৃত্যু হ’ল।
ויהיו פקדיהם שלשה ועשרים אלף כל זכר מבן חדש ומעלה כי לא התפקדו בתוך בני ישראל כי לא נתן להם נחלה בתוך בני ישראל׃ 62
৬২তেওঁলোকৰ মাজত এমাহ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া পুৰুষসকলৰ সংখ্যা তেইশ হাজাৰ জন হ’ল আছিল। কিয়নো, ইস্ৰায়েলৰ সন্তান সকলৰ মাজত তেওঁলোকক কোনো উত্তৰাধিকাৰ নিদিয়াৰ কাৰণে, ইস্ৰায়েলৰ সন্তান সকলৰ মাজত তেওঁলোক গণিত নহ’ল।
אלה פקודי משה ואלעזר הכהן אשר פקדו את בני ישראל בערבת מואב על ירדן ירחו׃ 63
৬৩এই সকল লোকক মোচি আৰু পুৰোহিত ইলিয়াজৰৰ দ্বাৰাই গণনা কৰা হ’ল; তেওঁলোকে যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত ইস্ৰায়েলৰ সন্তান সকলক গণনা কৰিলে।
ובאלה לא היה איש מפקודי משה ואהרן הכהן אשר פקדו את בני ישראל במדבר סיני׃ 64
৬৪কিন্তু চীনয় মৰুপ্রান্তত ইস্ৰায়েলৰ সন্তান সকলক গণনা কৰা মোচি আৰু হাৰোণ পুৰোহিতৰ দ্বাৰাই যি লোকসকলক গণনা কৰা হৈছিল, তেওঁলোকৰ এজনো এই লোকসকলৰ মাজত নাছিল।
כי אמר יהוה להם מות ימתו במדבר ולא נותר מהם איש כי אם כלב בן יפנה ויהושע בן נון׃ 65
৬৫কাৰণ যিহোৱাই তেওঁলোকৰ বিষয়ে কৈছিল যে তেওঁলোকে নিশ্চয়ে মৰুপ্রান্তত মৰিব। এই হেতুকে তেওঁলোকৰ মাজত যিফুন্নিৰ পুত্ৰ কালেব আৰু নুনৰ পুত্ৰ যিহোচূৱাৰ বাহিৰে এজনো অৱশিষ্ট নাথাকিল।

< במדבר 26 >